অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এইড্‌ছ: জানিবলগীয়া কথা

এইড্‌ছ: জানিবলগীয়া কথা

মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা এইচ.আই.ভিৰ (হিউমেন ইম্যুন’ ডেফিচিয়েনচী ভাইৰাচ) ৰ দ্বাৰা আক্ৰান্ত হ’লে কমি আহে আৰু লাহে লাহে ৰোগ প্ৰতিৰোধ ক্ষমতা ইমানেই কমি আহে যে সামান্য বেমাৰতো মৃত্যু ঘটিব পাৰে। এই ভাইৰাছ বিধৰ পৰাই এইড্‌ছ হয়। এইড্‌ছ হৈছে কিছুমান ৰোগৰ লক্ষণৰ সমষ্টি। মানুহৰ শৰীৰত যেতিয়া কোনো বীজাণু প্ৰৱেশ কৰে। সেই বীজাণুক ধ্বংস কৰে। কিন্তু এইচ আই ভিৰ বীজাণুৰ আক্ৰমণৰ ফলত শৰীৰৰ প্ৰতিৰোধী ব্যৱস্থাটো দুৰ্বল হৈ পৰে। ফলত শৰীৰে যিকোনো ৰোগ প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈ পৰে।

এইচ আই ভি আক্ৰান্ত হ’লে দেখা দিয়া লক্ষণসমূহ

  • শৰীৰৰ ওজন শতকৰা দহভাগৰো বেছি কোনো কাৰণ নোহোৱাকৈ কমি যোৱা।
  • মাজে মাজে জ্বৰ হৈ থকা নতুবা একেৰাহে জ্বৰ হৈ থকা।
  • দৃষ্টিশক্তি কমি আহিবলৈ ধৰা।
  • মূৰৰ বিষ বহু সময় ধৰি হৈ থকা।
  • মুখৰ ভিতৰত ঘা লাগে নতুবা বগা চামনি পৰে।
  • কাহ হৈ থকা।
  • ছালত খজুৱতি হোৱা, ৰঙা পৰা আদি হয়।
  • আহাৰ খাওঁতে খাদ্যনলীত কষ্ট অনুভৱ কৰা।
  • এমাহতকৈ বেছি একেৰাহে পনীয়া শৌচ হোৱা।

এইচ আই ভি কেনেদৰে বিয়পে?

  • অসুৰক্ষিত যৌন সম্ভোগ কৰিলে।
  • অপৰিশোধিত আৰু ব্যৱহৃত চিৰিঞ্জ ব্যৱহাৰ কৰিলে।
  • এইচ আই ভি সংক্ৰমিত তেজ গ্ৰহণ কৰিলে।
  • এইচ আই ভিৰ আক্ৰান্ত মাতৃৰ পৰা সন্তানলৈ বিয়পে।
  • একাধিক ব্যক্তিৰ লগত যৌন সম্পৰ্কত লিপ্ত হ’লে।

তলত উল্লেখ কৰা কাৰণকেইটাত এইচ আই ভি নিবিয়পে

  • এইচ আই ভি আক্ৰান্ত ব্যক্তিক আলিংগন কৰিলে, স্পৰ্শ কৰিলে নতুবা কৰমৰ্দন কৰিলে।
  • মহে কামুৰিলে নতুবা আন কীট-পতংগই কামুৰিলে এইচ আই ভি নিবিয়পে।
  • এইচ আই ভি আক্ৰান্ত ব্যক্তিজনৰ খোৱাপত্ৰ, শৌচাগাৰ, চুইমিং পুল আদি ব্যৱহাৰ কৰিলে।
  • একেলগে খেলা-ধূলা কৰিলে আৰু কাম কৰিলে।

বৰ্তমান সমগ্ৰ পৃথিৱীতে এইচ আই ভি আক্ৰান্ত ব্যক্তি ৪০ নিযুত বুলি অনুমান কৰা হৈছে। বৰ্তমান আমাৰ অসমতো ভালেসংখ্যক এইচ আই ভি আক্ৰান্ত ব্যক্তি আছে। শেহতীয়া তথ্যমতে (২০০৭ চনৰ আগষ্ট মাহলৈকে) অসমত এইড্‌ছ আক্ৰান্ত ব্যক্তিৰ সংখ্যা-

পুৰুষ

৫২৬ জন

মহিলা

১৭৮ গৰাকী

মুঠ

৭০৪ জন

এইড্‌ছ আক্ৰান্ত ব্যক্তিৰ সংক্ৰমণৰ মাধ্যম

 

সংক্ৰমিত ব্যক্তি

শতকৰা হাৰ

১) যৌন সম্পৰ্কৰ যোগেদি

৫৭৫

৮১.৬৮

২) সমকামিতাৰ যোগেদি

১৫

২.১৩

৩) ড্ৰাগছৰ বেজীৰ যোগেদি

৩৮

৫.৩৯

৪) প্ৰসৱকালীন সম্পৰ্কৰ যোগেদি

২৯

৪.১২

৫) ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ যোগেদি

১৩

১.৮৫

৬) অন্যান্য

৩৪

৪.৮৩

মুঠ

৭০৪ জন

 

এইড্‌ছ আক্ৰান্ত পুৰুষ আৰু নাৰীৰ বয়স

বয়স (বছৰ)

পুৰুষ

নাৰী

মুঠ

০০-০৫

১০

১৭

০৬-১৪

১৩

১৫-১৯

২০-১৯

১২৬

৮০

২০৬

৩০-৩৯

২৪৯

৬৫

৩১৪

৪০-৪৯

১০৪

১২

১১৬

৫০ ৰ উৰ্ধত

২৬

৩১

বয়স নজনা

-

-

মুঠ

৫২৬

১৭৪

৭০৪

অসমত এইড্‌ছ আক্ৰান্ত লোক পৰিসংখ্যা

বয়স

পুৰুষ

নাৰী

মুঠ

১৯৯০

--

১৯৯১-৯৩

--

---

--

১৯৯৪

--

১৯৯৫

--

১৯৯৬

--

১৯৯৭

১১

১২

১৯৯৮

১০

১৪

১৯৯৯

১৮

২১

২০০০

৩৫

৪১

২০০১

৩৮

৪৭

২০০২

১৫

১৬

২০০৩

৪১

৫০

২০০৪

৩৯

১২

৫১

২০০৫

৮৭

৩৬

১২৩

২০০৬

৯৮

৪৩

১৪১

২০০৭

১২৩

৫৪

১৭৭

এইচ আই ভি সংক্ৰামিত মুঠ ব্যক্তিৰ পৰিসংখ্যা

সংক্ৰমণৰ মাধ্যম

এইচ আই ভি পজিটিভ

শতকৰা হাৰ

যৌন সম্পৰ্কৰ ৰক্ত আৰু ৰক্তজাত

১৭৪৪

৮১.৪৬

ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ

৩৬

১.৬৮

সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা বেজী

১৩৩

৬.২১

প্ৰসৱকালীন সংস্পৰ্শ

৬১

২.৮৫

অন্যান্য

১৬৭

৭.৮০

মুঠ

২১৪১

 

(তথ্যসমূহৰ উৎস: অসম ৰাজ্যিক এইড্‌ছ নিয়ন্ত্ৰণ সমিতি, গুৱাহাটী)

এইচ আই ভি আক্ৰান্ত ব্যক্তিজন নিৰোগী আৰু সুস্থ হৈ থাকিবলৈ পুষ্টিকৰ খাদ্য খোৱা উচিত। খাদ্যসমূহ পৰিষ্কাৰ হোৱাটো একান্তই প্ৰয়োজনীয়। পুষ্টিকৰ খাদ্য খাই নিজৰ স্বাভাৱিক ওজন বজাই ৰখাত গুৰুত্ব দিয়া উচিত। ৰাগিয়াল বস্তু, মদ, ভাং, চিগাৰেট আদিৰ পৰা আঁতৰি থকা ভাল।

কাৰণ এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাত ইন্ধন যোগায়। যৌন সম্ভোগ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। একাধিক যৌন সম্ভোগৰ পৰা বিৰত থকা উচিত। পত্নীৰ সৈতে যৌন সম্ভোগ কৰোতে কনড্‌ম ব্যৱহাৰ কৰিব লাগে। প্ৰতিদিনেই শাৰিৰীক ব্যায়াম, আসন আদি কৰিব লাগে। টোপনি আৰু জিৰণি লোৱাত গুৰুত্ব আৰোপ কৰিব লাগে।

এইচ আই ভিত আক্ৰান্ত মহিলা

বৰ্তমান ২০০১ চনৰ ডিচেম্বৰ মাহলৈকে এইচ আই ভিত আক্ৰান্ত মহিলাৰ সংখ্যা ৯৭.৬ মিলিয়নতকৈ অধিক। প্ৰতিদিনাই এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত পুৰুষ-মহিলাৰ ১৪০০০ ৰ ভিতৰত প্ৰায় আধাখিনিয়েই হ’ল মহিলা। মহিলাসকল যৌন পৰাধীনতাৰ ফলত অৰ্থনৈতিক পৰাধীনতাৰ বাবে আৰু জৈৱিক কাৰণত এইচ আই ভি ৰ দ্বাৰা আক্ৰান্ত হয়। মহিলাসকলক এইচ আই ভি সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত শিক্ষাৰ সা-সুবিধা প্ৰদান কৰিব লাগে। তেওঁলোকক আৰ্থিক সাহাৰ্য্য দান কৰিব লাগে। নিৰোধ ব্যৱহাৰ কৰাৰ সম্পৰ্কে জ্ঞান লৈ যৌন সম্ভোগ কৰা পুৰুষ-মহিলায়ে এইচ আই ভি প্ৰতিৰোধ কৰাত সমানে দায়িত্ব পালন কৰিব লাগে।

বৰ্তমান এইড্‌ছ ভয়ানক হৈ থকা নাই। কিয়নো চিকিৎসা বিজ্ঞানত এইড্‌ছ বীজাণুৰ সংক্ৰমণ কমাই ৰখাত আৰু ৰোগ প্ৰতিৰোধ প্ৰণালীক বিনষ্ট কৰা প্ৰক্ৰিয়াক বাধা দিবলৈ ART ঔষধ উদ্ভাৱন কৰা হৈছে। এইচ আই ভি ক প্ৰতিৰোধ কৰিব পৰা ART ঔষধ সেৱন কৰি এইচ আই ভি আক্ৰান্ত এজন ব্যক্তি বিশ বছৰতকৈ অধিক কাল জীয়াই থাকিব পাৰে।

বৰ্তমান আমাৰ অসমৰ তিনিওখন চিকিৎসা মহাবিদ্যালয়তে ART কেন্দ্ৰ খুলি বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় পৰীক্ষাও বিনামূলীয়া কৰা হৈছে। এজন ব্যক্তিৰ তেজ পৰীক্ষাৰ দ্বাৰাহে এইচ আই ভি সংক্ৰমণৰ বিষয়ে জানিব পাৰি। তাৰ পিছতহে প্ৰয়োজনীয় চিকিৎসা কৰা হয়। গতিকে এইড্‌ছ আক্ৰান্তসকলে ভয়-সংকোচ নকৰি নিজৰ মূল্যৱান জীৱনটোৰ বাবে চিকিৎসালয়লৈ গৈ চিকিৎসা কৰোৱা উচিত। তদুপৰি এইড্‌ছত আক্ৰান্ত নহ’বৰ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 10/15/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate