অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক'লাইটিছ ৰোগৰ বিষয়ে জানো আহক

শৰীৰৰ পাক-প্ৰণালীৰ ক'লন বা বৃহৎ আন্ত্ৰৰ আৰম্ভণি হয় চিকামৰ পৰা এই চিকামতে এপেণ্ডিচ যুক্ত হৈ থাকে৷ ইয়াৰ পিছত আহে  এচেন্দিং ক'লন, ট্ৰান্সভাৰ্চ ক'লন,  ডিচেন্দিং ক'লন, চিগম'য়ড ক'লন, ৰেক্টাম আৰু অন্তিম অংশ হ'ল এনাচ বা গুহ্য দ্বাৰ৷ ক'লন হ'ল পাক-প্ৰণালীৰ

সেইটো অংশ য'ত আমাৰ খোৱা খাদ্য-সামগ্ৰীখিনিৰ পৰা পানীখিনি শুহি লোৱা হয় আৰু আৱৰ্জনাখিনি নিষ্কাষণৰ বাবে জমা ৰখা হয়৷ এই ক'লনৰ ইনফ্লেমেচন  হোৱাক  ক'লাইটিছ (Colitis) বোলে৷

ইনফ্লেমেচন হ'ল সাধাৰণতে এই চাৰিটা লক্ষণৰ যোগাত্মক অৱস্থান - ৰুবৰ (ৰঙা পৰা), কেলৰ (উত্তাপ হোৱা), টিউমৰ (ফুলি উঠা) আৰু ডলৰ (বিষ অনুভৱ হোৱা)৷ কোনোবাই ইয়াৰ লগত পঞ্চম ফাংচিঅ' লে'চা (কাম কৰিবলৈ অক্ষম হোৱা) যোগ দিয়ে৷

আকৌ ক'লাইটিছ ৰোগ নিজে নিজে সমাপ্ত হোৱা (ওৰ পৰা) একিউট বা ততালিকে হোৱা / সাময়িক ধৰণৰ হব পাৰে নাইবা দীৰ্ঘম্যাদী বা ক্ৰনিক ধৰণৰ হব পাৰে৷ ক'লাইটিছৰ সাধাৰণ (Common) লক্ষণসমূহ হ'ল - পেটৰ বিষ, ডায়েৰিয়া, তেজ -হাগনি, আভোক, ওজন হ্ৰাস হোৱা, ভাগৰুৱা অনুভৱ হোৱা, পেট ফুলা, জ্বৰ হোৱা, পেট কামোৰা আৰু শৌচ কৰোতে

বিষ হোৱা, ডিহাইড্ৰেচন (শৰীৰৰ পানী শুকাই যোৱা), বাৰম্বাৰ শৌচ কৰিবৰ ইচ্ছা যোৱা আদি৷

ক'লাইটিছৰ কাৰণসমূহ

১ - সংক্ৰমণ- বেক্টেৰিয়া, ভাইৰাচ, পেৰাচাইটৰ দ্বাৰা৷ বেক্টেৰিয়াই ফুড পইজনিং কৰিও ক'লাইটিছ উৎপন্ন কৰিব পাৰে৷ ক'লাইটিছ কৰা বেক্টেৰিয়া কিছুমান হ'ল – ই-কলাই,  শ্বিগেলা,  চালমোনেলা,  য়াৰচিনিয়া,  ক্লষ্টডিয়াম,  কেম্পাইল'বেক্টৰ ৷ চাইটোমেগালো ভাইৰাচেও ক'লাইটিছ কৰা দেখা যায়৷

২ - ইনফ্লেমেটৰি বাৱেল ডিচঅৰ্ডাৰ (IBD) : এই গোটত আলচাৰেটিভ ক'লাইটিছ (Ulcerative Colitis) আৰু ক্ৰনচ ডিজিজ  (Crohn’s disease)পৰে৷

৩ - ইচকেমিক বা তেজৰ সঞ্চালন বাধাপ্ৰাপ্ত হলে : কাৰকসমূহ হ'ল ডায়েবেটিজ, উচ্চ ৰক্তচাপ,  ডিচলিপিডেমিয়া, ধূম্ৰপান, এনিমিয়া, অতি নিম্ন ৰক্তচাপ, পেৰিফেৰিয়েল আৰ্টেৰি ডিজিজ নাইবা মেকানিকেল কাৰণ যেনে হাৰ্ণিয়া বা ভলভোলাচ্৷

৪ - ইডিঅ'পেথিক / অটোইমিউন মাইক্ৰস্কপিক ক'লাইটিছ, লিম্ফেটিক ক'লাইটিছ৷

৫ - আয়েট্ৰজেনিক - কেমিকেল ক'লাইটিছ, প'ষ্ট-ৰেডিয়েচন ক'লাইটিছ৷

৬ - এলাৰ্জিক ক'লাইটিছ - এবছৰৰ তলৰ শিশুৰ মাতৃয়ে খোৱা গৰুৰ গাখীৰৰ পৰা হোৱা এলাৰ্জি৷

আলচাৰেটিভ ক'লাইটিছ হলে মাত্ৰ বৃহৎ আন্ত্ৰত ঘা হয়৷ ইয়াৰ বিপৰীতে ক্ৰনচ ডিজিজত মুখৰ পৰা শৌচ-দ্বাৰলৈকে যি কোনো ঠাইতেই ৰোগৰ লক্ষণ দেখা দিব পাৰে৷ এই দুয়ো বিধ ৰোগৰেই উৎপত্তি সাধাৰণতে ৩০বছৰ বয়সৰ ভিতৰতে হোৱা দেখা যায়৷ বেক্টেৰিয়া আৰু ভাইৰাচৰ সংক্ৰমণৰ ফলত নহলে ইমিউনলজিকেল কাৰণত এই দুই বিধ ৰোগৰ উৎপত্তি হব পাৰে বুলি ঠাৱৰ কৰা হৈছে৷ যি কোনো ষ্ট্ৰেচ, প্ৰতিকুল পৰিস্থিতি আৰু বিসংগতিপূৰ্ণ  খাদ্যৰ প্ৰভাৱো যি কোনো ধৰণৰ ক'লাইটিছৰ ওপৰত পৰিব পাৰে বুলিও অনুমান কৰা হৈছে৷

বিজ্ঞানীসকলে অনুসন্ধান কৰি পাইছে যে কমেও ৩০বিধ জিন আলচাৰেটিভ ক'লাইটিছৰ উৎপত্তিৰ কাৰক হব পাৰে৷ সেই জিনবিলাকৰ ভিতৰত প্ৰমুখ কিছুমান হ'ল – FCGR2A, 5p15, 2p16, ORMDL3, EMC1 আদি৷ ইৰিটেবল বাৱেল ডিজিজত সেয়ে পৰিয়ালৰ কেইবাজনকো একেসময়তে ভোগা দেখা যাব পাৰে৷

ক্ৰনচ ডিজিজৰ অগতানুগতিক লক্ষণ কিছুমান হ'ল - শৌচ কচা হোৱা, গাঁঠিৰ বিষ হোৱা, দাঁতৰ আলু ফুলা, চকুৰ খচখচনি হোৱা, শৰীৰৰ বিভিন্ন অঞ্চলৰ পৰা ৰক্তক্ষৰণ হোৱা, ছালৰ তলত লাম্পৰ উৎপত্তি হোৱা আদি৷

ৰোগৰ চিনাক্তকৰণ

ৰোগৰ লক্ষণসমূহৰ ওপৰিও ৰোগীৰ শৰীৰৰ পৰীক্ষা, তেজ পৰীক্ষা, শৌচ পৰীক্ষা, পেটৰ আলট্ৰাচাউণ্ড, চিটি স্কেন, বেৰিয়াম এনেমা এক্সৰে, চিগময়ডোস্কোপি, ক'লোনোস্কপি, এণ্ডোস্কোপি, এম আৰ আই,  আদিৰ সহায়ত ৰোগ নিৰ্ণয় কৰা হয়৷ তেজত ই এচ আৰ, চি আৰ পি, চি বি চি, ইলেক্ট্ৰলাইট, লিভাৰ ফাংচন টেষ্ট আদি সাধাৰণতে কৰা হয়৷ সম্ভৱপৰ হলে শৌচত কেলচিপ্ৰটেক্টিন নামৰ প্ৰটিনৰ উপস্থিতি পৰীক্ষা কৰি ইৰিটেবল বাৱেল ডিজিজ চিনাক্ত কৰিব লাগে৷

ক্ৰনচ ডিজিজ হ'ল এবিধ গুৰুতৰ ৰূপ ধাৰণ কৰিব পৰা জটিল ৰোগ ৷ ইয়াৰ সহজে নিৰাময় সম্ভৱপৰ  নহবও পাৰে৷ ইয়াৰ জটিলতা বা কম্পিকেচনসমূহ হ'ল ৰক্তক্ষৰণ, বৃহৎ ঘা, টস্কিক মেগাক'লন আদি৷ অপাৰেচন কৰিও কেতিয়াবা ক্ৰনচ ডিজিজৰ সমাপ্তি  ঘটোৱা নাযায়৷ কিন্তু আলচাৰেটিভ ক'লাইটিছৰ কেতিয়াবা নিজে নিজেও সাময়িক উপশম ঘটে৷ অপাৰেচন কৰি আলচাৰেটিভ ক'লাইটিছৰ ৰোগীক  ক'লনৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনীয়তাৰ পৰাও মুক্তি দিব পাৰি৷ ইৰিটেবল বাৱেল ডিজিজৰ ওপৰত বৰ্তমান গোটেই বিশ্বত অনেক  অনুসন্ধান চলি আছে৷

ক'লাইটিছৰ চিকিৎসা

পোনতেই ৰোগৰ উৎপত্তিৰ কাৰণ বুজিবলৈ যত্নপৰ হব লাগে৷ বেক্টেৰিয়াৰ সংক্ৰমণৰ হলে উপযুক্ত এন্টিবায়টিক নিৰ্দিষ্ট সময়ৰ বাবে দিব লাগিব৷ ডায়েবেটিজ, ডিচলিপিডেমিয়া(বৰ্দ্ধিত চৰ্বিজনিত ৰোগ) আদিৰ নিৰ্দিষ্ট চিকিৎসা প্ৰদান কৰিব লাগে৷ধূম্ৰপাণ পৰিহাৰ কৰিব লাগে৷ এটা আমোদজনক কথা আলচাৰেটিভ ক'লাইটিচৰ লক্ষণসমূহ ধূমপাণ নকৰা লোকৰ ক্ষেত্ৰত বেচিকৈ ফুটি উঠে৷ আনকি নিক'টিনকো এই ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰি থকা হৈছে৷

ক'লাইটিছৰ ৰোগীয়ে স্বাস্থ্যসন্মত জীৱন ধাৰণৰ পদ্ধতি মানি চলিব লাগে৷ ব্যায়াম আৰু খোজকঢ়া হ'ল উপযোগী৷ খাদ্য হব লাগে  পুষ্টিকৰ, কম আঁহযুক্ত, প্ৰটিন আৰু কাৰ্বহাইড্ৰেট থকা সন্তুলিত খাদ্য৷ কোনো নিৰ্দিষ্ট  খাদ্যই

অপকাৰ কৰা যেন দেখিলে তাক পৰিহাৰ কৰিব লাগে৷ সকলো ধৰণৰ ষ্ট্ৰেচ পৰিত্যাগ কৰি চলাৰ প্ৰয়াস কৰিব লাগে৷ কফি, মদ, জালুক,  গৰম মছলা,  কাৰ্বনযুক্ত  ড্ৰিংকচ্, কেফেইন, চাল্ফাৰ যুক্ত খাদ্য, বেচি ফাইবাৰ থকা খাদ্য, পপকৰ্ণ, মাংস, নানাবিধ বাদাম, চ'চ, কেঁচা পাচলি আৰু বেচি মছলা থকা যি কোনো খাদ্য - এই কেইবিধ পৰাপক্ষত বাদ দিব৷ আহাৰৰ ক্ষেত্ৰত  চৰ্বিযুক্ত  খাদ্য সম্পূৰ্ণ বৰ্জন কৰিব৷ ফলমূল,ৰুটি, সিজোৱা পাচলি, আলু-সিদ্ধ, বয়ল কণী খাব পাৰে৷ লেক্টজ

ইনটলৰেন্স নথকা ৰোগীয়ে গাখীৰ আৰু ডায়েৰী প্ৰডাক্ত খাব পাৰে৷

চিকিৎসকে ৰোগীৰ শৰীৰৰ ওজন হ্ৰাস নোহোৱাকৈ ৰখাৰ প্ৰয়াস কৰাটো বাঞ্চনীয়৷ ব্যায়াম, ফল-মূল আৰু সন্তুলিত সুষম খাদ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (যাক ইমিউনিটি বোলে) বৃদ্ধি কৰে৷

ক'লাইটিছৰ ৰোগীৰ বাবে নেপ্ৰস্কেন,আইব্ৰুপ্ৰফেন আদি দৰবৰ প্ৰয়োগ অপকাৰী বুলি সিদ্ধ হৈছে৷

ডায়েৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ ইমোডিয়াম (ল'পেৰামাইড) নামৰ দৰব নিৰাপদে ব্যৱহাৰ কৰিব পাৰি৷         ক'লাইটিছৰ আন নিৰ্দিষ্ট ঔষধ হ'ল - ৫-এমাইনো চেলিচাইলিক এচিডযুক্ত পদাৰ্থ যাৰ উদাহৰণ হ'ল  -   চালফাচেলাজিন, অ'লচেলাজিন, মেছালামিন,ৰ'ৱাচা আদি৷ এনে দৰব খাবলৈ দিয়াৰ ওপৰিও এনেমাৰ দ্বাৰা ক'লনত লগাব পাৰি৷

ক'লাইটিছৰ  আন লাগতিয়াল দৰবৰ ভিতৰত প্ৰেডনিচ'লন জাতীয় ষ্টেৰইড ড্ৰাগ আৰু ইমিউনো চাপ্ৰেচেন্ট ড্ৰাগ (যেনে মিথট্ৰিক্সেট,  চাইক্লস্পৰিন, ৬-মাৰকাপ্ত পিউৰিন ) পৰে৷ কেবল চিকিৎসকৰ  তত্বাবধানত এই দুই শ্ৰেণীৰ দৰবৰ সীমিত সময়ৰ বাবে ব্যৱহাৰ কৰা হয়৷ ষ্টেৰইডৰ পাৰ্শ্বক্ৰিয়াজনিত অপকাৰিতা  সমূহ হ'ল :- মুখমণ্ডল চন্দ্ৰাকাৰ হোৱা, ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ উৎপন্ন হোৱা, কম বয়সীয়া ৰোগীৰ শৰীৰৰ বিকাশ ৰুদ্ধ হোৱা, অষ্টিঅ'প'ৰোচিচ (হাঁড় পাতল হবলৈ ধৰা) আদি৷ ইয়াৰ ওপৰিও আটাইতকৈ বিপদজনক পাৰ্শ্বক্ৰিয়া হব পাৰে টিকাৰ  হাঁড়ৰ যোৰাৰ এচেপ্তিক নেক্ৰচিচ৷ প্ৰায় একেখিনি পাৰ্শ্বক্ৰিয়া ইমিউনো চাপ্ৰেচেন্ট ড্ৰাগছৰো হব পাৰে৷

সহায়কাৰী চিকিৎসাৰ ভিতৰত পৰে - ইলেকট্ৰলাইট, আইৰণ, কেলচিয়াম, ভিটামিন আদিৰ শৰীৰক যোগান ধৰা৷ এনিমিয়াৰ চিকিৎসাত প্ৰয়োজন সাপেক্ষে ৰক্তপ্ৰদান (Blood Transfusion) কৰিবলগীয়া হব পাৰে৷

মোখনিত ইমানেই কম যে যি কোনো ৰোগীয়ে ক'লাইটিছত আক্ৰান্ত বুলি জানিলেই ভীতিগ্ৰস্ত হব নালাগে৷

কেনেবাকৈ ক্ৰনচ ডিজিজ বুলি চিনাক্ত হলে অভিজ্ঞ চিকিৎসকে ৰোগীৰ অভিভাৱকক নিশ্চয় অৱগত কৰি সতৰ্ক কৰি দিব৷ অন্যথাই আন সকলো ক'লাইটিছৰেই প্ৰয়োজনীয় সতৰ্কতা আৰু চিকিৎসাৰ দ্বাৰা নিৰাময় সম্ভৱপৰ৷

ডা০ ভূপেন শইকীয়া

ৰচনা কাল - ১৩ডিচেম্বৰ, ২০১৩

ই-মেইল  drbksaikia@gmail.com

ফোন - ০৯৭৪ – ৩৩৭৩৮৭২২

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate