মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকুৰ যত্ন / নেত্ৰদানৰ বিষয়ে কিছু জানিবলগীয়া কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেত্ৰদানৰ বিষয়ে কিছু জানিবলগীয়া কথা :

নেত্ৰদানৰ বিষয়ে কিছু জানিবলগীয়া কথাৰ বিষয়ে লিখা হৈছে ।

 

১)পাঁচ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে মৃত্যুৰ পিছত নেত্ৰদান কৰিব পাৰে, তাৰ বাবে ইচ্ছাপত্ৰও কৰিব পাৰে।

কিন্তু দহৰ পৰা পোন্ধৰ বছৰ বয়সৰ দাতা উৎকৃষ্ট।

২)যদি এজন মৃত ব্যক্তিয়ে, তেওঁৰ জীৱিতকালত কেতিয়াও নেত্ৰদানৰ বিপক্ষে মত পোষণ কৰা নাছিল, তেন্তে তেনে ব্যক্তিৰ নেত্ৰ ব্যক্তিজনৰ মৃত্যুৰ পিছত তেওঁৰ আত্মীয়ই দান কৰিব পাৰে। লাগিলে তেওঁ ইচ্ছাপত্ৰ কৰক বা নকৰক।

৩)নেত্ৰদান ইচ্ছাপত্ৰ ওচৰৰ যিকোনো নেত্ৰবেংকতে কৰিব পাৰে।

যিকোনো নেত্ৰবেংকত ইচ্ছাপত্ৰ কৰিলেও, ওচৰৰ নেত্ৰবেংকত খবৰ দিলেই, মৃত্যুৰ পিছত নেত্ৰ সংগ্ৰহ কৰে।

৪)দান কৰা নেত্ৰ কেতিয়াও বেচা-কিনা নহয়।

৫)কোনো পৰিস্থিতিতে নেত্ৰবেংকৰ কৰ্মচাৰীয়ে নেত্ৰ সংগ্ৰহ কৰা অথবা ইচ্ছাপত্ৰ কৰিব বিচৰা ব্যক্তিক ওভতাই পঠাব নোৱাৰে।

৬)নেত্ৰদান ইচ্ছাপত্ৰ কৰিলেও কিছু নিৰ্দিষ্ট কাৰণত এজন মৃত ব্যক্তিৰ নেত্ৰ সংগ্ৰহ কৰিব নোৱাৰি।

সেইবোৰ হ’ল-

ক)কোনো নিৰ্দিষ্টকৈ ক’ব নোৱাৰা কাৰণত মৃত ব্যক্তি(Death due to unkown cause),

খ)জলাতংক(Rabies) ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি,

গ)ৰক্ত কেন্সাৰত মৃত ব্যক্তি,

ঘ)এইছ আই ভি অথবা এইডছ আক্ৰান্ত ব্যক্তি,

ঙ)হেপাটাইটিছ ‘বি’ অথবা হেপাটাইটিছ ‘চি’ত আক্ৰান্ত ব্যক্তি,

চ)ডায়েবেটিছ ছিফিলিছ, কেন্সাৰ, গ্ল’কোমা থকা ব্যক্তি।

উৎস: নিয়মীয়া বাৰ্তা

3.07142857143
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top