অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ চকুযুৰি :

আপোনাৰ চকুযুৰি :

চশমাযোৰে আচলতে কি কৰে

বহুতে ভাবে- ভালকৈ চাই চিন্তি দিয়া চশমাযোৰে নেদেখা চকু এটাৰে দেখিবই । যদি নেদেখে তেন্তে চশমাখন ভালকৈ দিয়া নহ’ল বুলি ভাবে । বহুতৰ আকৌ ধাৰণা- চশমাখনৰ পাৱাৰটো অলপ বঢ়ালেই যেন তেওঁ ভালকৈ দেখিব । কোনোজনৰ আপত্তি চশমাখনত পাৱাৰ বেছি হৈছে, অলপ কমাই দিলে ভাল আছিল ইত্যাদি । আচলতে, নিৰ্দিষ্ট সময়ত এটা চকুৰে মাত্ৰ এটা চকুৰে মাত্ৰ এটা পাৱাৰ চশমাৰেহে ভাল দেখাটো সম্ভৱ । কাৰণ এযোৰ চশমাই পোহৰৰ ৰশ্মি ৰেটিনাৰ নিৰ্দিষ্ট বিন্দুত পেলোৱাৰ বাহিৰে আন কোনো কাৰ্য কৰিব নোৱাৰে আৰু এই কাম উক্ত চকুটোত মাত্ৰ এটা পাৱাৰৰ লেন্সেহে কৰিব । এই পোহৰৰ ৰশ্মি কৰ্ণ ইয়া, একোৱাচ, পিউপিল, লেন্স, ভিট্ৰিয়াচ আদিৰ মাজেদি গৈ ৰেটিনাত পৰেগৈ । ৰেটিনাই সেই পোহৰ সংগ্ৰহ কৰি অপ্টিক নাৰ্ভেৰে মগজুলৈ পোহৰৰ সেই সংকেত পঠাই দিয়ে আৰু তেতিয়াই আমি দেখা পাওঁ । এতিয়া যদি উপৰিউক্ত অংগসমূহত কোনো অসুখ হয়, তেন্তে পোহৰৰ ৰশ্মি গৈ মগজু নাপাবলৈ বা ৰশ্মি গৈ মগজু পালেও মগজুৰ নিজৰেই যদি অসুখ থাকে, তেন্তে দেখা পোৱা সম্ভৱ নহয় । এনে ক্ষেত্ৰত চশমাৰ কোনো ভূমিকা নাথাকে ।

লেখক : ডা: নাৰায়ণ বৰদলৈ

উৎস – দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 6/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate