অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টনছিলাইটিছ

ডিঙিৰ ভিতৰত হোৱা ৰোগবোৰৰ ভিতৰত অন্যতম হ’ল টনছিলাইটিছ। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। তথাপি তুলনামূলকভাৱে শীতকালত সৰু সৰু ল’ৰা-ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়।

টনছিল কি?

টনছিল এক বিশেষ ধৰণৰ গ্ৰন্থি। চিকিৎসা বিজ্ঞানত ইয়াক লিম্ফ’গ্লেণ্ড বুলিও কোৱা হয়। আমাৰ মুখ গহ্বৰৰ জিভাৰ পাছফালে, ডিঙিৰ ভিতৰত দুয়োফালে ই অৱস্থিত। সাধাৰণতে পেলেটাইন টনছিলকে ‘টনছিল’ বুলি কোৱা হয়। মানৱ শৰীৰত ইয়াৰ বিশেষ অৰিহণা নাই যদিও শিশুকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ইয়াৰ সামান্য অৰিহণা থাকে। তদুপৰি ডিঙিৰ ভিতৰলৈ বীজাণু সোমোৱাত ই অলপ বাধা প্ৰদান কৰে।

একিউট টনছিলাইটিছ

হঠাৎ হোৱা টনছিলাইটিছ একিউট টনছিলাইটিছ বুলি কোৱা হয়। ই হোৱাৰ কাৰণবোৰ হ’ল-

  • মুখৰ ভিতৰত যদি বেক্টেৰিয়া বা ভাইৰাছ থাকে। দাঁতৰ আলুৰ ৰোগ ফেৰেণজাইটিছ, হাওঁফাওঁৰ ৰোগ আদি থাকিলে ই বেছিকৈ হয়।
  • ই এক সংক্ৰামক ৰোগ। ৰোগীৰ সৈতে একেলগে শোৱা, একেটা পাত্ৰতে খোৱা-বোৱা কৰিলে, ৰোগীয়ে সুস্থ মানুহৰ মুখৰ আগত কথা কোৱা, হাঁচি, কাহ আদি মাৰিলে সুস্থ মানুহৰ দেহলৈ টনছিলাইটিছ বিয়পিব পাৰে।
  • অপৰিষ্কাৰ মুখ গহ্বৰ।
  • পুষ্টিহীনতা।
  • শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা।
  • অপৰিষ্কাৰ পৰিৱেশত বসবাস কৰা।
  • ঠাণ্ডা আৰু বাহ্যিক প্ৰদূষণৰ বাবে।

একিউট টনছিলাইটিছৰ লক্ষণঃ

  • ডিঙিৰ ভিতৰভাগ ফুলি উঠা।
  • মূৰৰ ভিতৰভাগ ফুলি উঠা।
  • মূৰৰ বিষ, কঁপনি উঠা, জ্বৰ উঠা ইত্যাদি।
  • মুখৰপৰা দুৰ্গন্ধ নিৰ্গত হোৱা।
  • ডিঙিৰ বিষ আৰু খাদ্য-বস্তু গিলিব নোৱাৰা অৱস্থা।
  • শ্বাস-প্ৰশ্বাসত অসুবিধা।
  • এলেহুৱা আৰু দুৰ্বল ভাব।
  • ডিঙিৰ গ্ৰন্থি ফুলি উঠা।

ক্ৰণিক টনছিলাইটিছ

সঘনাই হোৱা একিউট টনছিলাইটিছৰ চূড়ান্ত পৰিণতি হ’ল ক্ৰণিক টনছিলাইটিছ। ক্ৰণিক টনছিলাইটিছৰ লক্ষণবোৰ হ’ল-

  • ডিঙিৰ বিষ।
  • খাদ্য-বস্তু গিলি খোৱাত কষ্ট অনুভৱ।
  • কাহ হ’ব পাৰে।
  • ডিঙিত কিবা লাগি ধৰাৰ অনুভৱ।
  • ডিঙি শুকাই যোৱা সমস্যা।
  • শ্বাস-নিশ্বাসত দুৰ্গন্ধ নিৰ্গত হোৱা।
  • ভোক কমি অহা।

টনছিলাইটিছৰ পৰা হ’ব পৰা জটিলতা

টনছিলাইটিছৰপৰা হ’ব পৰা জটিলতাৰ ভিতৰত অন্যতম হ’ল ৰিউমেটিক জ্বৰ। কম বয়সীয়া ল’ৰা- ছোৱালীৰ মাজত ই অধিক। গাঁঠি ফুলি উঠা, বিষ, জ্বৰ, হাত-ভৰিৰ কঁপনি, হৃদযন্ত্ৰৰ সমস্যা ইয়াৰ প্ৰধান লক্ষণ। একিউট টনছিলাইটিছৰ বাবে টনছিলৰ আশে-পাশে এক বিশেষ ধৰণৰ ফোঁহা হোৱা দেখা যায়। উপযুক্ত চিকিৎসা নকৰিলে পিছলৈ মূৰৰ বিষ, ভাগৰ অনুভৱ, হৃদযন্ত্ৰ আৰু কিডনীৰ সমস্যাই দেখা দিব পাৰে। সঘনাই টনছিলাইটিছত আক্ৰান্ত শিশু তুলনামূলকভাৱে কম স্মাৰ্ট হয়। শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত কামত মন্থৰ হয়। শৰীৰ সুস্থ নহয় বাবে শৰীৰৰ বৃদ্ধিত বাধাগ্ৰস্থ হয় আৰু জীৱন ধ্বংস হ’ব পাৰে।

টনছিলাইটিছৰ চিকিৎসা

  • চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এণ্টিবায়’টিক আৰু এণ্টি ইনফ্লেমেটৰী ঔষধ খাব।
  • কুহুমীয়া নিমখ পানী বা মাউথ ৱাশ্বেৰে কুল-কুলি কৰিব।
  • বছৰত অতি কমেও তিনিবাৰ এনে সমস্যাত আক্ৰান্ত হ’লে, টনছিল অস্ত্ৰোপচাৰ কৰি উলিয়াই দিব লাগে। ইয়াৰ দ্বাৰা শিশুৰ শৰীৰৰ বিকাশত কোনো বাধাৰ সৃষ্টি নহয়।

টনছিলাইটিছ হ’লে কি কি কৰিব

  • চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
  • আক্ৰান্ত ব্যক্তি পৰিয়ালৰ আন সুস্থ ব্যক্তিৰপৰা নিলগত থাকিব লাগে।
  • পৰ্যান্ত জিৰণি ল’ব লাগে।
  • প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী খাব লাগে।
  • পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে।
  • যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়, গতিকে খোৱা-বোৱাত সতৰ্ক হ’ব লাগে।
  • খোৱা বোৱাৰ আগতে হাত ধুই ল’ব লাগে।
  • গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে।
  • মুকলি ঠাইত ব্যায়াম, খেল-ধেমালি আদি কৰিব লাগে।
  • বিচনা-পত্ৰ ৰ’দত শুকুৱাই ল’ব লাগে।

টনছিলাইটিছ হ’লে কি নকৰিব

  • পৰিয়ালৰ অন্য ব্যক্তিৰ স’তে মিলামিছা নকৰিব। একেলগে থকা-মেলা, একেটা পাত্ৰতে খোৱা-বোৱা নকৰিব।
  • আক্ৰান্ত শিশুক স্কুললৈ পঠাব নালাগে।
  • এলাৰ্জী হোৱা খাদ্যবস্তু খাব নালাগে।
  • শীত-তাপ নিয়ন্ত্ৰিত আৰু বন্ধ কোঠাত সোমাই থাকিব নালাগে।
  • একেডাল টুথব্ৰাছকে ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে পুনৰায় আক্ৰান্ত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

লিখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate