অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নীৰৱ ঘাতক: হেপাটাইটিছ বি

হেপাটাইটিছ ‘বি’ ভাইৰাছ সংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপুৰ্ণ অংগ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল হেপাটাইটিছ বি ৰোগ| বিশ্ব স্বাস্থ্য সংস্থাৰ মতে হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সমগ্ৰ বিশ্বত অতি কমেও দুশ কৌটি ব্যক্তি আক্ৰান্ত হৈ আছে আৰু ইয়াৰ প্ৰায় ৩৬০ নিযুত ব্যক্তিৰ অৱস্থা প্ৰায় গুৰুতৰ| প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোক হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা থাকে| ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত ব্যক্তি হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত| প্ৰতি বছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ বি ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখ লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়| উল্লেখ্য যে হেপাটাইটিছ বি সমগ্ৰ বিশ্বৰ বাবে এইড্‌ছতকৈও বেছি ভয়াৱহ| এইচ আই ভি ভাইৰাছতকৈও হেপাটাইটিছ বি ভাইৰাছ ১০০ গুণে অধিক সংক্ৰমক আৰু ই বিশ্বৰ অষ্টম হত্যাকাৰী ৰোগ|

হেপাটাইটিছ বি কিদৰে বিয়পে

হেপাটাইটিছ বি ভাইৰাছ অবিধ ডি এন এ ভাইৰাছ| ভাইৰাছ বিধ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ তেজ, দেহৰ নানাবিধ ৰস, বীৰ্য, যোনীৰস, লেলাউতি আদিত থাকে| এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ তেজ বা এনেবোৰ দেহৰস যদি সুস্থ ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে সেই ব্যক্তিজন হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে| এই ভাইৰাছ বিধৰ দ্বাৰা সংক্ৰমিত ব্যক্তিহে এই ভাইৰাছ বিয়পোৱা একমাত্ৰ উৎস| হেপাটাইটিছ বি ভাইৰাছ অসুৰক্ষিত যৌন সম্পৰ্ক, অসুৰক্ষিত ৰক্তগ্ৰহণ, দেহৰসৰ মিলন, বীজাণুমুক্ত নকৰা একেটা বেজীকে দুই-তিনিজনে ব্যৱহাৰ কৰা, একেটা বেজীৰে টাটু কৰা আৰু সংক্ৰমিত মাতৃৰ পৰা গৰ্ভৰ সন্তানলৈ বিয়পিব পাৰে| শ্ল্য চিকিৎসক, প্ৰসূতি চিকিৎসক, দন্ত চিকিৎসক, চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তি, যৌন কৰ্মী, নাপিত, বেজীৰে ড্ৰাগছ লোৱা ব্যক্তি আৰু এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মাতৃৰ কেঁচুৱা আদি হেপাটাইটিছ বি ৰ দ্বাৰাও সংক্ৰমিত হোৱাৰ আশংকা অধিক| হেপাটাইটিছ বি ৰ দ্বাৰা সংক্ৰমিত লোক হেপাটাইটিছ ডি ৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে| বহুতো এইচ আই ভি আক্ৰান্ত ৰোগী হেপাটাইটিছ ভাইৰাছৰ দ্বাৰাও সংক্ৰমিত হোৱা দেখা যায়|

হেপাটাইটিছ বি ৰোগৰ লক্ষণ

হেপাটাইটিছ বি সংক্ৰমণে একুইট হেপাটাইটি কৰিব পাৰে| তেতিয়া জণ্ডিচ, প্ৰস্ৰাৱ হালধীয়া হোৱা, শৰীৰ বেয়া লাগি থকা, বমি হোৱা, পেট বিষোৱা, সামান্য জ্বৰ হোৱা, ভোক কমি অহা, ওজন কমি অহা, পেশী আৰু গাঠিঁৰ বিষ, মূৰৰ বিষ, ভাগৰুৱা অনুভৱ আৰু যকৃতৰ আকাৰ বৃদ্ধি হোৱা আদি লক্ষণে দেখা দিব পাৰে| উপযুক্ত চিকিৎসাৰ পিছত প্ৰায় শতকৰা ৯০ জন একুইট হেপাটাইটিছ ৰোগীয়ে সম্পুৰ্ণ সুস্থ হৈ উঠে| বাকী দহ শতাংশই ক্ৰনিক অৱস্থালৈ গতি কৰে| কিন্তু প্ৰায়ভাগ হেপাটাইটিছ বি সংক্ৰমণে, বিশেষকৈ জন্মতে মাতৃৰ দ্বাৰা সংক্ৰমিত হোৱা কেঁচুৱাই একুইট অৱস্থাত কোনো উপসৰ্গ নেদেখায় আৰু ক্ৰনিক হেপাটাইটিছ অৱস্থালৈ গতি কৰি যথেষ্ট দীৰ্ঘম্যাদী, জটিল আৰু ভয়াবহ কৰি তোলে| হেপাটাইটিছ বি সংক্ৰমণ এক নীৰৱ ঘাতক| হেপাটাইটিছ বি ৰোগ ভয়াবহ হোৱাৰ মূলতে হ’ল এই ৰোগত আক্ৰান্ত প্ৰায় ভাগ লোকৰ শৰীৰত প্ৰথম অৱস্থাত কোনো ধৰণৰ বিশেষ লক্ষণ প্ৰকাশ নাপায়| ফলত ৰোগীয়ে গম নোপোৱাকৈয়ে যকৃতটো নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু পিছলৈ যকৃতৰ চিৰোছিছ, যকৃতৰ কৰ্কট ৰোগ আৰু যকৃত ফেইলৰ আদিৰ সৃষ্টি হৈ ৰোগীৰ জীৱনলৈ সংশয় নামি আহে| পিছলৈ যকৃত প্ৰতিষ্ঠাপন কৰাব লগাও হ’বগৈ পাৰে| সাধাৰণতে অন্তিম পৰ্যায়ত এই ৰোগ ধৰা পৰে আৰু তেতিয়ালৈকে চিকিৎসকৰ কৰিবলগীয়া একো নাথাকে| সেয়েহে বহু ৰোগীয়ে মৃত্যু বৰণ কৰিবলগীয়া হয়|

হেপাটাইটিছ বি ৰোগৰ চিকিৎসা

একুইট হেপাটাইটিছ ৰোগত Supportive চিকিৎসা দিয়া হয় আৰু Acute liver Failure নোহোৱাৰ ব্যৱস্থা কৰা হয়| ক্ৰনিক হেপাটাইটিছৰ আৰম্ভণিতে চিকিৎসা কৰিলে ইয়াৰ পৰা সৃষ্টি হ’ব পৰা জটিলতা চিৰ’ছিছ, যকৃতৰ কৰ্কট ৰোগ আৰু যকৃত ফেইলৰ আদি আতৰাই ৰাখিব পাৰি| কোনো ঔষধেই হেপাটাইটিছ সংক্ৰমিত ব্যক্তিৰ সংক্ৰমণ আঁতৰাব নোৱাৰে| ক্ৰনিক হেপাটাইটিছ ৰোগৰ চিকিৎসাৰ উদ্দেশ্য হ’ল যকৃতৰ অতিৰিক্ত ধ্বংস বন্ধ কৰি চিৰ’ছিছ, যকৃত ফেলৰ অথবা যকৃতৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰা আৰু এওঁলোকৰ দ্বাৰা যাতে এই ভাইৰাছ পুনৰ আন সুস্থ ব্যক্তিৰ শৰীৰলৈ নিবিয়পে তাৰ ব্যৱস্থা কৰ| আনন্দৰ কথা এয়ে যে ৰক্তৰ এটা সাধাৰণ পৰীক্ষা কৰিয়েই হেপাটাইটিছ বি সংক্ৰমণ ধৰা পেলাব পাৰি| Hepatits B surface antigen (HBsAg) পৰীক্ষা কৰিয়েই এই ভাইৰাছৰ সংক্ৰমণ ধৰা পেলাব পাৰি| যিবোৰৰ ৰক্ত পৰীক্ষা ধনাত্মক, তেওঁলোকৰ চিকিৎসা কৰি যকৃতৰ অতিৰিক্ত ধ্বংস বন্ধ কৰিব পাৰি| এনে ব্যক্তিয়ে সুস্থ হৈ থাকিবলৈ আৰু যকৃতৰ অতিৰিক্ত ধ্বংস বন্ধ কৰিবৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি স্বাস্থ্য সন্মত জীৱন যাপন কৰিব লাগে, মদ্যপান ত্যাগ কৰি সদায় হাত ভালকৈ ধুই স্বাস্থ্যসন্মত ভাল পুষ্টিকৰ খাদ্য খাব লাগে, দুষিত খাদ্য আৰু পানী আদি খাব নালাগে, পেৰাচিটামলকে ধৰি যকৃতৰ ক্ষতি কৰা কোনো দৰৱ খাব নালাগে, মাজে মাজে চিকিৎসকৰ ওচৰলৈ গৈ শৰীৰ পৰীক্ষা কৰি চিকিৎসকৰ উপদেশ অনুযায়ী যকৃত ভালে ৰখা দৰৱ আদি খাই থাকিব লাগে আৰু তেঁওৰ দ্বাৰা যাতে এই ভাইৰাছ আনলৈ নিবিয়পে তাৰ বাবে ভাইৰাছ বিয়পিব পৰা কামবোৰ যেনে-ৰক্তদান, অসুৰক্ষিত যৌন সংগম আদি কৰিব নালাগে| Alfa-inter-feron, Lamivudine, Adefovir, Tenofovir আদি কিছুমান দৰৱ যিবোৰ ৰোগীৰ ভাইৰেল ল’ড আৰু অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰ কৰিলে জটিলতা কমি থাকে| আগতে হেপাটাইটিছ বি ৰ বাবে যকৃত ফেইলৰ হ’লে যকৃত প্ৰতিষ্ঠাপন কৰা নহৈছিল, কাৰণ প্ৰতিষ্ঠাপিত যকৃতত পুনৰ হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণ হৈছিল| কিন্তু আজিকালি যকৃত প্ৰতিষ্ঠাপন ইয়াৰ প্ৰতিষ্ঠিত চিকিৎসা হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ প্ৰতিষ্ঠাপন পুন: হেপাটাইটিছ বি সংক্ৰমণ প্ৰতিৰোধৰ বাবে Lamivudine আৰু Hepatitis B immunoglobulin ব্যৱহাৰ কৰা হয়|

হেপাটাইটিছ বি সংক্ৰমণ প্ৰতিৰোধ

হেপাটাইটিছ বি ৰোগ প্ৰতিৰোধযোগ্য| যিবোৰৰ ৰক্ত পৰীক্ষা HBsAg ৰ বাবে ঋণাত্মক তেওঁলোকক হেপাটাইটিছ বি সংক্ৰমণৰ পৰা প্ৰতিৰোধৰ বাবে হেপাটাইটিছ বি মনোভেলেণ্ট ভেকচিন দিলেই হয়| এজন সুস্থ ব্যক্তিয়ে যিকোনো বয়সত হেপাটাইটিছ বি মনোভেলেণ্ট ভেকচিনৰ প্ৰথম বেজীটো ল’ব পাৰে| প্ৰথম বেজী লোৱাৰ এমাহ পিছত দ্বিতীয় বেজীটো আৰু ছমাহ পিছত তৃতীয় বেজীটো ল’ব লাগে| সুৰক্ষিত আৰু কাৰ্যক্ষম হেপাটাইটিছ বি ভেকচিনে মানুহক গোটেই জীৱন এই ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰে| এই ভাইৰাছৰ দ্বাৰা ইতিমধ্যে সংক্ৰ্মিত ব্যক্তিৰ ক্ষেত্ৰত এই ভেকচিনৰ কোনো প্ৰভাৱ নাই| দহ বছৰৰ বয়সৰ তলৰ শিশুবোৰক প্ৰাপ্তবয়স্ক ব্যক্তিৰ আধা ড’জন একে সময় পদ্ধতিত ভেকচিনৰ বেজী দিয়া হয়| কেঁচুৱা বোৰক হেপাটাইটিছ বি সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে জন্মৰ পাছতে চিকিৎসালয় এৰাৰ আগতে এটা হেপাটাইটিছ বি ভেকচিনৰ বেজী দিব লাগে আৰু পাছত ছয় সপ্তাহ আৰু চৈধ্য সপ্তাহত আন দুটা ভেকচিনৰ বেজী দিব লাগে| যদিহে কিবা কাৰণত জন্মৰ সময়ত প্ৰথম ভেকচিনৰ বেজীটো দিবলৈ পাহৰি যায় তেতিয়া ছয় সপ্তাহত প্ৰথম ভেকচিনৰ বেজীটো ই পাছত দহ আৰু চৈধ্য সপ্তাহত আন দুটা ভেকচিনৰ বেজী দিব লাগে| আজিকালি বহুতে Four-dose Schedule অনুসৰি জন্মৰ সময়ত প্ৰথম ড’জ আৰু বাকী তিনিটা ক্ৰমান্বয়ে ছয়, দহ আৰু চৈধ্য সপ্তাহত দিয়ে| আজিকালি বজাৰত DPT, Hib আৰু Inactivated polio ভেকচিনৰ সৈতে সংযুক্ত হেপাটাইটিছ বি ভেকচিনো পোৱা যায়| জন্মৰ লগে লগে দিয়া ভেকচিন বেজীটো কেৱল মোনোভেলেণ্ট দি বাকী দুটা সংযুক্ত ভেকচিনৰ বেজী দিব পাৰি| ভেকচিনৰ বেজীটো মাংসপেশীত দিয়া হয়| আন বেজীৰ দৰে বিষ হোৱা, জ্বৰ, মুৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে| আটাইকেইটা ভেকচিনৰ বেজী ল’লে শিশুবোৰে গুটেই জীৱন হেপাটাইটিছ বি ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে| মাতৃৰ পৰা শিশুলৈ হেপাটাইটিছ বি ভাইৰাছ নিবিয়পাৰ বাবে সকলো গৰ্ভৱতী নাৰীকে হেপাটাইটিছ বি ৰ বাবে ৰক্ত পৰীক্ষা কৰা উচিত| গৰ্ভৱতী নাৰীগৰাকী হেপাটাইটিছ বি ৰ দ্বাৰা সংক্ৰমিত নহ’লে কেঁচুৱা বোৰক সাধাৰণতে দিয়াৰ দৰে হেপাটাইটিছ বি ৰ ভেকচিনৰ বেজী দিব লাগে| যদি গৰ্ভৱতী নাৰী গৰাকী হেপাটাইটিছ বি ৰ দ্বাৰা সংক্ৰমিত তেন্তে স্বাস্থ্য কৰ্মীয়ে বিশেষ যত্ন ল’ব লাগে যাতে শিশুটিয়ে জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত Hepatitis B immunoglobulin আৰু হেপাটাইটিছ বি ভেকচিনৰ বেজী পায় আৰু আটাইকেইটা ভেকচিন সম্পুৰ্ণ কৰে| ইয়াক Active-passive immunization বুলি কোৱা হয়| দুৰ্ঘটনা ক্ৰমে যদি কোনো ব্যক্তিৰ কটা বা ঘা হোৱা ছাল অথবা মিউকাছ মেমব্ৰেনত হেপাটাইটিছ বি ৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ তেজৰ সংস্পৰ্শ হয়, হেপাটাইটিছ বি ৰ দ্বাৰা সংক্ৰমিত ব্যক্তিক দিয়া বেজীৰ খোঁচ খোৱা যায়| হেপাটাইটিছ বি ৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সংগম কৰা যায় তেন্তে তাৎক্ষণিক ভাৱে ব্যক্তিজনে তেজত HBsAg পৰীক্ষা কৰি চাব লাগে| যদি পৰীক্ষা ধনাত্মক হয় তাৎক্ষণিক ভাৱে কৰিব লগা একো নাথাকে, মাত্ৰ পিছলৈ চিকিৎসা কৰি হেপাটাইটিছ বি ৰ পৰা সৃষ্টি হ’ব পৰা জটিলতা আঁতৰাই ৰাখিব লাগে| ঋণাত্মক হ’লে হেপাটাইটিছ বি ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে পাৰিলে ৬ ঘণ্টাৰ ভিতৰত অন্যথা ৪৮ ঘণ্টাৰ ভিতৰত Hepatitis B immunoglobulin ৰ বেজী এটা দি ৩০ দিনৰ পিছত দ্বিতীয় বেজীটো দিব লাগে আৰু Active-passive immunization কৰাৰ বাবে সাতদিনৰ ভিতৰত প্ৰথম হেপাটাইটিছ বি ভেকচিনৰ প্ৰথম বেজীটো দি এমাহ পাছত দ্বিতীয় বেজীটো আৰু ছমাহ পাছত তৃতীয় বেজীটো দিব লাগে| ইয়াৰ উপৰি হেপাটাইটিছ বি ৰোগ প্ৰতিৰোধৰ বাবে দাঢ়ি খুৰোৱা ব্লেড আনে ব্যৱহাৰ কৰাৰ পাছত ব্যৱহাৰ কৰিব নালাগে, ডিছপোজে ব্‌ল চিৰিঞ্জহে ব্যৱহাৰ কৰিব লাগে, টাটু কৰিব নালাগে, পৰীক্ষা কৰা ৰক্তহে গ্ৰহণ কৰিব লাগে, আনৰ তেজ বা ৰক্তজাত সামগ্ৰী খালী হাতেৰে চুব নালাগে, অসুৰক্ষিত যৌন সংগম কৰিব নালাগে, আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব নালাগে| পৰিস্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি সদায় হত ভালকৈ ধুই আহাৰ খাব লাগে, স্বাস্থ্যসন্মত জীৱন যাপন কৰিব লাগে, মদ্যপান ত্যাগ কৰি স্বাস্থ্য সন্মত খাদ্য খাব লাগে আৰু দূষিত খাদ্য, পানী আদি খাব নালাগে|

ডা: ধৰ্মকান্ত কুম্ভকাৰ

শেহতীয়া উন্নীতকৰণ: : 6/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate