অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলেৰা

কলেৰা কি?

 

অন্ত্ৰত ভিবৰিঅ’ কলেৰা নামৰ জীৱাণুৰ সংক্ৰমণৰ ফলত যি তীব্ৰ পেটৰ অসুখ হয় তাকে কলেৰা বোলা হয়। এই সংক্ৰমণত কোনো উপসৰ্গই দেখা নিদিয়ে বা দেখা দিলেও খুব কম তীব্ৰ হয়। কিছুমানৰ ক্ষেত্ৰত অৱশ্যে উপসৰ্গ অতি তীব্ৰ হব পাৰে।

কলেৰাৰ উপসৰ্গ কি?

 

প্ৰতি ২০ জন কলেৰা সংক্ৰমণ হোৱা ব্যক্তিৰ ভিতৰত এজনৰ তলত দিয়া ধৰণৰ উপসৰ্গবোৰ তীব্ৰভাৱে দেখা দিব পাৰে:

  • খুব বেছিকৈ পানীৰ দৰে শৌচ হয়।
  • বমি।
  • ভৰিৰ মাংশপেশী টানি ধৰা।

এনে ৰোগীৰ দেহৰপৰা অনবৰতে পানীভাগ ওলাই যোৱাৰ ফলত ডিহাইড্ৰেছন আৰু দমবন্ধ হব পাৰে। এনে ব্যক্তিক অতি সোনকালে চিকিত্সা নকৰালে এঘন্টাৰ ভিতৰত মৃত্যুও হব পাৰে।

কলেৰাৰদ্বাৰা কেনেকৈ আক্ৰান্ত হয়?

 

কলেৰাৰ বিজাণু থকা খাদ্য বা পানী খোৱাৰ ফলত এজন লোকৰ দেহত কলেৰা সংক্ৰমণ হয়। সংক্ৰমিত ব্যক্তিৰ শৌচৰপৰা বিয়পি সাধাৰণতে মহামাৰী ৰূপ লয়। নলা-নৰ্দমাৰ ব্যৱস্থা উপযুক্ত ভাৱে নথকা আৰু খোৱাপানী উপযুক্তভাৱে বিশুদ্ধ কৰাৰ ব্যৱস্থা নথকা ঠাইত এই ৰোগ সোনকালে বিয়পি পৰে।

কলেৰাৰ বেক্টেৰিয়া অলপ লুণীয়া পানী থকা নদী বা উপকূল অঞ্চলতো থাকিব পাৰে। স্বেলফিছ কেঁচাকৈ খোৱাৰ ফলতো কলেৰা হব পাৰে। এই ৰোগ এজনৰ গাৰ পৰা আন এজনৰ গালৈ প্ৰত্যক্ষভাৱে সংক্ৰমিত হব নোৱাৰে। সেইবাবেই আক্ৰান্ত ব্যক্তিৰ সৈতে একেলগে থাকিলে বা স্পৰ্শ কৰিলে কলেৰা সংক্ৰমিত নহয়।

কলেৰাৰ চিকিত্‍সা আছেনে?

অত্যাধিক পনীয়া শৌচৰ ফলত দেহত কমি যোৱা পানী ভাগ পূৰণ কৰি, ওলাই যোৱা নিমখ যোগান ধৰি অতি সহজে কলেৰা ৰোগীক চিকিত্সা কৰিব পৰা যায়। ৰোগীক অৰেল ৰিহাইদ্ৰেচন চলিউচন বা অআৰএছ (ORS) দিব পৰা যায়। অআৰএছ হ’ল পেকেটত মিহলি কৰি থোৱা চেনী আৰু নিমখৰ গুৰি। এই পেকেটৰ মিশ্ৰণ পানীৰ লগত মিহলাই যথেষ্ট পৰিমাণে খুৱাই থাকিব লাগে। সমগ্ৰ বিশ্বতে ডায়েৰিয়াৰ চিকিত্সা হিচাপে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়। অতি জটিল অৱস্থাত শীৰাত (নাৰ্ভ) প্ৰয়োজনীয় দ্ৰৱন দিব লগা হব পাৰে। কলেৰাত তত্‍ক্ষণাত ডিহাইড্ৰেছন হৈ ১ শতাংশকৈ কম ৰোগীৰ মৃত্যু হয়।

এণ্টিবায়টিকে ৰোগীৰ অৱস্থা আৰু ৰোগৰ তীব্ৰতা কিছু কমাব পাৰে- কিন্তু কমি যোৱা জলীয় ভাগ তত্‍কালে যোগান ধৰাৰ দৰে জৰুৰী নহয়। কলেৰাৰ প্ৰাদুৰ্ভাব থকা ঠাইত কোনো ব্যক্তিৰ যদি বেছিকৈ শৌচ আৰু বমি হয়, তেন্তে ততালিকে চিকিত্সকক দেখুৱাব লাগে।

কলেৰাৰ বিৰুদ্ধে সাৱধানতা

 

  • শৌচাগাৰ পৰিস্কাৰকৈ ৰাখিব লাগে। শৌচাগাৰত বতাহ চলাচল কৰিব লাগে আৰু বিজাণুনাশক ব্যৱহাৰ কৰিব লাগে।
  • অতিৰিক্ত মানসিক আৰু শাৰিৰীক শ্ৰম কৰিব নালাগে। ঘনাই তাপমাত্ৰাৰ সলনি হোৱা পৰিৱেশৰ পৰা আঁতৰি থকা উচিত।
  • জনসমাগম হোৱা ঠাইৰ পৰা আঁতৰি থাকিব লাগে।
  • পানী সদাই উতলাই খাব লাগে। উতলোৱা পানী চেঁচা হোৱাৰ পাছত এটা বটলত আধামানলৈকে ভৰাই থব লাগে। পানী খোৱাৰ আগতে বটলটো ভালদৰে কেইবাৰমান জোকাৰি লব লাগে। পানী খোৱা বটল আৰু গ্লাচ আদি উতলা পানীৰে ধুই লোৱা উচিত।
  • উতল নহাকৈ একো বস্তুৱেই খাব নালাগে।
  • সকলো খোৱা বস্তু ভালদৰে সিঁজাই খাব লাগে। ফল-মূল উতলা পানীৰ বাচনত লৈ ভালদৰে ধুই লব লাগে। ভালদৰে ধোৱাৰ পাছত বাকলি গুচাই খাব লাগে। ফল-মূলবোৰ অলপ উত্তাপত সিঁজাই খাব পাৰিলে বেছি ভাল।
  • পাউৰুটি সেকি টোষ্ট বনাই খাব লাগে।
  • আহাৰ গৰমে গৰমে খোৱা উচিত।
  • খোৱা-বোৱাত ব্যৱহাৰ কৰা সকলো বাচন ব্যৱহাৰৰ আগতে উতলা পানীৰে ধুই লব লাগে।
  • নুতলোৱা পানীৰে কেতিয়াও ধুব নালাগে।
  • দিনত কেইবাবাৰো আৰু প্ৰতিবাৰ আহাৰ গ্ৰহণৰ আগতে দুয়োখন হাত আৰু মুখ উতলোৱা, কাৰ্বলিক এচিড মিহলোৱা পানীৰে ভালদৰে ঘঁহি ঘঁহি ধুব লাগে।
  • প্ৰতিবাৰেই পৰিস্কাৰকৈ ধোৱা গামোচা ব্যৱহাৰ কৰিব লাগে।
  • ধুবলৈ ব্যৱহাৰ কৰা পানী ভালদৰে উতলাই চেঁচা কৰি ব্যৱহাৰ কৰিব পাৰি।
  • অপৰিস্কাৰ কাপোৰ, শৌচাগাৰত ব্যৱহূত কাপোৰ উতলা পানীত সিঁজাই ধুব লাগে।
  • পাকঘৰত ব্যৱহূত কাপোৰ প্ৰতিবাৰ ব্যৱহাৰৰ পাছত উতলা পানী সিঁজাই, শুকুৱাই, পুনৰ ব্যৱহাৰ কৰাৰ আগতে গৰম কৰি লব লাগে।
  • কোনো লোকৰ কলেৰা হ’লে লগে লগে তেওঁক পৃথক কোঠাত ৰাখিব লাগে।
  • কলেৰা ৰোগীৰ শৰীৰ, ৰোগীৰ মলমূত্ৰ লগা কাপোৰ আদি চুব লগা হ’লে মুখ-নাক ঢাকিবলৈ নাইলনৰ কাপোৰৰ মুখা ব্যৱহাৰ কৰিব লাগে। ইয়াৰ মাজত কমেও আধা ইঞ্চি বহল কাপোৰৰ পেড থাকিব লাগে। এই মুখাখন ১৫০ ডিগ্ৰী উত্তাপত সেকি লব লাগিব। প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ আগতে এনেকৈ সেকি লোৱা উচিত। প্ৰতিবাৰ ব্যৱহাৰৰ আগত আৰু পাছত সেই মুখাটো জুইৰ সন্মুখত ধৰিলে ই লাহে লাহে তপত হবলৈ ধৰিব।
  • যি কোঠাত কলেৰা ৰোগী আছিল সেই কোঠাত আন মানুহ সোমোৱাৰ আগতে কেইঘণ্টামানৰ বাবে কোঠাটো বন্ধ কৰি থব লাগে।
উত্স: আইএনডিজি দল  আৰু মেডিছিন নেট।

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate