অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বসন্ত ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা

বসন্ত ৰোগ তিনি প্ৰকাৰৰ- বৰ আই, মাজু আই আৰু সৰু আই। তিনিওবিধৰ ভিতৰত বৰ আই বিলুপ্ত হৈছে। অৱশ্যে বিভিন্ন ঠাইত মাজু আই আৰু সৰু আই ওলোৱা দেখা যায়। এই বসন্ত ৰোগৰ টীকাকৰণ ইতিমধ্যে উপলব্ধ হোৱাটোহে মানৱ সমাজৰ বাবে আশীৰ্বাদস্বৰূপ হৈছে। যিসকলে বসন্ত ৰোগ প্ৰতিষেধক লৈছে তেওঁলোকক এই ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে।

আয়ুৰ্বেদিক চিকিৎসাত এই ৰোগক হাম বা বসন্ত বুলি কোৱা হয়। নোমকূপৰ ওপৰত সূক্ষ্ম সূক্ষ্ম ৰক্তবৰ্ণৰ যি গুটি গুটি উৎপন্ন হয় তাকে বসন্ত, অৰ্থাত্ হাম বোলে। এই বসন্ত হোৱাৰ পূৰ্বে প্ৰথমতে জ্বৰ আৰু সৰ্বাংগতে বিষ হয়, বেছিভাগ লোকৰে দুই-তিনিদিন পৰ্যন্ত একেই জ্বৰ থাকে। জ্বৰ এৰাৰ পিছতেই গাত বসন্ত ওলায়। প্ৰথমে কপালত আৰু মুখত পিছত গোটেই গাতেই ওলোৱা দেখা যায়। এই সময়ত শৌচ টান হয়, পেটৰ অসুখ, অৰুচি, কাহ, শ্বাসকষ্টও হয়। বসন্ত সম্পূৰ্ণৰূপে ছালত নোলালে বেছিকৈ গাৰ বিষ হয়। এই ৰোগ সাধাৰণতে শিশুৰ বেছিকৈ হয়।

বসন্ত ৰোগৰ নিদান আৰু লক্ষণ

গাখীৰ-মাছ একেলগে খোৱা (বিৰুদ্ধ ভোজন), দূষিত অন্ন, অৰ্থাত্ বাহীভাত, ঢাকনি নিদিয়া খাদ্য, উৰহী, শাক আৰু জলা, নিমখীয়া, টেঙা আৰু ক্ষাৰ আদি ভোজন, আগৰ আহাৰ হজম নৌহওঁতেই পুনৰ ভোজন আদি কাৰণে বসন্ত ৰোগ হয়। বসন্ত পীড়কাবিলাকৰ (ফাট) আকৃতি মচুৰ দাইলৰ নিচিনা। এই ৰোগ হোৱাৰ আগতে জ্বৰ, খজুৱতি, গাৰ বিষ, মনৰ অস্থিৰতা, ভ্ৰম, ছালৰ ৰক্তবৰ্ণ, লগতে চকুও ৰঙা হয়। এই আটাইবোৰৰ পূৰ্বৰূপ (অৰ্থাত্ আগতে) প্ৰকাশ পায়।

পানী বসন্ত

এই সময়ত ক্ষুদ্ৰ ফোঁট ওলায় আৰু ডাঙৰ হ’লে তাৰ পৰা পানীৰ দৰে নিৰ্গত হয়। তেতিয়া সহজতে আৰোগ্য হয়। কথিত ভাষাত এই বসন্ত ৰোগক পানী বসন্ত বোলা হয়। কেতিয়াবা বসন্ত কঠিন, স্নিগ্ধ আৰু স্থূল চৰ্মবিশিষ্ট, গাত বিন্ধাৰ নিচিনা বিষ, তৃষ্ণা, খজুৱতি, জ্বৰ আৰু চিত্তচাঞ্চল্য থাকে। কেতিয়াবা এই ৰোগৰ শৰীৰত বহিঃপ্ৰকাশ নহ’লেও ৰোগৰ বীজাণুৱে প্ৰভাৱ বিস্তাৰ কৰে। এই ৰোগত খোৱা-বোৱাৰ প্ৰতি অনীহা জন্মে। শিশুৱে খেল-ধেমালি কৰিবলৈ মন নকৰে। শৰীৰৰ উত্তাপ বৃদ্ধি পোৱাৰ লগতে নাকেৰেও বেছিকৈ পানী ওলাই থাকে। কেতিয়াবা চকুৰ পানীও ওলোৱা দেখা যায়। ৰোগীৰ শৰীৰৰ ওজন হ্ৰাস পায়। এই সময়ত বিশেষ সতৰ্কতা অৱলম্বন নকৰিলে স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা থাকে। কিয়নো, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। বসন্ত ৰোগত আক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ কাহ, হাঁচিৰ মাধ্যমেৰে বিয়পাৰ আশংকা থাকে।

মাজু আইঃ মাজু আই সংক্ৰামক ৰোগ। যিকোনো ব্যক্তিকে এই ভাইৰাছে আক্ৰমণ কৰিব পাৰে। মাজু আইৰ লক্ষণ শৰীৰত দেখা দিয়াৰ দুদিনমান আগৰ পৰাই শৰীৰ অৱশ লাগে। এই বসন্তৰ সংক্ৰমণ শৰীৰত দেখা দিয়াৰ পৰা পাঁচ দিনমানলৈকে থাকে। এই ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত যেতিয়া ছালখন শুকাবলৈ ধৰে, তেতিয়া বসন্তৰ গুটিৰ ছালবোৰ এৰাবলৈ আৰম্ভ কৰে।

এইবোৰৰ পৰা ৰোগ প্ৰসাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই বসন্ত চিৰাৰ দৰে চেপেটা। এই ৰোগত মনৰ অস্থিৰতা বৃদ্ধি পোৱাৰ লগতে গাৰ বিষ হয়। শৰীৰ গধুৰ লাগে আৰু টোপনিৰ ভাব বেছি হয়। অৰুচিৰ মাত্ৰা বৃদ্ধি পায়। এই বসন্তত কাহ, চকু ৰঙা পৰা, বেছিকৈ পিয়াহ লগা আদি লক্ষণে দেখা দিয়ে। বসন্ত ৰোগত শৰীৰত বেছিকৈ ঠাণ্ডা লগাব নালাগে। কেতিয়াবা শৰীৰ শীতল কৰিবলৈ ঠাণ্ডা আহাৰ গ্ৰহণৰ ফলত জ্বৰ, কাহ আদি বৃদ্ধি পায়। বসন্ত ৰোগ ভালদৰে শৰীৰত দেখা নিদিলে শতমূলৰ ৰস মাখনৰ লগত মিহলাই গাত ঘঁহি দিব লাগে। এই অৱস্থাত তুলসী পাতৰ ৰস শৰীৰত লগালেও উপকাৰ পোৱা যায়। বসন্ত ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণৰ বাবে চিকিৎসকক সাক্ষাত্ কৰাৰ প্ৰয়োজন।

মিজলছ

মিজলছ বা ৰুবেলা এবিধ ভাইৰাছজনিত ৰোগ। এই ৰোগত শৰীৰৰ উত্তাপ বৃদ্ধি হৈ জ্বৰ উঠা, মূৰৰ বিষ হোৱা আদি লক্ষণে দেখা দিয়ে। যদিহে গৰ্ভাৱস্থাত কোনো এগৰাকী মহিলাৰ এই ৰোগ হয় তেন্তে সন্তানৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত। সেয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ৰুবেলা সাধাৰণতে মুখ, ডিঙি আদিত সৰু সৰু গুটিৰ ৰূপত প্ৰকাশ পায়। অৱশ্যে আজিকালি ৰুবেলাৰ প্ৰতিষেধক ওলাইছে। নিৰ্দিষ্ট সময়ত মাম্পছ মিজলছ আৰু ৰুবেলাৰ প্ৰতিষেধক দিয়া হয়।

বসন্ত ৰোগত শৰীৰৰ উত্তাপ অভাৱনীয়ভাৱে বৃদ্ধি পালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কেতিয়াবা সঘনাই বমি হোৱাও দেখা যায়। এই বমি ৰোধ কৰিবৰ বাবেও চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এই ৰোগৰ সংক্ৰমণ বেছি হ’লে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হয়। সম্প্ৰতি চিকিৎসা বিজ্ঞানত বসন্ত ৰোগৰ চিকিৎসা উপলব্ধ হৈছে বাবে অন্ধবিশ্বাসৰ কবলত পৰি চিকিৎসা গ্ৰহণ নকৰাকৈ থকাটো অনুচিত। কিয়নো, কেতিয়াবা ৰোগীৰ জীৱনৰ স্থায়ী ক্ষতি হোৱাও দেখা যায়।

পথ্যাপথ্য

এই ৰোগৰ প্ৰথম অৱস্থাত ভোক লাগে যদিও পিছলৈ অৰুচি আহে। এই সময়ত ৰোগীৰ খাদ্য হজম কৰিব পৰা ক্ষমতা কিছু পৰিমাণে হ্ৰাস পায়। সেয়ে সহজে হজম কৰিব পৰা খাদ্য ৰোগীক যোগান ধৰিব লাগে। নিৰামিষ আহাৰ ৰোগীৰ বাবে বেছি গ্ৰহণযোগ্য। শাক-পাচলি, ডালিম, নেমু আদি ৰোগীৰ বাবে সুপথ্য। ৰোগীয়ে পাতল কপাহী কাপোৰ পিন্ধিব লাগে। ৰোগৰ যাতে সংক্ৰমণ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগীক পৰিষ্কাৰকৈ ৰাখিব লাগে।

সতৰ্কতা

  • গৰ্ভৱতী মহিলা এই ৰোগত আক্ৰান্ত হ’লে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। কাৰণ এই সময়ত মাতৃৰ শৰীৰৰ পৰা গৰ্ভস্থ সন্তানটিলৈ সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি পায়। গৰ্ভৱতী হোৱাৰ চাৰি মাহৰ ভিতৰত জাৰ্মান মিজলছ হ’লে শিশুটি বিকলাংগ হ’ব পাৰে। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি খাদ্য তালিকা প্ৰস্তুত কৰিব লাগে।
  • সৰু আই বা মাজু আই ওলালে খোৱাৰ ইচ্ছা কমে আৰু ৰোগৰ বাবে প্ৰ’টিন ভাগি যায়। সেয়েহে সহজ পাচ্য খাদ্য কম পৰিমাণে সঘনাই খাব লাগে।
  • শৰীৰত পানীৰ পৰিমাণ যাতে হ্ৰাস নাপায় সেইবাবে বেছিকৈ পানী খাব লাগে। বহুতে ভ্ৰান্ত ধাৰণাৰ বশবৰ্তী হৈ পানী আদি কম পৰিমাণে খায়। তেনে কৰিলে বিপদহে হ’ব পাৰে।
  • আক্ৰান্ত ব্যক্তিক আছুতীয়া কোঠাত ৰাখিব লাগে। পৰিয়ালৰ কোনো এগৰাকী সদস্য আক্ৰান্ত হ’লে সৰু ল’ৰা-ছোৱালীক সেইগৰাকী ব্যক্তিৰ ওচৰলৈ যাবলৈ দিব নালাগে।
  • ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানি সুস্থ ব্যক্তিয়ে ব্যৱহাৰ কৰাটো অনুচিত। একেলগে খোৱা-বোৱাও কৰিব নালাগে। ৰোগীয়ে কাহিলে অথবা হাঁচি মাৰিলে আনলৈ শ্বাস-প্ৰশ্বাসত বিয়পিব পাৰে।
  • ল’ৰা-ছোৱালীক স্কুললৈ যাবলৈ দিব নালাগে। কাৰণ শ্ৰেণীৰ আন ল’ৰা-ছোৱালীলৈকে সংক্ৰমণ ঘটিব পাৰে। আনহাতে শিশুটি যিহেতু দুৰ্বল হৈ থাকে সেয়েহে বেছি দুৰ্বলতা অনুভৱ কৰিব পাৰে।
  • ৰোগীৰ বিছনাৰ কাপোৰ-কানি পৰিষ্কাৰ কৰাৰ লগতে পিন্ধা কাপোৰো সদায় ধুব লাগে।
  • গুৰুপাক আহাৰ গ্ৰহণ কৰিব নালাগে। সহজ পাচ্য আহাৰহে গ্ৰহণ কৰা উচিত।

লেখিকা: ডাঃ ৰূপালী বৰুৱা পাঠক, আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা, জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 4/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate