অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পার্কিঞ্চনছ ৰোগ

পার্কিঞ্চনছ ৰোগৰ লক্ষণ, ইয়াক চিনাক্ত কেনেকৈ কৰিব পাৰি, চিকিৎসা আদিৰ বিষয়ে দিয়া হৈছে।

পার্কিঞ্চনছ ৰোগ হ’ল মগজুৰ প্ৰেৰক পদ্ধতিৰ বিসংগতি। ইয়াৰ কাৰণ হ’ল "ড'পামিন’ উৎপাদনকাৰী মগজু কোষৰ অভাব। লক্ষণসমূহ হ’ল শৰীৰৰ কম্পন অথবা হাত, ভৰি, অধোহনু অস্থি, মুখমণ্ডল আদিৰ কম্পন, জঠৰতা অথবা হাত-ভৰি, মধ্যদেহ আদিৰ কাঠিন্য, মন্থৰ গতি, সন্তুলনৰ বিসংগতি, সমন্বয আদি। এই লক্ষণসমূহ বৃদ্ধি হ'লে ৰোগীয়ে খোজ কঢ়া, কথা কোৱা, সৰু-সুৰা কামবোৰো কৰাত অসুবিধা আদি হ’ব পাৰে। এই ৰোগৰ ধীৰ গতিৰে অগ্রগতি হয়। আৰম্ভণিতে লক্ষণসমূহ অস্পষ্ট হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত লক্ষণসমূহ লাহে লাহে বৃদ্ধি হয়, কিছুমানৰ ক্ষেত্ৰত লক্ষণ ত্বৰান্বিত হয়। অন্যান্য লক্ষণসমূহ হ’ল-

  • হতাশা আৰু অন্যান্য আৱেগিক পৰিৱর্তন।
  • খাদ্য গিলাত অসুবিধা, খাদ্য চোবোৱাত অসুবিধা।
  • কথা কোৱাৰ অসুবিধা।
  • প্রস্ৰাৱ কৰাত অসুবিধা
  • কোষ্ঠকাঠিন্য।
  • চর্মৰোগ।
  • টোপনিত ব্যাঘাত।

এই ৰোগ চিনাক্ত কৰিবলৈ তেজ বা অন্যান্য নির্ণায়ক পৰীক্ষা উপলব্ধ হোৱা নাই। সেইবাবে ৰোগ নির্ণয়ৰ বাবে ৰোগৰ ইতিহাস, শাৰীৰিক পৰীক্ষা, স্নায়ুৰ পৰীক্ষা আদিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। অৱশ্যে অন্য ৰোগ আছে নেকি নির্ণয় কৰিবলৈ মগজুৰ স্কেন (Scan) আৰু কেতবোৰ লেবৰেটৰী পৰীক্ষা কৰাব লগীয়া হ’ব পাৰে।

পার্কিঞ্চনছ ৰোগৰ কাৰকবোৰ স্পষ্ট নহয় যদিও কিছু তথ্য জানিব পৰা গৈছে। এই ৰোগ এশ বছৰৰো পুৰণি, তথাপি নির্দিষ্ট কাৰক চিনাক্ত হোৱা নাই। শৰীৰৰ চলন নিয়ন্ত্রিত হয় মগজুৰ "বেছেল গেংলিয়া'ত থকা কোষবোৰ সন্তুলিত পৰিমাণৰ ড’পামিন আৰু এচিটাইকলিন প্রয়োজন হয়। এই দুবিধ দ্রব্য স্নায়ুৰ স্ংকেতৰ বাবে প্রয়োজনীয়। পার্কিঞ্চনছ ৰোগত ড'পামিন প্ৰস্তুতকাৰী কোষবোৰ ধবংসপ্রাপ্ত হয়। ড'পামিনৰ স্বল্পতাই ড'পামিন, এচিটাইলক'লিন আদি সংকেত বহনকাৰী দ্রব্যবোৰ সস্তুলনত বিসংগতিৰ সৃষ্টি কৰে। ড'পামিন হ’ল ৰাসায়নিক সংকেত বহনকাৰী দ্রব্য, যিয়ে মগজুৰ ছাবষ্টেনচিয়া নিগ্ৰা আৰু তাৰ ওচৰৰ বিলেষ্টেছন কপাৰ্ছ ট্ৰায়েটাম সংকেত বিঘ্নিত কৰে। ফলত মসৃণ উদ্দেশ্য সাধক মাংসপেশীৰ ক্রিয়াকলাপ বিঘ্নিত কৰে। ড'পামিনৰ স্বল্পতাই মাংসপেশীৰ ক্রিয়াকলাপত বিজুতি ঘটায়। গতিকে ৰোগীৰ মাংসপেশীৰ স্বাভাৱিক নিয়ন্ত্রণ বিঘ্নিত হয়। অধ্যয়নৰ পৰা দেখা গৈছে যে ড'পামিন ৮০ শতাংশ বা ততোধিক পৰিমাণ হ্রাস কৰে।

এই পর্যন্ত পার্কিঞ্চনছ ৰোগৰ নিৰ্দিষ্ট ফলপ্রসূ নিৰাময়ক ঔষধ উপলব্ধ হোৱা নাই।

তথাপি লক্ষণসমূহৰ উপশমৰ বাবে কেতবোৰ ঔষধ ব্যৱহাৰ কৰা হয়। ৰোগীক লেভ’ড'পা আৰু কাৰ্বিড’পা সংমিশ্ৰণ কৰি চিকিৎসা কৰা হয়। কাৰ্বিড’পাই মগজুৰ কোষ নোপোৱা পর্যন্ত লেভ'ড'পা ড'পামিনলৈ ৰূপান্তৰিত হোৱাত বাধা দিয়ে। মগজুৰ কোষে লেভ’ড’পা ব্যৱহাৰ কৰি ড’পামিন তৈয়াৰ কৰি ব্যৱহাৰ কৰে। অৱশ্যে লেভ’ড’পাই চাৰি ভাগৰ তিনি অংশকহে উপশম দিব পাৰে। এণ্টি কলিনাৰ্জিক ঔষধে কম্পন আৰু, জঠৰতা হ্রাস কৰিব পাৰে। ব্ৰ’ম’ক্ৰিপ্টিন, প্ৰামিপেক্সাল, ৰ’মিনিট্ৰল፣ ঔষধে ড'পামিন-সদৃশ ক্রিয়া কৰি ৰোগীক উপশম দিব পাৰে। এমান্টাডাইন নামৰ ভাইৰাচৰোধী ঔষধে লক্ষণসমূহ হ্রাস কৰিব পাৰে।

ঔষধে উপশম নিদিলে শল্য চিকিৎসা কৰিব লগীয়া হয়। এই ক্ষেত্ৰত মগজুত ইলেক্ট্ৰ’ড প্রোথিত কৰি পালছ জেনেৰেটৰ নামৰ বৈদ্যুতিক উদ্দীপনাৰ সৃষ্টি কৰা হয়। এই ব্যৱস্থাই লেভ’ড'পা আদি ঔযধৰ প্রয়োজনীয়তা হ্রাস কৰে। এই ব্যৱস্থাই কম্পন, মন্থৰতা, গতিভংগী আদি লক্ষণৰ উপশম ঘটাব পাৰে। বিশেষভাৱে প্রশিক্ষিত চিকিৎসকেহে এই চিকিৎসা কৰিব পাৰে।

লিখক: ডা: জীৱন দত্ত বৰুৱা, অ'এন জি চিৰ প্রাক্তন মুখ্য স্বাস্থ্য বিষয়া,

দৈনিক জনমভূমি।

3.10638297872
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top