মেনিনজাইটিছত শৰীৰৰ ৰাজহাড় আৰু মগজুৰ চাৰিওকাষে থকা পানী ভাগত সংক্ৰমণ হয়। ইয়াক কেতিয়াবা মেৰুদণ্ডৰ মেনিনজাইটিছ বুলিও কোৱা হয়।
এই ৰোগ সাধাৰণতে ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে হয়। ভাইৰাছ নে বেক্টেৰিয়াৰ পৰা এই ৰোগ হৈছে প্ৰথমে সেই কথাটো জনা অতি প্ৰয়োজন। কাৰণ দুয়োটাৰে ৰোগৰ জটিলতা আৰু চিকিত্সা পৃথক। ভাইৰাছৰ দ্বাৰা হোৱা এই ৰোগ সাধাৰণতে সিমান জটিল অৱস্থাৰ সৃষ্টি নকৰে আৰু বহু সময়ত বিনা চিকিত্সাতে নিজে নিজে ভাল হয়।
ভাইৰেল মেনিনজাইটিছ
১ ভাইৰেল (এস্পেটিক)মেনিনজাইটিছ ২ এণ্টাৰ’ভাইৰাছ ৩ কস্কাকি ভাইৰাছ ৪ হাৰপিছ ভাইৰাছ ৫ লিম্ফচাইটিক কৰিঅ’মেনিন জাইটিছ ভাইৰাছ।
এই ৰোগ বিপদজনক কিন্তু সাধাৰণতে ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকা লোকৰ বাবে মাৰাত্মক নহয়। ইয়াৰ উপসৰ্গবোৰ ৭-১০ দিনলৈ থাকে আৰু ৰোগী সম্পূৰ্ণ সুস্থ হৈ পৰে। আনহাতে বেক্টেৰীয়েল মেনিনজাইটিছ (বেক্টেৰিয়াৰ পৰা হোৱা) অতি বিপদজনক। সময়ত উপযুক্ত চিকিত্সা নকৰিলে ৰোগী বিকলাংগ অথবা মৃত্যুও হব পাৰে। ভাইৰেল আৰু বেক্টেৰীয়েল মেনিনজাইটিছৰ লক্ষণবোৰ কিন্তু একেই।
বহুতো বেলেগ বেলেগ ভাইৰাছে মেনিনজাইটিছ কৰে। ৯০ শতাংশ ভাইৰেল মেনিনজাইটিছ ৰোগ এন্টাৰ’ভাইৰাছ নামৰ গোটৰ ভাইৰাছ বোৰে কৰে। যেনে, ইক’ভাইৰাছ আৰু কস্কাকিভাইৰাছ। হাৰপিছ ভাইৰাছ আৰু মাম্পছ ভাইৰাছেও এই ৰোগ কৰিব পাৰে।
এই ৰোগ কৰা এন্টাৰ’ভাইৰাছ মূলতে ৰোগীৰ লেলাৱতী, থু-খেকাৰ, শেঙুন আদিৰ লগত প্ৰত্যক্ষ স্পৰ্শৰ পৰা বিয়পি পৰে। ই এবিধ সোঁচৰা ভাইৰাছ। ৰোগীৰ লগত হাত মিলোৱা, ৰোগীয়ে স্পৰ্শ কৰা সামগ্ৰী স্পৰ্শ কৰাৰ পিছত সেই হাতেৰেই নাক, মুখ স্পৰ্শ কৰিলে সুস্থ ব্যক্তিৰ দেহলৈ এই ভাইৰাছ সোঁচৰে। ৰোগীৰ শৌচতো এই ভাইৰাছ পোৱা যায়। যিবোৰ শিশুৱে শৌচ কৰাৰ পাছত নিজে উপযুক্ত ভাৱে ধুব নাজানে তেনে শিশুৰ দ্বাৰাও এই ৰোগ বিয়পে। আক্ৰান্ত শিশুৰ ডাইপাৰ আদি সাৱধানে সলনি নকৰাৰ ফলত বয়স্ক লোকৰ গালৈ এনেদৰে ভাইৰাছ সোঁচৰিব পাৰে। সংক্ৰমণ হোৱাৰ ৩ৰ পৰা ৭ দিনৰ ভিতৰত ৰোগীৰ দেহতে লক্ষণবোৰে দেখা দিয়ে। সংক্ৰমণৰ তিনি দিনৰ পিছৰ পৰা লক্ষণবোৰে দেখা দিয়াৰ ১০ দিনলৈকে ৰোগীৰ দ্বাৰা আন ব্যক্তিৰ গালৈ ভাইৰাছ সোঁচৰিব পাৰে। সাধাৰণতে বেছি ভাগ ৰোগীৰ ক্ষেত্ৰতে কোনো লক্ষণেই দেখা নাযায় অথবা সাধাৰণ পানী লগা, অলপ জ্বৰ হোৱা দেখা যায়। খুউব কম সংখ্যক লোকৰহে প্ৰকৃতাৰ্থত মেনিনজাইটিছ হয়।
এন্টাৰ’ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ অধিকাংশই সাধাৰণতে অসুস্থ হৈ নপৰে। সেইবাবেই ভাইৰাছ্ক প্ৰতিৰোধ কৰিবলৈ অসুবিধা হয়। সেইবাবেই পৰিস্কাৰ-পৰিচন্নতা আৰু সাধাৰণ স্বাস্থ্যবিধি মানি চলিলেই এই ৰোগৰ পৰা আঁতৰি থাকিব পৰা যায়। যদি কোনো এনে ৰোগীৰ ওচৰত থাকিব লগা হয় তেন্তে ভালদৰে বাৰে বাৰে হাত ধুই থাকিব লাগে। (হাত ধুৱা মানেই এগালমান বিজানূৰ পৰা মুক্ত হোৱা) ৰোগীৰ সংস্পৰ্শলৈ অহা সকলো বস্তু আৰু ঠাই ভালদৰে চাবোনেৰে ধুই পেলাব লাগে। ইয়াৰ পিছত বিজাণূনাশকেৰে এইবোৰ মুছি পেলাব লাগে। ক্লৰিন যুক্ত বিজাণূনাশক ব্যৱহাৰ কৰিব পৰা যায়। শিশুৰ বিদ্যালয়, অফিচ আদিতো এই ব্যৱস্থা কৰিব পাৰিলে ভাল।
এই সংক্ৰমণ অতি ভয়াবহ। মেৰুদণ্ড আৰু মগজুৰ চাৰিওফালে থকা পানীভাগত এই সংক্ৰমণ হয়।
বেক্টেৰিয়াৰ ধৰণ
নেইছেৰিয়া মেনিনজাইটিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা শিশু আৰু যুবকসকল আক্ৰান্ত হয়।
২ ষ্ট্ৰেপট’ক’কাছ নিউম’নিয়াক।
৩ গ্ৰুপ বি ষ্ট্ৰেপট’ক’কাছ ৰোগ
৪ হাইম’ফেলিআছ ইনফ্লুয়েঞ্জা চেৰ’টাইপ বি ৰোগ।
বেক্টেৰিয়েল (বেক্টেৰিয়াজনিত) মেনিনজাইটিছ সম্পৰ্কে মনলৈ অহা প্ৰশ্নবোৰ:
বেক্টেৰিয়েল মেনিনজাইটিছ কিহৰ বাবে হয় আৰু এই ৰোগ বিপদজনক নেকি?
বেক্টেৰিয়েল মেনিনজাইটিছ অতি বেছি বিপদজনক ৰোগ। এই ৰোগ ইমানেই বিপদজনক যে ইয়াৰ ফলত মগজুৰ ক্ষতি হোৱাৰ ঊপৰিও ৰোগীৰ মৃত্যুও ঘটিব পাৰে।
১৯৯০ চনৰ আগতে HIBৰ পৰাই মূলতঃ এই ৰোগ হৈছিল। কিন্তু আজিকালি শিশুক নিয়মীয়া প্ৰতিষেধকৰ যোগেৰে নতুন ভেকচিন দিয়াৰ ফলত HIBৰ দ্বাৰা হোৱা ৰোগ প্ৰতিৰোধ কৰিব পৰা হৈছে। বৰ্তমান বেক্টেৰিয়েল মেনিনজাইটিছ নেইছেৰিয়া মেনিনজাইটিছ আৰু ষ্ট্ৰেপট’ক’কাছ নিউম’নিয়াকৰ বাবে মূলত হোৱা দেখা যায়। নেইছেৰিয়া মেনিনজাইটিছৰ দ্বাৰা হোৱা ৰোগক মেনিনগ’ক’কেল মেনিনজাইটিছ নামেও জনা যায়। ষ্ট্ৰেপট’ক’কাছ নিউম’নিয়াকৰ পৰা হোৱা ৰোগক নিউম’ককেল মেনিনজাইটিছ বোলা হয়।
