অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুৰ স্বাভাৱিক সুৰক্ষা ব্যৱস্থা :

চকুৰ স্বাভাৱিক সুৰক্ষা ব্যৱস্থা :

 

অতি প্ৰয়োজনীয় কিন্তু অতি আলসুৱা অংগ চকুহালক সুৰক্ষিত অৱস্থাত ৰাখিবৰ বাবে সৃষ্টিকৰ্তাই কিছুমান স্বাভাৱিক ব্যৱস্থা কৰি ৰাখিছে, যাৰ বিষয়ে কিছু জনাৰ প্ৰয়োজন আছে-

১)কেৱল সন্মুখৰ ফালেহে খোলা হাড়ৰ অক্ষিকোটৰত চকুৰ অৱস্থান বাবে ই সহজে আঘাতপ্ৰাপ্ত নহয়। কাণৰ ফাললৈ কিছু দুৰ্বল হ’লেও উঠঙা নাকটোৰ বাবে সেইফাললৈ এই সুৰক্ষা বেছি সবল।

২)অক্ষিকোটৰত চকুৰ সন্মুখভাগ বাদ দি চাৰিওকাষে থকা চৰ্বিৰ তৰপে কুছনৰ দৰে চকুক সুৰক্ষিত অৱস্থাত ৰাখে।

৩)চকুই প্ৰবল আৰু প্ৰত্যক্ষ আঘাত পালে অক্ষিকোটৰৰ হাড়ৰ বেৰবোৰৰ কিছুমান দুৰ্বল অংশ ভাঙি বা ফাটি গৈ আঘাতৰ প্ৰাবল্য যথেষ্ট কমাই দি চকুক সুৰক্ষা দিয়ে।

৪)চকুৰ যথেষ্ট টান আৰু ডাঠ বহিঃতৰপটোৱেও চকুৰ ভিতৰৰ অধিক আলসুৱা অংশবোৰক সুৰক্ষা প্ৰদান কৰে।

৫)চকুৰ পতাৰ লগতে দাঁতিৰ নোমবোৰে চকুৰ ফাললৈ উৰি অহা ধূলি-বালি, পোক-পতংগ আৰু অন্য পদাৰ্থৰ ক্ষেত্ৰত সংবেদকৰ ভূমিকা পালন কৰে, যাৰ ফলত বিপদৰ গোন্ধ পালে চকুৰ পতা দুটা আপোনা-আপুনি বন্ধ হৈ যায়।

৬)চকুৰ দৃষ্টি নিজেই এক সুৰক্ষা কৱচ, কাৰণ ইয়াৰ দ্বাৰা বিপদক আমি দূৰতে চিনাক্ত কৰিব পাৰোঁ, কাষৰ ফালৰ পৰা আহিব পৰা বিপদৰ ক্ষেত্ৰত কাণ দুখনেও চকুক আগতীয়াকৈ সকীয়াই দি সহায় কৰে।

৭)চোকা পোহৰত পিউপিল সংকুচিত হৈ চকুৰ ভিতৰলৈ সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি আৰু কম পোহৰত ই প্ৰসাৰিত হৈ চকুলৈ বেছি পোহৰ সোমোৱাত সহায় কৰি উভয় পৰিস্থিতিতে সম্ভাব্য আঘাতৰ পৰা চকুক ৰক্ষা কৰে। ভিটামিন এৰ সহায়ত কম পোহৰত খাপ খাব পৰা ক্ষমতা থকা ৰেটিনায়ো এইক্ষেত্ৰত সহায় কৰে।

৮)শৰীৰৰ শীতলতম অংগ কৰ্নিয়াই সৌৰ ৰশ্মিৰ লগত অহা যথেষ্ট পৰিমাণৰ ইনফ্ৰাৰেড ৰশ্মি শোষণ কৰি এইবোৰৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা চকুৰ ভিতৰত লেন্স, ৰেটিনা আদি অংশবোৰক ৰক্ষা কৰে।

৯)সেইদৰে লেন্সেও যথেষ্ট আল্ট্ৰা ভায়োলেট ৰশ্মি শোষণ কৰি চকুক সুৰক্ষা দিয়ে।

১০)চকুৰ সন্মুখভাগ শুকান অৱস্থাত থাকিলে কৰ্নিয়াখন ঘোলা পৰি দৃষ্টিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰাৰ উপৰি কৰ্নিয়াকে ধৰি চকুৰ সন্মুখভাগৰ বীজাণু সংক্ৰমণ আদি হৈ স্থায়ী অন্ধতাৰো সৃষ্টি হ’ব পাৰে। কিন্তু চকুৰ সন্মুখত অনবৰতে থকা চকুপানীৰ তৰপটোৱে সুৰক্ষা দিয়ে। চকুপানীৰ এই তৰপটোৱে ঘৰ্ষণজনিত আঘাতৰ পৰাও চকুক বচাই ৰাখে।

১১)চকুত ধূলি-বালি, পোক-পতংগ আদি পৰিলে অধিক চকুপানীৰ নিঃসৰণ হৈ সেইবোৰ চকুৰ পৰা ধুই উলিয়াই নিয়াত সহায় কৰে। সেইদৰে ৰাসায়নিক দ্ৰব্যৰে ক্ষেত্ৰত ধুই নিয়াৰ উপৰি অতিৰিক্ত চকুপানীয়ে এনে দ্ৰব্যৰ চোক পাতলাই কমাই দি তাৰ ৰাসায়নিক আঘাতৰ প্ৰাবল্য হ্ৰাস কৰে।

১২)টিপ মৰাৰ মাজে মাজে চকুৰ সন্মুখপৃষ্ঠৰ চকুপানীৰ তৰপটোৰ পৰা নিৰ্দিষ্ট মাত্ৰাত পানীভাগ বাষ্পীভূত হয়। তদুপৰি কৰ্নিয়াতো কোনো ৰক্তনলিকা নাথাকে। গতিকে চকুপৃষ্ঠৰ তাপমানে সদায়ে আপেক্ষিকভাৱে কিছু কম মাত্ৰাৰ। এই উষ্ণতাত বহু বীজাণুৱেই সহজে বংশবৃদ্ধি কৰিব নোৱাৰে।

১৩)চকুপানীত নানা বীজাণু সংক্ৰমণবিৰোধী পদাৰ্থও থাকে, যেনে- লাইছ’জাইম, বিটালাইছিন, লেক্টফেৰিন, ইমিউন’গ্লবিন, এন্টিব’ডী ইত্যাদি। ইয়াৰ উপৰি শৰ্কৰাৰ পৰিমাণো কিছু কম। চকুৰ এনে পৰিৱেশত সহজে হ’ব পৰা বীজাণু সংক্ৰমণত বাধা আহে।

১৪)ৰক্তনলিকাবৰ্জিত বাবে কৰ্নিয়া আৰু লেন্স কিছুমান বেমাৰ-আজাৰৰ ফালৰ পৰা আন অংশৰ তুলনাত সুবিধাজনক অৱস্থাতে থাকে। একে কাৰণতে কৰ্নিয়া সংস্থাপন অস্ত্ৰোপচাৰৰ সফলতা বৃক্ক আদি অন্য অংগৰ সংস্থাপন অস্ত্ৰোপচাৰৰ তুলনাত বেছি। অস্ত্ৰোপচাৰৰ পিছৰ দৰকাৰী ঔষধৰ পৰিমাণ আৰু ব্যৱহাৰৰ সময়-দৈঘ্যও কম।

১৫)পাঁচ তৰপীয়া কৰ্নিয়াক সন্মুখৰ অধিচ্ছেদীয় কলাৰ তৰপটোৱে দুবিধমান বীজাণুৰ বাদে বাকীবোৰক এক দুৰ্ভেদা প্ৰাচীৰৰ দৰে বাধা দি চকুক সুৰক্ষা দিয়ে।

১৬)চকুৰ পৰা ওলাই যোৱা অপ্টিক নাৰ্ভডাল অস্থিনিৰ্মিত এক নলীৰে মগজুলৈ যায়। এই নলী আৰু চকুৰ মাজত নাৰ্ভডালৰ যি অংশ অক্ষিকোটৰত থাকে, সি প্ৰয়োজনতকৈ কিছু বেছি দীঘল। সেয়ে আঘাতত চকুত টান পৰিলেও নাৰ্ভডালত সহজে টান নপৰে বা ই সহজে নিছিগে। আনহাতে নলীডালত নাৰ্ভডাল ভালদৰে লাগি থাকে বাবে টান খালে মগজুৰ ফালৰ পৰা ই ওলায়ো নাহে।

১৭)চকুৰ দৃষ্টিৰ বাবে ৰেটিনাৰ মেকুলা নামৰ অংশটো আটাইতকৈ গুৰুত্বপূৰ্ণ। বিভিন্ন দুৰ্যোগৰ পৰা মেকুলা অংশক সুৰক্ষিত অৱস্থাত ৰখাৰো কিছুমান ব্যৱস্থা চকুৰ ক্ষেত্ৰত ভগৱানে দিছে।

লেখক: ডাঃ সৌৰভ কুমাৰ ভূঞা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate