অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাৰ্কিনচন ৰোগ

পাৰ্কিনচন ৰোগ

পাৰ্কিনচন ৰোগ হ’ল মগজুৰ প্ৰেৰক পদ্ধতিৰ বিসংগতি| ইয়াৰ কাৰণ হ’ল ‘ড’পামিন’ উৎপাদনকাৰী মগজু কোষৰ অভাৱ| লক্ষণ সমুহ হ’ল শৰীৰৰ কম্পন অথবা হাত-ভৰি, অধোহনু অস্থি, মুখমণ্ডল আদিৰ কম্পন, জঠৰতা অথবা হাত-ভৰি, মধুমেহ আদিৰ কাঠিন্য, মন্থৰ গতি, সন্তুলনৰ বিসংগতি, সমন্বয় আদি| এই লক্ষণ সমুহ বৃদ্ধি হ’লে ৰোগীয়ে খোজ কঢ়া, কথা কোৱা, সৰু-সুৰা কামবোৰো কৰাৰ অসুবিধা আদি হ’ব পাৰে| এই ৰোগ ধীৰ গতিৰে অগ্ৰগতি হয়| আৰম্ভণিতে লক্ষণ সমুহ অস্পষ্ট হয়| কিছুমান ৰোগীৰ ক্ষেত্ৰত লক্ষণ সমুহ লাহে লাহে বৃদ্ধি হয়| কিছুমানৰ ক্ষেত্ৰত লক্ষণ ত্বৰান্বিত হয়| অন্যান্য লক্ষণ সমুহ হ’ল হতাশা আৰু অন্যান্য আৱেগিক পৰিৱৰ্তন, খাদ্য গিলাত অসুবিধা, খাদ্য চোবোৱাত অসুবিধা, কথা কোৱাৰ অসুবিধা, প্ৰস্ৰাৱ কৰাত অসুবিধা, কোষ্ঠকাঠিন্য, চৰ্মৰোগ আৰু টোপনিত ব্যাঘাত| এই ৰোগ চিনাক্ত কৰিবলৈ তেজ বা অন্যান্য নিৰ্ণায়ক পৰীক্ষা উপলব্ধ হোৱা নাই| সেইবাবে ৰোগ নিৰ্ণয়ৰ বাবে ৰোগৰ ইতিহাস, শাৰীৰিক পৰীক্ষা, স্নায়ুৰ পৰীক্ষা আদিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া| অৱশ্যে আন ৰোগ আছে নেকি নিৰ্ণয় কৰিবলৈ মগজুৰ স্কেন আৰু কেতবোৰ লেব’ৰেটৰী পৰীক্ষা কৰাবলগীয়া হ’ব পাৰে| পাৰ্কিনচন ৰোগৰ কাৰক বোৰ স্পষ্ট নহয় যদিও কিছু তথ্য জানিব পৰা গৈছে| এই ৰোগ এশ বছৰৰো পুৰণি, তথাপি নিৰ্দ্দিষ্ট কাৰক চিনাক্ত হোৱা নাই| শৰীৰৰ চলন নিয়ন্ত্ৰিত হয় মগজুৰ বেছেল গেংলিয়াত থকা কোষবোৰ সন্তুলিত পৰিমাণৰ ড’পামিন আৰু এচিটাইকলিন প্ৰয়োজন হয়| এই দুবিধ দ্ৰব্য স্নায়ুৰ সংকেতৰ বাবে প্ৰয়োজনীয়| পাৰ্কিনচন ৰোগত ড’পামিন প্ৰস্তুতকাৰী কোষবোৰ ধ্বংস প্ৰাপ্ত হয়| ড’পামিনৰ স্বল্পতাই ড’পামিন, এচিটাইকলিন আদি সংকেত বহনকাৰী দ্ৰব্যবোৰে সন্তুলনৰ বিসংগতিৰ সৃষ্টি কৰে| ড’পামিন হ’ল ৰাসায়নিক সংকেত বহনকাৰী দ্ৰব্য, যিয়ে মগজুৰ ছাবষ্টেঞ্ছিয়া নাইগ্ৰা আৰু তাৰ ওচৰৰ ৰিলেষ্টেচন কৰ্পাচ ট্ৰয়েটাম সংকেত বিঘ্নিত কৰে| ফলত মসৃণ উদ্দেশ্যসাধক মাংসপেশীৰ ক্ৰিয়া কলাপত বিজুতি ঘটায়| গতিকে ৰোগীয়ে মাংসপেশীৰ স্বাভাৱিক নিয়ন্ত্ৰণ বিঘ্নিত হয়| অধ্যয়নৰ পৰা দেখা গৈছে যে ড’পামিন ৮০ শতাংশ বা তাতোধিক পৰিমাণে হ্ৰাস কৰে| এইপৰ্যন্ত পাৰ্কিনচন ৰোগৰ নিৰ্দ্দিষ্ট ফলপ্ৰসূ নিৰাময়ক ঔষধ উপলব্ধ হোৱা নাই| তথাপি লক্ষণ সমুহৰ উপশমৰ বাবে কেতবোৰ ঔষধ ব্যৱহাৰ কৰা হয়| ৰোগীক লেভ’ড’পা আৰু কাৰ্বিড’পা সংমিশ্ৰণ কৰি চিকিৎসা কৰা হয়| কাৰ্বিড’পাই মগজুৰ কোষ নোপোৱা পৰ্যন্ত লেভ’ড’পা ড’পামিনলৈ ৰুপান্তৰিত হোৱাত বাধা দিয়ে| মগজুৰ কোষে লেভ’ড’পা ব্যৱহাৰ কৰি ড’পামিন তৈয়াৰ কৰি ব্যৱহাৰ কৰে| অৱশ্যে লেভ’ড’পাই চাৰিভাগৰ তিনি অংশকহে উপশম দিব পাৰে| এণ্টিকলিনাৰ্জিৰ ঔষধে কম্পন আৰু জঠৰতা হ্ৰাস কৰিব পাৰে| ব্ৰম’ক্ৰিপ্টিন, প্ৰামিপেক্সল, ৰ’পিনিট্ৰল ঔষধে ড’পামিন সদৃশ ক্ৰিয়া কৰি ৰোগীক উপশম দিব পাৰে| এমাণ্টাডাইন নামৰ ভাইৰাছৰোধী ঔষধে লক্ষণ সমুহ হ্ৰাস কৰিব পাৰে| ঔষধে উপশম নিদিলে শল্য চিকিৎসা কৰিবলগীয়া হয়| এইক্ষেত্ৰত মগজুত ইলেকট্ৰোত প্ৰোথিত কৰি পালছ্‌ জেনেৰেটৰ নামৰ বৈদ্যুতিক উদ্দীপনৰ সৃষ্টি কৰা হয়| এই ব্যৱস্থাই লেব’ড’পা আদি ঔষধৰ প্ৰয়োজনীয়তা হ্ৰাস পৰে| এই ব্যৱস্থাই কম্পন, মন্থৰতা, গতিভংগী আদি লক্ষণৰ উপশম ঘটাব পাৰে| বিশেষ ভাৱে প্ৰ্শিক্ষিত চিকিৎসকেহে এই চিকিৎসা কৰিব পাৰে|

ডা: জীৱন দত্ত বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 1/20/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate