আজিৰ স্বাস্থ্য বিষয়ৰ আলোচনাত পাঠকসকলক এটি সঘনাই ভূগি থকা ৰোগৰ বিষয়ে কিছু লাগতিয়াল কথা অৱগত কৰাব খুজিছোঁ৷আপোনালোকৰ বহুতৰে পেটৰ বিষ, ভোক নলগা, পেট ফুলা, ওকালি অহা,বমি হোৱা,বুকু জ্বলা-পোৰা কৰা, টেঙাপানীৰ উগাৰ অহা আদিৰ অনুভৱ নিশ্চয় হৈছে৷এইবিলাকৰ ওপৰিও
কোনোজনৰ ওজন হ্ৰাস হোৱা,শৰীৰ দূৰ্বল হোৱা, ভাগৰ লগা, ক'লাবৰণৰ পাইখানা হোৱা আদি লক্ষণো থাকিব পাৰে৷কিন্তু এইবিলাকৰ কাৰণ হয়তো আপুনি নাজানিবও পাৰে৷দুই চাৰিটা পিল খাই অসুখটো হয়তো কমাই থয় নাইবা মনতে ভাবি লয় বিশেষ চিন্তনীয় ৰোগ নহয়, সাধাৰণ "গেষ্ট্ৰিক" ৰোগহে হৈছে৷
১৯৮২ চনত মানুহৰ পাকস্থলীত থকা এবিধ গ্ৰাম নিগেটিভ বেক্টেৰিয়া চিনাক্ত কৰে অস্ট্ৰেলিয়াৰ পাৰ্থৰ ডা০ বেৰী মাৰ্শেল আৰু ডা০ ৰবীন ৱাৰেনে৷ সেইবিধ বেক্টেৰিয়াৰ নামাকৰণ হয় - কেম্পাইল'বেক্টৰ পাইলৰি৷ পাচলৈ ইয়াক হেলিক'বেক্টৰ পাইল'ৰি নাম দিয়া হয় (চমুকৈ এইচ. পাইলৰি বোলা হয়)৷গ্ৰীক শব্দ হেলিক'ৰ অৰ্থ হ'ল দুৱাৰখীয়া৷
পাক প্ৰণালীৰ দুৱাৰমুখত ইয়াৰ অৱস্থান বাবেই বোধহয় নতুন নামটো দিয়া হ'ল৷এই বিধ বেক্টিৰিয়াই মানুহৰ শৰীৰত আগতে উল্লেখ কৰা লক্ষণসমূহ উৎপন্ন কৰিব পাৰে৷পাকস্থলীত ইনফ্লেমেচন (গেষ্ট্ৰাইটিচ ),ঘা (গষ্ট্ৰিক আলচাৰ) আৰু পাকস্থলীৰ কেঞ্চাৰৰ কাৰক হব পাৰে এই বিধ বেক্টেৰিয়া৷ এই উল্লেখনীয় আবিস্কাৰৰ বাবে চিকিৎসকদ্বয়ক ২০০৫চনত মেডিচিনৰ ন'বেল বঁটা প্ৰদান কৰা হয়৷এসময়ত ভবা হৈছিল যে পাকস্থলীৰ অৱস্থা গাড়ীৰ বেটেৰিৰ নিচিনা এচিডিক আৰু তেনে অৱস্থাত কোনো বেক্টেৰিয়া তিষ্ঠিব নোৱাৰে৷কিন্তু এই ধাৰণাক ভুল প্ৰতিপন্ন কৰি হেলিক'বেক্টৰ পাইলৰিয়ে নিজৰ অস্তিত্ব প্ৰমাণিত কৰিলে৷ এইবিধ বেক্টেৰিয়াই পাকস্থলীৰ কোমল মিউকাচ মেমব্ৰেনৰ ভিতৰত প্ৰবেশ কৰি পাকস্থলীৰ সুৰক্ষা ব্যৱস্থাক বিঘ্নিত কৰে৷যাৰ ফলত গেষ্ট্ৰিক এচিডে ইনফ্লেমেচন কৰি গেষ্ট্ৰাইটিচ আৰু পৰবৰ্তী পৰ্য্যায়ত ঘা বা আলচাৰ আৰু কিছুমানৰ ক্ষেত্ৰত পাকস্থলীৰ কেঞ্চাৰ কৰিব পাৰে৷
আপোনালোকে জানি আচৰিত হব বিশ্বৰ জনসংখ্যাৰ ৫০শতাংশৰ পৰা ৭৫শতাংশ লোকৰ পাকস্থলীত হেলিক'বেক্টৰ পাইলৰি উপস্থিত থাকে৷আকৌ আক্ৰান্ত হলেও ৮০শতাংশ লোকৰ ৰোগৰ একো লক্ষণ দেখা নাযায়৷ ৫০শতাংশ গেষ্ট্ৰিক কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত হেলিক'বেক্টৰ পাইলৰি উপস্থিতি ধৰা পৰিছে৷ পশ্চিমৰ উন্নত দেশসমূহৰ তুলনাত উন্নয়নশীল দেশসমূহত হেলিক'বেক্টৰ পাইলৰি আক্ৰান্তলোকৰ সংখ্যা বেচি৷ইয়াৰ কাৰণ ঘন জন-বসতি, পেয় জলৰ অব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু হেলিক'বেক্টৰ পাইলৰিৰ দ্বাৰা আক্ৰান্তলোকৰ সৈতে সহ অৱস্থান৷
অনুমান কৰা মতে প্ৰদূষিত পানী আৰু খাদ্যৰ জৰিয়তে ল'ৰালি কালতেই মানুহৰ দেহত হেলিক'বেক্টৰ পাইলৰিৰ প্ৰবেশ ঘটে৷কিন্তু ৰোগৰ লক্ষণ সমূহ প্ৰাপ্তবয়স্ক হলেহে দেখা যায়৷আকৌ হেলিক'বেক্টৰ পাইলৰি থকা সত্বেও কিছুমানৰ শৰীৰত ৰোগৰ লক্ষণ কিয় দেখা নাযায় - সেই বিষয়ে বিজ্ঞানীসকলে কাৰণ বিচাৰি পোৱা নাই৷
১) গেষ্ট্ৰিক আলচাৰ বেৰিয়াম মিল এস্কৰেৰ দ্বাৰা চিনাক্ত কৰিব পাৰি৷
২) এণ্ডোস্কোপি আৰু বায়প্সিৰ দ্বাৰা৷
৩) তেজ পৰীক্ষাৰ দ্বাৰা - তেজত থকা এইচ পাইল'ৰি এন্টিবডিৰ যোগেদি৷
৪) শৌচত থকা এইচ পাইল'ৰি এন্টিজেনৰ দ্বাৰা৷
৫) য়ুৰিয়া ব্ৰেথ টেষ্ট - ৰেডিঅ'এক্টিভ কাৰ্বন আইচোটপ খাবলৈ দি পেটৰ পৰা ওলোৱা গেছৰ পৰিমান জুখি এই পৰীক্ষা কৰা হয়৷পেটত থকা এইচ পাইল'ৰিৰ পৰা 'ইউৰেজ' এনজাইম ওলায় যি ভাঙিলে এমনিয়া আৰু কাৰ্বন ডাই অস্কাইড নিৰ্গত হয়৷
তিনিবিধ বা চাৰিবিধ ঔষধ সাধাৰণতে একেলগে ১০ৰ পৰা ১৪দিনলৈ দিয়া হয়৷ব্যৱহৃত এন্টিবায়িক সমূহ হ'ল -এমস্কিচিলিন, ক্লেৰিথ্ৰমাইচিন, টেট্ৰাইক্লিন আৰু মেট্ৰনিডাজল৷ব্যৱহৃত প্ৰটন পাম্প ইনহিবিটৰ সমূহ হ'ল - অমিপ্ৰাজল,লেন্সপ্ৰাজল, ডেস্কলেন্সপ্ৰাজল, ইচমোপ্ৰাজল, ৰেবিপ্ৰাজল আদি৷আকৌ কিছুমানক বিচমাথ চাবচেলিচাইলেট দিও চিকিৎসা কৰা হয়৷বিচমাথৰ পাৰ্শ্বক্ৰিয়া হ'ল- ইয়াৰ ৰঙ দাঁতত ধৰে আৰু শৌচ কচা কৰে৷ক্লেৰিথ্ৰমাইচিন আৰু মেট্ৰনিডাজলৰ পাৰ্শ্বক্ৰিয়া হ'ল মুখত মেটেলিক স্বাদ অনুভৱ কৰা৷কিছুমান ৰোগীয়ে সামান্য পাৰ্শ্বক্ৰিয়া হলেই ঔষধ বন্ধ কৰি দিয়ে৷তেওঁবিলাকে নিজৰ চিকিৎসকৰ কাষ চাপিলে
বিকল্প ব্যৱস্থা কৰা হয়৷আকৌ ড্ৰাগ ৰেজিচটেন্স কিছুমান ৰোগীৰ ক্ষেত্ৰত সমস্যা হৈ দেখা দিয়ে৷২০শতাংশ ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে এবাৰ দৰব খালেই ৰোগ নিৰাময় নহয়৷তেনে ৰোগীক ঔষধ সালসলনি কৰি পুনৰ দ্বিতীয় পালি খাবলৈ দিয়া হয়৷ শৌচ পৰীক্ষা নহলে ব্ৰিথ টেষ্টৰ দ্বাৰা ৰোগ নিৰাময়ৰ পৰীক্ষা কৰা হয়৷ তেজত এন্টিবডি ৰোগ নিৰ্মূল হোৱাৰ পিছতো বহু মাহলৈ থকিব পাৰে বাবে ফলো আপত তেজ পৰীক্ষা কৰা নহয়৷ঔষধ ব্যৱহাৰৰ সময়ত মদ্যপান আৰু ধুম্ৰপান অৱশ্য বৰ্জনীয়৷এই দুবিধৰ আসক্তিয়ে এইচ পাইল'ৰিয়ে আলচাৰ কৰাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে৷
মোখনিত কম যে আমি সাধাৰণ বুলি গণ্য কৰা ৰোগৰ পৰাই এইবিলাক জটিলতাই দেখা দিব পাৰে : গেষ্ট্ৰাইটিচ্, ডিঅ'ডিনাইটিচ, গেষ্ট্ৰিক আলচাৰ, পাকস্থলীৰ ৰক্তক্ষৰণৰ ফলত হেমাটইমেচিচ-মেলিনা, শৰীৰ শুকাই ক্ষীণাই যোৱা আৰু পাকস্থলীৰ কেঞ্চাৰ আদি জটিল ৰোগ হব পাৰে৷ আনহাতে হেলিক'বেক্টৰ পাইল'ৰিৰ চিনাক্তকৰন আৰু চিকিৎসা বেচ সহজ আৰু ফলপ্ৰসু৷পৰিস্কাৰ পৰিচ্ছন্নতাকে ধৰি স্বাস্থ্য ৰক্ষাৰ সাধাৰণ বিধিসমূহ মানি চলক আৰু বিশুদ্ধ খোৱা পানী আৰু সুখাদ্য ব্যৱহাৰ কৰক, ৰাগিয়াল দ্ৰব্যৰ সংগ ত্যাগ কৰক- সমাজত স্বাস্থ্যবানলোকৰ সংখ্যা নিশ্চয় বৃদ্ধি পাব৷
ডা০ ভূপেন শইকীয়া
ড'হা কাটাৰৰ পৰা : ফোন ০৯৭৪-৩৩৭৩৮৭২২
ৰচনা কাল - জুন ২০১৩
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
ইয়াত সাধাৰণতে হৈ থকা ৰোগসমূহৰ বিষয়ে আলোচনা কৰা হৈছ...