মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ছালৰ ৰোগ / ছালৰ যতন আৰু প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ যতন আৰু প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ

ছালৰ যতন আৰু প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ

 

আধুনীক সমাজ-ব্যৱস্থাত সৌন্দৰ্য সজাগতাৰ লগে লগে নিয়মীয়া ছালৰ যতন সম্বন্ধে মানুহৰ সচেতনতা যথেষ্ট বৃদ্ধি পাইছে। তদুপৰি নানা ধৰণৰ প্ৰসাধন সামগ্ৰীৰে বজাৰ ভৰি পৰাৰ লগে লগে ইয়াৰ চাহিদা আৰু ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। পুৰণি দিনৰ পৰা চলি অহা সাধাৰণ ন্যূনতম ছালৰ যতন, যেনে- চাফ-চিকুণ পৰিৱেশ ৰক্ষা কৰা আৰু যিমান পাৰি কম পৰিমাণৰ প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ ঠাইত বজাৰত সহজলভ্য, (নামী-অনামী) প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰে মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত স্থান লাভ কৰিছে। কিন্তু এই সকলো ব্যৱহাৰৰ আগত ছালৰ গুণাগুণ, প্ৰকাৰ আৰু কোনবিধ বস্তু কেনেকুৱা ছালৰ বাবে বিশেষভাৱে উপযোগী সেইটো জনাটো খুবেই দৰকাৰী। ইয়াৰ অন্যথা যথেষ্ট দামী আৰু উপকাৰী সামগ্ৰীয়েও ছালৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি নষ্টহে কৰিব পাৰে।

সেয়ে ছালৰ প্ৰকাৰ সম্বন্ধে আৰু প্ৰসাধন সামগ্ৰীৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্ট ধৰণৰ ছালৰ ওপৰত কেনেকুৱা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জনাটো প্ৰয়োজন।

ছালৰ প্ৰকাৰ পাঁচ ধৰণৰ-

  • সাধাৰণ
  • তেলেতীয়া
  • শুকান
  • সংবেদনশীল (ছেনচিটিভ) আৰু
  • মিহলি টাইপ

ছালৰ প্ৰকাৰ নিৰ্ধাৰণ কৰাৰ বাবে সাধাৰণতে নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰা হয় যদিও আজিকালি বিভিন্ন উন্নত মানৰ যন্ত্ৰপাতি, যেনে- মইশ্বাৰ চেকাৰ, ডাৰ্মাস্নেন আৰু ডাৰ্ম’স্ক’প আদিৰ জৰিয়তে ইয়াৰ ক্ষুদ্ৰতম সনিশেষ বিস্তৃতভাৱে জানিব পাৰি- যিয়ে পিছৰ পৰ্যায়ৰ ছালৰ পৰিচৰ্যাত বিশেষ সুবিধা কৰে।

দৈনিক ছালৰ যতন প্ৰধানকৈ নিৰ্ভৰ কৰে নিৰ্দিষ্ট ভৌগোলিক স্থানৰ বতৰৰ ওপৰত (বতাহ, ঠাণ্ডা, আৰ্দ্ৰতা) আৰু কৰ্মসংস্থাপনৰ ওপৰত, কিন্তু প্ৰাথমিকভাৱে স্কিন টাইপ সদায় জীৱনগতভাৱে পৰিচালিত হয় আৰু বয়সৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে। ইয়াৰ উপৰি একেজন ব্যক্তিৰে দেহৰ বিভিন্ন অংশবিশেষে স্কিন টাইপ বেলেগ বেলেগ হ’ব পাৰে। আকৌ বয়স বাঢ়ি অহাৰ লগে লগে শুকান ছালৰ পৰিমাণ বাঢ়ি আহে আৰু ওলাই থকা অংগসমূহৰ (মুখ, হাত, ভৰি আদিত) ইয়াৰ প্ৰভাৱ অতি লক্ষণীয় হয়।

শুকান ছালৰ বাবে ল’বলগীয়া যত্নঃ

  • সাধাৰণতে গ্লিচাৰিনযুক্ত চাবোন, ক্লীনজিং মিল্ক, লিকুইড পেৰাফিন, বেবী অইল, ৱাটাৰ বেছ্‌ড ক’লড্‌ ক্ৰীম আদি ব্যৱহাৰ কৰিব লাগে।
  • ট’নাৰ বেছি ব্যৱহাৰ নকৰাই ভাল।
  • ফেচিয়েল অইল মাস্ক ব্যৱহাৰ কৰিব পাৰি।
  • মইশ্বাৰাইজাৰ দৈনিক সঘনাই ব্যৱহাৰ কৰিব লাগে। গ্লাইক’লিক এচিডযুক্ত ক্ৰীম ব্যৱহাৰ কৰিলে ভাল।
  • হাত আৰু ভৰিৰ তলুৱাৰ বাবে হোৱাইট পেট্ৰলিয়াম জেলী ব্যৱহাৰ কৰিব পাৰি। গৃহিণীসকলে কুকিং অইলো ৰন্ধন পৰ্বৰ মাজে মাজে হাত-ভৰিত লগাই থাকিব পাৰে।
  • শুকান ছালৰ বাবে উপযোগী ভাল ব্ৰেণ্ডৰ ফাউণ্ডেচন আদিহে ব্যৱহাৰ কৰিব লাগে।
  • যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ আগেয়ে কাণৰ পিছপিনে লগাই পৰীক্ষা কৰি চাব লাগে।

তেলেতীয়া ছালৰ বাবে ল’বলগীয়া যত্নঃ

  • এনে ছালৰ বাবে যিমানদূৰ সম্ভৱ কম পৰিমাণে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেই ভাল।
  • নিয়মীয়া চাফ-চিকুণতাত চকু দিব লাগে। প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছত সম্পূৰ্ণভাৱে চাফা কৰি পেলাব লাগে।
  • যদি চুলিৰ উফি আদি থাকে তাৰ বাবে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে।
  • ৱাটাৰ বেছ্‌ড কছমেটিক্‌ছ লোশ্বন বা মইশ্বাৰাইজাৰ, ট’নাৰ আদি ব্যৱহাৰ কৰা উচিত। ক্ৰীম বা পেষ্টযুক্ত সামগ্ৰীসমূহ ব্যৱহাৰ নকৰাই ভাল।
  • যিমানদূৰ পাৰি ক্লীনজিং ক্ৰীম ব্যৱহাৰ নকৰি এণ্টিবায়টিক চাবোন দি মুখ কমেও দিনে দুবাৰ ধুব লাগে।
  • এছট্ৰিনজেট আৰু ট’নাৰ ব্যৱহাৰ কৰিব লাগে।
  • শালমইনাৰ সমস্যা থাকিলে নিয়মিত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে। ফাউণ্ডেচন লগাওঁতে অইল ফ্ৰী, মেট বা ছেমিমেটযুক্ত লিকুইড লোশ্বনযুক্ত হ’লে ভাল, ট্ৰেন্স্পাৰেণ্ট বা লুজ ফেচিয়েল পাউদাৰ ফাউণ্ডেশ্বনৰ ওপৰত ব্যৱহাৰ কৰিব পাৰি।
  • যিকোনো প্ৰসাধন সামগ্ৰী নন-কমেড’জেনিক বা ভাল ব্ৰেণ্ডৰ বুলি লিখা থাকিলেও পৰীক্ষা কৰিহে ব্যৱহাৰ কৰিব লাগে।
  • গ্লাইক’লিক এচিডযুক্ত মইশ্বৰাইজাৰ ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল।

সংবেদনশীল ত্বকৰ বাবে প্ৰসাধন সামগ্ৰীৰ বাছনিঃ

  • যথাসম্ভৱ ক্ৰীম বা লোশ্বনৰ সলনি পাউদাৰ সমগ্ৰী ব্যৱহাৰ কৰা উচিত।
  • সকলো প্ৰসাধন সামগ্ৰী সহজে পানীৰে ধুব পৰা হ’ব লাগে। ৱাটাৰ প্ৰুফ কছমেটিকছ্‌ ব্যৱহাৰ নকৰাই ভাল।
  • পুৰণি হৈ যোৱা বহুদিন অব্যৱহৃত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।
  • যিমানদূৰ সম্ভৱ আইলাইনাৰ আৰু মাস্কাৰা ক’লা ৰঙৰ লোৱা ভাল।
  • আইলাইনাৰ বা মাস্কাৰা পেন্সিল হ’লে ভাল।
  • আইশ্বেড’ সদায় পাতল ৰঙৰ হ’লে ভাল (গাঢ় ৰং যেনে- নীলা, বেঙুনীয়া, সেউজীয়া আদি ল’ব নালাগে)।
  • প্ৰসাধন সামগ্ৰী কেমিকেল ছানস্ক্ৰীনযুক্ত হ’ব নালাগে।
  • প্ৰসাধন সামগ্ৰী বাছনি কৰাৰ সময়ত ইয়াৰ উপাদান দহবিধতকৈ বেছি হ’ব নালাগে।
  • নেইল পলিছৰ ব্যৱহাৰ কমাই কৰিলেই ভাল।
  • ফেচিয়েল ফাউণ্ডেচন লোৱাৰ সময়ত ক্ৰীম, পাউদাৰ হ’ব লাগে নাইবা জুলীয়া হ’লে ছিলিকন ডাইৰাইভেটিভ থকা হ’ব লাগে।
  • মাইল্‌ড ছাল ক্লীনজাৰ আৰু নিতৌ ব্যৱহাৰ কৰিব লাগে।
  • যদি লগতে শুকান ছালৰ সমস্যা থাকে, তেন্তে ব্ৰেণ্ড মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰা উচিত।
  • হঠাৎ এই সমস্যাই দেখা দিলে আগতে ব্যৱহাৰ কৰি থকা সকলো প্ৰসাধন সামগ্ৰী বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

চুলি বেছিকৈ সৰ ৰোধ কৰিবলৈ কেতবোৰ পৰামৰ্শঃ

  • চুলি তিতা থকা অৱস্থাত ফণিয়াৰ বা ব্ৰাছ কৰিব নালাগে।
  • চুলি বতাহত সাধাৰণভাৱে শুকুৱাব লাগে।
  • যদি গৰম বতাহ দিয়া dryer ব্যৱহাৰ কৰা হয়, তেন্তে তাপমাত্ৰা ন্যূনতম হোৱা উচিত।
  • ডাঙৰ বহল ফাঁক (দাঁত) থকা প্লাষ্টিকৰ ফণি ব্যৱহাৰ কৰিব লাগে।
  • চুলি ব্ৰাছ কৰাৰ সলনি ফণি ব্যৱহাৰ কৰা ভাল।
  • যদি ব্ৰাছ ব্যৱহাৰ কৰিব লাগে, প্লাষ্টিকৰ আগটো ঘূৰণীয়া মোটা ব্ৰাছ ল’ব লাগে।
  • টান ক্লিপ বা ৰাবাৰবেণ্ড ব্যৱহাৰ কৰিব নালাগে।
  • চুলিৰ ষ্টাইল আৰু সেওঁতা বদলাই থাকিব লাগে।
  • যিমান পাৰি চুলিখিনি কম পৰিমাণে কোমলভাৱে পৰিচৰ্যা কৰিব লাগে।
  • বৰ বেছি বতাহ বা ৰ’দৰ পৰা চুলিখিনিক বচাই চলিব লাগে।
  • চুলিৰ ষ্টাইল কৰোঁতে বেছি টানি বান্ধিব নালাগে।
  • চুলিখিনিক কোমল মিহি আৰু পাতল ছিল্ক ব্লাউজৰ দৰে ব্যৱহাৰ কৰিব লাগে।

শেষত প্ৰসাধন সামগ্ৰী বাছনিৰ ক্ষেত্ৰত কিছু সাৱধানতাঃ

  • ব্যক্তিজনৰ স্কিন টাইপ জনাটো প্ৰথম আৰু প্ৰধান কাম।
  • মইশ্বাৰাইজৰ, ফাউণ্ডেশ্বন আদি বাছনিৰ ক্ষেত্ৰত সেইবোৰৰ উপাদান আৰু নিৰ্দিষ্ট ছালৰ বাবে উপযোগী হয় নে নহয় পৰীক্ষা কৰি ল’ব লাগে।
  • প্ৰসাধন সামগ্ৰী বাছনিৰ ক্ষেত্ৰত ইয়াৰ ৰিজাল্ট দিনৰ উজ্জ্বল পোহৰত চাই ল’ব লাগে।
  • সামগ্ৰীৰ দাম আৰু উৎপাদন কোম্পানী ভাল হ’লেই যে ব্যৱহাৰৰ উপযোগী তেনে নহ’বও পাৰে।
  • নমুনা উপলব্ধ হ’লে কাণৰ পিছফালে লগাই চাই ল’ব লাগে। দৰকাৰ হ’লে পৰীক্ষা কৰিব পাৰি।
  • যিকোনো সামগ্ৰী ব্যৱহাৰ কৰি থকাৰ সময়ত যিকোনো ধৰণৰ প্ৰতিক্ৰিয়া ৰঙা পৰা, খজুওৱা, বিষ হোৱা, গুটি উঠা, জ্বলন হোৱা আদিয়ে দেখা দিলে তাৎক্ষণিকভাৱে ইয়াৰ ব্যৱহাৰ বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

লেখিকাঃ ডাঃ অৰুণা দেৱী, জিএনআৰচি স্বাস্থ্য আলোচনী

3.09090909091
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top