মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকুৰ যত্ন / সাৱধান চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাৱধান চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোক

সাৱধান চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোক, সেই বিষয়ে লিখা হৈছে ।

 

কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰনত বিভিন্ন ধৰনৰ বেমাৰে বাঁহ লৈ ব্যতিব্যস্ত কৰি তোলে।

বিভিন্ন ধৰনৰ বেক্টেৰীয়া, মাইক্ৰ বেক্টেৰীয়া, ভাইৰাচ, ফাংগাচ আদিয়েই এই বেমাৰ সমূহৰ বাহক হয়।

আজি মই আপোনালোকক এনে কিছুমান বিচিত্ৰ সংবাদ দিবলৈ উলাইছো যিবোৰ শুনাৰ পাছত আপোনাৰ গাৰ নোম শিহৰি উঠিব আমি আমাৰ শৰীৰটো সদায় চাফচিকুন কৰি ৰাখো আৰু আমি ভাবো যে, আমি আমাৰ শৰীৰটো বিষয়ে সকলো কথা জানো।

কিন্তু বিজ্ঞানী সকলে বহু গৱেষনাৰ অন্তত কিছুমান বিচিত্ৰ সত্য উৎঘাটন কৰিবলৈ সক্ষম হৈছে।

১)চকুৰ নোম(demodex in eye hair):

আমাৰ চকুৰ যিবোৰ নোম থাকে এই বোৰ আমাৰ চকুকেইটাত ধুলি-বালিৰ পৰা ৰক্ষা কৰে। কিন্তু আপুনি জানি আচৰিত হব যে এই নোমৰ উপৰত এক প্ৰকাৰৰ ভয়ংকৰ পোক থাকে যাৰ নাম demodex.অকল এই demodex এই নহয় ইয়াৰ উপৰিও আৰু কেইবা প্ৰকাৰৰ জীৱানু থাকে। যদি আপুনি মাইক্ৰস্কুপৰ দ্বাৰা আপোনাৰ চকুৰ নোম পৰীক্ষা কৰি চায় তেনেহলে এই DEMODEX নামৰ পোকটো দেখা পাব।

2)প্ৰতি ছেকেণ্ডত মগজুৰ ৰাসায়নিক বিক্ৰিয়াৰ সংখ্যা:

আপুনি জানে নে এক চেকেণ্ডত আমাৰ মগজুত কিমান বাৰ ৰাসায়নিক বিক্ৰিয়া হয়? এক লাখ হয়।

ঠিকেই শুনিছে এক লাখ কেমিকেল ৰিয়েকচন আমাৰ মগজুত ঘটিত হৈ থাকে আৰু এই ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থকাৰ বাবেই আমি জীয়াই থাকো। যদি ইয়াৰ এটা কম হৈ যায় তেতিয়া হলে মানুহ জীয়াই থাকিব নোৱাৰে।

৩)শৰীৰৰ তেজ হাজাৰ কিলোমিটাৰ দৌৰ:

আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ তেজ সদায় দ্ৰুত গতিত চলাচল হৈ থাকে। কিন্তু আপুনি জানেনে তেজ কিমান কিলো মিটাৰ যায়।

যদি আমি ইয়াৰ গতি জোখু তেতিয়া হলে গম পাব যে আমাৰ শৰীৰত তেজ প্ৰতি দিনে ১৯৩১২ কিলোমিটাৰ চলাচল কৰে। ইয়াক যদি আমি চাও তেনেহলে দেখিব যে ভাৰতৰ পৰা সুদুৰ আমেৰিকালৈ কে দূৰত্বৰ সমান গতি কৰে।

৪)মগজুৰ ক্ষমতা:

মানুহৰ চকু ৫৭৬ মেগাপিকচেল হয়। কিন্তু আপুনি জানেনে আমাৰ মগজু ২.৫ PB ৰ হয়। আমি যে কওঁ এই গানটো ৫ mb ৰ হয়, ফিলিম খন ৫ gb ৰ হয়, এতিয়া চাওঁক প্ৰথম হল-

 

kb

kilobyte

mb

megabyte

gb

gigabyte

tb

terabyte

pb

petabyte

 

1000gb = 1tb, আৰু 100TB = 1PB, PB মানে পেটা বাইট। আৰু আমাৰ মগজুত 2.5PB ৰ তথ্য সঞ্চয় কৰিব পৰা ক্ষমতা আছে। যিটো গণনাৰ বাহিৰত। সৰ্ব্ব সাধাৰন মানুহেটো 1/2 PB ৰ ব্যৱহাৰ নকৰে কিন্তু যিসকল বিজ্ঞানী, বিদ্ব্যান তেনে ব্যক্তিয়ে চাগেনিজৰ জীৱন কালত 1PB লৈকে ব্যৱহাৰ কৰি লয়।

৫)প্ৰতি দিনে গ্ৰহণ কৰা উশাহ:

আমি সকলোৱে উশাহ লওঁ কিন্তু আপুনি জানেনে আমি এদিনত কিমান বাৰ উশাহ লওঁ? ইয়াৰ উত্তৰ হল প্ৰায় ২৩১০০ বাৰ যদি আপুনি এথাইত বাহিলৈ এদিন হিচাপ কৰে তেতিয়া আপুনি গম পাব।

৬)এদিনৰ হাৰ্টবিট:

আমাৰ হৃদপিণ্ডটোৰ এদিনৰ হাৰ্টবিট প্ৰায় ১,১৫,২০০ বাৰ।

৭)জীৱফন কালত এজন মানুহে ৫ বছৰ আন্ধাৰত কটায়:

আমি সদায় যিকোনো সময়তে চকুৰ পলক পেলাওঁ আৰু তেতিয়া ১ চেকেণ্ডৰ বাবে হলেও আমি নেদেখা হওঁ এই পলকত আন্ধাৰ হোৱা সময় খিনি লগ লগালে আমি গোটেই জীৱন কালত প্ৰায় ৫ বছৰ দিন আন্ধাৰত থকাৰ সমান হয়।

৮)শৰীৰৰ নাৰ্ভৰ দৈৰ্ঘ্য:

আমাৰ শৰীৰ নাৰ্ভ সমূহ যদি জোৰা লগোৱা হয় তেতিয়া ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭৫ কিলো মিটাৰ হব।

৯)হাঁচিৰ গতি:

আমি সকলোৱে কিবা নহয় কিবা কাৰনত হাঁচি মাৰিব লগা হয়।যদি আমি এই হাঁচিৰ গতি জোখো তেতিয়া ইয়াৰ গতি হব ১৬০ কিলোমিটাৰ প্ৰতি ঘন্টাত।

১০)পকী দেৱালতলৈও মজবুট মানুহৰ হাড়:

মানুহৰ জংঘাস্থি অৰ্থাৎ ঠাইৰ হাড় সকলোতকৈ টান হয়। যদি ইয়াৰ মজবুটী জোখা হয় তেতিয়া গম পাব যে ইয়াৰ দৃঢ়তা কংকিততকৈও মজবুট হয়।

১২)আমাৰ হাওঁফাওঁ:

আমাৰ হাওঁফাওঁত থকা খালী ঠাইবোৰ এখন টেনিচ কটৰ সমান।

১৩)মানুহৰ মুখৰ ভিতৰত থকা অনুজীৱ:

আমাৰ মুখৰ ভিতৰত আমাৰ অজ্ঞাতেই এখন জীৱানুৰ ব্ৰহ্মাণ্ড আছে। যদি এই জীৱানুবোৰ হিচাপ কৰা হয় তেন্তে প্ৰায় ৭০০ কৌটি হব।

১৪)জিহ্বাৰ চাপ:

আমি জানো যে প্ৰতিজন মানুহৰে হাতৰ আঙুলিৰ চাপ বেলেগ বেলেগ হয়। কিন্তু আপোনি জানেনে আমাৰ জিহ্বাটো একক ধৰনৰ ৰেখা থাকে। যিবোৰ কোনো ব্যক্তিৰ কাৰো সৈতে নিমিলে।

১৫)মগজুৰ নিউৰনৰ সংযোগৰ গতি:

আপোনালোক জ্ঞাত যে আমাৰ মগজুৰ এটা নিউৰনে অন্য এটা নিউৰনৰ সৈতে যোগা যোগ ৰক্ষা কৰি চলে আৰু এই সংযোগৰ গতি যদি আমি জুখো তেতিয়া হলে গম পাব যে ৪০০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতিত এটা নিউৰনে আনটোৰ লগত সংযোগ স্হাপন কৰে।

যিটো এখন বোলেট ট্ৰেইনৰ গতিৰ সমান। আমাৰ মগজুত সদায় বৈদ্যুতিক সংবাহ প্ৰৱাহ অব্যাহত থাকে কিন্তু আমি গমেই নাপাওঁ।পৃথিৱীৰ সকলো বিলাক যন্ত্ৰৰ ভিতৰত আমাৰ মগজু এনে এটা যন্ত্ৰ যি নেকি ইমান বোৰ কাৰ্য সম্পাদন কৰে কোনো ধৰনৰ শব্দ নোহোৱাকৈ।

১৬)চাপৰ পৰিবৰ্তন(Skin Shed):

প্ৰতি দিনে এজন ব্যক্তিৰ ১০ লাখ চাল কোষ খহি পৰে। যদি ইয়াক জোখা হয় এক বছৰত মানুহৰ প্ৰায় ২ কেজি চাল সৰে।

১৭)এজন ব্যক্তিৰ জীৱন কালৰ খাদ্য:

জন ব্যক্তিয়ে জীৱন ভৰ খোৱা খাদ্য যদি জোখা হয় তেনেহলে প্ৰায় ৩৫ টন হব।

লেখক: ডাঃ হৰিকান্ত দাস

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top