অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক’ৰ’নাৰি হাৰ্ট ডিজিজ

যিটো কলিজাই মানুহৰ সৰ্বাংগত তেজৰ সঞ্চালন বাহাল ৰাখে তাকো জীয়াই থকাৰ বাবে তেজৰ বা অক্সিজেনৰ প্ৰয়োজন হয়। কলিজাই কলিজালৈ তেজৰ সঞ্চালন বাহাল ৰখা ধমনীবোৰেই ক’ৰ’নাৰি আৰ্টেৰি। এথেৰ’স্কেলেৰ’ছিছ নামৰ এবিধ বিজুতিৰ বাবে ধমনীৰ ভিতৰচ’ৰাত এক ধৰণৰ পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ ফলতে এথেৰ’মা বা প্লাকৰ উৎপত্তি হয়। প্লাকবোৰ সহজ অৰ্থৎ ধমনীবোৰৰ ভিতৰত সোপা। এই প্লাকৰ বাবেই ধমনীবোৰৰ মাজেদি ৰক্তসঞ্চালন ব্যাহত হয় আৰু কলিজাৰ মাংপেশীবোৰ তেজৰ বা অক্সিজেনৰ অভাৱত হয় বিনষ্ট হয়, নতুবা মৃত্যু হয়। এয়াই ক’ৰ’নাৰি হাৰ্ট ডিজিজ (ছি এইচ ডি)।

এইডছ, ইব’লা, ডেংগু, জাপানিজ এনকেফেলাইটিছ ৰোগৰ দৰে এই ৰোগে অধিক প্ৰচাৰ লাভ কৰা নাই যদিও ক’ৰ’নাৰি হাৰ্ট ডিজিজ এতিয়া মানুহৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিছে। বছৰি প্ৰায় ১‌৭.৩ নিযুত লোক এই ৰোগৰ চিকাৰ হৈছে। পৰিস্থিতি সলনি নহ’লে ২০৩০ চনত এনে মৃত্যুৰ হাৰ ২৩ নিযুতৰ ঘৰ চুবগৈ।

এথেৰ’স্কেলেৰ’ছিছ কি?

শৰীৰত যেতিয়া নিম্ন ঘনত্বৰ কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া এই নিম্ন ঘনত্বৰ লাইপ’প্ৰটিনবোৰ কলিজাৰ ধমনীবোৰত জমা হ’বলৈ ধৰে। তেজত উচ্চ ঘনত্বৰ লাইপ’প্ৰটিন কম থকা, ব্যক্তিগৰাকী উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত ভোগা বা ধূমপানত আসক্ত হোৱা আদিয়ে এনে কথাত সাৰ-পানী যোগায়। এইবোৰ কাৰকৰ বাবে ধমনীবোৰৰ ভিতৰচ’ৰাৰ ভাৰসাম্য নাইকীয়া হয় আৰু ইয়াৰ প্ৰতিৰোধৰ ক্ষমতাও কমে। ফলত ধমনীবোৰৰ স্ংকোচন হয়, ভিতৰত থ্ৰম্বাছ গঠন হ’বলৈ ধৰে, মনোছাইট নামৰ শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকাৰ লগত বিস্ংগতিপূৰ্ণ স্ংঘাট আৰম্ভ হয়। এইবোৰৰ ফলত ধমনীৰ ভিতৰৰ বেৰত চৰ্বী (লাইপ’প্ৰটিন) ফাইব্ৰ’ব্লাষ্ট নামৰ কোষ আৰু আন্ত:কোষীয় মেট্ৰিক্স থূপ খায়। এয়াই এথেৰ’স্কেল’টিক প্লাক।

এথেৰ’স্কেল’টিক প্লাকবোৰ অনিয়মিত গতিত বৃদ্ধি হৈ গৈ থাকে। এইবোৰে ধমনীৰ মাজৰ তেজৰ গতিত বাধা দিয়ে। এনে বাধা যেতিয়া ৫০ শতাংশ হয় তেতিয়া সাধাৰণ অৱস্থাত ব্যক্তিগৰাকীৰ একো অসুবিধা নাথাকে। কিন্তু কলিজাৰ মাংসপেশীৰ অক্সিজেনৰ বৰ্ধিৰ চাহিদাৰ সময়ত (যেনে-শাৰীৰিক ব্যায়াম, দৌৰাদৌৰি, আবেগ, উদ্বিগ্নত আদিত)ধমনীয়ে সেই চাহিদা পূৰাব নোৱাৰে। তেতিয়া জিৰণিৰ সময়তো তেজৰ সঞ্চালনত বাধা আহে আৰু তেজৰ অলপ চাহিদা বৃদ্ধিতে তেজৰ সঞ্চালন সাংঘাতিক ধৰণে কমি কলিজাৰ মাংসপেশীলৈ তেজ বা অক্সিজেনৰ চলাচল বন্ধ হ’ব পাৰে। এনে অৱস্থাত কলিজাৰ মাংসপেশীবোৰৰ মৃত্যু হ্য় বা বিনষ্ট হয়। এই অৱস্থাক মায়’কাৰ্ডিয়েল ইনফাৰকশ্যন (MI) বুলি কোৱা হয়। এনে অৱস্থা ৰোগীৰ বাবে অতি স্ংকটজনক আৰু খুব কম সময়ৰ ভিতৰত ধমনীবোৰৰ বেৰ খোল নাখালে মৃত্যু পৰ্যন্ত হ’ব পাৰে।

কেতিয়াবা এই সোপা বা প্লাকটো ফাটি যায়। প্লাকৰ ভিতৰত তেজ জমা হৈ সোপা ইমান ডাঙৰ হয় যে ধমনীৰ সমুদায় ফুটাটো আগুৰি ধৰে। কলিজাৰ মূল ধমনীডালতে এনে অঘটন হ’লে থিতাতে মানুহজনৰ প্ৰাণ যায়।

ৰোগৰ লক্ষণ

এনে ৰোগত আক্ৰান্ত ব্যক্তিয়ে সাধাৰণতে বুকুখনত এক ধৰণৰ বিষ অশান্তি বা চাটিফুটি অনুভৱ কৰে। বুকুখন গধুৰ লাগে। কোনোবাই যেন ৰছী এডালেৰে বুকুখন চেপি ধৰিছে এনে অনুভৱ কৰে বা শ্বাস-প্ৰশ্বাস বন্ধ অনুভৱ কৰে। ৰোগীক তেওঁৰ বিষটো দেখুৱাই দিবলৈ ক’লে সাধাৰণতে বুকুৰ মাজ অংশৰ হাড় ষ্টাৰনামৰ ওপৰত থয়। বুকুখন যে কিহবাই চেপি ধৰিছে তাকে বুজাবলৈ মুষ্টিবদ্ধ হাত ষ্টাৰনামৰ কাষত থয়। এনে বিষ ২ ৰপৰা ৫ মিনিট সময় থাকি কান্ধ বা বাঁওফালৰ হাতৰ ফালে জিন জিনকৈ প্ৰসাৰিত হয়। পিঠি, দুই স্কেপুলাৰ মাজৰ অংশ ডিঙি, থুঁতুৰি, দাঁত আৰু ওপৰ পেটলৈকো প্ৰসাৰিত হ’ব পাৰে। ৰোগৰ লক্ষণ অধিক হ’লে গোটেই গা ঘামে, দেহ শীতল হয়, অত্যন্ত দুৰ্বল অনুভৱ কৰে আৰু উশাহ-নিশাহত কষ্ট অনুভৱ কৰে। সামান্য লৰচৰ কৰিলেই অসুবিধাবোৰ বেছি হয়। খোজকঢ়া বা উঠা-বহাৰ নিচিনা সাধাৰণ শাৰীৰিক কষ্টয়ো পৰিস্থিতি জটিল কৰিব পাৰে।

কাৰক

শাৰীৰিক পৰিশ্ৰমহীনতা, মাংস, কণী, পনীৰ, ক্ৰিম, ঘিউ আদি অধিক চৰ্বীযুক্ত খাদ্যৰ প্ৰৱণতা, শাক-পাচলি আৰু ফল-মূলৰ প্ৰতি অনীহা, অধিক নিমখ বা চেনিযুক্ত ফাষ্টফুড, উদ্বিগ্নতা, ধূমপান, পৰিশ্ৰমবিমুখতা আদিয়েই এই ৰোগৰ কাৰক। সেয়ে আমি সকলোৱে ইয়াৰ চিকাৰ হ’ব পাৰো। ২০২০ চনত সমগ্ৰ পৃথিৱীজুৰি এই ৰোগবিধেই মানুহৰ মৃত্যুৰ প্ৰধান কাৰণ হ’বগৈ।

পৰিয়ালত প্ৰথম পুৰুষৰ ব্যক্তিৰ যদি এনে ৰোগ হোৱাৰ উদাহৰণ আছে, তেনেহ’লে উত্তৰপুৰুষৰ যিকোনো সদস্যৰে ক’ৰ’নাৰি হাৰ্ট ডিজিজ হোৱাৰ প্ৰৱণতা বেছি। মেডবহুলতা আন এটা বিপদৰ আশংকা। মেদবহুলতাই আৰু তিনিটা আশংকা লৈ ফুৰে। ডায়েবেটিছ, উচ্চৰক্তচাপ আৰু বিস্ংগতিপূৰ্ণ চৰ্বী। ধূমপানে এথেৰ’স্কেলেৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি কৰে। থ্ৰ্ম্ব’ছিছৰ আশংকা বঢ়ায়। প্লাকৰ অস্থিৰতাৰ সৃষ্টি কৰি মায়’কাৰ্ডিয়েল ইনফাৰকশ্যন কৰে বা মৃত্যু ঘটে। ধূমপান কৰা মানুহৰ কলিজাৰ মাংসপেশীক অক্সিজেনৰ প্ৰয়োজন বেছি উচ্চ ৰক্তচাপ ক’ৰ’নাৰি হাৰ্ট ডিজিজৰ আন এটা কাৰণ। বহুদিন জুৰি অনিয়ন্ত্ৰিত উচ্চৰক্তচাপে বাঁওফালৰ নিলয়ৰ আকাৰ বৃদ্ধি কৰে। ইয়ে এই ৰোগ হোৱাত সহায় কৰে। ডায়েবেটিছে এথেৰ’স্কেলেৰ’ছিছৰ ত্বৰণ ঘটায়। বিস্ংগতিপূৰ্ণ চৰ্বীও এই ৰোগৰ মূল কাৰক। নিম্ন ঘণত্বৰ লাইপ’প্ৰটিনক এই ৰোগৰ মূল খনিকৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰতিকাৰ

এনে এটা ঘাতক ৰোগো ৮০ শতাংশই প্ৰতিৰোধ কৰিব পাৰি। চিকিৎসকৰ বিভিন্ন দলে কেনেকৈ এই ৰোগ প্ৰতিহত কৰিব পাৰি আৰু ইয়াৰ বাবে সজাগতা বৃদ্ধি কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। ‘বিশ্ব হাৰ্ট ফেডাৰেশ্যন’ এনে এটা স্ংস্থা। প্ৰতি বছৰে ২৯ ছেপ্টেম্বৰৰ দিনটো ‘বিশ্ব হাৰ্ট দিৱস’ হিচাপে সমগ্ৰ পৃথিৱীতে পালন কৰি ক’ৰ’নাৰি হাৰ্ট ডিজিজ প্ৰতিহত কৰাৰ চেষ্টা চলিছে।

বিপদৰ আশ্ংকা থকাসকলক চিনাক্তকৰণ আৰু চিকিৎসা

পৰিয়ালৰ প্ৰথম পুৰুষৰ ক’ৰ’নাৰি হাৰ্ট ডিজিজ থাকিলে উত্তৰপুৰুষৰো এই ৰোগৰ সম্ভাৱনা বেছি। সেয়ে এনে লোকক চিনাক্ত কৰি জীৱনশৈলীৰ পৰিৱৰ্তন, সঠিক খাদ্যাভ্যাসৰ শিক্ষা বা চিকিত্সাৰ জৰিয়তে ইয়াৰ আশ্ংকা বহুলাংশে লাঘৱ কৰিব পাৰি। বিদেশত এনে বাছনিত ৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীকো সামৰি লোৱা হৈছে। অৰ্থাৎ যাৰ মাক বা দেউতাকৰ এনে অসুখ হৈছে তেনে শিশুৰ ৮ বছৰ বয়সৰ পৰাই জীৱনশৈলিৰ পৰিৱৰ্তন, সঠিক খাদ্যাভ্যাসৰ পৰামৰ্শ দিয়া হৈছে আৰু সময়ে সময়ে মেডিকেল স্ক্ৰিনিং কৰা হৈছে।

মেদবহুলতা কিছু পৰিমাণে বংশানুক্ৰমিক যদিও ইয়াৰ বাবে পৰিশ্ৰমহীনতা, ভুল খাদ্যাভ্যাসেই জগৰীয়া। দৈনিক শাৰীৰিক ব্যায়াম সৰুৰেপৰাই অভ্যাস কৰা ভাল। ডাঙৰ সকলেও সপ্তাহত অন্তত: ৫ দিন প্ৰতিদিনে ৩০ মিনিটকৈ বেগাই খোজকঢ়া দৰকাৰ। খোজকঢ়া ব্যায়ামে নিম্নঘনত্বৰ লাইপ’প্ৰটিনৰ জাৰণ ঘটাই উচ্চ ঘনত্বৰ লাইপ’প্ৰটিন উৎপন্ন কৰে। ই কলিজাৰ বাবে ভাল। খোজ কঢ়া কাৰ্যই ইনছুলিন নোহোৱাকৈ কোষে তেজৰ পৰা গ্লুক’জ আহৰণতো সহায় কৰে। এইদৰেই তেজৰ গ্লুক’জৰ পৰিমাণ কমাই ৰাখে। মেদবহুলতাই ডায়েবেটিছৰ কাৰক ইনছুলিনত প্ৰতিবন্ধকতাও আনে। কথাতে কয় বোলে কঁকালৰ ঘেৰ বাঢ়ে যিমানে আয়ুস টুটে সিমানে।

উচ্চৰক্তচাপ, ডায়েবেটিছ ৰোগো জীৱনশৈলীৰ পৰিৱৰ্তন আৰু খাদ্যভ্যাসৰ পৰিৱৰ্তনেৰে ৰোধ কৰিব পাৰি। ৰোগত ইতিমধ্যে ভোগাসকলে নিয়মিত প্ৰেছাৰ জোখা, শৰীৰত গ্লুক’জৰ পৰিমাণ জোখা আৰু চিকিৎসকৰ পৰামৰ্শমতে নিয়মিত দৰৱ খাই ৰোগবিধ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। মনত ৰখা দৰকাৰ যে উচ্চৰক্তচাপ, ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰি, কিন্তু এবাৰ ইয়াৰ লক্ষণ দেখা দিলে ইয়াক নিয়ন্ত্ৰণহে কৰিব পাৰি, নিৰাময় কৰিব নোৱাৰি। প্ৰমাণ হৈছে যে উচ্চৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত থাকিলে ক’ৰ’নাৰি হাৰ্ট ডিজিজৰ আশ্ংকা বহুলাংশে নাইকীয়া হয়।

ডিছলিপিডেমিয়া

খোজকঢ়া বা শাৰীৰিক ব্যায়ামৰ জৰিয়তে লাইপ’প্ৰটিন কমাব পাৰি যদিও ইয়াৰ বাবে ‘ষ্টেটিন’ নামৰ এবিধ দৰৱ বৰ ফলপ্ৰসূ। ষ্টেটিনে নিম্নঘনত্বৰ লাইপ’প্ৰটিন কমায় আৰু উচ্চঘনত্বৰ বঢ়ায়। আকৌ ফেন’ফাইব্ৰেট নামৰ আন এবিধ দৰৱ ব্যৱহাৰ কৰি ট্ৰাইগ্লিছাৰাইড কমোৱাৰ উপৰিও উচ্চ ঘনত্বৰ লাইপ’প্ৰটিন বঢ়াব পাৰি।

খাদ্যাভ্যাসত চৰ্বীযুক্ত আহাৰৰ মাত্ৰা কমায়ো লিপিড নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰাণীৰ পৰা পোৱা প্ৰায়বোৰ চৰ্বীতে নিম্নঘনত্বৰ কাৰ্ব’হাইড্ৰেট আছে। আনহাতে মাছত যদিও উচ্চঘনত্বৰ চৰ্বি আছে ইয়াক বেছিকৈ ভজাৰ ফলত ট্ৰেন্সফেটি এছিডলৈ ৰুপান্তৰিত হয়। সেয়ে মাছ সেকি বা সিজাই খোৱাহে ভাল। বজাৰৰ পৰা অনা চিপছ, কুৰকুৰি জাতীয় ফাষ্টফুডবোৰ বহুদিন ধৰি নষ্ট নোহোৱাকৈ ৰাখিবলৈ ট্ৰেন্সফেটি এচিড ব্যৱহাৰ হয়। এইবোৰ বেয়া চৰ্বী। মাংস, ক্ৰিম, ঘিউ, পনিৰে মেদবহুলতাতো সহায় কৰে। সেয়ে অধিক শাক-পাচলি, ফল-মূল যুক্ত আহাৰ কলিজাৰ বাবে উপকাৰী।

ঘৰখনকেই কলিজা বান্ধৱ কৰোঁ আহক

দৈনন্দিন বজাৰৰ মোনাৰ ওজন শাক-পাচলি, ফল-মূলেৰে যিমান গধুৰ হ’ব সিমানেই কলিজাৰ বাবে ভাল। ফল-মুল উত্তম শৰ্কৰা। শাক-পাচলি আৰু ফল-মূল এণ্টি অক্সিডেণ্ট আৰু ভিটামিনযুক্ত। ই আমাৰ কলিজাটিক ৰক্ষণাবেক্ষণ দিয়ে। বজাৰ কৰাৰ সময়ত, বাহিৰত খোৱাৰ সময়ত নিজৰ আৰু পৰিয়ালৰ সদস্যৰ হাৰ্টৰ কথা মনত পেলালেই ঘৰখন কলিজা বান্ধৱ হৈ উঠিব। ঘৰখনত সকলো প্ৰকাৰৰ ধূম্ৰপান, যেনে- চাধা, বিড়ি, ছিগাৰেট বন্ধ হ’ব লাগে। টিভিৰ সন্মুখত অধিক সময় বহা অভ্যাস এৰি নিয়মিত কোজকঢ়া, নিয়মিত ব্যায়াম কৰা অভ্যাস পৰিয়ালৰ সকলো সদস্যই কৰিলে আৰু আনকো কৰিবলৈ উৎসাহিত কৰিলে পৰিৱেশটোৱেই কলিজাৰ বাবে সুখকৰ হ’ব।

নিয়মিত ৰক্তচাপ জোখা, তেজত শৰ্কৰা জোখা, ওজন জোখা আৰু সঠিক বি এম আই জানি লোৱা দৰকাৰ। বয়স বঢ়াৰ লগে লগে এইবোৰৰ সম্ভাৱনা বেছি হয়। সেয়ে স্বাভাৱিক অৱস্থাত থকাসকলেও বছৰেকত অন্তত: এবাৰ আৰু মাত্ৰা বঢ়াসকলে মাহেকত এবাৰ জোখা উচিত। এইবোৰ বঢ়া মানেই ক’ৰ’নাৰি আৰ্টেৰি ডিজিজৰ সম্ভাৱনা বেছি। সেয়ে চিকিৎসকৰ পৰামৰ্শ লৈ এইবোৰ নিয়ন্ত্ৰিত ৰুপত ৰাখিলে বিপদৰ আশ্ংকা কম থাকে।

ডা: হিতেশ তালুকদাৰ, প্ৰান্তিক

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate