অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধপাতৰ অপকাৰিতা : ধূম্ৰপায়ীসকললৈ কঠোৰ সতৰ্ক বাণী

ধপাতৰ অপকাৰিতা : ধূম্ৰপায়ীসকললৈ কঠোৰ সতৰ্ক বাণী

আজিৰ স্বাস্থ্য কথাত  সকলোৱে জনা বিষয় এটাতে পুনৰবাৰ  আলোকপাত কৰিবলৈ ললোঁ৷ ১৯৮৮ চনৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাই  প্ৰত্যেক বছৰৰ ৩১মেৰ দিনা ধূম্ৰপান বিৰোধী দিবস পালন কৰি আহিছে যদিও  তাৰ পৰা কিবা লাভ হৈছে যেন ধাৰণা হোৱা নাই৷ আজি বিশ্বত প্ৰতি চাৰে ছয় চেকেণ্ডত এজন লোকৰ ধূম্ৰপানৰ অপকাৰৰ ফলত মৃত্যু ঘটিছে৷ আমাৰ ভাৰতবৰ্ষত  বছৰি ৯লাখে মৃত্যুবৰণ কৰে-তাৰে ৬লাখ হ'ল বিড়ি খাওঁতা৷ আমাৰ দেশত ঘটা প্ৰতি দহটা মৃত্যুৰ বিপৰীতে এটাৰ কাৰণ হ'ল ধূম্ৰপাণ৷ আন আন দেশৰ বাৰ্ষিক মৃত্যু হাৰ এনেকুৱা :- পাকিস্তান  ১লাখ, আমেৰিকা ৪'৫ লাখ,ৰাচিয়া ৪ লাখ,ব্ৰিটেইন ১লাখ, চীন ১২লাখ (দৈনিক ২ হেজাৰজন), অস্ত্ৰেলিয়া ২০ হেজাৰ, দক্ষিণ আফ্ৰিকা ৩৪ হেজাৰ, কেনেডা ৩৭ হেজাৰ, চৌডি আৰব ২২ হেজাৰ৷ ক্ষুদ্ৰ দেশ কাটাৰ  যাৰ বৰ্তমান  জনসংখ্যা চাৰে আঠ লাখ -তাৰ মৃত্যু হাৰ জনা নগলেও এটা অধ্যয়ণত এইটো স্পষ্ট হৈছে যে ইয়াত  ধূম্ৰপায়ী লোক হ'ল ৩৬%৷ বিজ্ঞানীসকলৰ মতে ধূম্ৰপায়ী ব্যক্তিৰ আয়ুস ধূম্ৰপাণ নকৰাসকলতকৈ ১০ৰ পৰা ১৫বছৰ কম৷

ধপাতৰ ব্যৱহাৰৰ বুৰঞ্জী অতি পুৰণি৷ খৃষ্টপূৰ্ব ২০০০ চনৰ পৰা ইয়াৰ প্ৰয়োগৰ  সমল দেখা পোৱা গৈছে৷ আগৰ দিনত ৰজা মহাৰাজা আৰু আঢ্যৱন্ত পৰিয়ালৰ অভিজাত্যৰ প্ৰতীক আছিল ধপাতৰ চিলিম লগোৱা দীঘল পাইপ থকা হোক্কা৷ দামী চিগাৰ ষ্টাইলত খোৱাজনক সৰ্বসাধাৰণ জনতাই সম্ভ্ৰমেৰে চাইছিল৷ কিছুদিনৰ আগলৈকে ভাৰতীয় চিনেমাসমূহত ধূম্ৰপাণক এটি আকৰ্ষণীয় কলা যেন কৰি দেখুৱাই থকা হৈছিল৷ আজিকালি অৱশ্যে ৰাজহুৱা স্থানত ধূম্ৰপাণৰ বিৰুদ্ধে আমাৰ দেশতো নানান নিয়ম বলবৎ কৰা হৈছে৷ চিনে জগতৰ দুই  বিখ্যাত নায়ক  অমিতাভ বচ্চন আৰু শ্বাহাৰুখ খানে আইন ভংগ কৰি গৰিহনা আৰু শাস্তিৰ সন্মুখীন হোৱাৰ বাতৰি আামাৰ বহুতৰে মনত আছে নিশ্চয়৷ এই চেগতে আপোনালোকক জনাই থওঁ যে মাত্ৰ ৩৮ বছৰ বয়সতেই আন এজন চিত্ৰ অভিনেতাই হৃদযন্ত্ৰৰ কৰ'নেৰী বাই পাচ চাৰ্জাৰী কৰাব লগীয়া হৈছিল- কিয়নো অতিমাত্ৰা ধূমপাণৰ ফলত তেওঁৰ হৃদযন্ত্ৰৰ তেজৰ ধমনীত অতিমাত্ৰা চৰ্বি জমা হৈ জীৱনৰ প্ৰতি সংকটজনক অৱ্স্থাৰ সৃষ্টি কৰিছিল৷ তেওঁৰ নাম হ'ল চেইফ আলি খান৷ আকৌ শত্ৰুঘ্ন সিংহাৰ দৰে অভিনেতাই চিগাৰেটৰ ধুঁৱাৰ কুণ্ডলি পকাই  কৰা অভিনয়ৰ নকলৰ চেষ্টা কৰি সেই সময়ৰ বহু ডেকাই ধূমপাণ কৰিব শিকিছিল৷

বৰ্তমান বিশ্বৰ ভিতৰত  ভূটান একমাত্ৰ দেশ য'ত ধপাতযুক্ত যি কোনো পদাৰ্থৰ বিক্ৰীত সম্পূৰ্ণ চৰকাৰী নিষেধাজ্ঞা বলবৎ আছে৷আমাৰ দেশত ৰাজহুৱা স্থানত, বাচত,ৰেলত, অফিচত ধূম্ৰপাণ নিষেধৰ  আইন আছে যদিও তাৰ প্ৰযোগ বৰ শিথিল৷একেদৰে ১৮বছৰৰ তলৰ  লোকক ধপাতৰ  সামগ্ৰী বিক্ৰীও নিষেধ৷চিগাৰেটৰ পেকেটত ইয়াক বিপদজনক বুলি জনাই  বিধিসন্মত সতৰ্ক বাণী লিখাৰ নিয়মো বিশ্বৰ বিভিন্ন দেশত আছে৷

ধপাতৰ খেতি আমাৰ পাঠকসকলৰ বহুতেই দেখিছে নিশ্চয়৷ ইয়াৰ বটানিকেল নাম হ'ল 'জেনাচ নিকটিনানা'৷ ইয়াক সেৱন কৰাৰ নানান পদ্ধতি আছে৷ বিড়ি,চিগাৰেটৰ ওপৰিও  কাগজৰ পেকেটত বনাই লোৱা মিস্কাৰ, খৈণী, চিলিমত লৈ সোপা, হোক্কাত  লৈ সেৱন কৰাৰ  ওপৰিও তামোল  বা পাণৰ লগতো জুতি লগাই খায়৷ ধপাতত ৪০০০ ৰো অধিক শৰীৰৰ বাবে অপকাৰী ৰাসায়নিক তত্ব থাকে, কাৰ্বন মনোঅস্কাইড,নিকোটিনৰ ওপৰিও কেন্সাৰ কৰিব পৰা বহু কেইবিধ ৰেডিঅ' এক্টিভ পদাৰ্থ আছে৷ কাৰ্বন মনোঅস্কাইডে তেজৰ অস্কিজেনৰ  পৰিমাণ  হ্ৰাস কৰি শৰীৰৰ ক্ষতি সাধন কৰে৷ তদুপৰি ই ৰক্তপ্ৰবাহী নলী সমূহৰ অনিষ্ট সাধন কৰে৷ নিকোটিন সেৱন কৰাৰ মাত্ৰ ৭ চেকেণ্ডত  মস্তিষ্ক পায়গৈ৷ই ডপামিন আৰু এড্ৰিনেলিন  নিৰ্গত  কৰোৱাৰ ফলত শৰীৰৰ ৰক্তচাপ বৃদ্ধি পায়, মস্তিষ্কত এক প্ৰকাৰৰ স্ফূৰ্তিৰ অনুভৱ হয়৷

ধপাতৰ অপকাৰিতাৰ কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি৷ মূৰৰ পৰা ভৰিলৈকে শৰীৰৰ কোনো এটা অংশ এনে নাই যাৰ ওপৰত ধপাতৰ কু-প্ৰভাব নপৰে৷এতিয়া চমুকৈ তাৰ আভাস লওক: -

মূৰৰ চুলি-চুলিৰ পৰা দূৰ্গন্ধ ওলাব ধৰে৷ চুলিৰ স্বাভাবিক ৰঙ সলনি হয়  আৰু ই পখৰা পখৰি, মুগা বৰণ লবলৈ ধৰে৷

মস্তিষ্ক - ষ্ট্ৰকৰ এক উল্লেখযোগ্য কাৰণ হ'ল ধূমপান৷

চকু- সাধাৰণ পানী ওলোৱা,চকু সঘনাই টিপওৱাৰ পৰা কম বয়সতে কেটেৰেক্টৰ আৰম্ভণি, আনকি মেকুলাৰ ডিজনেৰেচনৰ ফলত অন্ধতাও হব পাৰে৷

কাণ- শ্ৰৱন শক্তি হ্ৰাস৷

নাক - ঘ্ৰাণ শক্তি হ্ৰাস৷

ডিঙি - ফেৰিনজাইটিচ,লেৰিনজাইটিচ, কেঞ্চাৰ৷

থাইৰয়েড - হায়পাৰথাইডিজম৷

দাঁত - ৰঙ ধৰা, দাঁত সমূহ ঢিলা হোৱা, দাঁত আলু ফুলা আৰু তেজ ওলোৱা, দাঁতত শিল জাতীয় টাৰটাৰ জমা হোৱা৷

মুখ - দূৰ্গন্ধ ওলোৱা, খোৱা বস্তুৰ স্বাদ  নোপোৱা হোৱা, মুখত-জিভাত ঘা হোৱা আৰু মুখমণ্ডলৰ কেঞ্চাৰ৷

হাওফাওঁ - নিউমোনিয়া,ব্ৰংকাইটিচ,হাঁপানী আদিৰ ওপৰিও আটাইতকৈ বিপদজনক  হ'ল কৰ্কট ৰোগ৷

খাদ্যনলী বা ইচোফেগাচ - কেঞ্চাৰ৷

হৃদযন্ত্ৰ - হাৰ্টএটেক, তেজৰ নলীত চৰ্বি জমা হোৱা এথেৰ'স্কৰেচিচ৷

পাকস্থলী আৰু  ডিঅ'ডিনাম-ঘা আৰু কেঞ্চাৰ৷

লিভাৰ- কেঞ্চাৰ৷

পেনক্ৰিয়াচ - কেঞ্চাৰ৷

কিডনি আৰু মূত্ৰ  প্ৰণালী- ৪০%কেঞ্চাৰ ৰ কাৰণ হ'ল ধূমপান৷

হাত- কঁপনি, তেজৰ চলাচল  কম হোৱাৰ ফলত স্বাভাবিক  উত্তাপ নোহোৱা হোৱা, বৰণ সলনি হোৱা, এথেৰ'স্কৰেচিচৰ ফলত হোৱা বাৰজাৰ ডিজিজ৷

ভৰি-এথেৰ'স্কৰেচিচৰ ফলত হোৱা বাৰজাৰ ডিজিজ৷

ছাল-ৰঙ সলনি হোৱা,ছাল সোতোৰা-সোতুৰি হোৱা, কম বয়সতে বৃদ্ধ যেন লগা৷

নখ - স্বাভাবিক  ৰঙৰ সলনি মুগা বৰণ লোৱা৷

তেজ - লিউকেমিয়া৷

হাড় - হাড়ৰ  ঘনত্ব কমি যোৱাৰ ফলত  পেথলজিকেল ফ্ৰেকচাৰ৷

পুৰুষৰ জনন তন্ত্ৰ - যৌনক্ষমতা হেৰুওৱা, সন্তানহীনতা, বীৰ্য্যৰ  আকৃতি-প্ৰকৃতিৰ পৰিবৰ্তন৷

স্ত্ৰী জনন তন্ত্ৰ -সন্তানহীনতা,পলমকৈ গৰ্ভধাৰণ কৰা, এক্টপিক  প্ৰেগনেঞ্চি, গৰ্ভপাত, মাহেকীয়াৰ নানা বিজুতি, স্তনৰ কেঞ্চাৰ, জৰায়ুমুখৰ কেঞ্চাৰ ৷

গৰ্ভাৱস্থাৰ  ক্ষতি সাধন- বিকলাংগ,জন্মতে মৃত বা ক্ষুদ্ৰ সন্তান,জন্মগত বিকৃতি থকা সন্তান  প্ৰসৱ৷ গৰ্ভপাতৰ অধিক সম্ভৱনা৷

ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune system) ক্ষতিসাধন- ধপাতে শৰীৰৰ  উপকাৰী চৰ্বি এইচ ডি এলৰ পৰিমাণ হ্ৰাস কৰে ৷ যি কোনো ঘা শুকোৱাত বিলম্ব কৰে৷ সহজতে শৰীৰত বিভিন্ন  জটিল ৰোগ (যেনে ডায়েবটিচ,উচ্চ ৰক্তচাপ) হবলৈ দিয়ে৷ধপাত সেৱনকাৰীৰ ড্ৰাগ ইন্টাৰ একচন আৰু দৰবৰ পাৰ্শক্ৰিয়া বেচিকৈ হয়৷

ওপৰত  কোৱা অপকাৰসমূহ  পৰোক্ষ ভাবেও হব পাৰে৷অৰ্থাৎ ধূমপানৰ কুপ্ৰভাৱ   ওচৰত থকা ধূমপান নকৰাজনৰ ওপৰতো পৰে৷সেইবাবে চিগাৰেট খোৱা পিতৃ-মাতৃৰ সন্তানৰ  শ্বাসজনিত  ৰোগ কম বয়সতে আৰু বেচিকৈ হোৱা দেখা যায়৷

শ্লাম্বাৰজেল নামৰ এটা ইন্টানেচনেল কোম্পানীয়ে এটা সমীক্ষা চলাইছিল৷ তেওঁলোকৰ  তথ্যসমূহ আছিল এনেকুৱা-ধূম্ৰপায়ী কৰ্মচাৰীৰ সংখ্যা ৪০%৷১০বছৰত  হৃদৰোগ বা আন ধূম্ৰপানৰ অপকাৰিতাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০জন৷

নিকোটিনৰ  ৰাসায়নিক প্ৰতিক্ৰিয়াৰ ফলত  সেৱন  কৰোতাজনৰ  গভীৰ আসক্তি(Addiction) জন্মে আৰু এই বান্ধোনৰ পৰা ওলোৱা অতি কঠিন হৈ পৰে৷  সেৱন  কৰোতাৰ শৰীৰৰ অপকাৰৰ ওপৰিও  আৰ্থিক ক্ষতি হয়৷ তেওঁ সমাজৰ ক্ষতি কৰে,পৰিবেশ দূষিত কৰে৷ বহুজনে আন ড্ৰাগছলৈয়ো হাত মেলে আৰু নানা অপৰাধ  কৰিবলৈয়ো পিছ নোহোহুকে৷ আজিকালি চিকিৎসাৰ দ্বাৰা সকলো ধৰনৰ  ধপাতৰ  কবলৰ পৰা এনেলোকক  মুক্ত  কৰাটো সম্ভৱপৰ৷ নানান  নিকোটিন ৰিপ্লেচমেন্ট  থিৰাপি আৰু ঔষধৰ (যেনে বুপ্ৰপিয়ন) সফল প্ৰয়োগৰ সুফল দেখা গৈছে৷ কিন্তু সবাতকৈ প্ৰয়োজনীয়  কথাটো  হৈছে এনে আসক্তিৰ পৰা মুক্তি পাবলৈ হলে ৰোগীজনৰ মনৰ দৃঢ়তা আৰু পৰিয়াল তথা বন্ধুবৰ্গৰ সহযোগ৷

ডা০ ভূপেন শইকীয়া

ড'হা কাটাৰৰ পৰা : ফোন ০৯৭৪-৩৩৭৩৮৭২২

ৰচনা কাল - জুন ২০১৩

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate