মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকুৰ যত্ন / শীতকালত বেছিকৈ দেখা দিয়া চকুৰ অসুখ-অসুবিধাসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালত বেছিকৈ দেখা দিয়া চকুৰ অসুখ-অসুবিধাসমূহ

শীতকালত বেছিকৈ দেখা দিয়া চকুৰ অসুখ-অসুবিধাসমূহ

চকুৰ কিছুমান সমস্যা এখন ব্যস্ত হাস্পতালত চিকিৎসক হিচাপে আমাৰ বেছিকৈ দৃষ্টিগোচৰ হয়। চকুৰ কিছুমান ৰোগ ঋতুবিশেষে বেছিকৈ দেখা যায়। কিন্তু তলৰ অংশত বৰ্ণাব লগা চকুৰ সকলোবোৰ অসুখ বা সমস্যাৰ গুৰি ঋতুকালীন প্ৰভাৱ নহ’বও পাৰে।

 

বিৰুপ নেত্ৰযোজকত্বক প্ৰদাহঃ

এইবিধ ৰোগৰ দুটা শ্ৰেণী মোটামুটি শীতকালৰ সময়ছোৱাত বেছিকৈ দৃষ্টিগোচৰ হয়-

  • তীব্ৰ বা ঈষৎ তীব্ৰ শ্লৈষ্মিক স্ৰাৱযুক্ত প্ৰদাহ আৰু
  • বসন্ত কালৰ শ্লেষ্মাস্ৰাৱযুক্ত প্ৰদাহ।

ইয়াৰে প্ৰথমবিধ বায়ুমণ্ডলৰ মিশ্ৰিত ধূলি, ফুলৰ ৰেণু, জন্তুৰ নোম আৰু বিষ্ঠাজাত ধূলি, ৰাসায়নিক দ্ৰব্য, প্ৰসাধন সামগ্ৰী আৰু বিভিন্ন চকুৰ ঔষধৰ বাবেও হ’ব পাৰে। শীতকালৰ আৰম্ভণিৰ সময়তে কিছুমান ফুল বেছিকৈ ফুলে, শীতৰ লগে লগে শুকান বতৰৰ বাবে ধূলিও বাঢ়ে আৰু শেষৰ ফাললৈ বতাহো বাঢ়ি আহে। এই সময়ছোৱাত কেইবাটিও উৎসৱো আহি পৰে বাবে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত প্ৰসাধন সামগ্ৰীৰো ব্যৱহাৰ বাঢ়ে। বৰষুণৰ বতৰ নহয় বাবে শীতকালত গৃহ নিৰ্মাণ বেছি হয়। এই ৰোগত চকুৰ শ্লেষ্মাযুক্ত স্ৰাৱ, খজুৱতি, চকুৰ পতা ফুলা আৰু চকু ৰঙা পৰা আদি হয়। জোৰে চকু মোহৰা বাবে পৰিস্থিতি অধিক জটিল হৈ পৰিব পাৰে। চকু মোহাৰিব আৰু অনাহকত স্পৰ্শ কৰিবও নালাগে। ধূলিৰ পৰা কিছু হ’লেও ৰক্ষা পৰিবলৈ প্ৰতিষেধক চশ্‌মাৰ ব্যৱহাৰ কৰিব লাগে, বিশেষকৈ দুচকীয়া বাহনচালকসকলৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। ৰোগ সৃষ্টিকাৰী দ্ৰব্যৰ সংস্পৰ্শৰ পৰা ৰোগীক আঁতৰাব লাগে আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰা চিকিৎসা গ্ৰহণ কৰিব লাগে। কোনো কাৰণতে নিজে নিজে চকুৰ ঔষধ আৰু অন্য দ্ৰব্যৰ ব্যৱহাৰ কৰিব নালাগে।

মনত ৰাখিব, এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা কিছুমান ঔষধৰ অপপ্ৰয়োগৰ ফলত চকুৰ ঘা, ছানি পৰা ৰোগ আৰু চকুৰ চাপ বৃদ্ধি গ্লুক’মা ৰোগৰো সৃষ্টি হ’ব পাৰে।

দ্বিতীয়বিধ, অৰ্থাৎ বসন্ত কালৰ শ্লেষ্মা স্ৰাৱযুক্ত প্ৰদাহ যদিও সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা জুন মাহ মানৰ ভিতৰত দেখা যায়, তথাপি ডিচেম্বৰৰ শেষভাগৰ পৰাই এনে ৰোগ আমাৰ এইবোৰ অঞ্চলত চকুত পৰে, আনকি গোটেই বছৰ ধৰিও এৰা-ধৰাকৈ এই ৰোগ চলি থাকিব পাৰে। সাধাৰণতে শিশু বেছি আক্ৰান্ত হয়। ৫-১০ বছৰ মানলৈ এই ৰোগ চলি থাকিব পাৰে। বতাহত উৰা ফুলৰ ৰেণু আৰু পাৰিৱেশিক দ্ৰব্যৰ সংস্পৰ্শতে সাধাৰণতে এই ৰোগ হয়।

চকুৰ খজুৱতি, জ্বলা-পোৰা, পোহৰত অসুবিধা লগা, সামান্য আঠা যেন লগা চকুপানী ওলোৱা, মাজে মাজে চকু ৰঙা পৰা, কেতিয়াবা বগা সূতাৰ দৰে শ্লেষ্মাযুক্ত ময়লা ওলোৱা আদিয়েই এই ৰোগৰ লক্ষণ। চকু মোহাৰি থকাৰ অভ্যাসে এই ৰোগ দীঘলীয়া কৰাৰ লগতে কেতিয়াবা চকুৰ স্বচ্ছ মণ্ডলত ঘা লগাৰ দৰে জটিলতাৰো সৃষ্টি কৰিব পাৰে। প্ৰথমবিধ প্ৰদাহৰ ক্ষেত্ৰত যিখিনি পৰামৰ্শ দিয়া হৈছে সেইখিনি এই বিধৰ ক্ষেত্ৰতো প্ৰযোজ্য।

ভেঁকুৰজনিত কাৰণত হোৱা স্বচ্ছ মণ্ডলৰ ঘাঃ

চ্ছ মণ্ডলৰ যিকোনো কাৰণত হোৱা ঘা বছৰটোৰ যিকোনো দেখা যাব পাৰে যদিও আলোচ্য কাৰণত হোৱা ঘা বিধ শীতকালত বেছি পৰিমাণে দেখা যায়। গছ-বনৰ ঠাল বা পাত, ফুলৰ ঠাল-ঠেঙুলি, ধানগছৰ পাত বা নৰা, মাটি-বোকা আদিৰ দ্বাৰা হোৱা চকুৰ আঘাতৰ ফলত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। শীতকালত পথাৰৰ ধান চপোৱা, শীতকালৰ বাৰীৰ খেতিৰ কাম আৰু ফুলনিৰ কামত মানুহ বেছিকৈ ব্যস্ত থাকে বাবেই এইবিধ ৰোগ শীতকালত বেছিকৈ দেখা যায়। এই ৰোগৰ চিকিৎসা সহজ নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জটিলতাও বেছি আৰু এইবোৰ যথেষ্ট গুৰুত্বপূৰ্ণও। এই ৰোগৰ ফলত চকুৰ যথেষ্ট গাঁথনিক ক্ষতিৰ লগতে সম্পূৰ্ণ অন্ধতা পৰ্যন্তৰো সৃষ্টি হ’ব পাৰে। কেৱল বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰাহে সদায় আৰু যথাসম্ভৱ সোনকালে চিকিৎসা কৰোৱা উচিত।

ভাইৰাছজনিত স্বচ্ছ মণ্ডলৰ প্ৰদাহঃ

শীতৰ আৰম্ভণিৰ আগে আগে এই ৰোগ বেছিকৈ চকুত পৰিবলৈ আৰম্ভ কৰে যদিও বছৰটোৰ যিকোনো সময়তেই ই এজনক আক্ৰমণ কৰিব পাৰে। বেছি প্ৰদূষিত জলবায়ু, ভাইৰেল জ্বৰ আৰু চৰ্দি-জ্বৰ আদিৰ সময়তো এই ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ে বাবে শীতৰ আৰম্ভণিৰ সময়ত ইয়াক বেছি পৰিমাণে দেখা যায়, বিশেষকৈ আমাৰ অঞ্চলত দেখা মতে ছেপ্টেম্বৰ-অক্টোবৰ মাহত।

এই ৰোগত চকুৰ খচ্‌খচনি, পানী ওলোৱা, চকু ৰঙা পৰা, পোহৰত অসুবিধা লগা, কিছু চকুৰ বিষ আৰু দৃষ্টিৰ হানি আদি লক্ষণ দেখা যায়। স্বচ্ছ মণ্ডলত দাগ পৰে। অধিক জটিলতাৰ সৃষ্টি হ’ব পাৰে- যদি সঠিক সময়ত যেতিয়া দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায়, তেতিয়া এই ৰোগে পুনৰ দেখা দিব পাৰে। দৃষ্টিৰ যথেষ্ট স্থায়ী হানি হ’ব পাৰে।

সৰু কীট-পতংগৰ দ্বাৰা চকুৰ আঘাতঃ

শীতকালত বিশেষকৈ আৰম্ভণিৰ সময়ছোৱাত এনে ঘটনা বাঢ়ে। সাধাৰণতে চাইকেল, স্কুটাৰ, মটৰ্চাইকেল আদি দুচকীয়া বাহন  চলোৱাসকলৰ ক্ষেত্ৰত এই ঘটনা বেছি ঘটে। সৰু সৰু কীট-পতংগ বা ইহঁতৰ পাখি চকুৰ পতাৰ তলত আৰু স্বচ্ছ মণ্ডলত লাগি থকা দেখা যায়। চকু খচ্‌খচায়, ৰঙা পৰে, পানী ওলায় আৰু বিষাবও পাৰে। চকুৰ বীজাণু সংক্ৰমণ হ’ব পাৰে। এইবোৰ চকুৰ পৰা উলিয়াই নিদিয়ালৈকে ৰোগীয়ে কষ্ট পাই থাকে। উলিয়াই নিদিলে অধিক জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। উলিয়াই দিয়াৰ কামটো কেৱল চকু বিক্ষেষজ্ঞইহে কৰা উচিত। এনে চেষ্টা ৰোগীয়ে নিজে বা ঘৰখনৰ অন্য লোকে কৰাৰ ফলত চকুত গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

বৰফপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰৰশ্মিৰ দ্বাৰা চকুৰ আঘাতঃ

এনে ঘটনা সাধাৰণতে বৰফাবৃত অঞ্চলত ফুৰিবলৈ যাওঁতে অনভিজ্ঞ ব্যক্তিসকলৰ হয়, চলচিত্ৰ আদিৰ দৃশ্য গ্ৰহণৰ সময়তো এনে হ’ব পাৰে। ইয়াৰ ফলত চকু খচ্‌খচায়, কিবা সৰু বস্তু চকুত সোমাই থকাৰ দৰে ভাব হয়, চকু ৰঙা পৰে, পানী ওলায়, পোহৰত চকু মেলিবলৈকে সমস্যা হয় আৰু চকুৰ বিষ হয়। উপযুক্ত প্ৰতিষেধক চশ্‌মা ব্যৱহাৰ কৰিলে এনে ঘটনাৰ প্ৰাদুৰ্ভাৱ কমাব পাৰি। যথাযথ চিকিৎসাৰ প্ৰয়োজন। এক-দুই দিনৰ ভিতৰতে সাধাৰণতে উপশম পায়।

অন্যান্যঃ

শীতকালত বতৰ শুকান হয়, অৰ্থাৎ পৰিৱেশত জলীয় বাষ্পৰ পৰিমণ বা আৰ্দ্ৰতা কমি যায়। সেয়ে সম্ভৱপৰ সকলো উৎসৰ পৰা বাষ্পীভৱন বাঢ়ি যায় সেই অনুপাতে। চকুৰ শুষ্কনেত্ৰ বুলি এবিধ ৰোগ আছে। এই ৰোগত চকুৰ সমুখত থকা চকুপানীৰ তৰপটোত চকুপানীৰ পৰিমাণ কমি যায় আৰু তৰপটোত চকুপানীৰ পৰিমাণ কমি যায় আৰু তৰপটো প্ৰায়েই গুণগত দিশৰ পৰাও ক্ষতিগ্ৰস্ত হয়। স্বাভাৱিক অৱস্থাতো চকুপতাই টিপ্‌ মৰাৰ মাজে মাজে চকুপানীৰ তৰপৰ পৰা পানীভাগৰ বাষ্পীভৱণ হৈয়েই থাকে। কিন্তু যাৰ চকুপানীৰ তৰপটোত এনেয়েই এই ৰোগৰ বাবে পানীৰ পৰিমাণ কম, সেইবোৰ চকুৱে শীতকালত বৰ্ধিত হাৰৰ বাষ্পীভৱনৰ বাবে অধিক ভুগিবলগীয়া হয়। এই ৰোগৰ কাৰণসমূহৰ চিকিৎসা কৰাৰ উপৰি চকুত কৃত্ৰিম চকুপানীৰ ব্যৱহৰো কৰিবলগীয়া হয়। নহ’লে এই ৰোগৰ নানা উপসৰ্গ আৰু জটিলতাই দেখা দিব পাৰে। এই ৰোগত ভোগাসকলে কম্পিউটাৰ আৰু টিভিৰ সমুখত দীঘলীয়াকৈ বহা উচিত নহয়।

আৰু এটি কথা চকুত পৰে শীতকালত। জানুৱাৰী মাহত মাঘৰ বিহুৰ পিছতেই সাধাৰণতে স্কুলবোৰ খোলে নতুন বছৰৰ পাঠ্যক্ৰমৰ বাবে। এই সময়তে চকুৰ প্ৰতিসৰণৰ দোষ, অৰ্থাৎ চকুৰ পাৱাৰৰ দোষ থকা ছাত্ৰ-ছাত্ৰীসকল বছৰৰ আন সময়ৰ তুলনাত কিছু বেছিকৈ চিকিৎসকৰ ওচৰলৈ আহে। নতুনকৈ শ্ৰেণী আৰম্ভ হোৱাৰ লগে লগে ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে দৃষ্টিৰ সমস্যা নিজেই অনুভৱ কৰে আৰু নতুনকৈ স্কুললৈ যোৱা কণমানিহঁতৰ বিষয়ে শিক্ষকে সন্দেহ কৰি পিতৃ-মাতৃ, অভিভাৱক আদিক জনায়। এইসকলৰ অধিকাংশই নিকট দৃষ্টি দোষত ভোগে। এই ৰোগত দূৰৰ বস্তু (যেনে- স্কুলৰ ব্লেক ব’ৰ্ড) দেখাত সমস্যা হয়, ৰোগীয়ে স্বাভাৱিকতকৈ বেছি ওচৰৰ পৰা পঢ়িব খোজে, চকু বা মূৰৰ বিষ হয় (বিশেষকৈ চকুত জোৰ পৰা কাম কৰোঁতে), চকু ৰঙা পৰা বা পানী ওলোৱা আদিও হ’ব পাৰে, শিশুৱে বেছি ওচৰৰ পৰা টিভি চাব বিচাৰে, কেতিয়াবা শিশুৰ চকু কেঁৰা হোৱাৰ উপক্ৰমো কৰিব পাৰে। প্ৰকৃততে, একো সমস্যা দেখা নাপালেও শিশুৰ বয়স পাঁচ বছৰ হওঁতে অন্ততঃ এবাৰ চকু বিশেষজ্ঞক দেখুৱাব লাগে।

চকুৰ আঘাতৰ ঘটনা শীতকালত আমি দেখা পাওঁ। ইয়াৰ কাৰণো নোহোৱা নহয়। এই সময়ছোৱাত দুৰ্গাপূজাকে ধৰি কেইবাটাও পূজা, দীপান্বিতা, বৰদিন, ইংৰাজী নৱবৰ্ষ, মাঘৰ বিহু, পিক্‌নিক্‌ আৰু আনকি বিয়াও অধিক হয়। এইবোৰ উপলক্ষ্যত কৰা সুৰাপানৰ ফলত যান-বাহনৰ দুৰ্ঘটনা আৰু মাৰপিটৰ ঘটনাও অধিক হাৰত হোৱা দেখা যায়। এই উৎসৱবোৰৰ সময়ত ফটকা-ফুলজৰি-আতচবাজী আদিৰ ব্যৱহাৰো বেছি হয় আৰু আনহাতে বতৰো শুকান হয়। ফলত অগ্নিকাণ্ডও অধিক হয়। এই সকলো কাৰণত চকুৰ জ্বলনৰ ঘটনাও বৃদ্ধি পায় শীতকালত। ইয়াৰ উপৰি চকুপতাৰ ৰোগ আৰু নেত্ৰযোজকত্বকৰ বীজাণু সংক্ৰমণ আদি ৰোগো শীতকালি কিছু অধিক হাৰত হোৱা দেখা যায়।

চকু এটি অতি অনুভূতিপ্ৰৱণ অংগ। কিছুমান ৰোগত ই অতি ক্ষিপ্ৰ গতিত স্থায়ী অন্ধতাৰ ফালে আগবাঢ়িব পাৰে। সেয়ে শেষত দুটিমান পৰামৰ্শ ৰাইজলৈ আগবঢ়াব খুজিছোঁঃ

  • চকুৰ চিকিৎসা কেতিয়াও নিজেই নকৰিব।
  • ঔষধ বা অন্য যিকোনো বস্তু ঘপকৈ চকুত নিদিব।
  • ঔষধ (চকুত দিয়া) এমাহৰ অধিক পুৰণি হ’লে ব্যৱহাৰ নকৰিব, সেয়ে প্ৰথম ব্যৱহাৰ কৰাৰ দিনাই তাৰিখটো লিখি ৰাখিব, সদায় ঔষধবোৰ ভালকৈ সাঁফৰ মাৰি ৰাখিব।
  • কেৱল ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰি আনে ব্যৱহাৰ কৰি উপকৃত হোৱা চকুৰ ঔষধ এটা ঘপকৈ ব্যৱহাৰ নকৰিব।
  • মনত ৰাখিব, শিশুৰ ক্ষেত্ৰত সকলো ঔষধ ব্যৱহাৰ কৰিব নোৱাৰি।

লিখকঃ ডাঃ সৌৰভ কুমাৰ ভূঞা, জিএঅনআৰচি স্বাস্থ্য আলোচনী

3.15714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top