অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্লেফেৰ’প্লাষ্টি বা চকুৰ পতাৰ সৌন্দৰ্য্যবোধক প্লাষ্টিক ছাৰ্জাৰী

ব্লেফেৰ’প্লাষ্টি বা চকুৰ পতাৰ সৌন্দৰ্য্যবোধক প্লাষ্টিক ছাৰ্জাৰী

সৌন্দৰ্য্য সচেতন মানুহে সাধাৰণতে নিজৰ নিজৰ সৰু সৰু দোষ (বিশেষকৈ মুখ্মণ্ডলৰ)আদিক লৈ সততে প্ৰতিকাৰৰ উপায় বিচাৰে। মুখমণ্ডলৰ নাক,কাণ,কপাল,গাল,থুঁতৰিৰ উপৰিও চকুৰ পতাতো বিভিন্ন বিসংগতি হ’ব পাৰে। কিছু বিসংগতি অকল বেয়া দেখাৰ বাবে বা কছমেটিক কাৰণত দূৰ কৰিবলৈ চেষ্টা কৰা হয়; যদিও কিছু দোষে আমাৰ চকুৰ দৃষ্টিৰো অনিষ্ট কৰিব পাৰে। সাধাৰণতে তলত দিয়া কাৰণসমূহৰ বাবে ব্লেফেৰ’প্লাষ্টি অস্ত্ৰোপচাৰ কৰা হয়।

  • ডাবল আইলিড(Double eyelid): আমাৰ চকুৰ ওপৰৰ পতৰ ভাঁজ নথকা, যিটো সাধাৰণতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহ—বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত দেখা যায়।
  • বয়সৰ লগে লগে হোৱা ছালৰ সংকোচনৰ বাবে চকুৰ দুয়ো পতাৰ ছালো ঢিলা হৈ ওলমি পৰিব পাৰে। তাৰ উপৰি চৰ্বিস্তৰৰ (fat bags)তাৰতম্যৰ বাবে ফুলিব পাৰে বা চকু গাঁতত সোমাই যোৱা যেন দেখিব পাৰে।
  • Entropion or Ectropion দোষ : বয়সৰ কাৰণে বা দুৰ্ঘটনাজনিত কাৰণত বা জুয়ে পুৰি ছালখন কোঁচ খোৱাৰ দৰে হ’ব পাৰে সময়মতে অস্ত্ৰোপচাৰ নকৰিলে চকুৰ দৃষ্টি শক্তি কমি যাব পাৰে।
  • Ptosis চকুৰ ওপৰৰ পতা আধা জাপ খোৱা বা ওপৰলৈ তুলিব নোৱৰা হ’ব পাৰে।ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। সকলো চালি-জাৰি চাই এজন অকুল’প্লাষ্টিক ছাৰ্জনে এই দোষ অস্ত্ৰোপচাৰৰ দ্বাৰা নিৰাময় কৰিব পাৰে।
  • বিভিন্ন দুৰ্ঘটনাজনিত কাৰণত অথবা কোনো টিউমাৰ বা কেন্সাৰজনিত কাৰণত যদি চকুৰ পতা অস্ত্ৰোপচাৰ কৰি কাটি পেলাব লগা হয়, তেতিয়া চকুৰ দৃষ্টি বচাবলৈ প্লাষ্টিক ছাৰ্জাৰীৰ সহায়ত চকুৰ পতা নতুনকৈ বনোৱা হয়।
  • তাৰ উপৰি মানুহৰ তেজত কলেষ্ট’ৰেলৰ স্তৰ (high cholesterol)বেছি হৈ চকুৰ পতাত বগা বগা কিছু দাগ পৰিলে(Xanthelasma)প্লাষ্টিক ছাৰ্জাৰীৰ সহায়ত গুচাব পৰা যায়।
  • চকুৰ পতাৰ আন দোষ, যেনে ‘Wart’ বা ক’লা দাগ, মাহ আদিও অস্ত্ৰোপচাৰ বা ৰেডিঅ’ ফ্ৰিকুৱেন্সি(Radio frequency)ছাৰ্জাৰীৰ সহায়ত প্ৰায় দাগ নাইকিয়া কৰিব পাৰি।

চকুৰ পতাৰ কছমেটিক ছাৰ্জাৰী সাধাৰণতে ৩৫ বছৰৰ ওপৰত কৰা হয় আৰু ৰোগীজনৰ প্ৰকৃতাৰ্থত এনে অস্ত্ৰোপচাৰৰ দ্বাৰা কিমান লাভৱান হ’ব এই বিষয়ে সম্যক জ্ঞান থাকিব লাগিব। চকুৰ পতাৰ কছমেটিক ছাৰ্জাৰীৰ প্ৰভাৱ সাধাৰণতে ৫-৭ বছৰলৈ থাকে যদিও বয়সৰ লগে লগে হোৱা ছালৰ সংকোচন অথবা চৰ্বিৰ তাৰতম্যৰ বাবে এনে দোষে আকৌ দেখা দিব পাৰে। কেতিয়াবা ব্লেফেৰ’প্লাষ্টি ছাৰ্জাৰীৰ লগতে ব্ৰ’লিফ্‌ট (Brow-lift)ৰো প্ৰয়োজন অনুসাৰে প্লাষ্টিক ছাৰ্জনজনে বিবেচনা কৰিব পাৰে। সৌন্দৰ্য্যবোধক (কছমেটিক) আইলিড্‌ ছাৰ্জাৰীৰ বাবে অহাজনে জানিব লাগিব যে আমাৰ চকুৰ পতাৰ ছালসমূহ শৰীৰৰ আন অংশৰ ছালতকৈ যথেষ্ট কোমল আৰু মিহি, সেয়ে অস্ত্ৰোপচাৰৰ পিছত ছালখন ৰঙা বা ক’লা পৰি কিছুদিনলৈ ফুলি থাকিব পাৰে(১-২ সপ্তাহলৈ)। সেয়ে অস্ত্ৰোপচাৰৰ পিছত ঠাণ্ডা পানী বা বৰফৰ লেপ, আইড্ৰপ, ক’লা চছমা আদি কিছুদিনলৈ ব্যৱহাৰ কৰিবলগা হ’ব পাৰে। এনে ধৰণৰ কছমেটিক আইলিড ছাৰ্জাৰী সাধাৰণতে ‘Day care procedure’ হিচাবে লোকেল এনাছস্থেছিয়া দি কৰা হয় আৰু অস্ত্ৰোপচাৰৰ অলপ পিছতে ঘৰলৈ যাবলৈ দিয়া হয়। চকুৰ পতাৰ আন আন বিসংগতি যেনে বয়সৰ কাউৰিঠেঙীয়া আঁচোৰবোৰ (crow’s feet)আৰু আন কিছু সৰু দোষ অস্ত্ৰোপচাৰৰ দ্বাৰা গুচাব নোৱাৰি। ইয়াৰ বাবে বটক্স বা ফিলাৰ্ছৰ ব্যৱহাৰ কৰিব পাৰি। চকুৰ পতাৰ সৌন্দৰ্য্যবোধক ছাৰ্জাৰীয়ে (Cosmetic blepheroplasty) মানুহগৰাকীৰ বয়স কম যেন লগাই ছালখন মিহি আৰু নিমজ হোৱাত সহায় কৰাৰ লগতে হীনমন্যতাৰ ভাব আঁতৰাই সময়ৰ লগত খোজ মিলাই জীৱনত দৃঢ়তাৰে আগবাঢ়ি যোৱাত তেওঁক সহায় কৰে।

লেখিকা: ডা° সীমাৰেখা দেৱী, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate