অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেটেৰেক্টঃ

কেটেৰেক্ট ৰ বিষয়ে লিখা হৈছে

কেটেৰেক্ট কি-

কেটেৰেক্ট- চকুত চালিহা পৰাতো এতিয়া সাধাৰণ কথাৰ দৰে হ’লগৈ। ৫৫ বছৰ বয়সীয়া লোকৰ ক্ষেত্ৰত আৰু বেছি। উন্নয়নশীল দেশসমূহত জনমূৰি জীয়াই থকা বয়সৰ সীমা বৃদ্ধিৰ লগে লগে কেটেৰেক্টত ভোগা মানুহৰ সংখ্যা এতিয়া বাঢ়িল। অস্ত্ৰোপচাৰ নকৰিলে এনে ৰোগী অন্ধতাত ভোগে।

প্ৰতি বছৰে প্ৰায় এক কোটি মানুহ এই ৰোগৰ চিকাৰ হয়। পৃথিৱীৰ প্ৰায় ১০০ কোটি মানুহ বৰ্তমান চকুৰ অসুখত ভুগি আছে। বছৰি বাঢ়ি থাকিব। বহুতে সংক্ৰমণ ৰোগত, বহুতে জন্মগতভাৱে, বহুতে কেটেৰেক্টত, বহুতে দুৰ্ঘটনাৰ ফলত অন্ধ হ’ব লগা হয়। ভাৰতবৰ্ষত ৫০ শতাংশ অন্ধতা কেটেৰেক্টৰ ফলত হৈছে। অৰ্ধেককহে অপাৰেচন কৰা সম্ভৱ হয়। আমেৰিকাৰ দৰে উন্নত দেশৰ নাগৰিকো কেটেৰেক্টত আক্ৰান্ত হৈছে। প্ৰায় ১০ মিলিয়ন লোক প্ৰতিবছৰে আক্ৰান্ত হৈছে আৰু ২.৫ মিলিয়ন লোক অন্ধ হৈ গৈছে।

এই মৃত্যুদূতৰূপী ৰোগো ভাল কৰিব পাৰি। একোজন চকু বিশেষজ্ঞই দিনে ৫ জন ৰোগীৰ কেটেৰেক্ট আঁতৰালে বছৰত (৩০০ দিনত) ১,৫০০ ৰোগী ভাল কৰিব পাৰি। বৰ্তমান পৃথিৱীত প্ৰায় ১৫,০০০ বিশেষজ্ঞ আছে। কিন্তু সৰহভাগেই চহৰত থকা বাবে গাঁৱৰ ৰোগীসকল অৱহেলিত হৈছে। তদুপৰি বহু ৰোগীয়ে ধনৰ অভাৱতো অপাৰেচন কৰাব নোৱাৰে। তেনেস্থলত চিকিৎসা বিশেষজ্ঞসকলে অলপ কষ্ট কৰিলেই কেইবছৰমানৰ ভিতৰত ৰোগীৰ সংখ্যা হ্ৰাস কৰিব পাৰে।

নেত্ৰদানঃ

 

সামাজিক সংগঠনসমূহে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰি চকুদানৰ সপক্ষে প্ৰচাৰ চলাব পাৰে। চকুৰ অভাৱতো বহু অৱস্থাপন্ন লোকেও ৰোগৰ ফলত অন্ধতাক আঁকোৱালি ল’ব লগা হয়। কিছু ক্ষেত্ৰত অপাৰেচনৰ সময়ত ল’ব লগা সাৱধানতাৰ অভাৱতো বহুতে সংক্ৰমণ ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাব লগা হয়।

কেনেকৈ কি কৰিব-

 

কেটেৰেক্ট হ’বই পাৰে। কিয় কেনেকৈ হ’ব পাৰে তাৰ একো কাৰণ নাই। ৫৫ বছৰ বয়সৰ ওপৰত কেটেৰেক্ট হোৱাৰ কাৰণ একো নাই। অসহায়ভাৱে বিশ্ববাসীয়ে চকুত চালিহা মাৰি আছে। চকু বিশেষজ্ঞ সংস্থায়ো স্পষ্টভাৱে এই বয়সৰ কেটেৰেক্ট সম্পৰ্কত বিশেষ অভিমত দিব পৰা নাই।

প্ৰাকৃতিক নিয়মঃ

 

প্ৰকৃতিৰ নিয়ম মানি চলিলেহে বোধকৰো মানুহে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে বা ইয়াক প্ৰতিৰোধ কৰিব পাৰে। একুপ্ৰেছাৰ কৰি কেটেৰেক্ট আৰু অন্ধতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

প্ৰাণায়ামঃ

 

আঠটা প্ৰাণায়াম কৰোঁতাসকলে অনুলোম, বিলোম, ভ্ৰামৰী আৰু উদগ্ৰীৱ প্ৰাণায়াম বেছিকৈ কৰি লাভৱান হ’ব পাৰিব। দিনত দুবাৰ পৰিষ্কাৰ বিশুদ্ধ পানীত চকু ভালকৈ ধুলেও ভাল পাব।

চকুঃ

 

মহাভাৰতৰ অৰ্জুনৰ গাণ্ডীৱৰ দৰেই আমাৰ চকুযুৰি। চেলাউৰিৰে প্ৰকৃতিয়ে আমাৰ চকুহালিক গাণ্ডীৱৰ দৰেই শক্তিশালীকৈ সৃষ্টি কৰিছে। চকুক ধুলিৰ পৰা চেলাউৰিয়ে ৰক্ষা কৰিছে।

চকু ভালকৈ উপলব্ধি কৰক। বিশ্বৰ সবাতোকৈ অত্যাধুনিক বৈদ্যুতিক স্বয়ংক্ৰিয় কেমেৰাতকৈয়ো শক্তিশালী এই চকু। ফ’কাছ ঠিক কৰিবলৈ চকু অধিক মুকলি হৈ যায়, চকুৰ মঙহ বহল হৈ যায়, পোহৰ ভিতৰত প্ৰৱেশ কৰে, সঠিক চিত্ৰ আৰু ৰং উন্নীত হয় মগজুত। কেমেৰাৰ বেটেৰী দুৰ্বল হ’লে যি হয়, চকুৰ শক্তি কমিলেও তেনে হয়। চিত্ৰ ভাল নহয়।

এনে বেটেৰী আমাৰ শৰীৰৰ ভিতৰতে সৃষ্টি হয়, সক্ৰিয় হয়। কপালভাটি প্ৰাণায়ামে এই বেটেৰী ঠিক কৰি ৰাখে। এই বেটেৰীত উৎপন্ন হোৱা শক্তিয়ে চকুকো শক্তি প্ৰদান কৰে। যিকোনো কাৰণতে এই বেটেৰী ভাল কৰি ৰখা দৰকাৰ। প্ৰাণায়ামৰ বিনে গতি নাই।

তদুপৰি আমাৰ মগজুত সৃষ্টি হোৱা চেৰেব্ৰচপাইনেল ফ্লুইড শৰীৰৰ স্পৰ্শকাতৰ অংগসমূহৰ বাবে বৰ লাগতিয়াল। প্ৰাণায়াম আৰু ধ্যানৰ ফলত এই বিশেষ ৰসৰ সৃষ্টি আৰু বিতৰণ সঠিকভাৱে থাকে। শৰীৰত তাপ বৃদ্ধি পালে এই ৰসে অপ্টিক নাৰ্ভৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

চকুৰ ওপৰত অধিক কামৰ বোজা পৰিলেও বেয়া। চকুৰ ব্যৱহাৰৰ ওপৰত সৃষ্টি কাৰ্বন টক্সিন সময়মতে বাহিৰলৈ ওলাব নোৱাৰিলে বেমাৰ হয়।

কেটেৰেক্টৰ কাৰণঃ

 

-  বিদ্যুতৰ ৰশ্মি বেছিকৈ চকুত পৰে।

-  চকুৱে অধিক খাদ্য নাপালে অপ্টিক নাৰ্ভ আৰু পিটুইটেৰী গ্লেণ্ড নষ্ট হ’লে।

-  কাৰ্বন টক্সিন বাহিৰলৈ ওলাব নাপালে।

-  মধুমেহ ৰোগৰ বাবে গ্লুক’জৰ সৰবৰাহ কমিলে।

সেয়ে শৰীৰৰ ভিতৰত আভ্যন্তৰীণ হেঁচাৰ ফলত কাৰ্বন চকুৰ মণিৰ কাষত জমা হয়, দৃষ্টিশক্তি কমে, ধুৱলী-কুঁৱলী দেখা; তাৰমানে কেটেৰেক্ট আহি আছে। লাহে লাহে স্পষ্টভাৱে হ্ৰাস পাই আহিব।

তৰ্জনী আৰু মধ্যমা আঙুলিৰ তলত একুপ্ৰেছাৰ কৰিব। মণিবন্ধনৰ মাজভাগতো ৫ মিনিটকৈ টিপিব। চকুৰ চাৰিওপিনে ৫ মিনিটকৈ ১ ছেঃমিঃৰ মূৰে মূৰে একুপ্ৰেছাৰ কৰিলে বহুত আৰাম পোৱা যায়।

পুৱা-গধূলি দৃষ্টি দৰব এটোপালকৈ দিব। হৰিতকি পাউডাৰ আধা চামুচ চেনিৰ সৈতে ১০ দিন খাব। ১৫টা ক’লা জালুকৰ গুড়ি দুচামুচ তালমিচিৰিৰ সৈতে ডেৰ গিলাচ পানীত তিয়াই থৈ পুৱা খাব ১০ দিন।

সমপৰিমাণৰ জীৰা, ক’লা জালুক, চফ, আমলখি চূৰ্ণ, মিচিৰি, আদা মিহলাই গুড়ি কৰি এচামুচকৈ পানীত মিহলাই পুৱা-গধূলি নিয়মীয়াকৈ খাওকচোন।

ইমান ধুনীয়া পৃথিৱীখন চাই চায়ো হেঁপাহ নপলায়। বহুত আশাৰে পৃথিৱীখনো ৰৈ আছে আপোনাৰ এপলক চাৱনিৰ বাবে। একুপ্ৰেছাৰ, থেৰাপী যোগৰ জৰিয়তে লাভ আদায়ৰ বাবে যোগাযোগ কৰিব পাৰে।

 

(উৎসঃ অসমীয়া খবৰ, লেখক হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠৰ যোগ শিক্ষক, ফোনঃ ৯৪৩৫১-০০৯৩৭)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top