অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চকুৰ প্ৰতিসৰণ দোষ

চকুৰ প্ৰতিসৰণ দোষ

স্বাভাৱিক চকুৱে বিভিন্ন দূৰত্বত থকা বস্তুবিলাকক চাব খুজিলেই সহজেই অক্ষিপটৰ সহায়ত দৃশ্যমান কৰিব পাৰে। অক্ষিপটত একোটা বস্তুৰ প্ৰতিবিম্ব পিন হ’লে কেমেৰাৰ দৰে ওলোটাকৈ গঠন হয়। কিন্তু আমাৰ মস্তিষ্কই মানসিক পৰিৱৰ্তনৰ সহায়ত বস্তুটো সঠিক ৰূপত দেখাত সহায় কৰে। ইয়াৰ উপৰিও পোহৰৰ বিভিন্নতাতো চকৱে বহুদূৰলৈ নিজকে খাপ খুৱাই ল’ব পাৰে। পোহৰ অক্ষিপটত গৈ আপতিত হোৱাৰ পথত আগফালৰ পৰা পিছৰফাললৈ ক্ৰমে চকুপানীৰ তৰপ স্বচ্ছ মণ্ডল, একুৱাছ হিউমাৰ, পৰকলা আৰু ভিট্ৰিয়াছ হিউমাৰৰ মাজেৰে পাৰ হৈ যাব লগা হয়, এইবোৰক একত্ৰে পোহৰৰ গতিপথৰ মাধ্যম বোলে। এই গোটেইবোৰ অংশই স্বচ্ছ। ইয়াৰ ভিতৰত স্বচ্ছ মণ্ডল আৰু পৰকলাৰ প্ৰতিসৰণৰ ক্ষমতা ক্ৰমে প্ৰায় + ৪৩ আৰু + ১৭ ডায়প্তাৰ) থাকে। মাধ্যমৰ স্বচ্ছতাৰ হ্ৰাস হ’লে দৃষ্টিৰ অৱনতি ঘটে। আনহাতে, মাধ্যমৰ স্বচ্ছতা থাকিলেও প্ৰতিসৰণৰ দোষ ঘটিলে স্বাভাৱিক দৃষ্টিলাভত অসুবিধা হয়। অৱশ্যে উপযুক্ত পাৱাৰৰ চশমা ব্যৱহাৰ কৰি পুনৰ দৃষ্টি লাভ কৰিব পাৰি। প্ৰতিসৰণ দোষৰ অন্তৰ্গত ৰোগবোৰ (অৰ্থাত্ চকু পাৱাৰৰ ৰোগ) হ’ল-

(১) নিকট দৃষ্টি,

(২) দীৰ্ঘদৃষ্টি,

(৩) বিষম দৃষ্টি আৰু

(৪) মধ্য বয়সৰ পৰা দেখা দিয়া ওচৰৰ দৃষ্টিৰ অসুবিধা।

নিকট দৃষ্টি

এই ৰোগত অসীমৰ পৰা অহা প্ৰায় সমান্তৰাল পোহৰ ৰশ্মিসমূহ চকুৰ মাধ্যমৰ মাজেৰে অস্বাভাৱিকভাৱে প্ৰতিসৰিত হৈ অক্ষিপটত আপতিত নহৈ ইয়াৰ সমুখৰ কোনো এক বিন্দুতহে (নিকট দৃষ্টি দোষৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰিব) মিলিত হয় (এক’ম’ডেচনৰ কোনো প্ৰভাৱ নোহোৱা অৱস্থাত)। ফলত ৰোগীয়ে দূৰৰ বস্তুবোৰ (যেনে- ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ব’ৰ্ডত শিক্ষকে লিখা আখৰ) পৰিষ্কাৰকৈ নেদেখে, যদিও ওচৰত ভালকৈয়ে দেখে। এই ৰোগ সাধাৰণতে কিছু পলমকৈ ধৰা পৰে। ইয়াৰ কাৰণ-

  • সচৰাচৰ শৈশৱ বা কৈশোৰতে ৰোগে দেখা দিলেও কম বয়সীয়াসকলে আপত্তি নকৰে, যিহেতু পঢ়া-শুনাত দিগদাৰি নহয়,
  • ৰোগীয়ে অন্য স্বাভাৱিক ব্যক্তিয়ে কিমান দূৰৰ পৰা কিমান পৰিষ্কাৰ দেখে সাধাৰণতে ধাৰণা কৰিব নোৱাৰে (কেতিয়াবা বন্ধু-বান্ধৱৰ মাজত থকা অৱস্থাত হঠাতেহে নিজে আনতকৈ দূৰৈত কম দেখাটো বুজি পায়), আনহাতে ওচৰত ঠিকেই দেখে। সেয়ে ৰোগীয়ে সকলোৱে তেওঁৰ দৰেই দেখে, অৰ্থাত্ নিজৰ দৃষ্টিশক্তি ঠিকেই আছে বুলি ভাবে। কেতিয়াবা অন্য ৰোগৰ বাবে চকু পৰীক্ষা কৰিবলৈ আহিলেও এই ৰোগ ধৰা পৰে। শিশু বা কিশোৰ এজনে নিকট দৃষ্টি ৰোগত ভোগা বুলি বুজিব পৰাৰ সহজ উপায়- স্কুলত ব’ৰ্ডৰ আখৰ ভালদৰে নেদেখে বাবে এওঁলোকে হয় কাষৰজনৰ পৰা চাই আৰু সুধি লিখে, নতুবা বাৰে বাৰে বৰ্ডৰ লিখাবোৰ উঠি গৈ ওচৰৰ পৰা চাই আহেগৈ। এনে হোৱা দেখিলে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক জনাব লাগে।
  • এই ৰোগত ভোগাসকলে দূৰৰ বস্তু (বৰ্ড, টি.ভি., চিনেমা, চাইনবৰ্ড, বাহনৰ নম্বৰ প্লেট আদি) চালে চকুটোৰে জুপি জুপি চায় (অৰ্থাত্ স্বাভাৱিক মানুহৰ দৰে চকু খুলি সহজভাৱে নাচায়।
  • টি.ভি. চালে অতি ওচৰৰ পৰা চাব বিচাৰে।
  • লিখা-পঢ়া কৰোঁতে অতি ওচৰৰ পৰা কৰিব বিচাৰে।
  • চকুত জোৰ পৰা কাম কৰিলে চকু আৰু মূৰ (আগফালে) বিষায়, সাধাৰণতে পিছবেলালৈ এইবোৰ বেছি হয়।

নানা কাৰণত এই ৰোগ হ’ব পাৰে- চকুৰ আকাৰ স্বাভাৱিকতকৈ ডাঙৰ হ’লে (সাধাৰণতে এইটো কাৰণেই দেখা যায়), স্বচ্ছমণ্ডল আৰু পৰকলাৰ বক্ৰতা বৃদ্ধি হ’লে আৰু ভিতৰত বিশেষকৈ পৰকলাৰ প্ৰতিসৰণাংকৰ বৃদ্ধিৰ বাবে (যেনে মধুমেহ বা ডায়েবেটিছ ৰোগ আৰু বয়সজনিত কাৰণত) এই ৰোগ হ’ব পাৰে।

এই ৰোগৰ আৰু কিছুমান লক্ষণ হ’ল

চকু ৰঙা পৰা, খচখচোৱা আৰু পানী ওলোৱা (সাধাৰণতে চকুত জোৰ পৰা কাম কৰিলে)। দূৰৈত দেখাৰ সমস্যাৰ বাবে ৰোগী নিজৰ ওচৰ-পাজৰৰ পৰিৱেশৰ লগতে ব্যস্ত থাকে। ইয়াৰ বাবে ৰোগী অন্তৰ্মুখী স্বভাৱৰ হ’ব পাৰে আৰু শিশুৰ স্বাভাৱিক মানসিক বিকাশতো বাধা আহিব পাৰে। চকু কেঁৰাও হ’ব পাৰে।

ওপৰত কোৱাই হৈছে যে এই ৰোগ কেতিয়াবা পলমকৈ ধৰা পৰে। এই ক্ষেত্ৰত বিশেষকৈ দুই চকুৰ পাৱাৰৰ বেছি তাৰতম্য থাকিলে শিশুৰ এমব্লয়পিয়া নামৰ জটিল পৰিস্থিতিৰ সৃষ্টি হয়, এনে হ’লে প্ৰয়োজনীয় পাৱাৰযুক্ত চশমা দিলেও পিছত তেওঁলোকে ভালকৈ নেদেখে। এই জটিল পৰিস্থিতি হ’লে যিমান সোনকালে চিকিৎসা হয় সিমানেই ভাল। ৬৮ বছৰ বয়সৰ পিছত এমব্লয়পিয়াৰ চিকিৎসা কৰিলেও বেছি ভাল ফল বা আশানুৰূপ ফল পোৱা নাযায়। সেয়ে ৫-৬ বছৰ বয়সত প্ৰত্যেকজন শিশুৰে বিশেষজ্ঞৰ দ্বাৰা চকু পৰীক্ষা কৰোৱা উচিত। প্ৰথমে ২০-২৫ বছৰত এই ৰোগ লাহে লাহে বঢ়া সাধাৰণতে দেখা যায়।

এই ৰোগৰ বংশগতিতাত্বিক প্ৰভাৱো দেখা যায়। সেয়ে বিয়া-বাৰুৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব থাকিব পাৰে। এই ৰোগৰ বাবে অক্ষিপটৰ জটিল ৰোগৰো সৃষ্টি হ’ব পাৰে। সেয়ে এই ৰোগ জ্ঞাত হ’লে চশমা ব্যৱহাৰ (অনবৰত) কৰাৰ উপৰিও প্ৰতিবছৰে চকু পৰীক্ষা কৰাব লাগে। ঋণাত্মক পাৱাৰযুক্ত চশমাৰ প্ৰয়োজন হোৱা এইসকল ৰোগীয়ে সুষম আৰু সমতাযুক্ত আহাৰ (মাছ, মাংস, কণী, গাখীৰ, পকা ৰঙচুৱা ফল-মূল, গাজৰ, সেউজীয়া শাক), পৰ্যাপ্ত পোহৰ আৰু সতেজ বায়ুৰ ওপৰতো গুৰুত্ব দিব লাগে। চশমাৰ উপৰি সংস্পৰ্শ পৰিকলা বিভিন্ন লেজাৰ অস্ত্ৰোপচাৰ আদিৰ দ্বাৰাও এই ৰোগৰ চিকিৎসা কৰিব পাৰি।

দূৰ বা দীৰ্ঘদৃষ্টি

এই ৰোগত দূৰতকৈ ওচৰৰ দৃষ্টিৰ অসুবিধা বেছি হয়। এই ৰোগত এক’ম’ডেশ্বনৰ প্ৰভাৱৰহিত অৱস্থাত চকুৰ ভিতৰলৈ প্ৰায় সমান্তৰালভাৱে সোমাই অহা পোহৰ ৰশ্মিবোৰ অক্ষিপটতকৈ পিছফালৰ এটা বিন্দুতহে মিলিত হৈ দৃষ্টিদানৰ প্ৰয়াস কৰে। ফলত ৰোগীয়ে দূৰৈত ভালকৈ নেদেখে বা চাওঁতে অসুবিধা হয় আৰু ওচৰৰ দৃষ্টিৰ ক্ষেত্ৰত তাতোকৈও অধিক সমস্যা হয়। চকুৰ আকাৰ স্বাভাৱিকতকৈ কিছু সৰু হোৱা (প্ৰধান কাৰণ) স্বচ্ছ মণ্ডল আৰু পৰকলাৰ বক্ৰতা কম হোৱা, চকুৰ মাধ্যমৰ বিশেষকৈ পৰকলাৰ প্ৰতিসৰণাংকৰ পৰিৱৰ্তন আদিৰ বাবে এই ৰোগ হয়। ইয়াৰ উপৰি ছানি অস্ত্ৰোপচাৰত তাৰ স্থানত পাৱাৰযুক্ত কৃত্ৰিম পৰকলা স্থাপন নকৰিলে বা বিশেষ পৰিস্থিতিত কৰিব নোৱাৰিলেও এইবিধ প্ৰতিসৰণ দোষৰ সৃষ্টি হ’ব পাৰে।

দৃষ্টি অসুবিধাৰ উপৰিও চকু আৰু মূৰৰ বিষ (সাধাৰণতে আগফালে), চকু ৰঙা হোৱা, পানী ওলোৱা, চকু খচখচোৱা আৰু চকুযুৰি ভাগৰুৱা যেন লগা আদি বিশেষকৈ চকুত জোৰ পৰা কাম কৰিলে হ’ব পাৰে। চকু কেঁৰা হোৱা আৰু এমব্লায়পিয়া আদিও হ’ব পাৰে। মধ্য বয়সীয়াৰ এনে দোষযুক্ত চকুত কেতিয়াবা চকুৰ ভিতৰৰ চাপ সাধাৰণতে কম পোহৰৰ পৰিৱেশত থকা অৱস্থাত হঠাতে বৃদ্ধি হৈ সংকীৰ্ণ বা বন্ধ কোণ ধূসৰ মন্থ ৰোগে দেখা দিব পাৰে (জৰুৰী চিকিৎসাৰ প্ৰয়োজন)। সাধাৰণতে শিশুৰ এই দোষ থাকিলে বয়স বঢ়াৰ লগে লগে কিছু উন্নতি পৰিলক্ষিত হ’ব পাৰে। চশমা, সংস্পৰ্শ পৰকলা আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। চিকিত্সকৰ পৰামৰ্শ অনুযায়ী নিয়মিত চকু পৰীক্ষা কৰাব লাগে। ধূসৰ মন্থ ৰোগ হ’লে ঔষধ বা নানা অস্ত্ৰোপচাৰৰো প্ৰয়োজন হ’ব পাৰে।

বিষম দৃষ্টি

এই ৰোগত পোহৰ ৰশ্মিসমূহ সুষমভাৱে প্ৰতিসৰিত নহৈ অক্ষিপটৰ আগফালে বা পিছফালে বা আংশিকভাৱে কেতিয়াবা অক্ষিপটতো বিষমভাৱে আপতিত হয়। পোহৰ ৰশ্মিসমূহ যি অংশতে আপতিত নহওক লাগিলে একেলগে এক বিন্দুত মিলিত নহয় অৰ্থাত্ বিন্দু ফকাচলৈ নাহে। বৰং ৰৈখিক ফকাচলৈ আহে। ফলত ৰোগীৰ ওচৰ বা দূৰ উভয়ক্ষেত্ৰতে দৃষ্টিৰ সমস্যা হয়। তদুপৰি চকু আৰু মূৰৰ বিষ, চকু ৰঙা হোৱা, খচখচোৱা, পানী ওলোৱা আৰু চকুযুৰি ভাগৰুৱা লগা আদিও হ’ব পাৰে। স্বচ্ছ মণ্ডল আৰু পৰকলাৰ বক্ৰতা আৰু প্ৰতিসৰণাংকৰ অসুষমতা, স্বচ্ছ মণ্ডল আৰু ইয়াৰ কাষৰ টেমুনা আৰু ছানি, টেৰিজিয়াম, ধূষৰ মন্থ আৰু কেৰাট’প্লাষ্টি বা কৰ্মিয়া সংস্থাপনকে ধৰি স্বচ্ছ মণ্ডলৰ বিভিন্ন অস্ত্ৰোপচাৰ আদিৰ পিছত আৰু চকুত হেঁচা দিব পৰা চকুৰ ওচৰে-পাজৰে হোৱা টেমুনা আদিৰ পিছতো এনে দোষ হ’ব পাৰে। উপযুক্ত পাৱাৰৰ চশমা বা সংস্পৰ্শ পৰকলাৰ উপৰিও অস্ত্ৰোপচাৰ আদিৰ দ্বাৰাও উপশম পাব পাৰি। চকু বিশেষজ্ঞৰ উপদেশ অনুযায়ী নিয়মিত চকু দেখুৱাব লাগে।

প্ৰেছ বায়’পিয়া

৪০ বছৰমান বয়সৰ পৰা চকুৰ ওচৰত লৈ পঢ়া-লিখা আদি সূক্ষ্ম কামবোৰ কৰাত অসুবিধা হ’বলৈ ধৰে। ৰোগীয়ে তেতিয়া সচৰাচৰ কৰাতকৈ অলপ বেছি দূৰত লৈ এই কামবোৰ কৰি এই অসুবিধাৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰে, কিন্তু অসুবিধাই সহজে লগ নেৰে আৰু সময়ৰ লগে লগে ই বাঢ়েহে। জোৰকৈ ওচৰত কাম কৰাৰ ফলত চকু আৰু মূৰ বিষায়, চকুপানী ওলায় আৰু চকুহাল সহজেই ভাগৰি পৰে। বয়সজনিত কাৰণত চকুৰ ভিতৰত থকা পৰকলাখনৰ স্থিতিস্থাপকতা গুণটো ক্ৰমাগতভাৱে কমি আহে বাবেই এই অৱস্থাৰ সৃষ্টি হয়। ইয়াক প্ৰেছ বায়’পিয়া বোলে। ব্যক্তিভেদে ই ৪০ বছৰতকৈ কিছু আগতেই বা কিছু পিছলৈ আত্মপ্ৰকাশ কৰে। দূৰদৃষ্টিৰ দোষত ভোগাসকল আৰু দীগলীয়া ভগ্ন স্বাস্থ্যত ভোগা লোকৰ ক্ষেত্ৰত ইয়াৰ লক্ষণ কিছু আগতে আৰু নিকটদৃষ্টিৰ ক্ষেত্ৰত কিছু পলমকৈ সাধাৰণতে প্ৰকাশ পায়। কেৱল চকু চিকিত্সকৰ উপদেশ মতে উপযুক্ত পাৱাৰৰ চশমা ব্যৱহাৰ কৰিলে অসুবিধা আঁতৰে। ডেৰ-আঢ়ৈ বছৰমানৰ মূৰে মূৰে সাধাৰণতে চশমাৰ পাৱাৰ সলনি কৰাৰ প্ৰয়োজন হয় (প্ৰায় ৫৫-৬০ বছৰমান বয়সলৈকে)। নিজে নিজেই যিকোনো অজ্ঞাত পাৱাৰৰ চশমা পিন্ধা আৰু অন্য ব্যক্তিৰ অজ্ঞাত পাৱাৰৰ চশমা ব্যৱহাৰ কৰাৰ ফলত চকুৰ ক্ষতি হ’ব পাৰে।

চশমা দিয়াৰ সময়ত ব্যক্তিৰ বয়স, সাধাৰণ স্বাস্থ্য, ওচৰত প্ৰধানকৈ কৰিবলগীয়া চকুৰ কাম, পেচা, কামৰ ধৰণ, ওচৰত কৰিবলগীয়া কামৰ সময়দৈৰ্ঘ্য, কৰ্মস্থানত পোহৰৰ পৰিৱেশ ইত্যাদি কথাবোৰো বিবেচনা কৰা উচিত।

প্ৰতিসৰণ দোষজনিত দৃষ্টি সমস্যাৰ লেজাৰ চিকিৎসা

এইবোৰৰ প্ৰধান চিকিৎসা পদ্ধতিসমূহ হ’ল-

(১) একজাইমাৰ লেজাৰৰ দ্বাৰা চিকিৎসা বা ফট’ৰিফ্ৰেক্টিভ কেৰাটেকটমি।

(২)ফট’ৰিফ্ৰেক্টিভ এষ্টিগমেটিক কেৰাটেকটমি বা টৰিপ পি আৰ কে বা টৰিক লেছিক।

(৩) লেজাৰ এছিষ্টে’ড-ইন-চিটু কেৰাট’মিলিউছিছ আৰু

(৪) হলিমিয়ামঃ য়াগ লেজাৰ ফৰ হাইপাৰঅ’পিয়া।

এইবোৰৰ সহায়ত চশমা অথবা সংস্পৰ্শ পৰকলাৰ ব্যৱহাৰ নকৰাকৈয়েই ৰোগীয়ে স্বাভাৱিকভাৱে দেখা পাবলৈ সক্ষম হয়। অৱশ্যে ওপৰত উল্লেখ কৰা প্ৰেছ বায়’পিয়াৰ বাবে মধ্য বয়সত দিয়া চশমা ৰোগীয়ে ব্যৱহাৰ কৰিবলগীয়া হয়।

মানুহৰ চকুত প্ৰথম পি আৰ কে ১৯৮৭ চনত মায়’পিয়া বা নিকটদৃষ্টি ৰোগৰ বাবে কৰা হয়। ১৯৯০ চনত আয়’নিছ পাল্লিকাৰিছে গ্ৰীচত প্ৰথমে লেছিক কৰি এক নতুন যুগৰ সূচনা কৰে। উপলব্ধ তথ্যমতে ভাৰতত ১৯৯৩-৯৪ আৰু উত্তৰ পূৱ ভাৰতত ২০০৩-ৰ পৰা লেছিক আৰম্ভ হয়।

ৰোগীয়ে চশমা আৰু সংস্পৰ্শ পৰকলা ব্যৱহাৰ কৰিব নুখুজিলে, নাইবা দ্বিতীয়বিধৰ ক্ষেত্ৰত সমস্যাই দেখা দিলে, খেলা-ধূলা কৰাসকল বা অন্য পেচাগত কাৰণত সামাজিক কাৰণত আৰু সৌন্দৰ্যবৰ্দ্ধনত অস্ত্ৰোপচাৰ হিচাপেও লেছিক কৰা হয়। হৃদযন্ত্ৰত পেচমেকাৰ লগোৱা লোক আৰু অন্তঃসত্বা অৱস্থাত এই চিকিৎসা কৰিলে ইয়াৰ বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰভাৱ পৰিব পাৰে। ডায়েবেটিছ, ৰিউমেটয়ড আৰ্থাইটিছ, এইডছ আদি ৰোগীৰ ক্ষেত্ৰতো সাৱধানতাৰ প্ৰয়োজন। চকুৰ বীজাণু সংক্ৰমণ, কেৰাট’ক’নাছ, শুষ্কনেত্ৰ, পাতল স্বচ্ছ মণ্ডল, ধূসৰ মন্থ, আইৰিড’চাইক্লাইটিথ, অক্ষিপটৰ প্ৰদাহ, দৃষ্টিস্নায়ুৰ ৰোগ আৰু ই শুকাই যোৱা আদিৰ ক্ষেত্ৰত লেছিক কৰা নহয়। দেহৰ যিকোনো অস্ত্ৰোপচাৰৰ দৰেই লেছিকৰ ক্ষেত্ৰতো বিৰল হ’লেও কেতিয়াবা কিছু জটিলতাই দেখা দিব পাৰে। লেছিক কৰাৰ আগতেই ৰোগীয়ে নিজৰ চিকিত্সকৰ পৰা এই সকলোবোৰ জানি লোৱা উচিত।

লেছিকৰ বাবে হাস্পতালত ভৰ্তি হ’ব নালাগে, বেজী দিব নালাগে, বিষ আৰু ৰক্তক্ষৰণ নহয় আৰু ১০-১২ মিনিটতেই গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। পাৱাৰৰ গোটেইখিনি দোষ আঁতৰোৱা সম্ভৱ নহ’ব পাৰে, যিটো চিকিত্সকে ৰোগীক আগতীয়াকৈ জনাব পাৰে। ১-২ দিনৰ ভিতৰতে ৰোগীয়ে সহজ-সুষণ দৃষ্টি ঘূৰাই পায়। খৰচী অস্ত্ৰোপচাৰ।

দৃষ্টি শক্তি

এই ক্ষমতাৰ বাবে চকুৱে ওচৰা-ওচৰিকৈ থকা দুটা বিন্দুৰ পাৰ্থক্য বুজিবলৈ সক্ষম হয়। ই হ’ল অক্ষিপটৰ কেন্দ্ৰীয় অঞ্চলত  থকা ‘ক’ন’ নামৰ গ্ৰহকেন্দ্ৰিয়ৰ দ্বাৰা পোহৰৰ পৰিৱেশত সম্পাদিত কাৰ্য, যি আমাক বিভিন্ন ৰঙৰ অনুভূতিও প্ৰদান কৰে। দৃষ্টিশক্তিৰ সূক্ষ্মতা পোহৰৰ প্ৰাৱল্যৰ উপৰিও নিৰ্ভৰ কৰে পোহৰ ৰশ্মিৰ গতি পথ বা মাধ্যমৰ স্বচ্ছতা, প্ৰতিসৰণ, জন্মগত দোষ, ব্যক্তিৰ মানসিকতা সমতা আৰু দৃষ্টিস্নায়ু তথা মগজুৰ চকুৰ লগত সম্পৰ্কিত অঞ্চলৰ সুস্ততাৰ ওপৰত।

দৃষ্টিৰ তীক্ষ্ণতা পৰীক্ষা কৰিবৰ বাবে বিভিন্ন আকৃতিৰ সুষমভাৱে লিখা আখৰ (বিভিন্ন ভাষাৰ) আৰু নিৰক্ষৰ লোকৰ বাবে বিভিন্ন সাংকেতিক চিন, পৰিচিত জন্তু আদিৰ ছবি (বিভিন্ন আকৃতিৰ) আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা  স্নেলেন্চ নামৰ পৰ্যাপ্ত পৰিমাণে আলোকিত এখনি ফলক ব্যক্তিজনৰ পৰা ২০ ফুট বা ৬ মিটাৰ দূৰত্বত ৰখা হয়। ৭ বা ৮ টা শাৰীত বিভিন্ন আকৃতিৰ (প্ৰতি শাৰীত একে আকৃতিৰ) এই আখৰ, চিন বা ছবিবোৰ সজোৱা হয়। এটা চকুৰ দৃষ্টি শক্তি পৰীক্ষা কৰোঁতে আনটো বন্ধ ৰখা হয়। ওপৰৰ পৰা তললৈ, ডাঙৰৰ পৰা সৰু আকৃতিলৈ প্ৰতি শাৰীৰ তলত একোটা সংখ্যা লিখা থাকে, যেনে- ৬০, ৩৬, ২৪, ১৮, ৯, ৬ আৰু ৮ম শাৰী থাকিলে তাৰ তলত ৫ লিখা হয়। কেতিয়াবা কিছুমান চাৰ্টত এইবোৰ সৰুৰ পৰা ডাঙৰলৈকে সজোৱা থাকে। যদি ব্যক্তিজনে প্ৰথম ডাঙৰ শাৰী পঢ়িয়েই ৰৈ যায় তেওঁৰ দৃষ্টিশক্তি হ’ব ৬/৬০, তৃতীয় শাৰীত ৰলে হ’ব ২৪, সেইদৰে সপ্তম শাৰীলৈ পঢ়িব বা ক’ব পাৰিলে দৃষ্টিশক্তি হ’ব ৬/৬ আৰু ইয়েই স্বাভাৱিক দৃষ্টিশক্তি। একেবাৰে ডাঙৰ শাৰীটো নোৱাৰিলে এবাৰত এক মিটাৰকৈ ব্যক্তিজনক ফলকখনৰ পৰা ৫, ৪, ৩, ২, ১ মিটাৰলৈ ক্ৰমে আগুৱাই নিয়া হয় যেতিয়ালৈ তেওঁ আটাইতকৈ ডাঙৰ শাৰীটোৰ বিষয়ে শুদ্ধকৈ ক’ব নোৱাৰে। এইমতে তেওঁৰ দৃষ্টিশক্তি ৫/৬০, ৪/৬০, ৩/৬০, ২/৬০, ১/৬০ আদি হ’ব পাৰে। ১ মিটাৰৰ পৰাও ডাঙৰ শাৰীটোৰ বিষয়ে শুদ্ধকৈ ক’ব নোৱাৰিলে ৰোগীক বিভিন্ন দূৰত্বৰ পৰা চিকিত্সকে মেলি ধৰা আঙুলি গন্তি কৰিবলৈ দিয়া হয়। সেয়াও সম্ভৱ নহ’লে চকুৰ সন্মুখত লৰচৰ কৰোৱা হাতখনৰ লৰচৰ কৰাটো ৰোগীয়ে বুজিব পাৰে নে নাই চোৱা হয়। সিও অসম্ভৱ হ’লে তেওঁ অন্ততঃ পোহৰৰ উপস্থিতিৰ (চকুৰ সন্মুখত) বিষয়ে বুজিব পাৰে নে নোৱাৰে পৰীক্ষা কৰা হয়। এই তিনি পৰ্যায়ৰ পৰীক্ষাক ফিংগাৰ কাউণ্টিং (এফ.চি.) দূৰত্বসহ উল্লেখ কৰা হয়, যেনে- এফ.চি. ২ মিটাৰ, হেণ্ড মুভমেণ্ট (এইচ.এম.), পাৰচেনশ্বন অৱ লাইট (পি.এল.) হিচাপে প্ৰকাশ কৰা হয়। পি.এল. নাথাকিলে (পি.এল. নিগেটিভ) চকুটো সম্পূৰ্ণ অন্ধ হ’ল বুলি বুজা যায় আৰু এইক্ষেত্ৰত সাধাৰণতে কোনোধৰণৰ চিকিৎসাৰ দ্বাৰাই দৃষ্টিশক্তি ঘূৰাই আনিব পৰাৰ সম্ভাৱনা নাথাকে।

দৃষ্টি বিস্তাৰ ক্ষেত্ৰ

পোনে পোনে চাওঁতে সমুখৰ যিটো অংশত এটা নিৰ্দিষ্ট চকুৰ দ্বাৰা দৃষ্টি অনুভূত হয় সেই অঞ্চলটোকে সেই চকুটোৰ বাবে দৃষ্টি বিস্তাৰ ক্ষেত্ৰ বোলে। সাধাৰণভাৱে দুয়োটা চকুৰ দুয়োখন দৃষ্টি বিস্তাৰ ক্ষেত্ৰই আকৃতিত পথালিকৈ ৰখা একোটা কণীৰ আকৃতিৰ। ইয়াক ‘অন্ধকাৰ সাগৰত দৃষ্টিৰ এটি দীপ’ বুলিও বৰ্ণোৱা হয়। এই ক্ষেত্ৰখনৰ বিস্তাৰো বিভিন্ন দিশ লৈ বিভিন্ন, ইয়াৰ কাৰণ নাক, গাল আৰু চেলাউৰীৰ বাবে অহা বাধা, বাধাহীন বাবে বাহিৰ কাষলৈ ইয়াৰ বিস্তাৰো বেছি (কেন্দ্ৰ বিন্দুৰ পৰা ৯০-১০০)। চেলাউৰী, নাক আৰু গালৰ ফাললৈ ইয়াৰ বিস্তাৰ ক্ৰমে ৬০, ৭০ আৰু ৯০ ডিগ্ৰী মান। দুয়োটা চকুৰ দুয়োটা দৃষ্টি বিস্তাৰ ক্ষেত্ৰ নাকৰ ফাললৈ ওপৰা-ওপৰিকৈ পৰে, এই অঞ্চলটোত দৃষ্টি বেছি প্ৰশস্ত আৰু গভীৰতাযুক্ত।

পেৰিমেট্ৰি নাকৰ এক কাৰিকৰী ব্যৱস্থাৰে দৃষ্টি বিস্তাৰ ক্ষেত্ৰৰ বিস্তাৰ আৰু গুণাগুণ পৰীক্ষা কৰা হয়। তাত্ক্ষণিকভাৱে আৰু নিতান্তই সাধাৰণভাৱে পৰীক্ষক আৰু ৰোগীৰ মুখামুখি এক পদ্ধতিৰেও ইয়াক পৰীক্ষা কৰা হয়। ইয়াত পৰীক্ষকৰ দৃষ্টি বিস্তাৰ ক্ষেত্ৰ দুয়োখন স্বাভাৱিক হ’ব লাগিব, যাৰ ফলত ৰোগীৰ দৃষ্টি বিস্তাৰ ক্ষেত্ৰৰ তুলনা কৰা হয়। ইয়াৰ দ্বাৰা গুণগত বিশ্লেষণ সম্ভৱ নহয়।

দৃষ্টি বিস্তাৰ ক্ষেত্ৰৰ পৰীক্ষা ধূসৰ মন্থৰোগৰ নিৰূপণ আৰু মূল্যায়ন আৰু লগতে ইয়াৰ মাত্ৰা গতি আৰু প্ৰকৃতি নিৰ্ধাৰণৰ বাবে অতি আৱশ্যকীয়। তদুপৰি অক্ষিপটৰ বিভিন্ন ৰোগ, দৃষ্টি স্নায়ুৰ ৰোগ আৰু লগতে মগজুৰ ভিতৰত হোৱা টেমুনা আৰু নানাবিধ ৰোগৰ স্থান আৰু স্বৰূপ নিৰ্ণয়তো এই পৰীক্ষাৰ প্ৰয়োজন আছে।

বৰ্ণদৃষ্টি-বৰণৰ অনুভূতি চকুৰ বাবে পোহৰৰ পৰিৱেশতহে সম্ভৱ। অক্ষিপটৰ কেন্দ্ৰীয় অঞ্চলত থুপ খাই ক’ন নামৰ গ্ৰাহকেন্দ্ৰীয় বিলাকৰ কাৰ্যৰ বাবেই ই সম্ভৱ হয়। অক্ষিপটত নানান দৈৰ্ঘ্যৰ বিদ্যুত্ চুম্বকীয় তৰংগবোৰৰ শোষণৰ বাবেই আমাৰ ৰঙৰ অনুভূতিৰ সৃষ্টি হোৱাটো সম্ভৱ হয়। ১৮০২ চনত টমাছ ইয়ঙৰ বৰ্ণদৃষ্টি সম্পৰ্কীয় বৈজ্ঞানিক ব্যাখ্যাৰ পিছত হেমহলটজ আদি বিজ্ঞানীসকলৰ গৱেষণাত বৰ্ণদৃষ্টিৰ ধাৰণাৰ ভেটি। যাৰ ৰঙৰ উপলব্ধি নাথাকে(আংশিক বা সম্পূৰ্ণভাৱে) তেওঁলোকক বৰ্ণান্ধ (কালাৰ ব্লাইণ্ড) বোলে। সাধাৰণতেই ই বংশগতিতাত্বিক প্ৰভাৱ থাকিব পৰা এক জন্মগত দোষ যাৰ সাধাৰণতে কোনো চিকিৎসা নাথাকে। অৱশ্যে অক্ষিপটৰ কেন্দ্ৰৰ মেকুলা অংশ আৰু কেতিয়াবা দৃষ্টি স্নায়ুৰ কিছুমান ৰোগতো এই বিসংগতি জন্মৰ পিছতো দেখা যাব পাৰে। মহিলাতকৈ পুৰুষ এই দোষত বেছিকৈ আক্ৰান্ত হয়।

বৰ্ণান্ধতাই ব্যক্তিগত আৰু মানসিক, শৈক্ষিক, পেচা, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। সাধাৰণতে ই এক জন্মগত দোষ আৰু চিকিৎসাও নাই। সেয়ে এই ৰোগ ধৰা পৰাৰ পিছত অবাস্তৱ কথা চিন্তা নকৰি আৰু হতাশাগ্ৰস্ত নহৈ অভিভাৱকসকলে এই দোষে বিশেষ প্ৰভাৱ পেলাব নোৱাৰা ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত গুৰুত্ব দি সেইমতে শিশুটিৰ ভৱিষ্যত্ জীৱনটো গঢ় দিবলৈ চেষ্টা কৰিব লাগে।

বৰ্ণদৃষ্টি আৰু বৰ্ণান্ধৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ নানা পৰীক্ষাৰ বিধান আছে। ইয়াৰ ভিতৰত ইশ্বিহাৰাৰ আইছ’ক্ৰ’মেটিক চাৰ্টৰ দ্বাৰা কৰা পৰীক্ষা অতি জনপ্ৰিয়।

ত্ৰিমাত্ৰিক বীক্ষণ- দৃষ্টিৰ গভীৰতা জ্ঞাপক তৃতীয় মাত্ৰাৰ (থ্ৰিডি) বোধজ্ঞাপক দৃষ্টিকে ত্ৰিমাত্ৰিক বীক্ষণ বোলে। ই সম্ভৱ হয় একেটা বস্তুৰ পৰাই দুইটা চকুৱে সংগ্ৰহ কৰা একেধৰণৰ কিন্তু সামান্য বৈসাদৃশ্য থকা ছবিক মগজুত গোট খুৱাই এটা কৰাৰ (নহ’লে আমি একেটা বস্তুকে চাওঁতে দুটা দুটা দেখিলোঁহেঁতেন) প্ৰক্ৰিয়াটোৰ বাবে। এই প্ৰক্ৰিয়াৰ বাবে আমাৰ যি দৃষ্টি লাভ হয় তাক ‘দুটা চকুৰ এক দৃষ্টি’ বোলা হয়। এনে দৃষ্টিৰ কেইটামান সুবিধা আছে-

(১) দৃষ্টি বিস্তাৰ ক্ষেত্ৰ এটা চকুতকৈ বেছি বিশাল হয়।

(২) দুই চকুৰ দৃষ্টি বিস্তাৰ ক্ষেত্ৰৰ মাজৰ ফাললৈ ওপৰা-ওপৰিকৈ প্ৰক্ষেপিত হৈ সৃষ্টি হোৱা উমৈহতীয়া অঞ্চলটোৰ বাবে দৃষ্টিৰ গ্ৰাহকেন্দ্ৰীয় নথকা দৃষ্টিস্নায়ুৰ চকুৰ পৰা বহিগৰ্মৰ স্থানৰ বাবে (অৰ্থাত্ নেত্ৰ চক্ৰৰ স্থানত) সৃষ্টি হোৱা দৃষ্টিহীন অঞ্চলৰ উপস্থিতি অনুভূত নোহোৱাত সহায় হয়।

(৩) এটাতকৈ দুটা চকুৰ সন্মিলিত দৃষ্টি তীক্ষ্ণতা অধিক হয়।

(৪) দূৰত্ব আৰু গভীৰতাৰ অনুভূতি নিৰ্ভুল হয়।

দৃষ্টি বিভ্ৰম- দৃষ্টি বিভ্ৰমত ৰোগীয়ে বিভিন্ন আকাৰ আকৃতি থকা অথবা নথকা বস্তু প্ৰাণী আদি দেখা পায়। কিন্তু এইবোৰৰ আচলতে বাস্তৱ অস্তিত্ব নাথাকে আৰু সেয়ে স্বাভাৱিক মানুহে এইবোৰ দেখাও নাপায়। মাইগ্ৰেইন, ৰক্তনলিকাৰ ৰোগ আৰু মস্তিষ্কৰ অক্সিপিটেল অংশৰ ৰোগত ৰোগীয়ে পোহৰ বিন্দু বা ৰেখা, বিজুলী চমকনিৰ দৰে আৰু অন্য অবাস্তৱ আকৃতি দেখিব পাৰে। আনহাতে, বাস্তৱ আকৃতিযুক্ত দৃষ্টি বিভ্ৰম (যেনে- জন্তু, মানুহ, বিভিন্ন চিনাকি বস্তু আদি) মস্তিষ্কৰ ‘টেম্পৰে’ল ল’ব’ অংশৰ ৰোগত (যেনে- টেমুনা বা টিউমাৰ) দেখা যাব পাৰে। মৃগীৰোগ, বিভিন্ন শাৰীৰিক লৱণৰ মাত্ৰাৰ বিচ্যুতি, অতিমাত্ৰা জ্বৰ, পাৰ্কিনছনিজিম ৰোগ, যকৃত আৰু বৃক্কৰ ৰোগ, ডায়েজিপাম, এলপ্ৰাজ’লাম, এল, এছ, ডি, এইচ-২ ব্লকাৰ, উচ্চ ৰক্তচাপৰ কিছুমান ঔষধ, কৰ্টিক’ষ্টেৰয়ড, প্ৰদাহৰ চিকিৎসাৰ বাবে দিয়া ঔষধ আদি আৰু কেতিয়াবা কিছুমান মানসিক ৰোগৰ ক্ষেত্ৰতো দৃষ্টি বিভ্ৰম কেতিয়াবা হ’ব পাৰে। দৃষ্টি বিভ্ৰমৰ কাৰণ অনুযায়ী চিকিৎসা কৰা হয়।

ভিজুৱেল এগনছিয়া

বৰণ আৰু দৃষ্টি সূক্ষ্মতাৰ অনুভূতিৰ স্নায়ুপথ ভিন্ন। প্ৰজিট্ৰন এমিছন ট’ম’গ্ৰাফিৰ সহায়ত দেখা গৈছে যে মানুহ এজনে বৰণৰ সন্ধান কৰোতে মস্তিষ্কৰ ‘লিংগুৱেল’ আৰু ‘পিউজিফৰ্ম’ গাইৰাছ উত্তেজিত হয়। বৰণৰ অনুভূতিৰ লগত জড়িত নানা ৰোগৰ ভিতৰত এবিধ হ’ল ভিজুৱেল এগল’ছিয়া। এইক্ষেত্ৰত ৰোগীয়ে দেখা বৰণটোৰ নাম ক’ব নোৱাৰে, অথচ পৰীক্ষাৰ দ্বাৰা দেখা যায় বৰণৰ বিভিন্নতাক বুজাৰ সামৰ্থ এইসকল লোকৰ অটুট থাকে।

লেখক: ডাঃ সৌৰভ কুমাৰ ভূঞা, আঞ্চলিক নেত্ৰ প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।

2.98039215686
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top