কোন বিধ বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হৈছে সেইটো জনা অতি প্ৰয়োজনীয়। কাৰণ কিছুমান বেক্টেৰিয়াক এন্টিবায়টিকৰ যোগেৰে আনৰ গালৈ নোসোঁচৰিবলৈ আৰু সংক্ৰমণ নহবলৈ ব্যৱস্থা লব পৰা যায়। এইবোৰ বেক্টেৰিয়া ৰোগীৰ মুখ আৰু ডিঙিত থাকে। অতি বিৰল ক্ষেত্ৰত এই বেক্টেৰিয়া বোৰে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি মগজু আৰু মেৰুদণ্ডৰ চাৰিওকাষৰ পানীভাগ সংক্ৰমিত কৰে। ইয়াত ইহঁতৰ ক্ষীপ্ৰগতিত বংশবৃদ্ধি হয়। লগে লগে মগজু আৰু মেৰুদণ্ডৰ ওপৰত থকা পাতল আৱৰণ উখহি উঠে আৰু প্ৰদাহ আৰম্ভ হয়। আক্ৰান্ত ব্যক্তিৰ নাকৰ পানী, শেঙুন, কফ, থু-খেকাৰ আদিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ ফলত এই ৰোগ বিয়পি পৰে। সাধাৰণতে বেক্টেৰিয়াজনিত মেনিনজাইটিছ সোঁচৰা ৰূপ নলয়। এই ৰোগ সামাজিক সংস্পৰ্শ বা ৰোগী থকা ঠাইৰ বায়ু সেৱনৰ যোগেৰে নোসোঁচৰে।
দুবছৰতকৈ বেছি বয়সৰ শিশুৰ ক্ষেত্ৰত জ্বৰ, মূৰৰ বিষ আৰু ডিঙি লৰাব নোৱাৰা ধৰণৰ উপসৰ্গ হয়। সংক্ৰমণ হোৱাৰ কেইঘন্টামানৰ ভিতৰতে এই বোৰে দেখা দিব পাৰে। আৰু এদিন বা দুদিনলৈ থাকিব পাৰে। বমিভাব, বমি, পোহৰ সহ্য কৰিব নোৱাৰা, মানসিক খেলিমেলি, নিদ্ৰহীনতা আদিও দেখা যায়। ৰোগ বেছিকৈ হ’লে ছালত তলত থেতেলা খোৱাৰ দৰে হয় আৰু নবজাতক আৰু কেঁচুৱাৰ ক্ষেত্ৰত ই সোনকালে বিয়পি পাৰে। জ্বৰ, মূৰৰ বিষ, ডিঙি লৰাব নোৱাৰাটো সহজে নিৰ্ণয় কৰিব পৰা নাযায়। শিশুৰ ক্ষেত্ৰত অসক্ৰিয়তা, অসহ্য, বমি আৰু খাবলৈ মন নকৰা ধৰণৰ উপসৰ্গই দেখা দিব পাৰে। ৰোগৰ বিকাশ হোৱাৰ লগে লগে সকলো বয়সৰ লোকেই লাহে লাহে অৱস হৈ পৰে।
সকলো লোকৰে এই ৰোগ হব পাৰে যদিও শিশু আৰু কেঁচুৱাৰ এই ৰোগ হোৱাৰ আংশকা বেছি। নেইছেৰিয়া মেনিনজাইটিছ আৰু HIBৰ দ্বাৰা হোৱা মেনিনজাইটিছ ৰোগীৰ সংস্পৰ্শত বহুদিন থকা লোকৰো এই ৰোগ হোৱাৰ আংশকা থাকে। মেনিনজাইটিছ ৰোগীৰ মুখ আৰু নাকেৰে ওলোৱা দ্ৰব্যৰে সংস্পৰ্শলৈ অহা বা ৰোগী থকা বিদ্যালয়, ঘৰ, কাৰ্য্যালয় আদিত একেলগে থকা লোক সকলৰো এই ৰোগ হব পাৰে। বেক্টেৰিয়েল মেনিনজাইটিছ বেছিকৈ হ’লে ৰোগীৰ মগজুৰ ক্ষতি হৈ ক’মা বা মৃত্যুও হব পাৰে। কিবাকৈ জীৱিত থাকিলেও কাণেৰে নুশুনা, মানসিক অসুস্থতা, পেৰালাইছিছ বা জড়তা আদি ধৰণৰ দীৰ্ঘম্যাদী সমস্যাই দেখা দিব পাৰে।
HIBৰ প্ৰতিৰোধক ভেকচিন অতি সুৰক্ষিত আৰু ফলদায়ক। ৬ মাহ বয়সৰ কেঁচুৱাক কমেও তিনিপালি HIBৰ ভেকচিন দিব লাগে। চতুৰ্থ পালি (বুষ্টাৰ) ভেকচিন ১২ৰ পৰা ১৮ মাহৰ ভিতৰত দিব লাগে।
শেহতীয়া উন্নীতকৰণ: : 7/3/2020
শিশুৰ হিমোফিলাছ ইন্ফ্লুৱেঞ্জী- বি সংক্ৰমণ
চিকুনগুনিয়া এটা ভয়ংকৰ ৰোগ, কিন্তু মাৰাত্মক নহয়।...
ছালৰ পৰজীৱীজনিত সংক্ৰমণ
ডিঙিৰ বিষৰ পৰা আঁতৰি থকা ৯ টা উপায়