অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আধুনিক সভ্যতাৰ অৱদান আৰু মগজু

আধুনিক সভ্যতাৰ অৱদান আৰু মগজু

আমাৰ সকলোৰে জীৱনত এনে কিছুমান সন্ধিক্ষণ আছে-যেতিয়া নেকি আমি কেতবোৰ গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় আৰু এনে সিদ্ধান্তৰ ওপৰতে আমাৰ ভৱিষ্যতৰ বহু বিষয় নিৰ্ভৰ কৰে| বিবাহ-সম্বন্ধীয় কথা-বতৰা বা কোনোবা এটা পাঠ্যক্ৰম অধ্যয়ন বা চাকৰিৰ সুবিধা গ্ৰহণ কৰা বা নকৰা হৈছে ইয়াৰ উদাহৰণ| এনেধৰণৰ যিবোৰ ঘটনা জীৱনৰ দিক্‌ নিৰ্ণয়কাৰী ৰুপে সূচিত হয় তেনেবোৰ ঘটনা ধীৰে-সুস্থিৰে শীতল মগজুৰে ফহিয়াই সিদ্ধান্ত গ্ৰহণ কৰাটো নিতান্তই প্ৰাসংগিক যদিও খালী পেটত বা অনাহাৰে থকাটো অনুচিত| শেহতীয়া ভাৱে কৰা এটা সমীক্ষাৰ জৰিয়তে প্ৰতিপন্ন হৈছে ভোকাতুৰ অৱস্থাত থাকি গুৰুত্বপুৰ্ণ বিষয়ৰ সম্বন্ধে সিদ্ধান্ত গ্ৰহণ কৰিলে ভুল-ভ্ৰান্তি হোৱাৰ শংকা অতি বেছি| গৱেষকসকলৰ মতানুযায়ী একে সময়তে ভোকাতুৰ আৰু খঙাল হৈ থাকিলে সুস্থিৰ সিদ্ধান্ত গ্ৰ্হণৰ ক্ষমতা ভালেখিনি ব্যাহত হয়| এইক্ষেত্ৰত ভুল-ভ্ৰান্তি হোৱাৰ শংকাগ্ৰস্থতা ৬২ শতাংশ বাঢ়ে| এই সমীক্ষাটো ২১-৬৫ বছৰ বয়সীয়া পুৰুষ আৰু নাৰীৰ ওপৰত ডা: ক্ৰিষ্টি ফাৰ্গুচনে চলাইছিল| এই সমীক্ষাটিৰ উদ্দেশ্যে আছিল এটা বিষয় নিৰ্ণয় কৰা আৰু সেইটো হৈছে ভোকাতুৰ অৱস্থাত কোনো ব্যক্তিৰ খঙাল আচৰণৰ কাৰণ আৰু মগজুৰ কাম-কাজৰ ওপৰত ইয়াৰ প্ৰভাৱ| অংশগ্ৰহণকাৰী ব্যক্তিসকলক একোটা চাৰিজনীয়া দল বা গ্ৰুপত ভাগ কৰা হৈছিল আৰু সেই সকলক কেইবাঘণ্টা অনাহাৰে ৰাখি সেই সময়খিনিত কেইবাবাৰো কেইমিনিটমানৰ বাবে আমনিদায়ক সংগীত শুনিবলৈ দিয়া হৈছিল| ইয়াৰ পাছতেই তেওঁলোকক এনে কেতবোৰ প্ৰশ্ন কৰা হৈছিল যিবোৰৰ উত্তৰৰ বাবে বুদ্ধিদীপ্ততাৰ দৰকাৰ হয়| ইয়াৰ পাছত প্ৰতিটো গ্ৰুপৰ সদস্য সকলক সাময়িক বিৰতি প্ৰদান কৰা হৈছিল আৰু সেই সময়ত সুস্বাদু শ্বেতসাৰ আৰু মাংসসাৰযুক্ত খাদ্য খাবলৈ দিয়া হৈছিল| আহাৰ গ্ৰহণৰ পাছত তেওঁলোকক পুনৰ পুৰ্বৰ সমপৰ্যায়যুক্ত এলানি প্ৰশ্নৰ উত্তৰ দিবলৈ সুযোগ দিয়া হৈছিল| প্ৰাৰম্ভৱিক অৱস্থাত অৰ্থাৎ ভোকাতুৰ হৈ থকা সময়ছোৱাত মাথোঁ ২৭ শতাংশ মানুহেহে সঠিক উত্তৰ দিবলৈ সক্ষম হৈছিল| পিছে আহাৰ গ্ৰহণৰ পাছত এই সফলতাৰ নিৰিখ ৪৮ শতাংশ বাঢ়িছিল| আনুষংগিকভাৱে আন এটা গ্ৰুপৰ সদস্য সকলৰ মাজত চলোৱা সমীক্ষাৰ ফলত দেখা গৈছিল যে ক্ষুধাতৰ অৱস্থাত ৪৮০ টা প্ৰশ্নৰ ভিতৰত ১২৯ টাৰ উত্তৰ দিবলৈ সক্ষম হোৱা ব্যক্তি সকলে আহাৰ গ্ৰহণ কৰাৰ পাছত ২৩১ টাৰ উত্তৰ দিবলৈ সমৰ্থ হৈছিল| নাৰী সকলে খোৱা-বোৱা কৰাৰ পাছত বেছি সংখ্যক প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিল| গ্ৰুপত অংশগ্ৰহণকাৰী সকলক তেওঁলোকৰ অস্বস্তিৰ মাত্ৰাৰ বিষয়ে পৰিমাণগত ভাৱে উল্লেখ কৰিবলৈ কোৱা হৈছিল| খোৱাৰ পুৰ্বে আৰু পৰৱৰ্তী সময়ত এনে মাত্ৰাৰ পৰিমাপ লোৱা হৈছিল| খোৱাৰ পাছত আমনিৰ মাত্ৰা প্ৰায় ৪০ শতাংশ টুটি গৈছিল| অংশগ্ৰহণকাৰীসকলৰ মন শান্ত-সমাহিত হোৱাৰ উপৰি তেওঁলোকে অধিক সুখী অনুভৱ কৰিছিল আৰু কাম-কাজত সহযোগিতা প্ৰদৰ্শন কৰিছিল| এই তথ্য খিনিৰ পৰা এষাৰ কথা বাৰুকৈয়েই প্ৰতিপন্ন হৈছিল যে তেজত ছুগাৰৰ মাত্ৰা টুটি গ’লে মন-মেজাজৰ ওপৰত বিৰুপ প্ৰভাৱ পৰাৰ উপৰি যিকোনো যুক্তিবাদী মানুহৰে মানসিক দক্ষতা হ্ৰাস কৰে আৰু ফলত তেওঁলোকৰ অহেতুক সিদ্ধান্ত লোৱাৰ শংকা থাকে| ডা: ফাৰ্গুচনৰ মতে কৰ্মব্যস্ততা হেতুকে বহুতো মানুহে অনিচ্ছাসত্ত্বেও আহাৰ গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হয়| আমেৰিকাৰ সু-বিখ্যাত চেনেল ফ’ৰ প্ৰ’গ্ৰামৰ খাদ্যসম্বন্ধীয় মনস্তত্ত্ববিদ ডা: ফাৰ্গুচনে এনেদৰে কয়- কিছুমান মানুহে ব্ৰেকফাষ্ট খোৱাৰ পাছত দিনটো মাথোঁ কফি খায়েই সময় কটায় আৰু সন্ধিয়ালৈকে তেওঁলোকে বিশেষ তেনে কোনো আহাৰ নাখায়| ইয়াৰ ফলত তেজত থকা গ্লুকোজৰ মাত্ৰাৰ ব্যাপক ভাৱে তাৰতম্য ঘটে| সচাঁ কথা ক’বলৈ হ’লে প্ৰতি ৩-৪ ঘণ্টাৰ মুৰে মুৰে আমাৰ মগজুটোক গ্লুকোজৰ অতিৰিক্ত উৎসৰ প্ৰয়োজন হয়| তেতিয়াহে মগজুৱে সঠিক ভাৱে কাম কৰিবলৈ সক্ষম হয়| গতিকে ভালেমান পৰৰ বাবে অনাহাৰে থাকিলে মগজুৱে সঠিক ভাৱে কাম কৰাৰ সামৰ্থ্য হেৰুৱায় আৰু ফলত সুস্থিৰ সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত অক্ষমতা প্ৰদৰ্শন কৰে| পূৰ্বৰ সমীক্ষাৰ ফলত দেখা গৈছে যে যিসকল কৰ্মচাৰীয়ে দিনৰ আহাৰ খাবলৈ সময় নাপায় তেওঁলোকৰ কৰ্মদক্ষতা তুলনামুলকভাৱে কম আৰু একেদৰে আহাৰৰ পৰা বঞ্চিত মাতৃ সকলে নিজৰ সন্তানক গালি-গালাজ কৰে| ফাৰ্গুচনৰ সমীক্ষাই অনাহাৰ অৱস্থা হেতুকে বুদ্ধিমত্তাৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰিছে| বিজ্ঞানীগৰাকীৰ ভাষ্য অনুযায়ী এয়া আধুনিক জীৱন যাত্ৰাৰ এক অভিশাপ ৰুপে পৰিগণিত হ’লেও আমি যেন এই বিষয়ে মুঠেই সচেতন নহয়| আমি ষ্ট্ৰেছত ভুগি থকা বুলি অৱগত হ’লেও ভোকাতুৰ হৈ থাকিবলৈ যেন পচন্দ কৰো| মগজুৰ বাবে প্ৰয়োজনীয় ক্ষুদ্ৰাতিক্ষুদ্ৰ মাত্ৰাযুক্ত পুষ্টিকৰ দ্ৰব্যৰ যোগানৰ বাবে যেন আমি অক্ষম| তেজৰ প্ৰবাহত ২০ গ্ৰাম গ্লুকোজ থকা অৱস্থাত মগজুৰ কৰ্মদক্ষতা সৰ্বাধিক হয় আৰু এটা পকা কল খালে এইখিনি গ্লুকোজ পোৱা যায়| অৱশ্যে গ্লুকোজৰ পৰিমাণৰ উপৰি উৎসৰো গুৰুত্ব আছে| এখন বিস্কুট বা এটুকুৰা কেক খালে ক্ষন্তেক সময়ৰ বাবে হঠাতে তেজত ছুগাৰৰ মাত্ৰা বাঢ়ে| এনেবোৰ দ্ৰব্যৰ পৰা উদ্ভুত কাৰ্ব’হাইড্ৰেট অতি দ্ৰুতগতিত তেজত মিহলি হয় আৰু ২০ মিনিটমানৰ বাবে মানসিক সজাগতাৰ সৃষ্টি কৰে| ইয়াৰ পাছত দ্ৰুতগতিত ছুগাৰৰ মাত্ৰা কমে| এটা সৰু বাটিত পূৰ্ণ হৈ থকা পায়স খালে গ্লুকোজৰ মাত্ৰা তেজত লাহে লাহে বাঢ়ে আৰু তাৰ পাছত মন্থৰ ভাৱে কমে| সেয়ে ডা: ফাৰ্গুচনৰ মতে প্ৰাকৃতিক উৎসৰ পৰা আহৰণ কৰা খাদ্য ৩-৪ ঘণ্টাৰ মূৰে মূৰে খোৱা অতিকৈ দৰকাৰ| মগজুত গ্লুকোজ সঞ্চিত হৈ নাথাকে| গতিকে এনে সতৰ্কতা বাঞ্ছনীয়| আধুনিক সভ্যতাৰ অন্যান্য শেহতীয়া অৱদান বোৰেও আমাৰ বুদ্ধিমত্তাৰ ওপৰত বিৰুপ প্ৰভাৱ পেলায়| এনে এবিধ অৱদান হৈছে ছাইবাৰ জগতৰ উপাদান বোৰ| এই সন্দৰ্ভত কাস্পাৰস্কী লেব’ৰেটৰীয়ে এটা বিশ্বব্যাপী সমীক্ষা চলাইছিল আৰু দেখা গৈছিল যে যিসকল ব্যক্তিয়ে ইণ্টাৰনেট আৰু অন্যান্য কম্পিউটাৰ সংলগ্ন কাৰ্যকলাপৰ সৈতে মাত্ৰাধিক সময়ৰ বাবে জড়িত হৈ থাকে তেওঁলোকৰ বুদ্ধিমত্তা হ্ৰাস পোৱাৰ উপৰি জ্ঞান আহৰণৰ সামৰ্থ্য তথা স্মৃতিশক্তিও টুটি যায়| তদুপৰি ইণ্টাৰনেট আৰু অন্যান্য কাৰিকৰী যন্ত্ৰপাতিৰ ওপৰত মাত্ৰাধিক ভাৱে নিৰ্ভৰশীল হ’বলগীয়া হেতুকে আমাৰ পূৰ্বপুৰুষ সকলৰ বিপৰীতে নৱতম প্ৰজন্মৰ নাগৰিক সকলে মগজুৰ সুক্ষ্ম বিকাশ তথা প্ৰয়োগৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হয়| ডায়েনা ভিভিন নামৰ এগৰাকী বিজ্ঞানীয়ে ইণ্টাৰনেটৰ আসক্তিজনিত মানসিকতাৰ ওপৰত ২০১২ চনত এটা গৱেষণামুলক নিবন্ধ লিখিছিল আৰু তেওঁ দেখুৱাইছিল যে অত্যধিক নিৰ্ভৰশীলতাৰ হেতুকে আক্ৰান্ত ব্যক্তিৰ মন তথা মানসিকতা বাস্তববিচ্ছিন্ন হ’ব পাৰে| যদিহে মগজুৰ ওপৰত প্ৰযুক্তিৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত ঘটা ঋণাত্মক প্ৰভাৱৰ বিষয়ে কাৰোবাৰ মনত সন্দেহৰ অৱকাশ আছে-তেনেহ’লে পাশ্চাত্যৰ দেশবোৰৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলেই নি:সন্দেহ দূৰ হ’ব| অলপতে কলকাতাৰ এগৰাকী মনস্তত্ত্ববিদে এজন এনে ব্যক্তিৰ বিষয়ে বৰ্ণনা কৰিছিল যিয়ে নেকি উত্তৰাখণ্ডত ফুৰিবলৈ যাওঁতে নদীত ৰেফ্‌টিং কৰাৰ সময়ত ম’বাইল ফোনটো হেৰুৱাইছিল| ফলত মানুহজন আৰ্ধোন্মাদ তথা ভীতিগ্ৰস্থ হৈ ভ্ৰমণ আধাতে সামৰি স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিছিল| ছাইবাৰ নিৰ্যাতিত ব্যক্তিক পৰামৰ্শ প্ৰদানৰ বাবে কেতবোৰ কেন্দ্ৰ গঠিত হৈছে আৰু এনে এটা কেন্দ্ৰৰ সঞ্চালক দেৱৰতি হালডাৰৰ মতানুযায়ী এজন মানুহৰ স্মাৰ্টফোনটোৰ মে’মেৰী পাৱাৰ যিমানেই শক্তিশালী হয়-তেওঁৰ নিজৰ স্মৃতিশক্তিৰ সিমানেই অৱনটি ঘটে| এই অৱস্থাটিক চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথিত ‘ডিজিটেল এম্‌নেছিয়া’ বুলি আখ্যায়িত কৰা হৈছে| ইয়াৰ উপসৰ্গ বোৰ হৈছে এনে ধৰণৰ-

  • কোনো এক ব্যক্তিয়ে স্মৰণ কৰিবলগীয়া প্ৰায় আটাইবোৰ কথাই স্মাৰ্টফোনত সঞ্চিত হৈ থাকে|
  • ব্যক্তি গৰাকীৰ এনে ধৰণৰ অনুভৱ হয় যে তেওঁৰ স্মৰ্তব্য ‘পাছৱৰ্ড’ ফোনৰ নম্বৰ আৰু অন্যান্য তথ্যৰ বোজা অতি গধুৰ
  • স্মাৰ্টফোনটো হেৰুওৱাৰ চিন্তা মনলৈ আহিলেই ব্যক্তিগৰাকী আতংকিত হৈ পৰে
  • হাইস্কুল জীৱনত ব্যৱহাৰ কৰা ফোনৰ নম্বৰ ব্যক্তিগৰাকীয়ে মনত ৰাখিব পাৰে যদিও এতিয়াৰ চিনাকি মানুহৰ ফোন নম্বৰ মনত ৰখা কঠিন হৈ পৰে
  • যিকোনো প্ৰশ্নৰ উত্তৰৰ বাবেই অনলাইনত থকাৰ অভ্যাস গঢ়ি উঠিছে| এনেবোৰ অৱস্থা হেতুকে মগজুৰ কাৰ্যদক্ষতা টুটে|

ডা: মিহিৰ কুমাৰ গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 5/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate