মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ছালৰ ৰোগ / শীতকালত হোৱা ছালৰ সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালত হোৱা ছালৰ সমস্যা

শীতকালত হোৱা ছালৰ সমস্যা

শীতকালত জলবায়ু ঠাণ্ডা আৰু শুকান হয়। বায়ুমণ্ডলৰ আৰ্দ্ৰতা কমি আহে। ছালখন আৰু চুলিবোৰ হ’ল আমাৰ শৰীৰৰ একেবাৰে বাহিৰৰ তৰপ, সেয়েহে ছাল আৰু চুলিবোৰে শীতকালত আটাইতকৈ বেছি ঠাণ্ডা আৰু শুকান জলবায়ুৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ কাৰণে শীতকালত ছাল আৰু চুলিৰ নানা সমস্যাই দেখা দিয়ে। শীতকালত দেখা দিয়া ছালৰ সমস্যাবোৰৰ ভিতৰত ছাল শুকাই যোৱা (জেৰ’ছিছ কিউটিছ), ভৰিৰ গোৰোহা ফটা, ওঁঠ ফটা, স্কাবিজ, ছালৰ এলাৰ্জী আদি প্ৰধান। শীতকালত হোৱা চুলিৰ সমস্যাৰ ভিতৰত চুলি শুকান, ৰুক্ষ হোৱা আৰু উফি হোৱা প্ৰধান। অকণমান যত্ন ল’লে আৰু সঠিকভাৱে খাদ্য আৰু পানী খালে আমি শীতকালত হোৱা নানাবিধ ছাল আৰু চুলিৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰো।

শীতকাল ছাল শুকাই যোৱা (জেৰ’ছিছ কিউটিছ)

 

 

  • শীতৰ দিনত ছাল শুকাই যোৱাটো সকলো বয়সৰ ব্যক্তিৰ বাবে এক সমস্যা। শীতকালত ঘৰৰ বাহিৰে-ভিতৰে সমানেই জলবায়ুৰ আৰ্দ্ৰতা কমি যায়। ফলত আমাৰ ছালখনে প্ৰয়োজনতকৈ কম পানী পায়। ছালত যেতিয়া পৰ্যাপ্ত পৰিমাণে আৰ্দ্ৰতা নাথাকে তেতিয়াই ছালৰ বাহিৰৰ তৰপটো শুকাই যায় আৰু ছালখন শুকান হৈ পৰে। হাতৰ তলুৱা, চুলি পৰ্যন্ত শুকান শুকান লাগে। ছাল ৰুক্ষ আৰু খৰখৰীয়া হৈ পৰে। ইংৰাজীত ইয়াক জেৰ’ছিছ কিউটিছ (Xerosis cutis) অথবা এষ্টিঅ’টোছিছ কিউটিছ(Asteatosis cutis) বুলি কোৱা হয়। ছালখনৰ কমনীয়তা নোহোৱা হৈ পৰে। শুকান ছাল শেঁতা বগা ৰঙৰ আৰু খহটা হয়। স্নান কৰাৰ পিছত ছালখন টানি ধৰা যেন লাগে। কেতিয়াবা আনকি অন্য অৱস্থাতো ছালখন টানি ধৰা যেন লাগে, ছালখন ৰঙচুৱা হৈ পৰে আৰু ছালত মিহি ফাট মেলে। কেতিয়াবা এনে পৰ্যায় পায়গৈ যে ছাল চটা-চটে এৰায়, ফাটে বা খজুৱতি হৈ ছাল উখহি যায়। শীতৰ দিনত ছাল অতি বেছিকৈ চাফা কৰিলে, অতি বেছিকৈ ঘঁহিলে, অতি গৰম পানীৰে স্নান কৰিলে, টাৱেলেৰে জোৰকৈ ছাল ঘঁহিলে, ঘৰ বা কৰ্মস্থানত বহু সময় ৰূম-হিটাৰ ব্যৱহাৰ কৰিলে, পানী কমকৈ খালে, কিছুমানৰ ঊলেন অথবা ছিন্থেটিক কাপোৰ ব্যৱহাৰ কৰিলে আৰু ডায়েবেটিছ আদি ৰোগ থাকিলেও ছাল বেছিকৈ শুকান হোৱা দেখা যায়। ষ্ট্ৰেটাম কৰ্ণিয়াম বুলি কোৱা ছালৰ আটাইতকৈ বাহিৰৰ তৰপটোৱে ছালখনক বাহ্যিক আঘাতৰপৰা ৰক্ষা কৰে। যেতিয়া ছালখন শুকাই যায়, তেতিয়াই ছালখনৰ বাহ্যিক ৰক্ষা কৱচ ভাঙি যায় আৰু ছালখন নানা ধৰণৰ ইনফেকচন আৰু ইনফ্লেমেচনৰ সন্মুখীন হ’বলগা হয়। তদুপৰি ছাল শুকান হ’লে যিহেতু খজুৱতি বেছি হয়, সেয়েহে অত্যাধিকভাৱে ছাল খজুৱাৰ ফলত শীতকালত ছালৰ নানা ধৰণৰ বীজাণুৰ দ্বাৰা ইনফেকচন আৰু ইনফ্লেমেচন হ’ব পাৰে।

শীতকালত ছাল শুকাই যোৱাটো কমাবৰ বাবে বহুতো সহজ আৰু সুলভ উপায় আছে-

 

  • শৰীৰক বাহিৰৰ শুকান বতাহ আৰু ঠাণ্ডাৰপৰা বচাব লাগে। কাপোৰেৰে শৰীৰৰ সৰ্বাধিক অংশ ঢাকি ৰাখিব লাগে।
  • আক্ৰান্ত ঠাইডোখৰ খজুৱাব নালাগে।
  • অতি গৰম পানী স্নানৰ বাবে ব্যৱহাৰ নকৰি কুহুমীয়া গৰম পানীৰে স্নান কৰিব লাগে। বেছি গৰম পানীয়ে ছালৰ চৰ্বি থকা আৱৰণ নষ্ট কৰে।
  • বেছি সময় স্নান নকৰি চমু স্নান গ্ৰহণ কৰিব লাগে।
  • ছাল পৰিস্কাৰ কৰাৰ বাবে ৰং, এলক’হল আদি নথকা কোমল দ্ৰৱ্য ব্যৱহাৰ কৰিব লাগে।
  • শুকান হোৱা ছালখিনিত চাবোন ব্যৱহাৰ কৰিব নালাগে। চাবোনৰ ব্যৱহাৰ যিমানে কমাই কৰিব পাৰি সিমানেই ভাল। উপায় নহ’লে কোমল তেল মিহলি কৰা চাবোন ব্যৱহাৰ কৰিব লাগে।
  • এই দিনকেইটাত জেলৰ ব্যৱহাৰ বৰ্জন কৰা উচিত।
  • স্নান কৰাৰ আগতে শৰীৰত তেল ঘঁহি ল’ব পাৰে। তেলে ছালৰপৰা পানী ইভাপোৰেচন হোৱা কমাই ছালখনত পানীবোৰ ৰাখি থৈ ছাল শুকান হোৱা কমায়।
  • স্নান কৰাৰ পিছত কোমল টাৱেলেৰে শৰীৰটো এবাৰে মচিব লাগে, বাৰে বাৰে টাৱেলেৰে ঘঁহি থাকিব নালাগে।
  • ছালক জীপাল কৰি ৰাখিবলৈ স্নান কৰাৰ পিছত মইশ্বাৰাইজাৰ সানিব লাগে। ক্ৰীম বা ল’শ্বনতকৈ তেলযুক্ত মইশ্বাৰাইজাৰ ল’ব লাগে। এই তেলে ছালৰ ওপৰত এক ৰক্ষাকাৰী তৰপ সৃষ্টি কৰি ছালৰ সিক্ততা ধৰি ৰাখে।
  • কাপোৰ ধোৱাৰ পিছত নাইবা বাচন ধোৱাৰ পিছত সদায় হাতত লোচন বা জেল ব্যৱহাৰ কৰিব লাগে। কাৰণ চাবোনে সদায় আমাৰ ছালখন শুকান কৰি পেলায়। হাতত লোচন বা জেল লগালে চাবোনৰপৰা ছালখন সুৰক্ষিত থাকে।
  • শীতকালত যথেষ্ট পানী সেৱন কৰিব লাগে, ই ছালৰ সিক্ততা ধৰি ৰাখে। অতি কমেও ২-৩ লিটাৰ পানী প্ৰতিদিনে খাব লাগে।
  • পাঁচ মিনিটৰ এক কুহুমীয়া পানীৰ পৰশ সম্পূৰ্ণ শৰীৰত দৈনিক ব্যৱহাৰ কৰা দৰকাৰ।
  • বাহিৰ ওলালে সদায় ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে।

উপৰিউক্ত প্ৰতিৰোধক ব্যৱস্থাবোৰ গ্ৰহণ কৰাৰ পিছতো যদি কেইসপ্তাহমানৰ ভিতৰত ছালৰ শুষ্কতা নকমি বাঢ়ি থাকে, অতিমাত্ৰা খজুৱতি হয়, ছাল উখহি উঠি চটা-চটে এৰাই থাকে, ছালৰপৰা ৰক্তক্ষৰণ হয় তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকে এণ্টিবায়োটিক বা অন্য উপযুক্ত দৰব দিব। অন্যথা ই শৰীৰৰ ভিতৰলৈ বিয়পি চেপচিচ, গেংগ্ৰিণ আদি কৰি ছালত স্থায়ী ক্ষত এৰি যোৱাৰ উপৰি মানুহক মৃত্যুৰ মুখলৈও ঠেলি দিব পাৰে।

শীতকাল আৰু ভৰিৰ গোৰোহা ফটা

 

 

ভৰিৰ গোৰোহা ফটাটো এটা সৌন্দৰ্য সংক্ৰান্তীয় সমস্যা। ই মানুহক বহু সময়ত বিৰক্তিকৰ অৱস্থাত পেলাব পাৰে। সাধাৰণতে গোৰোহাৰ বাহিৰফালৰ ছাল টান, ডাঠ আৰু শুকাই গৈ এৰাই যায়। কেতিয়াবা কম-বেছি পৰিমাণে বিষ হোৱাৰ লগতে তেজো ওলাব পাৰে। শীতকালত ছাল শুকাই গ’লে এনে হয়। গোৰোহাৰ বাহিৰৰ অংশটোৰ ছাল বেছি ডাঠ হৈ গ’লে এই সমস্যাটো বেছিকৈ হয়। শীতকালত যিকোনো লোকৰে গোৰোহা ফাটিব পাৰে, কিন্তু সম্ভাৱনা বেছি থকা কাৰণবোৰ হ’ল-

  • শুকান জলবায়ুৰ পৰিৱেশত বসবাস কৰা।
  • শৰীৰ শকত আৰু ওজন বৃদ্ধি।
  • একেৰাহে খালী ভৰিৰে খোজকঢ়া বা গোৰোহা ওলাই থকা চেণ্ডেল, জোতা পিন্ধা।
  • ঘামগ্ৰন্থিৰ নিষ্ক্ৰিয়তা ইত্যাদি।

ভৰিৰ আন সমস্যাৰ দৰে ভৰি ফটাৰ চিকিৎসা নকৰাকৈ থাকিলে ই দ আৰু সংক্ৰমিত হ’ব পাৰে। যিসকল লোকৰ ডায়েবেটিছ বা ৰোগ প্ৰতিৰোধ সংক্ৰান্তীয় কিবা সমস্যা আছে, তেনে লোকৰ বাবে ই ভয়াবহ হৈ উঠিব পাৰে।

নিয়মীয়াকৈ মইশ্বাৰাইজাৰ লগাই থাকিলে গোৰোহা ফটা ৰোধ কৰিব পৰা যায়। প্ৰথম দেখা দিয়াৰ লগে লগে পিউমিছ শিলেৰে ডাঠ ছাল আৰু ফটা অংশ সদায় লাহে লাহে ঘঁহি ভৰিৰ ফাটৰ মাজত থকা লেতেৰাসমূহ পৰিষ্কাৰ কৰি ল’ব লাগে, নিমখ মিহলি কুহুমীয়া গৰম পানীত ফটা ভৰিখন প্ৰতিদিনে অতি কমেও আধা ঘণ্টা ডুবাই ৰাখিব লাগে। সদায় দুবাৰ মইশ্বৰাইজাৰ ঘঁহিব লাগে। নিশা শোৱাৰ সময়ত মইশ্বৰাইজাৰ ব্যৱহাৰ কৰি কপাহী মোজা পিন্ধিব লাগে।

ভৰিৰ গোৰোহা ফটাৰ বাব্ৰ গ্লিচাৰিণ নতুবা ইউৰিয়া, গ্লাইকোলিক এচিড, চেলিচাইলিক এচিড, লেকটিক এচিড, হোৱাইট পেট্ৰলেটাইমযুক্ত ক্ৰিম বা লিকুইড ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰি নাৰিকল তেল, বাদাম তেল, তিলৰ তেল সৰিয়হৰ তেল আদি ফটা ছালৰ নিৰাময়ৰ বাবে বহুলভাৱে ব্যৱহৃত এক বিধান। তেলবোৰে ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰাৰ উপৰি ছালক পুষ্টি দিয়ে। বহুতে দৈ আৰু ক্ৰীমো নেমুৰ স’তে মিহলাই ফটা গোৰোহাত লগায়। দৈৰ এণ্টিঅক্সিডেণ্ট গুণে ইয়াৰ ব্যৱহাৰ অধিক কৰি তোলে।

খালী ভৰি, গোৰোহা ওলাই থকা পাতল চ’ল থকা চেণ্ডেল বা জোতা পিন্ধি খোজকাঢ়িব নালাগে। কোমল চ’লৰ জোতা পিন্ধিলে গোৰোহা ফটা নিয়ন্ত্ৰণত আহে। ভৰিৰ গোৰোহা ফটা ব্যক্তিয়ে নিয়মীয়াকৈ কপাহী মোজা পিন্ধাৰ লগতে ঢিলাকৈ জোতা পিন্ধিব লাগে।

শীতকাল আৰু ওঁঠ ফটা

 

 

শীতৰ দিনত ঠাণ্ডা বতাহ আৰু শুকান জলবায়ুৰ বাবে ওঁঠৰ ছাল শুকাই গৈ দেখা দিয়া অন্য এক সমস্যা হ’ল ওঁঠ ফটা। ফটা ওঁঠত প্ৰচণ্ড বিষ আৰু ওঁঠৰ ছাল চটা-চটি এৰা দিয়ে। কেতিয়াবা বেছিকৈ ওঁঠ ফাটি সংক্ৰমণ আৰু ৰক্তক্ষৰণো হয়। ওঁঠ ফটাৰ বাবে পেট্ৰোলিয়াম জেলি ব্যৱহাৰ কৰিব পাৰি।

ভেছলিন, গ্লিচাৰিণ আৰু পেট্ৰলজাত সামগ্ৰীৰ ব্যৱহাৰে ওঁঠৰ ছালৰ আৰ্দ্ৰতা বৰ্তাই ৰাখি ওঁঠ ফটা বন্ধ কৰে।লিপ বাম ব্যৱহাৰ কৰা উচিত।

শীতকাল আৰু স্কাবিজ

 

 

শীতৰ দিনত বেছিকৈ দেখা এক চৰ্মৰোগ হ’ল স্কাবিজ। একেটা পৰিয়ালতে স্কাবিজ ৰোগীৰ স’তে একেলগে শোৱা, বহুদিন অপৰিষ্কাৰ হৈ থকা, কাপোৰ-কানি নোধোৱা আৰু ৰ’দত শুকাব নিদিয়া কাপোৰ ব্যৱহাৰ কৰাৰ ফলত শীতকালত স্কাবিজ অধিক হোৱা দেখা যায়। এই বীজাণুবোৰ ব্যক্তিৰপৰা ব্যক্তিৰ গালৈ ওচৰ সম্পৰ্ক তথা ছালৰ লগত ছালৰ সংস্পৰ্শৰ যোগেৰে বিয়পে। শীতকালত ঠাণ্ডাৰ বাবে এখন লেপ বা কম্বলৰ তলতে বহু ব্যক্তি শোৱে। এনে কৰোতে বহু সময়ত স্কাবিজ ৰোগীৰপৰা অন্য লোকলৈ সহজে স্কাবিজ বিয়পে। কেতিয়াবাহে অতি বিৰলভাৱে কুকুৰ-মেকুৰী আদিৰপৰা বিয়পে, কাৰণ জীৱ-জন্তু আৰু মানুহৰ গাত হোৱা এই ৰোগৰ বীজাণু পৃথক হয়। স্বাবিজৰ ফলত পানী জোলা আৰু উখহি উঠাৰ দৰে ঘাঁৰ সৃষ্টি হয়। এইবোৰ আঙুলিৰ ফাঁক, মণিবন্ধ, কিলাকুটিৰ ভাঁজ, কৰঙন আৰু আঁঠুত হোৱা দেখা যায়। খজুৱতি হয়। দিন বঢ়াৰ লগে লগে খজুৱতিও বাঢ়ি যায়।

স্কাবিজ প্ৰতিকাৰৰ বাবে বিচনাৰ কাপোৰবোৰ ভালদৰে গৰম পানীৰে ধুব লাগে। এনে কৰিলে বীজাণুবোৰ মৰি যায়। সঠিক অনুসন্ধান আৰু চিকিৎসাৰ বাবে চিকিৎসকৰ লগত পৰামৰ্শ কৰিব লাগে। চিকিৎসকে পাঁচ শতাংশ Permethrin অথবা ২৫ শতাংশ Benzyl Benzoate আদি স্কাবিচাইদ দৰব দিয়ে। যেতিয়ালৈকে এজন ব্যক্তি সম্পূৰ্ণ সুস্থ হৈ নুঠে, তেতিয়ালৈকে তেওঁ অন্য সুস্থ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নালাগে, একেলগে শুব নালাগে অথবা তেওঁৰ কাপোৰ-কানি আনে ব্যৱহাৰ কৰিব নালাগে।

শীতকালত হোৱা ছালৰ এলাৰ্জী

 

 

শুকান পৰিবেশ, জলবায়ু আৰু এলাৰ্জী সৃষ্টি কৰিব পৰা পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে এলাৰ্জীৰ বাবে হোৱা এবিধ ছালৰ ৰোগ একজিমা। যদিও গৰমকালি ই অধিক হোৱা দেখা যায়, তথাপি শীতকালৰ শুকান পৰিৱেশ আৰু শুকান জলবায়ুৰ বাবেও ই হ’ব পাৰে। কেঁচুৱা আৰু স্কুলীয়া ল’ৰা-ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায় যদিও, যিকোনো বয়সৰ ব্যক্তিৰে একজিমা হ’ব পাৰে। এই ৰোগত ছালখন খহটা, শুকান, চকলা-চকল হৈ খজুৱতি হয়। সাধাৰণতে ছালখন বগা হৈ পৰে। ই ঘাইকৈ আঁঠুৰ পাছপিনে, কিলাকুটিৰ ভাঁজ, মণিবন্ধ, ডিঙি আৰু ভৰিৰ গোৰোহা আদিত হয়। কেঁচুৱাৰ ক্ষেত্ৰত ই প্ৰথম মুখ আৰু ডিঙিত হৈ পিছলৈ আন অংশলৈ বিয়পে। ইয়াৰ ওপৰত সংক্ৰমণ হৈ দাগ হ’ব পাৰে। ষ্টেৰ’ইড আৰু এণ্টিহিষ্টামিন আদি দৰৱ ব্যৱহাৰ কৰিব পৰা যায়।

লিখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

3.08196721311
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top