মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সংক্ৰামক / জীৱ-জন্তুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হোৱা ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱ-জন্তুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হোৱা ৰোগ

জীৱ-জন্তুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হোৱা ৰোগ

আমাৰ স্বাস্থ্যৰ বিকাশ আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ হকে আমি ঘৰৰ চাৰিবেৰৰ মাজত বিভিন্ন জীৱ-জন্তু পালন কৰোঁ। তেনেদৰে উৎপন্ন হোৱা মাংস, কণী, গাখীৰৰ যোগেৰেই আমাৰ দৈনিক প্ৰয়োজন হোৱা মাংসসাৰ (প্ৰ’টিন), স্নেহ পদাৰ্থৰ অভাৱ পূৰণ কৰোঁ। গতিকে খাদ্যৰ বাবেই হওক অথবা অইন কাৰণতেই হওক সময়ে সময়ে আমি এই প্ৰাণীবোৰৰ সংস্পৰ্শত আহোঁ। ঘৰত কোনো পোহনীয়া জীৱ-জন্তু নাথাকিলেও কিন্তু ঘৰৰ বাহিৰত জীৱ-জন্তুৰ সংস্পৰ্শত আহিবলৈ সুযোগ-সুবিধা থাকে। মানৱ জাতিৰ লগত জীৱ-জন্তুৰ সহাৱস্থান অতীতৰ পৰাই চলি আহিছে। জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ বহু ধৰণৰ ৰোগ আমাৰ জ্ঞাতে অজ্ঞাতে সংক্ৰমিত হৈ আছে। ইয়াকে কোৱা হয় “জুন’ছিছ” (zoonosis), অৰ্থাৎ এনে কিছুমান ৰোগ যিবোৰ ৰোগ পশু-পক্ষীৰ দেহৰ পৰা মানৱ দেহলৈ সংক্ৰমণ হ’ব পাৰে। প্ৰত্যেক দহটা ৰোগৰ ভিতৰত ছয়টা ৰোগেই পশু-পক্ষীৰ পৰা মানৱ দেহলৈ সংক্ৰমণ হয়। এই বিষয়টোৰ সন্দৰ্ভত বোধ কৰো আমাৰ মাজত সচৰাচৰ আলোচনা কৰা নহয়।

‘জুন’ছিছ’ ৰোগৰ তালিকাখন বেছ দীঘলীয়া যদিও ইয়াত ঘাইকৈ কেইটামান ৰোগৰ বিষয়েহে থুলমূলকৈ আভাস দিয়াৰ যত্ন কৰা হ’ব। ইয়াৰ ভিতৰত ব্ৰুচেল’ছিছ, জলাতংক ইত্যাদি এনে কেইবিধমান ৰোগ আছে যিবোৰে সাধাৰণতে দুই শ্ৰেণীৰ লোককহে বেছিকৈ আক্ৰান্ত কৰাৰ আশঙ্কা থাকে। প্ৰথমতে যিবোৰ লোক পশু-পক্ষীৰ প্ৰতিপালনৰ লগত জড়িত হৈ আছে। দ্বিতীয়তে পশু চিকিৎসা বৃত্তিৰ লগত জড়িত হৈ থকা ব্যক্তিসকল। তথাপিও যি কোনো লোকে এনেধৰণৰ ৰোগৰ পৰা আক্ৰান্ত হ’ব পাৰে। এনে নহয় যে জুন’ছিছ ৰোগসমূহ অকল পশু-পক্ষীৰ দেহৰ পৰা মানুহলৈ সংক্ৰমিত হয়, মানুহৰ পৰা পশু-পক্ষীৰ দেহলৈও সংক্ৰমিত হ’ব পাৰে। তেনে অৱস্থাত ইয়াক ‘ৰিভাৰ্চ জুন’ছিছ’ (reverse zoonosis or anthroponosis/ anthropozoonosis) বুলিও কোৱা হয়। বিভিন্ন উপায়ে এই ৰোগসমূহে বিস্তাৰ লাভ কৰে। উদাহৰণ স্বৰূপে-
-আক্ৰান্ত জীৱ-জন্তুৰ লেলাৱটি, তেজ, প্ৰসাৱ, বিষ্ঠাৰ সংস্পৰ্শত অহা।
-মহ, চিকৰাৰ কামোৰৰ পৰা।
-ভালদৰে গৰম নকৰা গাখীৰ, প্ৰাণীজাত খাদ্য, পানী, অপৰিষ্কাৰ ফলমূল, শাক-পাচলি ইত্যাদি গ্ৰহণ কৰা।

‘জুন’ছিছ’ ৰোগৰ পৰা হাত সাৰিবলৈ আমি আমাৰ দৈনিক জীৱনত কৰণীয় কেইবাটাও উপায় আছে, যাতে আমাক এই ৰোগ-সমূহৰ পৰা দূৰৈত ৰখাত সহায়ক হয়। ইয়াৰ ভিতৰত নিম্নোক্ত নিয়মকেইটা সদায়ে মানি চলাটো উচিত।
-ভালদৰে হাত ধোৱা আৰু নিজকে পৰিষ্কাৰ-পৰিচ্ছন্ন ভাবে ৰাখিবলৈ চেষ্টা কৰা।
-সকলো ধৰণৰ খাদ্য বস্তু প্ৰয়োজন অনুসৰি উতলাই, ভালদৰে ধুই-পখালি গ্ৰহণ কৰা।
-আঁঠুৱা আদি ব্যৱহাৰ কৰি মহ আৰু চিকৰাৰ কামোৰৰ পৰা ৰক্ষা কৰা।
-পোহনীয়া পশু-পক্ষীৰ লগত খেলোঁতে সাৱধানতা অৱলম্বন কৰা।

কিছুমান ৰোগ আকৌ পশু-পক্ষীৰ জীৱিত অথবা মৃত দুয়োটা অৱস্থাৰ পৰাই আমাৰ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে। ‘জুন’ছিছ’ জীৱাণু (bacteria), বিষাণু (virus), আদ্যপ্ৰাণী (protozoa) অথবা পৰজীৱি (parasite) ৰ দ্বাৰা হ’ব পাৰে। ইয়াৰ উপৰিও ভেঁকুৰৰ (fungus) দ্বাৰাও আক্ৰান্ত হোৱা পশু-পক্ষীৰ সংস্পৰ্শত থাকিলেও মানুহৰ দেহলৈ ৰোগ বিয়পিব পাৰে। আমাৰ এই মুলুকত আক্ৰান্ত পশু-পক্ষীৰ পৰা মানুহৰ দেহলৈ বিয়পিব পৰা কেইবিধমান ৰোগৰ বিষয়ে তলত উল্লেখ কৰা হ’ল। লগতে ৰোগকেইবিধৰ মানুহৰ দেহত হ’ব পৰা সংক্ৰমণ, লক্ষণ আদিৰ বিষয়েও থুলমুলকৈ ধাৰণা একোটা দিয়া হৈছে।

ব্ৰুচেল’ছিছ (brucellosis)

ব্ৰুচেলা এব’ৰটাছ (brucella abortus) নামৰ এবিধ জীৱাণুৰ দ্বাৰা ঘাইকৈ গৰু ম’হ এই ৰোগত আক্ৰান্ত হয়। গাহৰী, ছাগলী, ভেড়া, কুকুৰো আক্ৰান্ত হয়। ব্ৰুচেল’ছিছত ভোগা গৰ্ভৱতী গৰু ম’হৰ পাঁচ-ছয় মাহৰ পিছতেই গৰ্ভপাত হৈ যায়। আক্ৰান্ত প্ৰাণীৰ শৌচ, প্ৰচাৱ আৰু প্ৰত্যক্ষ সংস্পৰ্শত এই ৰোগবিধ মানুহৰ গালৈও বিয়পিব পাৰে। আক্ৰান্ত প্ৰাণীটোৰ গৰ্ভপাত হোৱা পোৱালী, ফুল (placenta), আন আন জুলীয়া পদাৰ্থ, ব্যবহৃত হোৱা ঘাহঁ-খেৰ, বাচন-বৰ্তনৰ পৰা জীৱাণুবোৰ উশাহ, ছাল, চকুৰ মাজেৰে মানুহৰ দেহলৈ বিয়পিব পাৰে। কেতিয়াবা গাখীৰৰ মাধ্যমেৰেও মানুহলৈ সংক্ৰমণ হ’ব পাৰে। মানুহৰ ক্ষেত্ৰত ডাঙৰ সমস্যাটো হৈছে এই ৰোগবিধ ধৰা পেলোৱাটো ইমান সহজ নহয় আৰু সেইবাবে ৰোগ নিৰূপণ নোহোৱাকৈ মানুহৰ দেহত বহুদিনলৈ থাকি যায়।
ব্ৰুচেল’ছিছত মানুহৰ ক্ষেত্ৰত দেখা পোৱা বহুতো লক্ষণ বহুক্ষেত্ৰত আন বহুতো বেমাৰৰ সৈতে একে। যেনে জ্বৰ, কাঁহ, খাবলৈ মন নোযোৱা, ওজন কমা, ঠাণ্ডা লগা, মানসিক অৱসাদগ্ৰস্ততা। মুৰ, কঁকাল, হাড় আৰু মাংসপেশীৰ বিষ হোৱা দেখা যায়। ব্ৰুচেল’ছিছে এবছৰ অতিক্ৰম কৰা পিছত গাঁঠিৰ বিষ হয়। সহজতে যক্ষ্মা ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাবনা অধিক। মানুহৰ প্ৰজনন অঙ্গসমূহ এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। পুৰুষৰ ক্ষেত্ৰত শুক্ৰবাহী নলী আৰু অণ্ডকোষ ফুলি যায়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত গৰ্ভস্থ সন্তানটো আক্ৰান্ত হৈ গৰ্ভপাত হ’ব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থ্যাৰ পৰিসংখ্যাৰ মতে প্ৰতিদিনে পঞ্চাছ হেজাৰাৰো অধিক লোক ব্ৰুচেল’ছিছত আক্ৰান্ত হৈ আছে। সেয়ে আমি ব্ৰুচেল’ছিছৰ পৰা হাত সাৰি থাকিবলৈ যত্নপৰ হোৱাটো উচিত। প্ৰকৃততে আমি যিবোৰে জীৱ-জন্তু্ৰ পৰিচৰ্য্যা আৰু প্ৰতিপালনৰ লগত জড়িত, সেইসকল আটাইয়ে সাৱধানতা অৱলম্বন কৰিব লাগে। দীঘল ৰবৰৰ জোতা, প্লাষ্টিক এপ্ৰন, ৰবৰৰ দীঘল হাতমোজা, মুখত মাক্স লৈহে জীৱ-জন্তুৰ কৰণীয়সমূহ কৰিব লাগে। লগতে জীৱাণুনাশক দৰৱ প্ৰয়োগ কৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰাখিব লাগে। গাখীৰ কেতিয়াও কেঁচাই খাব নালাগে। ৰোগত আক্ৰান্ত হৈ গৰ্ভপাত হোৱা পশুধনক অতি সোনকালে পশুচিকিৎসকৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। এনেধৰণৰে সাৱধানতা অৱলম্বন কৰি ৰোগবিধক প্ৰতিৰোধ কৰিব পৰাটো সম্ভৱ। চেঁউৰী গৰুসমূহক ছিটা দিয়াৰ ব্যৱস্থা আৰু সন্দেহযুক্ত গাই-গৰুবোৰক পৃথকে ৰাখি যদি চিকিৎসা কৰা হয় তেন্তে পশুধনকটো ৰক্ষা কৰিব পৰা যাবই লগতে মানুহৰ দেহলৈ ৰোগবিধৰ সংক্ৰমণো বহুলাংশে কমি যাব।

জলাতংক (rabies)

বিষাণুৰ দ্বাৰা হোৱা ই এবিধ মাৰাত্মক ৰোগ। কুকুৰ, শিয়াল, মেকুৰী, কুকুৰনেচীয়া বাঘ জলাতংক ৰোগৰ বাহক হিচাপে থাকে। সাধাৰণতে বলিয়া কুকুৰ অথবা বলিয়া শিয়ালে কামোৰিলে মুখেৰে ওলোৱা লেলাৱটিৰ পৰা সুস্থ পশুধন আৰু মানুহলৈ এই ৰোগ হ’ব পাৰে। ৰোগৰ লক্ষণ হৈছে পশুধনৰ অস্বাভাৱিক চাল-চলন, অইন জীৱ আৰু মানুহক দেখিলেই আক্ৰমণ আৰু কামুৰিবলৈ বিচাৰে। অস্বাভাৱিক চিঞৰ, সঘনাই প্ৰসাৱ কৰাও জলাতংকৰ আন আন লক্ষণ। সাধাৰণতে পাঁচৰ পৰা দহদিনৰ ভিতৰত আক্ৰান্ত জীৱ মৃত্যুমুখত পৰে। এই ৰোগৰ যিহেতু কোনো চিকিৎসা নাই গতিকে প্ৰতিষেধক ছিটাই একমাত্ৰ ৰোগ প্ৰতিষেধক ব্যৱস্থা।
পশু চিকিৎসা বৃত্তিৰ লগত জড়িত ব্যক্তিসকল জ্ঞাতে অজ্ঞাতে জলাতংক ৰোগৰ সন্মুখীন হব লগা হয়। নজনাকৈ আক্ৰান্ত ঘৰচীয়া জন্তু যেনে গৰু, ম’হ, ছাগলী আদি জন্তুবোৰক অজ্ঞাতবশতঃ মুখত হাত দি পৰীক্ষা কৰিব লগীয়া হয়। পৰৱৰ্তী সময়ত যেতিয়া লক্ষণসমূহ দেখা হয় তেতিয়া ‘এন্টি ৰেবিচ ছিটা’ ল’ব লগা হয়।

ধনুষ্টংকাৰ (tetanus)

ধনুষ্টংকাৰ অথবা টিটেনাচৰ বিষয়ে আমি প্ৰায় সকলোৱেই কম বেছি পৰিমাণে জানো। ক্লষ্ট্ৰিদিয়াম টিটেনি নামৰ জীৱাণু এবিধৰ দ্বাৰা এই ৰোগ হয়। প্ৰায় সকলো স্তন্যপায়ী জীৱ জন্তুৱেই এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ঘাইকৈ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ কলা (tissue)সমূহ সংক্ৰমিত হয়। আক্ৰান্ত জীৱ জন্তুৰ শৌচ, ক্লষ্ট্ৰিদিয়াম টিটেনি জীৱাণুবিধ মিহলি হৈ থকা মাটি, পানীৰ পৰা শৰীৰৰ কটা ছিঙা ঘাঁৰ জৰিয়তে মানুহ তথা অন্যান্য জীৱ জন্তুৰ দেহলৈ সংক্ৰমিত হয়। আগতীয়াকৈ ধনুষ্টংকাৰৰ প্ৰতিষেধক ল’ব পৰা যায়।

প্লেগ (plague)

ইয়াৰছিনিয়া পেষ্টিছ নামৰ জীৱাণুবিধৰ দ্বাৰা বিয়পা প্লেগ এবিধ সংক্ৰামক ৰোগ। মানুহৰ ক্ষেত্ৰত ৰোগবিধৰ প্ৰধান লক্ষণ হৈছে কঁপি কঁপি জ্বৰ উঠা। আক্ৰান্ত বন্য এন্দুৰ জাতীয় প্ৰাণী, মেকুৰী, কুকুৰ, শহা আদি প্ৰাণীৰ পৰা ৰোগবিধ সোঁচৰে। আক্ৰান্ত জীৱ জন্তুৰ সংস্পৰ্শত অহা মাখিয়েও প্লেগ বিয়পোৱাত সহায় কৰে।

যক্ষ্মা (tuberculosis)

মাইক’বেক্টেৰিয়াম ব’ভিচ, মাইক’বেক্টেৰিয়াম টিউবাৰকুল’ছিচ, মাইক’বেক্টেৰিয়াম এভিয়াম নামৰ জীৱাণুৱে হৈছে ইয়াৰ কাৰক। আৰু ক্ৰমে গৰু, মানুহ আৰু চৰাই ইয়াৰ বাহক অথবা পৰিৱাহক। প্ৰধান লক্ষণসমূহ হৈছে দীৰ্ঘদিনৰ বাবে কাঁহ, সঘনাই জ্বৰ উঠা, বহুদিন ধৰি পাতল শৌচ হোৱা, শৰীৰৰ ওজন কমি যোৱা। পশুধনৰ ক্ষেত্ৰত ইয়াৰ চিকিৎসা যথেষ্ট ব্যয়বহুল। সেয়ে পামসমূহত পশুধনৰ ওপৰত যক্ষ্মাৰোগৰ পৰীক্ষা (tuberculin test) কৰোৱাটো নিত্যান্তই প্ৰয়োজনীয়। তেতিয়া লগে লগে চিনাক্ত কৰি পৃথকে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে যাতে নিৰোগী পশুধনলৈ এই ৰোগ বিয়পিব নোৱাৰে।
আক্ৰান্ত হোৱা গাই গৰুৰ গাখীৰৰ পৰা যক্ষ্মাৰোগ বিয়পিব পাৰে। গতিকে গাখীৰ ভালদৰে উতলাই খোৱা উচিত। আক্ৰান্ত জীৱ জন্তুৰ পৰা শ্বাস-প্ৰশ্বাস জৰিয়তেও মানুহ আৰু অইন জীৱলৈ এই ৰোগ বিয়পিব পাৰে।

পৰজীৱি (parasite)

বিভিন্ন প্ৰকাৰৰ পৰজীৱিৰ পৰা হোৱা ৰোগ জীৱ-জন্তুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হয়। অসমৰ জলবায়ু সেমেকা আৰু অধিক বৰষুণত পানী জমা হোৱা ঠাইৰ ঘাঁহ-পানী খোৱাৰ বাবে পৰজীৱিজনিত ৰোগত পশুধন আক্ৰান্ত হয়। পৰজীৱি সাধৰণতে দুই প্ৰকাৰৰ। শৰীৰৰ বাহিৰৰ পৰজীৱি (ectoparasite) আৰু শৰীৰৰ ভিতৰৰ পৰজীৱি (endoparasite)।
শৰীৰৰ বাহিৰৰ পৰজীৱি অৰ্থাৎ চালৰ ওকণি, চিকৰা, মহ-মাখি, চাহি আদিয়ে পশুধনৰ মাজত বিভিন্ন ৰোগ বিয়পাই। জীৱ-জন্তুৰ প্ৰতিপালনৰ লগত জড়িত ব্যক্তিসকলৰ শৰীৰলৈ এইবোৰ বিস্তাৰিত হৈ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। জীৱ-জন্তু আৰু মানুহৰ মল-মুত্ৰ সংমিশ্ৰিত খাদ্য আৰু পোক পৰুৱাৰ কামোৰৰ দ্বাৰা আদ্যপ্ৰাণীজনিত (protozoa) ৰোগ হ’ব পাৰে।
অন্যান্য জীৱ-জন্তুৰ লগতে মানুহো চেপেটা কৃমিৰ দ্বাৰা আক্ৰান্ত হয়। আধা সিজা অথবা নিসিজোৱাকৈ খোৱা আক্ৰান্ত মাছ আৰু পাচলিৰ পৰা এই ৰোগ হ’ব পাৰে।
গৰু আৰু গাহৰিত ফিটা কৃমি থাকে। ‘টিনিয়া ছেজিনাটা’ আৰু ‘টিনিয়া চ’লিয়াম’ ক্ৰমে গৰু আৰু গাহৰিৰ মাংসত পোৱা তেনে দুই ধৰণৰ ফিটা কৃমি। ভালদৰে নিসিজোৱা তেনে আক্ৰান্ত জন্তুৰ মাংস খালে মানুহৰ দেহলৈ ফিটা কৃমি প্ৰৱেশ কৰিব পাৰে।
ঠিক তেনেকৈ কিছুমান ঘূৰণীয়া পেলুৰ দ্বাৰা আক্ৰান্ত কুকুৰ মেকুৰীৰ পৰা ছালৰ জৰিয়তে মানুহ তথা জীৱ-জন্তুৰ দেহলৈ ঘূৰণীয়া পেলু প্ৰৱেশ কৰিব পাৰে। কুকুৰ, মেকুৰীৰ বিষ্ঠাৰ লগত নিৰ্গত হোৱা ঘূৰণীয়া কৃমিৰ কণীও মিশ্ৰিত খাদ্য অথবা অন্য ধৰণৰে মানুহ তথা অন্য জীৱ-জন্তুৰ দেহলৈ প্ৰৱেশ কৰিব পাৰে।

ভেঁকুৰজনিত ৰোগ (fungus)

ভেঁকুৰৰ দ্বাৰা জীৱ জন্তুৰ ছাল, চুলি, নোম আৰু নখৰ বহুতো ৰোগ হ’ব পাৰে। মাইক্ৰ’স্পোৰিয়াম, ট্ৰাইক’ফাইট’ন প্ৰজাতিৰ ভেঁকুৰৰ পৰা দেহৰ নাক, কাণ, ডিঙি, আদি অংশত খৰ, খজুৱতি, ঘাঁ আদিৰ সৃষ্টি হ’ব পাৰে। এনে ধৰণৰ জীৱ জন্তুৰ সংস্পৰ্শত থাকিলে নিশ্চয়কৈ মানুহৰ গালৈও ভেকুৰৰ দ্বাৰা হোৱা এই ৰোগ সোঁচৰিব পাৰে।

ইয়াৰ উপৰিও যোৱা কেইবাবছৰো ধৰি মানৱ স্বাস্থ্যৰ ভাবুকিৰ লগতে পশুপালকৰো মূৰৰ কামোৰণি স্বৰূপ হৈ পৰা লক্ষণীয় ‘জুন’ছিছ’ দুটা হৈছে পক্ষীজ্বৰ (bird flu ) আৰু গাহৰি জ্বৰ। তদুপৰি অপৰিষ্কাৰ পানী আৰু খাদ্যৰ যোগেদি হ’ব পৰা বিভিন্ন ৰোগ আছেই। Salomonellosis আৰু Campylobacteriosis এনে দুবিধ খাদ্যজনিত ‘জুন’ছিছ’। মাংস, গাখীৰ, কণীৰ পৰা অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰোতে salmonella আৰু campylobacteria নামৰ অপকাৰী জীৱাণু প্ৰদূষিত হৈ পৰে। তেনেকৈয়ে জীৱাণু দুবিধ মানুহৰ শৰীৰলৈ প্ৰৱেশ কৰে। ফলত জ্বৰ, সঘনাই শৌচ কৰা, পেটৰ বিষ, বমি আদিত ভুগিব লগা হয়।
গোটেই বিশ্বত যোৱা তিনিটা দশকত জীৱাণুৰ দ্বাৰা সংঘটিত প্ৰায় ৩০ বিধ নতুন ৰোগৰ তথ্য পোৱা গৈছে। আশঙ্কাৰ কথা এইটোৱে যে ইয়াৰ ৬০ শতাংশই হৈছে ‘জুন’টিক’। ভাৰতবৰ্ষত বিগত বৰ্ষকেইটাত এনে কেইবাবিধো ‘জুন’ছিছ’ৰ প্ৰাদুৰ্ভাৱ হৈছে; মুঠ আঠটা ৰোগৰ উদ্ভৱ অথবা প্ৰাদুৰ্ভাৱৰ ভিতৰত ছয়টায়ে হৈছে ‘জুন’ছিছ’ৰ অন্তৰ্গত।

লিখক: দিগন্ত যাদৱ শৰ্মা

3.17647058824
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top