অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছোৱাইন ফ্লুৰ সাৱধানতা আৰু প্ৰতিকাৰ

বৰ্তমান ভাৰতবৰ্ষত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ভয়াৱহভাৱে বৃদ্ধি পাইছে আৰু একপ্ৰকাৰ মৃত্যুদূতৰ নিচিনা হৈ পৰিছে। নিতৌ এই ৰোগবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে আৰু মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছে। সমগ্ৰ পৃথিৱীতে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহে ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত যি সফলতা লাভ কৰিছে, তাৰ ওপৰত প্ৰকৃতিৰো যেন কোপদৃষ্টি পৰিছে। বিগত কেই বছৰত বাৰ্ড-ফ্লু, যোৱা বৰ্ষত ইবলা আৰু বৰ্তমান বৰ্ষত ছোৱাইন ফ্লু যেন তাৰেই সাক্ষী।

১৯৩০ চনতে আমেৰিকাত আৱিষ্কাৰ হোৱা এই ৰোগবিধ ভাৰতৰ বাবেও নতুন নহয় যদিও ভাৰতবৰ্ষত ইয়াৰ আগলৈকে এই ৰোগ মহামাৰীৰ ৰূপত দেখা দিয়া নাছিল। অৱশ্যে ২০১৩ বৰ্ষত ভাৰতত এই ৰোগত প্ৰায় ৭০০ লোকৰ মৃত্যু ঘটিছিল।

ৰোগবিধক ছোৱাইন ফ্লু বুলি কিয় কোৱা হয়?

১৯৩০ চনত এই ৰোগৰ ভাইৰাছ আৱিষ্কাৰ হোৱাৰ পিছত ২০০৯ চনত প্ৰথমবাৰৰ বাবে মেক্সিকোৰ এখন গাহৰি পামৰ সমীপৰ অঞ্চলত এই ৰোগ হৈছিল। তেতিয়া গাহৰিৰ পৰাই এই ৰোগ হোৱা বুলি ধৰি লোৱা হৈছিল। সেয়ে ইয়াক ছোৱাইন ফ্লু নামেৰে নামকৰণ কৰা হৈছিল। কিয়নো ছোৱাইন মানে হ’ল গাহৰি। তেতিয়াৰ পৰাই এই ৰোগবিধক ছোৱাইন ফ্লু বুলিয়ে সকলোৱে জানি আহিছে। কিন্তু প্ৰকৃততে এই ৰোগবিধ মানুহৰ পৰা গাহৰিৰ হয়নে, নে গাহৰিৰ পৰা মানুহলৈ সংক্ৰমিত হয় এই বিষয়ে আজিকোপতি কোনেও সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই। গাহৰিৰ ক্ষেত্ৰত এই ৰোগ হ’লে অতি সামান্য চিকিৎসাতে ভাল হয়। বৰ্তমান এই ৰোগবিধৰ নাম সেয়ে সলনি কৰা হৈছে আৰু বৰ্তমান ইয়াক H1N1 Pandemic influenza বুলি কোৱা হৈছে।

ছোৱাইন ফ্লু ৰোগবিধ প্ৰকৃততে কি?

ছোৱাইন ফ্লু মূলত: ভাইৰাছৰ পৰা সৃষ্টি হোৱা এক শ্বাস-প্ৰশ্বাসজনিত ৰোগ। এই ৰোগৰ মূল কাৰণ হ’ল- ইনফ্লুৱেঞ্জা ভাইৰাছ-এ। এই ভাইৰাছৰ বিভিন্ন ৰূপ হ’ল H1N1 আৰু H3N2। বৰ্তমান ভাৰতবৰ্ষত হৈ থকা ছোৱাইন ফ্লু ৰোগবিধ H1N1 ভাইৰাছৰ ফলতেই হোৱা বুলি জানিব পৰা হৈছে। ইনফ্লুৱেঞ্জা ভাইৰাছ-এ ৰ দ্বাৰা আক্ৰান্ত মানুহৰ পৰা মানুহলৈ এই ৰোগবিধ অতি দ্ৰুতগতিত সংক্ৰমিত হয় আৰু মহামাৰীৰ ৰূপ ধাৰণ কৰে। আনহাতে, এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত গাহৰিৰ পৰা মানুহলৈ (গাহৰি পালক, গাহৰিৰ ব্যৱসায়ৰ লগত জড়িত লোক) এই ৰোগবিধ বিয়পিব পাৰে। এই ৰোগবিধৰ সৃষ্টিৰ উৎস কেৱল গাহৰি বুলি জনসাধাৰণৰ মনত যি ধাৰণা গঢ়ি উঠিছ, সেয়াও সম্পূৰ্ণ সত্য নহয়। কিয়নো বহু সময়ত গাহৰিৰ কোনো ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰা দেখা যায়। যিটো সম্প্ৰতি ভাৰতবৰ্ষত হৈ আছে। অৱশ্যে কেতিয়াবা গাহৰিয়ে এই ৰোগৰ বাহক হিচাপেও কাম কৰিব পাৰে।

মানুহৰ শৰীৰলৈ কেনেদৰে সংক্ৰমিত হয়

ছোৱাইন ফ্লু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ পৰা বতাহৰ মাধ্যমেৰে আৰু ভাইৰাছৰ দ্বাৰা প্ৰদূষিত খোৱাবস্তুৰ মাধ্যমেৰে এই ৰোগবিধৰ সংক্ৰমন ঘটে। তদুপৰি এই ৰোগত আক্ৰান্ত ৰোগীৰ হাঁচি, পানীলগা, ৰোগীক পৰিচৰ্য্যা কৰা লোক, চিকিৎসা কৰা লোকৰ দ্বাৰা এই ৰোগবিধ অতি সহজেই সম্প্ৰসাৰিত হ’ব পাৰে। মানুহৰ শৰীৰত এই ৰোগ হ’লে দেখা পোৱা লক্ষণবোৰ হ’ল-জ্বৰ, পানীলগা, হাঁচি, কাঁহ, অস্থিৰতা, উশাহ ল’বলৈ কষ্ট পোৱা, নিউমোনিয়া ইত্যাদি। ছোৱাইন ফ্লু ৰোগত ডাঙৰৰ লগতে শিশুসকল খুব সোনকালে আক্ৰান্ত হয়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ছোৱাইন ফ্লুৰ ভাইৰাছৰ আৰ.এন.এ-ৰ গঠন প্ৰণালী অত্যন্ত জটিল আৰু সময়ে সময়ে ইয়াৰ পৰিবৰ্তন ঘটি ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে, সেয়ে এবাৰ এই ৰোগে মহামাৰী  ৰূপ ধাৰণ কৰিলে ইয়াক নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জটিল হৈ পৰে। তদুপৰি একেটা ভাইৰাছৰ আৰ.এন.এ-ত আকৌ বাৰ্ড ফ্লু, ছোৱাইন ফ্লু আৰু হিউমেন ফ্লু এই তিনিওবিধ ৰোগৰে ভাইৰাছৰ ছেগমেণ্ট একেলগে বসতি হ’ব পাৰে।

ছোৱাইন ফ্লু ৰোগৰ প্ৰতিকাৰ

পামৰ গাহৰিজাকক সুস্থ কৰি ৰাখিবৰ বাবে গাহৰি পালকসকলে গাহৰিবোৰক বছৰেকত দুবাৰকৈ বিভন্ন ৰোগৰ প্ৰতিষেধক বেজী দিয়াৰ প্ৰয়োজন। তদুপৰি গাহৰিবোৰ বিজ্ঞানসন্মতভাৱে সদা গৃহত যিমান সম্ভৱ চাফচিকুণকৈ ৰখাটো অতি আৱশ্যক। ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত গাহৰি যিহেতু সামান্য চিকিত্সাতে সুস্থ হৈ উঠে সেয়ে গাহৰি পালকসকলে ভয় খোৱাৰ প্ৰয়োজন নাই। কিন্তু গাহৰিৰ পৰা যাতে সেই ভাইৰাছ মানুহলৈ সংক্ৰমণ নহয় তাৰবাবে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী।

আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিছ ক’ণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন(চিডিচি)নামৰ সংস্থাটোৰ স’তে মানুহৰ ক্ষেত্ৰত এই ৰোগ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসু ব্যৱস্থা হ’ল প্ৰতিষেধক বেজী বা ভেকচিন প্ৰদান কৰা আৰু মানুহৰ সজাগতা। তদুপৰি চৰকাৰীভাৱে যোগান ধৰা ঔষধ নিয়মিতভাৱে সেৱন কৰা, মুখত এন-৯৫ মাস্ক পৰিধান কৰা, ছোৱাইন ফ্লু আক্ৰান্ত অঞ্চললৈ ভ্ৰমণ নিষিদ্ধ কৰা, সঘনাই হাত চাবোনেৰে ধুই পৰিষ্কাৰ কৰা, হাঁচিয়াওতে মুখত ৰুমাল ব্যৱহাৰ কৰা, বজাৰৰ পৰা ক্ৰয় কৰা ফল-মূল, মাছ-মাংস ভালকৈ ধুই পৰিষ্কাৰ কৰা ইত্যাদি।

মানুহৰ ক্ষেত্ৰত এই ৰোগ হ’লে চিকিত্সাৰ বাবে সাধাৰণতে দুবিধ ঔষধ ব্যৱহাৰ কৰা দেখা যায়। যেনে- Relenza(Zanamivir)আৰু Tamiflu(Oseltamivir)। মানুহৰ দেহত যেতিয়া এই ৰোগৰ লগে লগে নিউমোনিয়া বা অন্যান্য উপসৰ্গই দেখা দিয়ে তেতিয়া উন্নতমানৰ চিকিত্সাৰ প্ৰয়োজন হয়।

ৰাইজৰ সজাগতা

ৰাইজৰ সজাগতা আৰু সহযোগিতাই হ’ল এই মহামাৰী ৰোগবোৰ নিয়ন্ত্ৰণ কৰাৰ মূল চাবি-কাঠী। যিকোনো ব্যক্তিৰ এনে ৰোগৰ লক্ষণ দেখা পালেই ততালিকে ডাক্তৰৰ ওচৰলৈ গৈ পৰীক্ষা-নিৰীক্ষা কৰাব লাগে। ছোৱাইন ফ্লু আক্ৰান্ত অঞ্চললৈ বাহিৰৰ পৰা মানুহ, যান-বাহনৰ চলাচল নিষিদ্ধ কৰা আৰু তেনে অঞ্চলৰ পৰা বয়-বস্তু ক্ৰয় কৰাটো বন্ধ কৰিব লাগে।

লেখকঃ ডঃ মনোৰঞ্জন শৰ্মা পাঠক।

শেহতীয়া উন্নীতকৰণ: : 12/15/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate