অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জয়বাংলা

চকুৰ অসুখ জয়বাংলাৰ বিষয়ে ইয়াত দিয়া হৈছে।

Viral Conjunctivitis নামৰ চকু ৰঙাপৰা সংক্ৰামক ৰোগটোৱে গৰমৰ দিনত প্ৰত্যেক বছৰে মানুহক ভালকৈ এসেকা দিয়ে। ল’ৰা-ছোৱালীয়ে স্কুললৈ যাব নোৱৰা, ডাঙৰ মানুহ ক’লা চছমা পিন্ধি অফিচলৈ গ’লে অফিচৰ বাকীবোৰে কাবৌ-কোকালি কৰি ঘৰলৈ ওভোতাই পঠিওৱা এই অসুখটো “জয় বাংলা” বুলিহে বেছিকৈ পৰিচিত। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত লাখ লাখ বাংলাদেশী শৰণাৰ্থী (তেতিয়া পূব পাকিস্থানী) আহি ভাৰতবৰ্ষ ভৰি পৰিছিলহি। সেই সময়তে সমগ্ৰ ভাৰতবৰ্ষতে এই চকু ৰঙা পৰা ৰোগটো ভাৰতলৈ কঢ়িয়াই আনিছে বুলি বিশ্বাস কৰিলে। স্বাভাৱিকতেই নৱজাত বাংলাদেশৰ অভ্যুত্থানৰ লগত সংগতি ৰাখি ৰোগটোক জয় বাংলা নামেৰে নামকৰণ কৰা হ’ল। দৰাচলতে ৰোগটো ভাৰতবৰ্ষলৈ বাংলাদেশী শৰণাৰ্থীসকলে কঢ়িয়াই অনা কথাটো সত্য। অসুখটো প্রথম আৰম্ভ হৈছিল আফ্রিকাৰ ঘানাত, ১৯৬৯ চনত। একে বছৰতে ই গৈ বিয়পিলেগৈ নাইজেৰিয়াত। সেই সময়ত এপ’ল-১১-ৰ যোগেদি চন্দ্ৰত গৈ মানুহ নামিছিলেগৈ। নাইজেৰিয়াৰ মানুহে সেয়েহে অসুখটোৰ নাম দিলে এপ’ল-১১। ইয়াৰ পাছত অসুখটো ইণ্ডোনেছিয়া, ছিংগাপুৰ, হংকং, মালয়েছিয়া আৰু থাইলেণ্ড হৈ বাংলাদেশ পালেহি। জাকে জাকে ভাৰতলৈ অহা বাংলাদেশী শৰণাৰ্থীয়ে আপদীয়া অসুখটো ১৯৭১ চনত জাতীয় ভাই-ভনীহঁতৰ চকুত মেলি দিলেহি।

এডিন’ভাইৰাছ নামৰ অণুজীৱৰ দ্বাৰা সংক্রমণ হৈ চকুৰ ভিতৰত থকা কনজাংটিভা নামৰ চিলচিলিয়া আৱৰণিখনৰ প্ৰদাহকে ভাইৰেল কনজাংটিভাইটিছ বুলি কোৱা হয়। কনজাংটিভাৰ উপৰি এই অসুখটোত চকুৰ কৰ্ণিয়া নামৰ অংশৰ এপিথেলিয়াম নামৰ তপৰটোত আক্রান্ত হ’ব পাৰে। সেইবাবে ইয়াক অকল কনজাংটিভাইটিছ বুলি কোৱাতকৈ কেৰাট কনজাংটিভাইটিছ বুলি কোৱাহে যুগুত হ’ব। বহু ধৰণৰ ভাইৰাছে এই অসুখ কৰিব পাৰে যদিও এডিন’ভাইৰাছ নামৰ অণুজীৱ বিধৰ প্রাধান্য অধিক। কনজাংটিভাৰ ফলিকল নামৰ কিছুমান সৰু সৰু ঘূৰণীয়া গোটাৰ সৃষ্টি হয়। ফলিকুলাৰ কনজাংটিভাইটিছৰ ভিতৰত আকৌ এপিডেমিক কেৰাট’ কনজাংটিভাইটিছ নামৰ অসুখবিধ অধিক সঘনাই হয়| Epidemici Kerato Conjunctivitis (EKC) এডিন’ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা হয়। আৰু ই এজনৰ পৰা আন এজনলৈ অতিশয় সোঁচৰে৷ সাধাৰণতে দূষিত আঙুলি চকুত দিয়া, চকুত দিয়া দৰব বা চকুৰ চাপ পৰীক্ষা কৰা টন’মিটাৰ সঁজুলিৰ সহায়েৰে এই ৰোগ এজনৰ পৰা আন এজনলৈ সহজে বিয়পে।

বীজাণু এবাৰ চকুত সোমোৱা পাছত লক্ষণসমূহ প্রকাশ পাবলৈ আঠদিনমান সময় লাগে। ইফালে অসুখটো হৈ থকাৰ দুই-তিনি সপ্তাহলৈকে ৰোগীজনৰ চকুৰপৰা আনৰ চকুলে যোৱাৰ সম্ভাৱনা থাকে। এই ৰোগত প্ৰথমতে সাধাৰণ জয়বাংলা বা চকু উঠা অসুখৰ দৰে চকু ৰঙা পৰে, সামান্যভাৱে ফুলে আৰু পানী ওলায়। এয়া হ’ল চকুটোৰ প্রথম পর্যায়।

দ্বিতীয় পর্যায়ত চকুৰ বাদুৰি কনজাংটিভাত অসংখ্য ফলিক’ল ওলাবলৈ ধৰে। অসুখটোৰ তৃতীয় পর্যায়টোৱেই হ’ল আটাইতকৈ গুৰুতৰ। ইয়াত চকুৰ বাদুৰ ভিতৰফালে এখন আৱৰণি গঢ় লৈ উঠে। এই আৱৰণিখনক Pseudomembrane বুলি কোৱা হয়।

ইয়াৰ পাছত চকুৰ কৰ্ণিয়া আক্রান্ত হ’বলৈ ধৰে। সাধাৰণতে অসুখটো আৰম্ভ হোৱা এসপ্তাহৰ পাছত কৰ্ণিয়াৰ উপৰিভাগত বিন্দুৰ নিচিনা কিছুমান দাগ বহে। ইয়াক Superficial Punctate Keratitis (SPK) বুলি কোৱা হয়।

এইবোৰৰ উপৰি এই অসুখত কাণৰ সন্মুখত গাঙঠি নামে। যিহেতু এই অসুখ ভাইৰাছৰ কাৰণে হয় সেইবাবে ইয়াৰ বিশেষ চিকিৎসা নাথাকে। এণ্টিবায়টিক থকা চকুৰ ঔষধে ইয়াত কাম নকৰে। বর্তমান বজাৰত প্রচলিত এণ্টিভাইৰেল চকুৰ দৰববোৰৰো এই ৰোগত কোনো ভূমিকা নাই। চকুত বৰফ বা ঠাণ্ডা পানীৰ পটি সলাই সলাই ব্যৱহাৰ কৰি থাকিলে সুফল পোৱা যায়। চকুত Pseudomiembrane বা চামনি পৰিলে চিকিৎসকে সেইখন গুচাই নিদিয়া পর্যন্ত ৰোগীয়ে আৰোগ্য লাভ নকৰে।

লিখক: ডা: নাৰায়ণ বৰদলৈ, দৈনিক জনমভূমি।

3.1568627451
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top