মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকুৰ যত্ন / সৌন্দৰ্য্যৰ পৰিচায়ক-এযুৰি সুন্দৰ চকু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্য্যৰ পৰিচায়ক-এযুৰি সুন্দৰ চকু

সৌন্দৰ্য্যৰ পৰিচায়ক-এযুৰি সুন্দৰ চকু

সৌন্দৰ্য এক কলা, এক সাধনা। সৌন্দৰ্য সাধনাই মানুহৰ কলাসুলভ মনৰ পৰিচয় দিয়ে। জীৱন আৰু সৌন্দৰ্য্যৰ মূল হৈছে চকুযুৰি। চকুযুৰিয়ে জীৱন, পোহৰ, প্ৰেমভাৱ আৰু মনৰ পৰিচয় দিয়ে। সৌন্দৰ্য্যৰ আধাৰো জীৱন্ত চকুযুৰি। দৃষ্টিৰ বাবে আমি সৌন্দৰ্য কি বস্তু তাক জানিবলৈ বা আনক জনাবলৈ সক্ষম হৈছো। গতিকে এই চকুযুৰি আমি বৰ যত্নৰে ৰাখিব লাগে।

মানুহৰ চকুহালেই হ’ল- মানুহগৰাকীৰ ব্যক্তিত্ব প্ৰতিফলিত কৰা দাপোণ। ৰূপ লাৱণ্যকে ধৰি দেহৰ প্ৰতিটো অংগৰ সুস্থ-অসুস্থতাকো চকুহালেই পৰিস্ফুট কৰি দাঙি ধৰে সকলোৰে আগত। মনৰ ভাৱ অনুভূতি মুখেৰে প্ৰকাশ নকৰিলেও এই চকুহালতে সেইবোৰৰ প্ৰকাশ ঘটে। অতিকৈ ব্যস্ত চকুহালৰ পতাকেইটা স্বাভাৱিক অৱস্থাত সংকুচিত আৰু প্ৰসাৰিত হোৱাৰ উপৰি হঁহা, কন্দা আৰু চিন্তিত অৱস্থাতো তাৰ দুয়োটা কাম চলি থাকে। এদিনত প্ৰায় ১০,০০০ বাৰ চকুহাল পচৰা হয়। ভাবি চাওকচোন চকুহালৰ বাবেই পতাখনে কিমান কাম কৰে।

দেহৰ আন অংগৰ ছালতকৈ চকুৰ চাৰিওফালে আৱৰি থকা ছালখন নিচেই পাতল আৰু ঠুনুকা, কেৱল ০.৫ মি:মি: হে। দেহটো অসুখত আক্ৰান্ত হ’লে, চিন্তা-ভাবনা উত্তেজনাত জৰ্জৰিত হ’লে নাইবা বয়স বাঢ়িলেও চকুহালৰ গুৰিয়েই এইবোৰৰ প্ৰথম চিনাকি দিয়ে। ছালত থকা তেল ৰসৰ গ্ৰন্থিবোৰ এই ডোখৰ ঠাইত আন ঠাইতকৈ কম পৰিমাণত থাকে, যিবোৰ ছালখন কোমল আৰু সেমেকা কৰি ৰখাত সহায় কৰে। সেইকাৰণে চকুৰ গুৰিত আঁচপৰা, টোপোলা বন্ধা, ওফন্দি পৰা চকুৰ গুৰি ক’লা পৰা আদি সমস্যাই সোনকালে দেখা দিয়ে।

কিছুমান শুদ্ধ পদ্ধতিৰে যদি চকুযুৰিৰ যত্ন লোৱা হয়, তেন্তে উল্লেখিত আসোঁৱাহসমূহে সোনকালে আমনি কৰিবলৈ সুবিধা নাপায়। চকুযুৰিৰ যত্নৰ ক্ষেত্ৰত পোনপ্ৰথমেই মনযোগ দি চকুযুৰি পৰিষ্কাৰ কৈ ৰাখিলে দেখাত উজ্জ্বল লাগে।

চকুযুৰি ৰক্ষা কৰাৰ প্ৰাকৃতিক ব্যৱস্থা

চকুৰ চেলাউৰি, চকুৰ পতা, চকুৰ পতাৰ নোম আৰু চকুৰ পানী ইত্যাদি চকুৰ বিশেষ অংগবোৰে স্বাভাৱিকভাৱে চকুযুৰিক ৰক্ষা কৰি থাকে। চকুৰ চেলাউৰিয়ে কপালৰ ঘাম বা বাহিৰৰ পানী চকুত পৰাত বাধা দিয়ে। চকুৰ পতাই চকুৰ মণিত যাতে পোণেই একো বস্তু সোমাব নোৱাৰে, তাত বাধা জন্মায় আৰু জিৰণি কোৱাৰ সময়ত চকুত আৰাম দিয়ে। চকু বন্ধ কৰিলেও চকুৰ পতাৰ সামান্য ফাঁক থাকে, চকুত নোম থকাৰ বাবেই সেই ফাঁকেৰে ধুলি-মাকতি বা আন বস্তু সোমাব নোৱাৰে। চকুৰ ভিতৰলৈ তদুপৰি চকুৰ একেবাৰে কোণত থকা, অৰ্থাৎ চকুৰ পতাৰ পাছত থকা ক্ষুদ্ৰ ফুটাবোৰেদি চকুৰ পানী ওলাই চকুযুৰিক সকলো সময়তে আৰ্দ্ৰ কৰি ৰখাৰ লগতে ধোৱা কামো কৰি থাকে। সেইকাৰণে চকুৰ প্ৰসাধন চকুৰ ভিতৰফালে নলগাইল বাহিৰৰ ফালে লগোৱা ভাল আৰু তেতিয়া চকুৰ পানী ওলোৱাতো বাধা নজন্মে।

বাহ্যিক আৰু আভ্যন্তৰীণভাৱে চকুৰ যত্ন

  • চেঁচা পানী এভাগত দুভাগ গোলাপজল মিহলাই লৈ চকু ধোৱাৰ বাবে পানী তৈয়াৰ কৰি লব লাগে।
  • চাহপাত দিয়া পানী উতলাই চেঁচা কৰি সেই পানীৰে চকু ধুলে, চকুকেইটাই আৰাম পায়।
  • একাপ উতলোৱা পানীত এটা মাহৰ সমান বৰিক এচিড দি ৰঙাপৰা বা ফুলা চকু ধুলে আৰাম পোৱা যাব।
  • কুহুমীয়া গৰম পানীত অকণমান নিমখ দি পানীখিনি চেঁচা কৰিও চকু ধুব পাৰি।
  • পুৱা শুই উঠি আৰু ৰাতি শুবৰ সময়ত চকুহাল মুদি লৈ চেঁচা পানী মাৰিলে চকুৰ সিৰা-উপসিৰাবোৰ উত্তেজিত হয়। ফলত তেজ চলাচলৰ গতি বাঢ়ি চকুহালক সুস্থ কৰি তোলে।
  • তিঁয়হ, আলু নাইবা আপেলৰ চেঁচা ৰস কপাহত লগাই চকুৰ গুৰিত লগাই কিছু সময় জিৰণি ল’লে চকুৰ গুৰি ক’লা পৰা সমস্যা আতৰ হয়।
  • চেঁচা গাখীৰৰ লগত দুটামান বাদাম পিহি লগালেও চকুৰ কলা পৰা সমস্যা আঁতৰে।
  • চকুৰ পতা ফুলি থকা সমস্যাই দেখা দিলে চাহপাতৰ সৰু মোনা বনাই (নতুন মছলিন কাপোৰেৰে বা কিনিবলৈও পোৱা যায়) কুহুমীয়া গৰম পানীত বেগটো তিয়াই চকুহাল মুদি ওপৰত থৈ বিশ্ৰাম ললে এই সমস্যা আতৰে।
  • হাতৰ আঙুলিকেইটা কপৰ আকৃতিৰে লৈ চাৰিটা আঙুলি চেলাউৰিৰ ওপৰত বুঢ়া আঙুলিটো হনুৰ ওপৰত থৈ লাহে লাহে চকুটো মেলি দিব আৰু অকণো অসুবিধা নোহোৱাকৈ চকুহাল পচাৰিব লাগে। এনে ব্যয়ামে চকুৰ আসোৱাহসমূহ দূৰ কৰে।
  • চকুৰ চেলাউৰি আৰু চকুৰ পতা তললৈ ওলমি পৰাত বাধা দিবলৈ হলে হাতৰ বুঢ়া আৰু তৰ্জনী আঙুলি দুটা চেপেনাৰ আকৃতি লৈ বুঢ়া আঙুলিটো আধা মুদা চকুৰ পতাত আৰু বাকী তৰ্জনী আঙুলিটো চাৰিটা আঙুলি চেলাউৰিৰ ওপৰত লাহেকৈ ধৰি বাহিৰৰ ফালে তুলি দিব লাগে। এবাৰ এটা চকুত আৰু আনবাৰ আনটো চকুত এনেধৰণে কৰিব লাগে। তাৰোপৰো খৰকৈ খোজকঢ়া, জগিং, চাইকেল চলোৱা, এৰোবিক, স্কিপিং আদিয়ে চক্যৰ সুস্থতা ৰক্ষাত সহায় কৰে।
  • চকুৰ সুস্থতা ৰক্ষাত আহাৰ

চকুৰ গুৰিৰ ছাল আৰু চকুহাল সুস্থকৈ ৰাখিবলৈ হ’লে পুষ্টিসাধক আহাৰ খোৱাৰ লগতে যথেষ্ট পৰিমাণত জিৰণি লোৱাটো দৰকাৰ। ভিটামিন এ আৰু ভিটামিন বি-২ ৱে চকুৰ সুস্থতা ৰক্ষাত যথেষ্ট সহায় কৰে। এই দুয়োবিধ ভিটামিন গাজৰ, বিলাহী, সেউজীয়া শাক-পাচলি পোৱা যায়। তাৰোপৰি চকুৰ বাবে টোপনিৰ প্ৰয়োজন। নিতৌ কমেও আঠঘন্টা শুব লাগে।

মুঠতে, চকুৰ যত্নৰ ক্ষেত্ৰত বিশেষকৈ তিনিটা কথা মনত ৰখা ভাল। প্ৰথমটো হ’ল চকুৰ গুৰিৰ ছালত তেজ চলাচল কাৰ্য ঠিকমতে চলি থাকিলে আৰু তেজৰ কণিকাবোৰ চঞ্চল আৰু সজীৱ হৈ থাকিলে চকুৰ গুৰিত ক’লাপৰা সমস্যাটো পৰা ৰক্ষা পাব পাৰি। দ্বিতীয়টো হ’ল চকু আৰু চকুৰ গুৰিৰ লগত সংযোজিত ক্ষুদ্ৰ কণিকাবোৰক শক্তিশালী আৰু মজবুত কৰি ৰখা। এনে কৰিলে চকুৰ গুৰিৰ পানী জমা হ’বলৈ সুবিধা নিদিব। তৃতীয়টো হ’ল, সুস্থ মজবুত ছালৰ গ্ৰন্থিবোৰে বয়সৰ চাপ পৰাত বাধা জন্মায়।

চকুযুৰি বৰ মূল্যৱান সম্পত্তি। গতিকে চকুযুৰিক আদৰ-সাদৰ কৰি ৰাখিলে চকুযুৰিয়ে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব।

ইন্দ্ৰাণী চৌধুৰী।

3.07246376812
ফুৰকান আলী ৮৭৫৩৯৮৭৫৮২ Jul 13, 2019 08:31 PM

আমাৰ চকুৰ মনিৰ আকাৰ কিহে নিয়ন্ত্ৰন কৰে?

manzil Jul 14, 2016 12:03 PM

মোৰ চকুযুৰিৰ পৰা পানী পৰি থাকে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top