আন নাম: ৰুবেলা
কাৰক: ভাইৰাছ
লক্ষণ
- মিজিলচ এবিধ অতি সহজে সোঁচৰা শ্বাসতন্ত্ৰৰ সংক্ৰমণ।
- ফ্লুৰ দৰে লক্ষণ আৰু উপসৰ্গই দেখা দিয়ে। জ্বৰ, কাঁহ, চকু চলচলীয়া হোৱা আৰু ৰঙা পৰা, নাকেৰে পানী ওলাই থকা।
- মুখৰ ভিতৰত কিছুমান ৰঙা ৰঙা দাগ দেখা দিয়ে। ইয়াৰ মাজভাগ বগা নীলা বৰণৰ হয়।
- গোটেই শৰীৰত চকলা চকল ঘাঁ হয়।
সংবহন
- অতিশয় সোঁচৰা মিজিলছ ভাইৰাছ ৰোগীৰ কাঁহ আৰু হাঁচিৰ দ্বাৰা বিয়পে, নাক আৰু ডিঙিৰ পৰা ওলোৱা পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ হয়।
- এই ভাইৰাছ বিধ বায়ু আৰু সংক্ৰমিত ঠাইত, মুকলি পৰিবেশত দুঘন্টালৈকে সক্ৰিয় আৰু সংক্ৰামক হৈ থাকে।
- শৰীৰত চকলা চকল লক্ষণে দেখা দিয়াৰ ৪ দিন আগত আৰু পাছত আক্ৰান্ত ব্যক্তিৰ দ্বাৰা এইৰোগ বিয়পিব পাৰে।
কেইটামান কিটিপ
- চিকিত্সকৰ লগত পৰামৰ্শ কৰি ভেকচিন লব লাগে।
- কম বয়সীয়া আৰু অপৰিপুষ্টিত ভোগা শিশুৰ এই ৰোগত মৃত্যুও হব পাৰে।
উত্স: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/30/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.