অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেক্টেৰিয়াজনিত কৰ্ণিয়াৰ অসুখ

বেক্টেৰিয়াজনিত কৰ্ণিয়াৰ অসুখ

আমাৰ চকুৰ কর্ণিয়াখনৰ ওপৰৰ পাতল আৱৰণিখন অক্ষত অৱস্থাত কোনো বেক্টেৰিয়া, জীৱাণুৱে আক্ৰমণ কৰিব নোৱাৰে। অৱশ্যে Corynbacterium diptheria আৰু Nesseria uenigitis অতি শক্তিশালী বীজাণুৱে অক্ষত অৱস্থাতো কর্ণিয়াখন আক্ৰমণ কৰিব পাৰে। সাধাৰণ বীজাণু প্রতিহত কৰি থকা কর্ণিয়াৰ ওপৰৰ আৱৰণিখনত এপিথেলিয়াম বুলি কোৱা হয়। কিবা কথাত কৰ্ণিয়াত আঘাত লাগিলে এই এপিথেলিয়ামখন আংশিক বা সম্পূৰ্ণভাৱে আঁতৰি গৈ কর্ণিয়াখনক বীজাণুৰ আক্ৰমণৰ কাৰেণ সুচল কৰি দিয়ে। সেইবাবে চকুত আঘাত লাগিলে বেছি হওক বা কম হওক চকুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। আঘাতৰ উপৰি কেতিয়াবা খাদ্যপ্ৰাণ ‘ক’ৰ অভাৱত কৰ্ণিয়াৰ এপিথেলিয়ামখন শুকাই আঁতৰি যাব পাৰে। বেক্টেৰিয়াই কর্ণিয়াক আক্ৰান্ত কৰিলে ই ঘা সৃষ্টি কৰে। এই ক্ষেত্ৰত যদি বীজাণুৰ প্ৰকোপ বৰ বেছি নহয় বা মানুহজনৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা ভাল বা উপযুক্ত এণ্টিবায়টিক ঔষধৰ দ্বাৰা চিকিৎসা আৰম্ভ কৰা হৈছে তেতিয়া ঘা সিমানতে ৰৈ লাহে লাহে শুকাই আহে। বেছি দ-লৈ শিপাব নোৱাৰিলে ই কর্ণিয়াত কোনো দাগো থৈ নাযায়। ইয়াৰ বিপৰীতে যদি বীজাণুৰ শক্তি আৰু আক্ৰমণৰ প্রকোপ বেছি হয় বা ৰোগীজনৰ প্ৰতিৰোধ ক্ষমতা বিভিন্ন কাৰণত কম থাকে বা এন্টিবায়টিক দৰৱৰ দ্বাৰা চিকিৎসা কৰা বা কৰিলেও উপযুক্ত হোৱা নাই, তেতিয়া ঘা ক্ৰমান্বয়ে বাঢ়ি দীঘে-পথালিয়ে আৰু দ-য়ে গোটেই কর্ণিয়াখন আক্ৰান্ত কৰিব পাৰে। কেতিয়াবা আক্ৰমণৰ চোক ইমান বেছি হয় যে  কর্ণিয়াখন ফুটি যায় আৰু মানুহজন চিৰদিনৰ বাবে অন্ধ হৈ যাব পাৰে। সেইবাবে কর্ণিয়াত ঘা নহ’ব কাৰণে সকলো মানুহে সাৱধানতা অৱলম্বন কৰা উচিত আৰু ঘা হোৱা যেন দেখিলে তৎক্ষণাৎ উপযুক্ত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱা উচিত। কিছুমান মানুহৰ Chronic dacryocystitis নামৰ চকুপানী জমা হোৱা নলীটোত পূজ জমা হৈ থাকে। এই মানুহবোৰ সামান্য আঘাততে ভয়াৱহ কৰ্ণিয়াৰ ঘাৰ বলি হয়।

কর্ণিয়াত ঘা হ’লে চিকিৎসা একমাত্র চকুৰোগ বিশেষজ্ঞইহে কৰিব পাৰে। চিকিৎসা আৰম্ভ কৰাৰ সময়ত বীজাণুবিধ চিনাক্ত কৰা আৰু তাৰ বিপৰীতে কোনবিধ এণ্টিবায়টিকে আটাইতকৈ ভাল কাম কৰিব এই বিষয়ে অৱগত হোৱা অতি প্রয়োজন। ফুটি যোৱা কর্ণিয়া বা ফুটো ফুটো হোৱা কর্ণিয়া, কর্ণিয়া প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰৰ দ্বাৰা বহুলাংশে আৰোগ্য কৰিব পাৰি। কেতিয়া এণ্টিবায়টিক ঔষধৰ দ্বাৰা কৰ্ণিয়াৰ ঘা আৰোগ্য কৰিব নোৱাৰিলে আক্ৰান্ত হোৱা কর্ণিয়াখন কাটি উঠাই দি তাৰ ঠাইত মৃতদেহৰ পৰা সংগ্ৰহ কৰি অনা কৰ্ণিয়া প্ৰতিষ্ঠাপন কৰিলে সুফল পোৱা যায়। ইয়াক Therapeutic Keratoplasty বোলা হয়। কৰ্ণিয়াৰ ঘা হৈ কৰ্ণিয়াত ডাঠকৈ দাগ বহি চকুৰ দৃষ্টিশক্তি কমিলে সেই দাগ থকা গোটেই কর্ণিয়া বা একাংশ কাটি উঠাই দি তাৰ ঠাইত মৃতদেহৰ পৰা সংগ্ৰহ কৰি অনা কৰ্ণিয়া প্ৰতিষ্ঠাপন কৰিলে সুফল পোৱা যায়। তাক Optical keratoplasty বুলি কোৱা হয়।

লিখক: ডাঃ নাৰায়ণ বৰদলৈ।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate