মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সংক্ৰামক / বানপানীজনিত চৰ্মৰোগ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বানপানীজনিত চৰ্মৰোগ:

বানপানীজনিত চৰ্মৰোগৰ বিষয়ে লিখা হৈছে

বানপানী এক প্ৰাকৃতিক দুৰ্যোগ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বানপানী হোৱা দেখা যায়। বানপানীয়ে খাদ্য আৰু বিশুদ্ধ পানীৰ নাটনি সৃষ্টি কৰাৰ লগতে নানা প্ৰকাৰৰ ৰোগ সৃষ্টি কৰি মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে। এনে সমস্যাবোৰ বানপানী হৈ থকা অৱস্থাত অথবা পানী শুকুওৱাৰ পিছতো বহুদিনলৈ হৈ থকা দেখা যায়। বানপানীৰ বাবে নানা সোঁচৰা ৰোগ, জীৱ-জন্তুৰ মৃতদেহে বিয়পোৱা ৰোগ, আঘাতজনিত সমস্যা, চকুৰ ৰোগ(যেনে- কনজাংটিভাইটিছ), ডিঙি, কাণ, নাক আদিৰ সংক্ৰমণ আৰু নানা চৰ্মৰোগ হোৱা দেখা যায়। বাহকজনিত সোঁচৰা ৰোগ(যেনে- মালেৰিয়া, ডেংগু, এনকেফেলাইটিছ ইত্যাদি), জলজনিত সোঁচৰা ৰোগ(যেনে- টাইফয়ড, কলেৰা, লেপ্টোস্পাইৰোছিছ, জণ্ডিচ, হেপাটাইটিছ ‘এ’ ইত্যাদি) আৰু জীৱ-জন্তুৰ মৃতদেহে বিয়পোৱা ৰোগ আদিয়ে মহামাৰী ৰূপো ধাৰণ কৰিব পাৰে। সেয়েহে এনেবোৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰীভাৱে বহুল প্ৰচাৰ চলোৱা হয়। জনসাধাৰণো এনে ৰোগৰ প্ৰতি সজাগ। কিন্তু বানপানীজনিত চৰ্মৰোগৰ বিষয়ে মানুহ অলপ কম সজাগ হোৱা দেখা যায়। বাৰিষা কাল আহিল। অসমৰ প্ৰায় সকলো ঠাইতে বানপানী হোৱাৰ আশংকা আছে। সেয়েহে বানপানীজনিত চৰ্মৰোগবোৰ কি, তাৰ প্ৰতিকাৰ আৰু ইয়াৰপৰা কেনেকৈ নিজকে বচাই ৰাখিব পাৰি তাক ইয়াত চমুকৈ আলোচনা কৰা হৈছে।

বানপানীজনিত চৰ্ম ৰোগবোৰ কি আৰু কেনেকৈ হয়:

 

বানপানীজনিত চৰ্ম ৰোগবোৰ ছালৰ সংক্ৰমণ, ছালৰ আঘাতজনিত সমস্যা, পানীত বহু সময় ধৰি ডুব গৈ থকা বাবে হোৱা ছালৰ অনিষ্ট আৰু অন্যান্য বানপানীজনিত ৰোগৰ চৰ্ম উপসৰ্গ হ’ব পাৰে। বানপানীৰ সময়ত দীৰ্ঘদিনীয়া সেমেকা পৰিৱেশত পিন্ধা সাজ-পোছাক, বিচনাৰ কাপোৰ, অন্যান্য নিতৌ ব্যৱহাৰ্য কাপোৰ-কানিত বিভিন্ন প্ৰজাতিৰ ভেঁকুৰ আৰু পৰজীৱীয়ে আক্ৰমণ কৰে। এনেবোৰ কাপোৰ ব্যৱহাৰ কৰিলে নানা ধৰণৰ ফাংগেল চৰ্মৰোগ হ’ব পাৰে। খৰ, খজুৱতী আদি নানা ৰোগে দেখা দিব পাৰে। এনে কাপোৰবোৰ ব্যৱহাৰ কৰাৰ বাবে ছালৰ এলাৰ্জীজনিত সমস্যা(বিশেষকৈ একজিমা) আৰু নানা বেক্টেৰিয়েল, ফাংগেল আৰু ভেঁকুৰজনিত চৰ্মৰোগ হ’ব পাৰে। বহু সময়ত বানপানীৰ সময়ত মানুহক তিতা কাপোৰো ব্যৱহাৰ কৰা দেখা যায়। তিতা কাপোৰ ছালৰ অনিষ্ট কৰাৰ উপৰি ছালৰ ৰক্ত চলাচল কমাই(Occlusion of Skin) কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট কৰি Trichphyton mentagrophytes(ringworm)ৰ সংক্ৰমণ হ’ব দি খৰ, খহু আদি চৰ্মৰোগ কৰিব পাৰে। অনবৰতে পানী গচকি থাকিলে, পানীৰ তলত বহু সময় একেৰাহে ডুব গৈ থকা ছালবোৰৰ অনিষ্ট হৈ ডুবাওন চৰ্মৰোগ(Immersion Skin Disease) হ’ব পাৰে। আঘাতপ্ৰাপ্ত হৈ ছাল কাটিলে অথবা ঘা হ’লে, ঘাৰ সংক্ৰমণ হৈ চেলুলাইটিছ অথবা টিটেনাছ ৰোগো হ’ব পাৰে। ছালৰ ঘাৰে অথবা কেতিয়াবা সুস্থ ছালৰ মাজেৰেও নানাবিধ বীজাণু প্ৰৱেশ কৰি(যেনে- Atypical মাইকোবেক্টেৰিয়াম, (Schistosome Cercaria) ছালৰ গ্ৰেণুলোমা আদি কৰাৰ উপৰি নানা ৰোগ কৰাৰ লগতে তাৰ চৰ্ম উপসৰ্গবোৰে চৰ্ম ৰোগ হিচাপে দেখা দিয়ে। জোকৰ কামোৰ আৰু শামুক আদিয়েও নানাবিধ চৰ্ম ৰোগ কৰিব পাৰে। আনহাতে, কিছুমান বানপানীজনিত জ্বৰ আৰু গাত চকলা বান্ধি হোৱা ছালৰ বেমাৰ(Fever and Rash), যেনে- লেপ্টোস্পাইৰোছিছ, ডেংগু, হিমোৰেজিক জ্বৰ, টাইফয়ড জ্বৰ(Rose spot of Typhoid), মেনিংগোকোকেল মেনিনজাইটিছ(Meningococcal meningitis) আৰু নানাবিধ ভাইৰেল হিমোৰেজিক জ্বৰৰ বাবেও ছালৰ ৰোগ হোৱা দেখা যায়।

বানপানীজনিত সংক্ৰমিত চৰ্ম ৰোগবোৰ:

 

বানপানীৰদ্বাৰা হোৱা ক্ৰনিক ইৰিটেচনত আঙুলিৰ ফাকবোৰ কোমল হয় আৰু কেতিয়াবা ছেকেণ্ডাৰী বেক্টেৰিয়েল সংক্ৰমণ হৈ ঘা পৰ্যন্ত হ’ব পাৰে। বানপানীৰ সময়ত একজিমা বেছিকৈ হয়। কেতিয়াবা আঁঠুৰ পাছফালে, কিলাকুটিৰ ভাঁজত, মণিবন্ধনী, ডিঙি, গোৰোহা, ভৰি আদিতো একজিমা হোৱা দেখা যায়। অতি বেছি খজুৱতী হয়। বহু সময় দূষিত পানীৰ সংস্পৰ্শত থকা, পানীৰ সৈতে হোৱা ঘৰ্ষণ, অতি উচ্চ আৰ্দ্ৰতা আৰু অপৰিষ্কাৰ পৰিৱেশৰ বাবে বানপানীৰ সময়ত ছালৰ সংক্ৰমণ বেছি হোৱা দেখা যায়। সাধাৰণতে এই পৰিৱেশৰ বাবে ছালৰ অখণ্ডতা(Skin integrity) নষ্ট হ’লে ষ্টেফাইলোকোকাছ আৰু ষ্ট্ৰেপ্টাকোকাছ কৰ্ণিবেক্টেৰিয়াম আদি বেক্টেৰিয়েল সংক্ৰমণ কৰি ছালৰ ঘা কৰাৰ উপৰি চেলুলাইটিছ আদি কৰে। পৰিষ্কাৰ পানীত Graam Negative বেছিলাছ এৰোমোনাছ, প্লেচিঅ’মোনাছ আৰু ছিউডোমোনাছ আদিয়ে সংক্ৰমণ কৰি ছালৰ ৰোগ কৰিব পাৰে। তদুপৰি ছালৰ Trichphyton mentagrophytes(T.rubrum, T.concentrigum, E.floccosum and C.albicans), Candida আদিয়ে ছালৰ ফংগেল সংক্ৰমণ কৰি ছালৰ খহু, খজুৱতী, ছাল খহতা হোৱা, ছালৰ বৰণ সলনি হোৱা, ছাল চকলা-চকল হোৱা আৰু ছাল উখহি চাৰিওপিনে পাৰ বান্ধি উঠা নানাবিধ চৰ্মৰোগ কৰিব পাৰে। স্কবিজৰ ফলত পানীজোলা আৰু উখহি উঠাৰ দৰে ঘাৰ সৃষ্টি হয়। এইবোৰ আঙুলিৰ ফাকি, মণিবন্ধনী, কিলাকুটিৰ ভাঁজ, কৰঙন আৰু আঁঠুত হোৱা দেখা যায়। খজুৱতী হয়। বিচনাৰ কাপোৰবোৰ ভালদৰে গৰম পানীৰে ধুব লাগে। এনে কৰিলে বীজাণুবোৰ মৰি যায়। মাইক্ৰ’বায়োলোজিকেল পৰীক্ষা কৰি উপযুক্ত এন্টি ইনফ্লেমট’ৰী, এন্টি বেক্টেৰিয়েল অথবা এন্টি ফাংগেল দৰব ব্যৱহাৰ কৰিব পাৰে।

আঘাতজনিত বানপানীজনিত চৰ্ম ৰোগবোৰ:

 

বানপানীৰ সময়ত পানীৰ তলত নেদেখাকৈ থকা বস্তুৰদ্বাৰা ছালৰ আঘাত হ’ব পাৰে। আঘাত Clostridium tetani নামৰ বেক্টেৰিয়াৰদ্বাৰা সংক্ৰমিত হৈ টিটেনাছ হ’ব পাৰে। এই সময়ত ঘৰৰ ভিতৰত থকা এন্দুৰবোৰ বাহিৰ ওলায় আৰু এনে এন্দুৰে কামুৰিলে, কামোৰা ঠাইত Spirillum minus আৰু Streptobacillus moniliformis সংক্ৰমণ কৰি Utricariabacterial folliculitis নামৰ এক খজুৱতী থকা সৰু সৰু ফোহাজাতীয় চৰ্ম ৰোগ হয়। জোকে কামুৰি তে খাওঁতে হিৰুদিন নামৰ এবিধ তেজ গোট নমৰা আৰু এবিধ anesthetics নিৰ্গত কৰি মানুহৰ ছালৰ ৰোগ কৰে। শামুকৰদ্বাৰা Trichobilharzia আৰু Schistosoma spindale নামৰ দুবিধ blood flukeৰ দ্বাৰা ছাল আঘাতপ্ৰাপ্ত কৰি ছালৰ হাইপাৰছেনজিটিভিটি কৰি Cercarial Dermatitis নামৰ  এবিধ ৰঙচুৱা দাগ সৃষ্টি চৰ্মৰোগ কৰে। তদুপৰি Mycobacterium marinum নামৰ এবিধ Atupical Mycobacterium-এ ছালত গ্ৰেনুলোমা কৰিব পাৰে।

ডুবাওন চৰ্ম ৰোগ:

 

বহু সময় ধৰি পানী বা বোকাত ডুব গৈ থাকিলে ভৰিত চৰ্ম ৰোগ হয়, তাকে ডুবাওন চৰ্ম ৰোগ বুলি কোৱা হয়। ঠাণ্ডা পানীত(১৫ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ কম) ট্ৰেন্স ফুট, ইমাৰচন ফুট আৰু গৰম পানীত(২২-৩২ ডিগ্ৰী চেন্টিগ্ৰৰ্ড) ট্ৰপিকেল ইমাৰচন ফুট আৰু Warm Water Immersion Foot হয়। বহু সময় ভৰি ২২ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ উচ্চ পানী বা বোকাত ডুবি থাকিলে সৰু গাঁঠি আৰু ভৰিৰ ওপৰ অংশত ট্ৰপিকেল ইমাৰচন ফুট বা paddy foot হ’ব পাৰে। জোতা খোলাৰ লগে ল্লগে বগা শেতা দেখা গ’লেও কিছু সময় পিছত ৰঙচুৱা হয়। দুই-তিনি দিনমান গৰম পানীত মাজে মাজে খোজ দি থাকিলে গোৰোহা, ভৰিৰ পতা আদি কোমল, ডাঠ আৰু কোঁচযুক্ত হৈ Warm Water Immersion Foot বা moon-boot syndrome হয়। ই ভৰিৰ কাষৰ পিনে যাব পাৰে, কিন্তু ভৰিৰ ওপৰলৈ নাযায়। গোৰোহা, ভৰিৰ পতাৰ ছাল এৰা দিব পাৰে, ফাটিব পাৰে। ফাটবোৰত ছেকেণ্ডাৰী বেক্টেৰিয়েল সংক্ৰমণ হৈ ঘা হ’ব পাৰে। ট্ৰেন্স ফুট স্কীন ডিজিছত(Trench foot Skin Diseases) আঙুলিৰ ফাকবোৰ কোমল হয় আৰু ছেকেণ্ডাৰী বেক্টেৰিয়েল সংক্ৰমণ হৈ ঘা হ’ব পাৰে। ২০০৬ চনৰ ছেপ্টেম্বৰত থাইলেণ্ডত হোৱা বানত প্ৰায় ৩.১ নিযুত ব্যক্তি এই চৰ্ম ৰোগত আক্ৰান্ত হৈছিল।

বানপানীজনিত জ্বৰ আৰু গাত চকলা বান্ধি হোৱা ছালৰ বেমাৰ:

 

লেপ্টোস্পাইৰোছিছ ডেংগু হিমোৰেজিক জ্বৰ, টাইফয়ড জ্বৰ, মেনিংগোকোকেল মেনিনজাইটিছ আৰু নানাবিধ ভাইৰেল হিমোৰেজিক জ্বৰ বানপানীৰ সময়ত দেখা যায়। এই হিমোৰেজিক জ্বৰবোৰত চকলা বান্ধি হোৱা ছালৰ দাগ হয়।

লেপ্টোস্পাইৰোছিছ এন্দুৰৰ প্ৰস্ৰাৱৰদ্বাৰা বিয়পা লেপ্টোস্পাইৰ কনামৰ বেক্টেৰিয়াৰদ্বাৰা হোৱা এক মহামাৰী সৃষ্টি কৰিব পৰা ৰোগ। এই বেক্টেৰিয়া থকা এন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানী খালে বা ছাল আৰু মিউকাছেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এই ৰোগবিধ হয়। বানপানীৰ সময়ত মুক্ত ছালৰ ঘা অথবা অন্য প্ৰকাৰে ই সংক্ৰমিত হ’ব পাৰে।

ডেংগু হিমোৰেজিক জ্বৰ A.aegypti নামৰ মহবিধে চাৰি প্ৰকাৰৰ ডেংগু ভাইৰাছৰদ্বাৰা কৰে। অন্যান্য ভাইৰাছজনিত জ্বৰৰ দৰে দেখুওৱা বা লক্ষণৰ লগতে ছালৰ উপসৰ্গ হিচাপে ক’লা চকলা চকল দাগ দেখা দিয়ে। সাধাৰণতে বাহুৰ ভিতৰপিনে, বুকুত প্ৰথমে এনে দাগ দেখা দিয়ে। পিছলৈ মুখ, হাত, পেট আদিলৈ বিয়পে। ৰক্তক্ষৰণৰ বাবে ছালত ক’লা দাগ পৰে। ভাইৰাছ Isolation আৰু ELISA কৰি এই ৰোগ ঠিৰাং কৰিব পাৰি। Supportive আৰু Complicationৰ  চিকিৎসা দিব পাৰি। বানপানীৰ সময়ত মেনিংগোকোকেল মেনিনজাইটিছ হৈও জ্বৰ আৰু ছালত দাগ পৰিব পাৰে। হাত-ভৰি আৰু পেটত বেছিকৈ দাগ হোৱা দেখা যায়। টাইফয়ড জ্বৰত সামান্যভাৱে উখহা আৰু হেঁচি দিলে অলপ বহি যোৱা দাগ(Rose spot) ছালত হ’ব পাৰে।

ল’বলগীয়া সাৱধানতা:

 

তিতা আৰু সেমেকা কাপোৰ পিন্ধিব নালাগে। বানপানী যোৱাৰ পিছত কাপোৰবোৰ ভালদৰে ধুই, ৰ’দত শুকুৱাই ব্যৱহাৰ কৰিব লাগে। যিবোৰ ধুব নোৱাৰি(তুলি, গাৰু আদি) ভালদৰে দুদিনমান ৰ’দত শুকুৱাই ব্ৰাছ মাৰি ব্যৱহাৰ কৰিব লাগে। বেছি সময় পানী, বোকা আদি গচকি থাকিব নালাগে। গচকিব লগা হ’লেও জোতা পিন্ধি আৰু ভৰিত গ্ৰীজ বা পেৰাফিন আদি লগাই গচকিব লাগে। পানী, বোকা আদি গচকাৰ পিছত ভালদৰে পৰিষ্কাৰ পানীৰে ধুই, শুকান কাপোৰেৰে মচি শুকুৱাব লাগে আৰু এন্টিছেপ্টিক মলম লগাব লাগে। শুদা ভৰিৰে পানীত খোজ কাঢ়িব নালাগে। জোতা বা চেন্দেল ব্যৱহাৰ কৰিব লাগে। বিশুদ্ধ পানী খাব লাগে। খোৱাৰ আগেয়ে হাত ধুই ল’ব লাগে। মহৰ কামোৰৰপৰা ৰক্ষা কৰিব লাগে। জীৱ-জন্তুৰ মৃতদেহ ভালদৰে পুতি থ’ব লাগে। কটা ঘা থাকিলে বানপানীৰ পানী লগাব নালাগে। বানপানী যোৱাৰ পিছতে ঘৰৰ মজিয়া, বেৰ, চিলিং আদি বীজাণুনাশক দ্ৰব্যৰে মচিব লাগে। ছালৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

2.97727272727
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top