অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলচাৰ

আলচাৰ

আলচাৰ কি?

পৰিপাক নলীৰ আৱৰণত হোৱা ঘাঁয়েই হ’ল আলচাৰ। অন্ত্ৰৰ প্ৰথম ভাগত থকা ডিঅ’ডেনামত সাধাৰণতে এনে ঘাঁ হোৱা দেখা যায়।

আলচাৰ হোৱাৰ কাৰণ কি?

  • হেলিক’কেক্টাৰ পাইল’ৰি নামৰ বেক্টেৰীয়া বিধৰ বাবেই প্ৰধানত আলচাৰ হোৱা দেখা যায়।
  • পাকস্থলীত উত্পন্ন হোৱা এচিড আৰু আন তৰলে পাচনতন্ত্ৰৰ নলীৰ বেৰখনত প্ৰদাহ সৃষ্টি কৰাৰ ফলতো আলচাৰ হয়। কিবা কাৰণত এই বেৰৰ যদি ক্ষতি হয় আৰু শৰীৰে বেছি পৰিমাণে এচিড উত্পন্ন কৰে তেন্তে আলচাৰ হব পাৰে।
  • আলচাৰ থকা লোকৰ শাৰিৰীক আৰু মানসিক চাপ বৃদ্ধি হ’লে আলচাৰো বাঢ়ি যাব পাৰে।
  • দীৰ্ঘদিন ধৰি কিছুমান বেদনানাশক জাতীয় ঔষধ ব্যৱহাৰ কৰাৰ ফলত আলচাৰ হব পাৰে।
  •  

    আলচাৰৰ সাম্ভাব্য লক্ষণ

  • খাদ্য খোৱাৰ সময়ত ভাল লাগে কিন্তু এক বা দুই ঘন্টাৰ পাছত কষ্ট অনুভৱ হয়(ডিঅ’ডেনেল আলচাৰ)।
  • খাদ্য খোৱা বা পানী খোৱাৰ পাছতেই কষ্ট অনুভৱ হয়(গেষ্টিক আলচাৰ)।
  • নিশা পেটৰ বিষত সাৰ পায় যোৱা।
  • পেট গধুৰ লগা, পেট ফুলি থকা, পাকস্থলীত জলা-পোৰা আৰু বিষোৱা।
  • বমি হোৱা।
  • অভাৱনীয়ভাৱে ওজন কমি যোৱা।
  •  

    ব্যৱস্থাপনাৰ সাধাৰণ পৰামৰ্শ

  • ধুমপান বাদ দিয়া।
  • চিকিত্সকৰ ব্যৱস্থাপত্ৰ অবিহনে বিষ আৰু প্ৰদাহনাশক ঔষধ খাব নালাগে।
  • কেফেইন আৰু এলকহল খাব নালাগে।
  • বুকু জলা-পোৰা কৰা মছলা আদি খাব নালাগে।
  •  

    আলচাৰৰ অৱস্থা অতি সাংঘাটিক হলে দেখা দিয়া লক্ষণ:

  • তেজ বমি হোৱা।
  • কেইবা ঘণ্টা বা আগদিনা খোৱা খাদ্য বমিত ওলালে।
  • অতি দূৰ্বল আৰু মূৰ ঘূৰোৱা।
  • শৌচৰ লগত তেজ যোৱা (তেজ থকাৰ বাবে শৌচৰ বৰণ ক’লা হব পাৰে)।
  • অনবৰতে বমিভাৱ থকা আৰু বাৰে বাৰে বমি হোৱা।
  • হঠাত্‍ অতি তীব্ৰভাৱে বিষ হোৱা।
  • ওজন কমি গৈ থকা।
  • ঔষধ খোৱাৰ পাছতো বিষ নিৰাময় নোহোৱা।
  • লাহে লাহে পিঠিলৈ বিষ প্ৰসাৰিত হোৱা।
  • উৎস: আইএনডিজি দল।

    শেহতীয়া উন্নীতকৰণ: : 6/11/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate