অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যক্ষ্মা ৰোগ বা ক্ষয় ৰোগ

যক্ষ্মা ৰোগ বা ক্ষয় ৰোগ

যক্ষ্মাৰোগ বা টিবি ৰোগ ‘মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ’ নমাৰ বীজাণুৰ পৰা সৃষ্টি হয়। এই বীজাণু সাধাৰণতে দুই প্ৰকাৰে বিয়পে। ইয়াৰে এবিধ মানৱবাহিত। এইবিধ বীজাণুৱে এজন ৰোগীৰ পৰা সুস্থ মানুহলৈ শ্বাস-প্ৰশ্বাসৰ যোগেদি হাওঁফাওঁত প্ৰৱেশ কৰি ৰোগ সৃষ্টি কৰে আৰু আনবিধ গব্যাদি জন্তুবাহিত। এইবিধ বীজাণু দূষিত গাখীৰ, বেমাৰী গৰু ছাগলিৰ মাংস আদিৰ যোগেদি মানুহৰ শৰীৰৰ হাড়, বৃক্ক, মগজু, প্লিহা, গ্ৰন্থি আদিত থিতাপি লয়। প্ৰথমবিধে বিশেষকৈ নগৰবাসী লোকক আৰু দ্বিতীয়বিধে গ্ৰাম্য অঞ্চলৰ লোকক বেছিকৈ আক্ৰমণ কৰা দেখা যায়। বীজাণুৰ পৰা ওলোৱা বিহপদাৰ্থই শৰীৰৰ সূক্ষ্ম কোষকলা, তেজত থকা লিউকোচাইট, লিম্‌ফোচাইটক আক্ৰমণ কৰিজ ধংস কৰে। যদি ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে, তেন্তে শৰীৰৰ সূক্ষ্ম কোষকলা টান হৈ গোটা বান্ধে আৰু তেনেকৈ ৰৈ থাকি আৰোগ্য হৈ থাকে। যদি ৰৈগ প্ৰতিৰোধ ক্ষমতা নাথাকে বা কম হৈ থাকে, তেন্তে নানান উপসৰ্গসহ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ ৰোগীক মৃত্যুলৈ ঠেলি দিয়ে। যদিহে সময়মতে চিকিৎসা কৰা নহয়, তেনেহ’লে ৰোগীৰ অকাল মৃত্যু অনিবাৰ্য। এসময়ত যক্ষ্মা ৰোগ বৰ ভায়াবহ আছিল, কাৰণ ইয়াৰ কোনোক চিকিৎসা নাছিল। কাৰোবাৰ এইজ ৰোগ হ’লে আটায়ে ৰোগীৰ বচাৰ আশা এৰি দিছিল বা ৰোগীক এঘৰীয়া কৰি ৰাখিছিল। কিন্তু পিছলৈ এই ৰোগৰ ফলপ্ৰসূ চিকিৎসা সহজলভ্য হৈ পৰিল আৰু লাহে লাহে মানুহে এই ৰোগৰ চিকিৎসাৰ বিষয়ে বুজি উঠিল। ৰোগীয়ে যক্ষ্মা ৰোগ হোৱা বুলি সামন্য ইংগিত পালেই হস্পিতাললৈ ঢাপলি মেলে আৰু চিকিৎসা আৰম্ভ কৰে। সেয়েহে অন্য বহু ৰোগৰ দৰে যক্ষ্মা ৰোগ এতিয়া আৰোগ্য কৰাটো সম্ভৱ হৈ উঠিছে।

যি সময়ত কোনো যক্ষ্মা ৰোগীক সমাজত গ্লানিৰ বাবে ভয়, স্ংকোচ, লাজ কৰি ঘৰত লুকুৱাই ৰাখিছিল, সেই সময়ত জাৰ্মানীৰ বাৰ্লিন চহৰত, ১৮৮২ চনৰ ২৪ মাৰ্চত ডা: ৰবাৰ্ট ককছ চিকিৎসকজনে তেওঁৰ জন্মদিনৰ দিনা পত্নীয়ে উপহাৰ অনূবীক্ষণ যন্ত্ৰৰ সহায়ত প্ৰথমবাৰৰ বাবে যক্ষ্মা ৰোগৰ বীজাণু ধৰা পেলাইছিল। লগে লগে তেওঁ মন্তব্য কৰিছিল যে, “I have no business to live this live if I can not get something done to save the people from this horrible scourge”.

যক্ষ্মাৰ বীজাণুৱে আক্ৰমণ কৰিলে লাহে লাহে কিছুমান লক্ষণে দেখা দিয়ে। তাৰ ভিতৰত দুসপ্তাহ বা ততোধিক দিন ধৰি একেৰাহে হৈ থকা কাহ, বহুত দিন ধৰি গধুলি গধুলি হৈ থকা জ্বৰ, ভোক নলগা, ওজন কমি অহা বুকুৰ বিষ, থুই-খেকাৰত তেজ ওলোৱা আৰু দুৰ্বল অনুভৱ কৰা ইত্যাদিয়েই প্ৰধান। ইয়াৰে যিকোনো এটা লক্ষণ আওকাণ কৰি থকাটো বিপজ্জনক হ’ব পাৰে। ডাক্তৰr পৰামৰ্শমতে চিকিৎসা গ্ৰহণ নকাৰৰ ফলত যক্ষ্মা ক্ৰমে বেয়াৰ ফলালৈ ঢাল খাব পাৰে।

এই ৰোগৰ চিকিৎসাৰ বাবে কেইবাবিধো দৰৱ একেলগে খাবলগীয়া হয়। তাৰে প্ৰত্যেকবিধ দৰৱেই অতি আৱশ্যকীয়। চিকিৎসকৰ বিধান অনুযায়ী নিয়মিত ৰুপত প্ৰত্যেকবিধ দৰৱেই খোৱা উচিত। যদি চিকিৎসকে দিয়া দৰৱৰ প্ৰয়োজনীয় মাত্ৰা প্ৰয়োজনীয় সময়লৈকে গ্ৰহণ নকৰে, তেন্তে সেই দৰৱৰ পৰা কোনো সুফল পোৱা নাযাব। নিয়মীয়া ঔষধ সেৱন কৰা বা ঔষধ খাবলৈ আধাতে এৰি দিয়াৰ ফলত ৰোগটো সম্পূৰ্ণ নিৰাময় নহয়, চিকিৎসাৰ বাবে অযথা বেছি খৰচ হয় আৰু ই ৰোগীৰ বাবে  ই অধিক কষ্টদায়ক হৈ উঠে।

দৰৱৰ পৰা কেতিয়াবা উপসৰ্গ বা পাৰ্শ্বক্ৰিয়া হোৱাও দেখা পোৱা যায়। যদি কোনো উপসৰ্গ সৃষ্টি হয়, তেন্তে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। নিজে কেতিয়াও দৰৱ সলনি কৰিব নালাগে অথবা দৰৱ খোৱাও বন্ধ কৰিব নালাগে।

যক্ষ্মা ৰোগৰ উপসৰ্গৰ ভিতৰত ওকালি অহা, বমি হোৱা, অস্থিৰ হোৱা, গাঁঠিৰ বিষ হোৱা, শৰীৰৰ কোনো অংগ জিন্‌জিনোৱা, প্ৰস্ৰাৱ ৰঙা বা হালধীয়া হোৱা, ছালত ক’লা চকলা বন্ধা ইত্যাদিয়েই প্ৰধান।

ৰোগ চিকিৎসা কৰাৰ কিছুদিনৰ পিছতে ৰোগীৰ নিয়মীয়াকৈ হৈ থকা জ্বৰ নাইকীয়া হয়। ভোক বাঢ়ে, ওজন বাঢ়ে আৰু কাহো কমি যাব পাৰে। ৰোগীয়ে আগতকৈ বেছি সুস্থ অনুভৱ কৰিব পাৰে। কিন্তু প্ৰকৃততে তেতিয়াও ৰোগী সম্পূৰ্ণভাৱে আৰোগ্য নহয়। চিকিৎসকৰ পৰামৰ্শমতে দীৰ্ঘদীন ধৰি দৰৱ খাই থাকিব লাগিব। তেতিয়াহে ৰোগীয়ে সম্পূৰ্ণ আৰোগ্য হৈ উঠাটো সম্ভৱ হ’ব।

বেমাৰৰ লক্ষণবোৰ বন্ধ হোৱাৰ পিছত ৰোগীয়ে দৈনন্দিন কাম-কাজ কৰিব পাৰে। যক্ষ্মা ৰোগৰ চিকিৎসাত জিৰণিৰ কোনো বিশেষ স্থান নাই। ঘৰতে চিকিৎসা কৰি ৰোগীয়ে নিজৰ কাম-কাজ সাধাৰণভাৱে কৰি থাকি আৰ্থিক ক্ষতি নোহোৱাকৈ জীৱন-যাপন কৰি থাকিব পাৰে। আনকি স্কুল, কলেজ, অফিচলৈকো অহা-যোৱা কৰিব পাৰে। কিন্তু নিয়মীয়াকৈ ৰোগীয়ে সুষম আহাৰ খোৱাটো প্ৰয়োজনীয়।

ৰোগীৰ পৰিয়ালৰ আন সদস্যসকলে নিজকে যক্ষ্মা ৰোগৰ পৰা বচাই ৰাখিবৰ বাবে আৰু সমাজত ই বিয়পি পৰাত বাধা দিবৰ বাবে কিছুমান নিয়ম মানি চলা দৰকাৰ। যেনে-

  • ৰোগীয়ে কাহিলে মুখত ৰুমাল ল’বলৈ সোঁৱৰাই থাকিব লাগে।
  • মুকলি ঠাইত থু-খেকাৰ পেলাবলৈ দিব নালাগে আৰু তেওঁ ব্যৱহাৰ কৰা বাচন-বৰ্তন আন লোকক ব্যৱহাৰ কৰিবলৈ দিব নালাগে।
  • ল’ৰা-ছোৱালীক জন্মৰ পিছতেই বি চি জি দিয়াটো একান্ত প্ৰয়োজন।

আজিকালি চৰকাৰে নগৰ-চহৰ, গাঁও-ভূইত থকা সকলো লোকক বিনামূলীয়াকৈ নিম্নতম ঔষধ আৰু পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰিছে। ৰোগীয়ে যাতে ঔষধ এদিনো বাদ নপৰাকৈ একেৰাহে ব্যৱহাৰ কৰিজ থাকিব পাৰে, তাৰ বাবে চৰকাৰে ‘ডট’ প্ৰথা প্ৰৱৰ্তন কৰিছে। এই আঁচনিৰ মতে ৰোগীয়ে  ঘৰতে বা হস্পিতালত উপস্থিত হৈ চিকিৎসকৰ পৰামৰ্শমতে ঔষধ খাব লাগিব, যাতে চিকিৎসাত কোনো গাফিলতি বা বিৰতি হ’ব নোৱাৰে। যিহেতু চিকিৎসা কেইবামাহো ধৰি চলা দৰকাৰত, গতিকে ‘ডট’ প্ৰথাই অতি উত্তম চিকিৎসা আৰু ফলদায়কৰুপে বিবেচিত হৈছে। কিন্তু এই আঁচনি যোগে অকল ঔষধ যোগানেই যথেষ্ট নহয় ইয়াৰ লগত জড়িত চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ আন্তৰিক সেৱাও জড়িত আছে। এই আঁচনিৰ লগত জড়িত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু পৰিয়ালবৰ্গৰ সহায়-সহযোগিতা অত্যন্ত আৱশ্যকীয়। যেতিয়া ৰাইজে পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু যক্ষ্মা ৰোগৰ নিবাৰণৰ বিষয়ে ভালকৈ উপলব্ধি কৰিব পাৰিব, তেতিয়াহে এই ৰোগ নিৰ্মূল হ’ব। ঔষধ, চিকিৎসক, পৰিয়ালবৰ্গ, চৰকাৰ আৰু সমাজৰ সজাগ দৃষ্টিয়েই ‘যক্ষ্মা’ ৰোগ নিৰ্মূলৰ পঞ্চশৰ।

লিখক: ডা: ধ্ৰুৱজ্যোতি দাস, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate