মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ছালৰ ৰোগ / ডায়েবেটিছ আৰু ছালৰ সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ আৰু ছালৰ সমস্যা

ডায়েবেটিছ ৰোগত আক্ৰান্ত প্ৰায়ভাগ লোকৰে চৰ্মৰোগ হোৱা দেখা যায়|

চমু বিৱৰণি

ডায়েবেটিছ ৰোগত আক্ৰান্ত প্ৰায়ভাগ লোকৰে চৰ্মৰোগ হোৱা দেখা যায়| এই ৰোগত আক্ৰান্ত লোকৰ ছালত গ্লাইকোজেনৰ পৰিমাণ কমি গ্লুক’জৰ পৰিমাণ অধিক হয়| অধিক গ্লুক’জ থকাৰ বাবে ছালখন বহু বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে উপযুক্ত প্ৰজনন ক্ষেত্ৰ হৈ পৰে| এই বেক্টেৰিয়া আৰু ভেঁকুৰবোৰে ছালখন সংক্ৰমিত কৰি ছালৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে| ৰক্ত সঞ্চালন দূৰ্বল হোৱাৰ বাবে শৰীৰে এনে ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভেঁকুৰবোৰক ধ্বংস কৰিবলৈ সক্ষম নহয়|

ছালৰ প্ৰধান সমস্যা

ছালৰ খজুৱতি,

একজিমা,

শুকান আৰু খহতা ছাল,

ছাল সৰা আদি মুখ্য সমস্যা|

ছালৰ সমস্যাৰ কাৰণ

উচ্চ পৰিমাণৰ গ্লু’কজে শৰীৰত ডিহাইড্ৰেচনৰ সৃষ্টি কৰে| ফলত ছাল শুকান আৰু খহতা হৈ পৰে| মহিলা সকলৰ জননাংগৰ চাৰিওফালে খজুৱতি হোৱাৰ লগতে গুটি গুটি ওলায়| পুৰুষৰ যৌনাংগৰ আগডোখৰত খজুৱতি হয়| নিয়মীয়াকৈ ছাল পৰ্যবেক্ষণ কৰি ছালৰ ৰং, আকৃতি, ছাল ডাঠ বা পাতল হ’লে, কোনো ঘা বা ফোঁহা হ’লে, বেক্টেৰিয়া সংক্ৰমণৰ প্ৰাথমিক স্তৰ (যেনে-ৰঙা পৰা, উখহি উঠা, টেমুনা আৰু ছালৰ অংশবিশেষ চুলে গৰম অনুভৱ কৰা) কৰঙনৰ চুক, যৌনাংগ আৰু মলদ্বাৰৰ অঞ্চল, কাষলতি, স্তন আৰু ভৰিৰ আঙুলিৰ ফাঁকত খজুৱালে আৰু কোনো ঘা বহুদিনলৈ ভাল নহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে|

ছালৰ যত্ন

ডায়েবেটিছ থকা ৰোগীয়ে ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা| সদায় মৃদু চাবোন বা কুহুমীয়া পানীৰে গা ধুব লাগে| বেছি গৰম পানীৰে গা ধুব নালাগে| গা ধোৱাৰ পিছত ভালদৰে শুকানকৈ গা মচিব লাগে| বিশেষকৈ ভৰিৰ আঙুলিৰ ফাঁক, কৰঙনৰ চুকত যাতে পানী লাগি নাথাকে তালৈ চকু ৰাখিব লাগে| এনে অঞ্চল সেমেকি থাকিলে ভেঁকুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়| ছাল শুকাই যাবলৈ দিব নালাগে| ছাল শুকালে খজুৱতি হয় আৰু খজুৱালে ছাল ফাটি যোৱাৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণ হ’বলৈ সুবিধা পায়| ছাল শুকাই নাযাবলৈ যথেষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ পান কৰিব লাগে| ওমেগা-৩ যুক্ত ফেটি এচিদ খাব লাগে| এয়া সাগৰীয় মাছ, মাছৰ তেল, চয়াবিন, চীনা বাদাম আদিত পোৱা যায়|

ডায়েবেটিছ ৰোগীয়ে অতি ক্ষুদ্ৰ কটা-ছিঙাতো যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে যত্ন লোৱা দৰকাৰ| সৰু-সুৰা ঘা বা কটা-ছিঙাও সঠিকভাৱে চিকিৎসা কৰিব লাগে| কটাৰ লগে লগে চাবোন আৰু কুহুমীয়া পানীৰে ধুই পেলাব লাগে| এলক’হল বা আয়’ডিন থকা এণ্টিচেপ্টিক লগাব নালাগে| এইবোৰ ছালে সহ্য কৰিব নোৱাৰে| কেৱল চিকিৎসকৰ পৰামৰ্শ মতেহে এন্টিবায়’টিক মলম ব্যৱহাৰ কৰিব লাগে| বীজাণু নাশক বেণ্ডেজ কাপোৰ, বেণ্ডএইড আদিৰে ঘাডোখৰ ঢাকি দিব লাগে| যদিহে অতি সাংঘাতিকভাৱে কাটে বা পোৰে; ৰঙা পৰা, উখহি উঠা, পূঁজ জমা হোৱা, বিষোৱা আদি বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ যদি শৰীৰৰ যিকোনো ঠাইত দেখা দিয়ে, অতিশীঘ্ৰে চিকিৎসকক দেখুৱাব লাগে|

লেখক:- ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

উৎস:- দৈনিক অসম

3.10869565217
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top