অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেচমেকাৰ

পেচমেকাৰ

পেচমেকাৰ আজিকালি প্ৰায়ভাগ ব্যক্তিৰ মুখতে শুনা এটা সহজ শব্দ| এগৰাকী ব্যক্তিৰ শৰীৰত পেচমেকাৰৰনো কেতিয়া প্ৰয়োজন হয়, পেচমেকাৰ লগালে কেনে ধৰণৰ সাৱধাণতা অৱলম্বন কৰিব লাগে সেই বিষয়ে জানিবলৈ তথা পঢ়ুৱৈ সমাজক জনাবলৈয়ে আমি লগ কৰিছিলো দিছপুৰ জি এন আৰ চি হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ ডা: বিপ্লৱ পালক| এই সম্পৰ্কে তেওঁৰ লগত হোৱা কথোপকথন দাঙি ধৰা হ’ল:

প্ৰশ্ন:- এগৰাকী ব্যক্তিৰ শৰীৰত পেচমেকাৰ কেতিয়া প্ৰয়োজন হয়?

উত্তৰ:- সাধাৰণতে মানুহ এজন হৃদস্পন্দনৰ হাৰ হৈছে ৬০-১০০ ৰ ভিতৰত প্ৰতি মিনিটত| শাৰীