অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিডনি ভালে ৰাখক

মানৱ দেহত কঁকালৰ কাষত মেৰুদণ্ডৰ দুয়োকাষে দুটা কিডনি থাকে। কিডনি দুটা হৈছে আমাৰ মূত্ৰ উৎপাদক যন্ত্ৰ। অৰ্থাৎ কিডনিয়ে তেজৰ পৰা মূত্ৰ নি:সৰণৰ কাম কৰে। কিডনি দুটাই চেকনিৰ দৰে তেজৰ পৰা দূষিত পদাৰ্থ (যেনে-ইউৰিক এচিড, ইউৰিয়া, ক্ৰিয়েটিনিন, ছ’ডিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি) আৰু অতিৰিক্ত পানী মূত্ৰ হিচাপে স্ংগ্ৰহ কৰি লয়। এই মূত্ৰ কিডনি স্ংলগ্ন মূত্ৰবাহী নলীৰে নামি আহি মূত্ৰথলীত জমা হয়। ইয়াৰ পৰা মূত্ৰ নলী তথা মূত্ৰদ্বাৰৰ সহায়ত বাহিৰলৈ ওলাই যায়। বৰ্তমান কিডনিৰ অসুখ সাংঘাতিকভাৱে বাঢ়িছে। স্বাস্থ্য সন্মত জীৱন যাপন নকৰিলে কিডনিৰ অসুখ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰি চিকিৎসাৰ ব্যৱস্থা কৰিলে দীৰ্ঘদিনীয়া কিডনিৰ ৰোগ হোৱাত বাধা দিব পাৰি। সাধাৰণতে ষাঠিৰ উৰ্দ্ধৰ লোকৰ ডায়েবেটিচ, উচ্চ ৰক্তচাপ, হৃদৰোগ, পৰিয়ালত কাৰোবাৰ কিডনি ৰোগ থাকীলে, মেদেবহুল হ’লে, ধূমপানৰ অভ্যাস থাকিলে কিডনিৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে। ক্ৰ’ণিক কিডনি ডিজিজৰ আগতীয়া কোনো লক্ষণ দেখা পোৱা নাযায়। কিডনি ৯০ শতাংশ অকামিলা হোৱাৰ পিছতহে ইয়াৰ লক্ষণবোৰ চকুত পৰে। কিন্তু কিডনিৰ কাম-কাজ কমি আহিলে তলত দিয়া লক্ষণবোৰ দেখা দিয়ে।

  • উচ্চ ৰক্তচাপ।
  • প্ৰস্ৰাৱৰ পৰিমাণ আৰু সময়ৰ পৰিৱৰ্তন হয়।
  • প্ৰস্ৰাৱত তেজ যাব পাৰে।
  • কিডনিত বিষ হয়।
  • ক্লান্তিবোধ।
  • অভোক।
  • টোপনিত ব্যাঘাত।
  • মূৰৰ বিষ।
  • খজুৱতি।
  • উশাহ চুটি হয়।
  • বমি।
  • মুখৰ দুৰ্গন্ধ ওলায়।
  • ভৰি ফুলি উঠে।

কিডনি ভালে ৰখাৰ কেইটিমান উপায়

শাৰীৰিক পৰিশ্ৰম কৰিব

প্ৰতিদিনে নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। এই অভ্যাসে ক্ৰণিক কিডনি ডিজিজ হোৱাৰো সম্ভাৱনা কমাই আনে।

যথেষ্ট পৰিমাণে পানী খাব

পানী খালে দেহৰ উত্তাপ ঠিকে থাকে। কিডনিয়ে দেহত উৎপন্ন হোৱা বৰ্জ্য পদাৰ্থবোৰ উলিয়াই দিয়ে। এইবাবে দিনে আঠগিলাচমান পানী খাব লাগে। পানী যথেষ্ট পৰিমাণে খালে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। আনহাতে কিডনি ষ্টোন থকা লোকে দিনে দুই-তিনিলিটাৰ পানী খালে নতুনকৈ ষ্টোন গঠন নহয়।

ব্লাডপ্ৰেছাৰৰ পৰিমাণ ঠিকে ৰাখিব

ডায়েবেটিচ থকা আধা স্ংখ্যক লোকেৰে কিডনিৰ অসুখ হয়। এইবাবে কিডনিৰ অসুখ থকা লোকে নিয়মীয়াকৈ কিডনিৰ পৰীক্ষা কৰাই থাকিব লাগে। আগতীয়াকৈ জানিব পাৰিলে ডায়েবেটিচৰ বাবে হোৱা কিডনি ৰোগ নিয়ন্ত্ৰণ কৰিব্ পাৰি। ব্লাড প্ৰেচাৰ বাঢ়িলে ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ কথা আমি সকলোৱে জানো, কিন্তু ব্লাড প্ৰেছাৰৰ বাবে যে কিডনিৰ অসুখ হয়, সেই কথা কম স্ংখ্যক লোকেহে জানে। কোনো লোকৰ ডায়েবেটিচৰ লগতে কলেষ্টেৰলৰ পৰিমাণ বেছি থাকিলে বা হৃদৰোগ থাকিলে উচ্চ ৰক্তচাপৰ বাবে কিডনিৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

পুষ্টিকৰ আহাৰ খাব

ক্ৰণিক কিডনি ডিজিজৰ কাৰণ ডায়েবেটিচ, হৃদৰোগ আদি নহ’বলৈ পুষ্টিকৰ আহাৰ খোৱাৰ লাগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাই থাকিব। নিমখৰ পৰিমাণ কমাই দিব। ইয়াৰ উপৰি হোটেল, ৰেষ্টোঁৰাত খোৱাৰ অভ্যাস এৰিব।

ধূমপান ত্যাগ কৰিব

ধূমপান কৰিলে কিডনিলৈ ৰক্তপ্ৰৱাহৰ পৰিমাণ কমি যায়। কিডনিলৈ ৰক্তপ্ৰৱাহৰ পৰিমাণ কমি গ’লে কিডনীৰ কাম-কাজৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ উপৰি ধূমপান কৰিলে কিডনিৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ৫০ শতাংশ বাঢ়ি যায়। এইবাবে ধূমপান কৰাৰ অভ্যাস থাকিলে ত্যাগ কৰিব।

কিছুমান টেবলেট নিয়মীয়াকৈ নাখাব

নন-ষ্টেৰয়ডেল, এণ্টি ইনফ্লেমটৰি ঔষধ নিয়মীয়াকৈ খালে কিডনি নষ্ট হোৱাৰ সম্ভাৱনা থাকে। বাতবিষ, পিঠিৰ বিষ আদি হ’লে কিডনিৰ ক্ষতি নহোৱাকৈ কিদৰে বিষ কমাই আনিব পাৰি, সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ ল’ব।

কিডনিৰ অসুখ আৰু ইয়াৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যা ৰোধ কৰিবলৈ প্ৰতি বছৰে ‘কিডনি দিৱস’ পালন কৰি অহা হৈছে। মাৰ্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে ‘বিশ্ব কিডনি’ দিৱস পালন কৰা হয়। ২০০৫ চনত প্ৰথমবাৰৰ বাবে বিশ্বৰ ৬৬ খন দেশে এই দিৱস পলান কৰিছিল। মাথোঁ দুবছৰত কিডনি দিৱস পালন কৰা দেশৰ স্ংখ্যা হ’লগৈ ৮৮ খন। ইণ্টাৰনেচনেল ফেডাৰেচন অৱ কিডনি ফাউণ্ডেচনৰ সহযোগত ‘বিশ্ব কিডনি দিৱস পালন কৰা হয়।

স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate