মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সংক্ৰামক / এইডছৰ বিস্তৃতি আৰু নিয়ন্ত্ৰণ ব্যৱস্থা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এইডছৰ বিস্তৃতি আৰু নিয়ন্ত্ৰণ ব্যৱস্থা:

 

প্ৰতি বছৰৰ ১ ডিচেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে ‘বিশ্ব এইডছ দিৱস’ ৰূপে পালন কৰা হয়-

১৯৮৮ চনত প্ৰথমবাৰলৈ পালন কৰা এই দিৱসৰ উদ্দেশ্য হৈছে- এইডছ ৰোগ সম্পৰ্কে জনসাধাৰণক সজাগ কৰা আৰু এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা।

এইডছ বৰ্তমানো ভয়াৱহ ৰোগ হিচাপে চিহ্নিত হৈ আহিছে। এইচ.আই.ভি. সংক্ৰমণ/এইডছ ধৰা পৰাৰ পিছত ঔষধু-পাতি খাই থাকিলে ৰোগীৰ আয়ুসকাল দীৰ্ঘদিনলৈ ধৰি ৰাখিব পাৰি। এই ৰোগৰ সম্পূৰ্ণ নিৰাময় ব্যৱস্থা এতিয়াও সম্ভৱ হৈ উঠা নাই বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি ২০১৬ বৰ্ষত এইচ.আই.ভি./এইডছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ৩৬.৭ নিযুত।

ইয়াৰে অধিকাংশ ৰোগী আছে দক্ষিণ আফ্ৰিকাত(প্ৰায় ৭ নিযুত)। একেদৰে ২০১৬ বৰ্ষটোত সমগ্ৰ বিশ্বতে ১.৮ নিযুত লোক নতুনকৈ এইচ.আই.ভি.ৰ দ্বাৰা আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১ নিযুত লোকৰ। শৰীৰত এইচ.আই.ভি.ৰ সংক্ৰমণ লৈ জীয়াই থকা ৩৭ নিযুত লোকৰ ভিতৰত ২০ নিযুত লোকে নেজানে যে তেওঁলোক এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত।

সমগ্ৰ বিশ্বৰ ভিতৰত নিম্ন আৰু মধ্যমীয়া উপাৰ্জনৰ দেশবোৰতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। আফ্ৰিকা মহাদেশত এইচ.আই.ভি. আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক। ইয়াত ২০১৫ চনলৈকে মুঠ ৭ নিযুত লোক এই ৰোগত আক্ৰান্ত হৈ আছে।

এইচ.আই.ভি. হৈছে নিশ্চিত মৃত্যু কঢ়িয়াই অনা সংক্ৰামক ৰোগবোৰৰ ভিতৰত অন্যতম প্ৰধান জীৱাণু। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন মতে ১৯৬১ চনত প্ৰথমবাৰ এই ৰোগ চিনাক্ত এইডছ ৰোগত প্ৰায় ১ নিযুত লোকৰ মৃত্যু ঘটিছে।

এইচ.আই.ভি. ৰোগৰ ওপৰত বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন গৱেষণা অব্যাহত আছে। এই ভাইৰাছবিধৰ কিদৰে সংক্ৰমণ ঘটে, ইয়াৰ চিকিৎসা আদিৰ বিষয়ে জানিব পৰা গৈছে যদিও ৰোগীক সম্পূৰ্ণৰূপে ৰোগমুক্ত কৰিব পৰাকৈ কোনো ধৰণৰ ঔসধ উদ্ভাৱন হোৱাগৈ নাই।

‘এন্টি-ৰেট্ৰোভিৰেল’ ঔষধ দিলে ভাইৰাছবিধক নিয়ন্ত্ৰণত ৰাখিব পাৰি। ৰোগীগৰাকীয়ে স্বাভাৱিক জীৱন কটাব পাৰে। লগতে আনলৈ এই ভাইৰাছবোৰ সংক্ৰমণ ঘটাৰ আশংকা কমি থাকে।

এইচ.আই.ভি. সংক্ৰমণ ঘটিলে ৰোগীগৰাকীৰ স্বাস্থ্যৰ লগতে এটা পৰিয়াল, এখন সমাজ আৰু ৰাষ্ট্ৰ এখনৰ উন্নয়নৰ ওপৰতো প্ৰভাৱ পৰে। ‘স্বাস্থ্য আৰু দীৰ্ঘজীৱন’ আলোচনীৰ পাতত ইতিমধ্যে এইচ.আই.ভি./এইডছ সন্দৰ্ভত বহুকেইটা লেখা ওলাই গৈছে। তথাপি বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সংগতি ৰাখি এই লেখাটোত চমুকৈ এই ৰোগটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো।

এইচ.আই.ভি.ৰ সম্পূৰ্ণ নাম হৈছে ‘Human Immunodeficieny Virus’। এই ভাইৰাছৰ দ্বাৰা এবাৰ সংক্ৰমিত হ’লে দেহটোৱে কোনোকালে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব নোৱাৰে। এই ভাইৰাছবিধে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ মূল চাবিকাঠি T-cells বা CD4 Cells বোৰক আক্ৰমণ কৰে।

ফলত দেহটোৱে কোনো ৰোগ বা সংক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰা হয়। এইচ.আই.ভি. সংক্ৰমণৰ বাবেই পিছলৈ ‘এইডছ’ হয়গৈও। কিন্তু এইচ.আই.ভি. সংক্ৰমণ ধৰা পৰাৰ লগে লগে ‘এন্টি-ৰেট্ৰোভিৰেল থেৰাপি’(Antiretroviral therapy) ল’লে ভাইৰাছবিধৰ সংক্ৰমণ কমাই ৰাখিব পাৰি।

এইচ.আই.ভি. সংক্ৰমণৰ শেষ পৰ্যায় হৈছে এইডছ। CD4 কোষৰ পৰিমাণ একেবাৰে কমি গ’লে কেইবিধমান কেন্সাৰ আৰু দুৰ্বল প্ৰতিৰোধী ক্ষমতাৰ সুযোগ বিচাৰি ফুৰা ভালেকেইবিধ বীজাণুৰ সংক্ৰমণৰ(Opportunistic infections, OIS)ৰ লক্ষণে দেখা দিয়ে আৰু তেনে ৰোগগ্ৰস্ত অৱস্থাটোৱেই হৈছে ‘এইডছ’।

আমাৰ দেহৰ কেইবিধমান জুলীয়া বা তৰল পদাৰ্থৰ দ্বাৰা ‘এইচ.আই.ভি.’ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ বিয়পে। যেনে- তেজ, বীৰ্য, শাৰীৰিক মিলনৰ পূৰ্বে ওলোৱা যৌনৰস, যোনিৰ পৰা ওলোৱা ৰস, মাতৃদুগ্ধ আদি।

আমেৰিকাত প্ৰতিবছৰে ৫০,০০০ লোক এইচ.আই.ভি.ৰ দ্বাৰা সংক্ৰমিত হয়।

এইচ.আই.ভি. সংক্ৰমণৰ কেইটিমান মুখ্য কাৰণ-

  • এইচ.আই.ভি. থকা লোকৰ সৈতে সহবাস কৰিলে।
  • একধিক সংগীৰ সৈতে অসুৰক্ষিত সহবাস ঘটিলে।
  • এইচ.আই.ভি. থকা লোকে ব্যৱহাৰ কৰা বেজী, ছিৰিঞ্জ আদি সুস্থ লোকে ব্যৱহাৰ কৰিলে।

তলত দিয়া কাৰণবোৰৰ পৰাও এইচ.আই.ভি. সংক্ৰমিত হ’ব পাৰে:

  • মাতৃগৰাকীৰ শৰীৰত এইচ.আই.ভি. থাকিলে সন্তানটিৰো এইচ.আই.ভি. সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে।
  • এইচ.আই.ভি. থকা লোকৰ পৰা ৰক্তগ্ৰহণ কৰিলে।
  • এইচ.আই.ভি. থকা লোকে চোবোৱা আহাৰ খালে।

এইচ.আই.ভি. সংক্ৰমণৰ লক্ষণ:

  • জ্বৰ।
  • গ্ৰন্থিবোৰ ফুলি উঠা।
  • ডিঙিত ঘা হোৱা।
  • পেশী আৰু গাঁঠিৰ বিষ।
  • মূৰৰ বিষ।
  • গাত চকলা-চকল দাগ পৰা।
  • অত্যধিক ভাগৰ লগা। ইত্যাদি।

এই লক্ষণবোৰ কেইদিনমান বা কেইবাসপ্তাহ ধৰি থাকিব পাৰে। অৱশ্যে এই লক্ষণবোৰৰ ভিতৰত কোনোবা এটা দেখা পালেই আপোনাৰ শৰীৰত এইচ.আই.ভি.ৰ সংক্ৰমণ হৈছে বুলি ক’ব নোৱাৰি। আন কিছুমান ৰোগতো এইবোৰ লক্ষণে দেখা দিব পাৰে। আনহাতে এইচ.আই.ভি. সংক্ৰমণ হোৱাৰ দহ বছৰ বা তাতকৈ বেছি দিনৰ পিছতো কোনো ধৰণৰ লক্ষণে দেখা নিদিব পাৰে।

ধৰক, এইচ.আই.ভি. থকা লোকৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক ঘটিলে, এইচ.আই.ভি. আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা একেটা বেজিৰে সুস্থ লোক এজনে ড্ৰাগছ ল’লে- সুস্থ লোকজনৰ শৰীৰলৈ এইচ.আই.ভি. সংক্ৰমিত হ’ব পাৰে। তেনেদৰে ড্ৰাগছ লোৱাৰ পিছত সন্দেহ হ’লে লগে লগে এইচ.আই.ভি. টেষ্ট কৰাব লাগে।

পৰম্পৰাগত এইচ.আই.ভি.ৰ পৰীক্ষাত আপোনাৰ শৰীৰত অলপতে প্ৰৱেশ কৰা এইচ.আই.ভি.ৰ সংক্ৰমণ ধৰা নপৰিব পাৰে। কিন্তু ২০১৩ চনত এইচ.আই.ভি. পৰীক্ষাৰ নতুন উপায় এটি ওলাইছে। এই পৰীক্ষাৰ দ্বাৰা সংক্ৰমণৰ কথা আৰম্ভণিতে ধৰা পেলাব পাৰি।

লক্ষণ দেখা দিয়ক বা নিদিয়ক, এবাৰ সংক্ৰমিত হোৱাৰ পিছত লোকজনে এই ভাইৰাছ আনৰ দেহলৈ সহজতে বিয়পাব পৰাৰ আশংকা থাকে। কাৰণ এনে লোকৰ তেজত এইচ.আই.ভি.ৰ পৰিমাণ অত্যন্ত বেছি থাকে।

এইচ.আই.ভি. সংক্ৰমণৰ প্ৰাথমিক পৰ্যায়টো পাৰ হৈ যিটো দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰে, তাক ‘ক্লিনিকেল লেটেনচি’ বুলি কোৱা হয়।

এইবিধ ভাইৰাছে মানুহৰ দেহত কোনোধৰণৰ লক্ষণ প্ৰকাশ নকৰাকৈ বংশবৃদ্ধি কৰা অৱস্থাটোক ‘লেটনচি’ বুলি কোৱা হয়। এই অৱস্থাত এইচ.আই.ভি. সংক্ৰমিত হোৱা লোক এজনৰ দেহত কোনোধৰণৰ লক্ষণ ফুটি নুঠিব পাৰে। যদি এ.আৰ.টি. লোৱা হয়, তেতিয়াহ’লে ব্যক্তিজনে ‘ক্লিনিকেল লেটেনচি’সহ কেবাদশক ধৰি সুস্থলোকৰ দৰে চলি থাকিব পাৰে। কাৰণ এই চিকিৎসাই ভাইৰাছবিধৰ সংক্ৰমণ সীমিত অৱস্থাত ৰাখে। কিন্তু এ.আৰ.টি. নল’লে ‘ক্লিনিকেল লেটেনচি’ পৰ্যায় গড়ে দহ বছৰলৈকেহে থাকিব পাৰে।

এইচ.আই.ভি. সংক্ৰমণ ঘটা লোক এজনে এন্টি-ৰেট্ৰোভিৰেল থেৰাপি নল’লে তেওঁৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে কমি যায়। ইয়াৰ পিছৰ পৰ্যায়টোক ‘এইডছ’ বুলি কোৱা হয়। এইচ.আই.ভি. সংক্ৰমণৰ শেষ পৰ্যায়ত দেখা দিয়া লক্ষণবোৰ হ’ল-

  • জ্বৰ উঠি থাকে, নিশা সংঘাতিক ঘাম ওলায়।
  • কোনো কাৰণ নাহোৱাকৈ ক্লান্ত হৈ পৰে।
  • কাষলতি, ডিঙি, কৰঙণৰ চুকৰ গ্ৰন্থিবোৰ উখহি উঠে।
  • সপ্তাহ দিন ধৰি ডায়েৰিয়া হৈ থাকে।
  • নিউমোনিয়া হয়।
  • মুখগহ্বৰ, নাক, চকুৰ পতাত ৰঙা, মুগা, গুলপীয়া দাগ পৰে।
  • স্মৃতিশক্তি কমি যায়, মানসিক বিষণ্ণতাত ভোগে, স্নায়বিক সমস্যাই দেখা দিয়ে।

এই আটাইবোৰ লক্ষণ কিন্তু আন আন ৰোগৰ ক্ষেত্ৰতো দেখা দিব পাৰে। সেয়ে কিহৰ বাবে এই লক্ষণবোৰে দেখা দিছে, সেই কথা নিশ্চিত হৈ ল’ব। এইচ.আই.ভি. সংক্ৰমণৰ সন্দেহ থাকিলে লগে লগে পৰীক্ষা কৰাব।

এইচ.আই.ভি. হ’লে দেহত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে। কিছুমান ঔষধ সেৱনৰ ফলতো শৰীৰত এনেধৰণৰ পৰিৱৰ্তনে দেখা দিব পাৰে। এইচ.আই.ভি.ৰ কিছুমান ঔষধ খোৱাৰ বাবে শৰীৰৰ চৰ্বি উৎপন্ন কৰা, চৰ্বি ব্যৱহাৰ কৰা, চৰ্বি সঞ্চয় কৰা- এই গোটেই প্ৰক্ৰিয়াটোৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনক ‘লোপোডিছট্ৰফি’(Lipodystrophy) বুলি কোৱা হয়।

দেহৰ কোনো অংগত চৰ্বি বাঢ়ি যাব পাৰে, নাইবা কমি যাব পাৰে। পেট, ডিঙি, স্তন, মুখমণ্ডল আদিত অতিৰিক্ত চৰ্বি জমা হ’ব পাৰে। কেতিয়াবা আকৌ ছালৰ তলত জমা হৈ থকা চৰ্বি একেবাৰে নোহোৱা হৈ যাব পাৰে। মুখমণ্ডল, বাহু, ভৰি, তপিনা আদিত এই সমস্যাই দেখা দিব পাৰে।

উল্লেখ্য যে এইচ.আই.ভি./এইডছ ৰোগে ভয়াৱহ ৰূপ ল’লেও পূৰ্বৰ তুলনাত এই ৰোগ বহুখিনি প্ৰতিৰোধ কৰিব পৰা গৈছে। তথাপি এইচ.আই.ভি.ৰ চিকিৎসা গ্ৰহণ কৰা লোকৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়িছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি ২০১৭ চনৰ জুন মাহলৈ ৩৬.৭ নিযুত লোকে দেহত এইচ.আই.ভি. সংক্ৰমণ লৈ জীয়াই আছে। ইয়াৰ ভিতৰত এন্টিৰেট্ৰোভিৰেল থেৰাপি লৈ জীয়াই থকা লোকৰ সংখ্যা ২০.৯ নিযুত হৈছেগৈ।

এইচ.আই.ভি./এইডছ নিয়ন্ত্ৰণ কৰিবলৈ আমেৰিকাই বিভিন্ন দেশক আৰ্থিক সহায় আগবঢ়াই আহিছে। ১ ডিচেম্বৰৰ দিনটো ‘বিশ্ব এইডছ দিৱস’ হিচাপে পালন কৰাৰ উদ্দেশ্যেই হৈছে- এইচ.আই.ভি./এইডছ সন্দৰ্ভত মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top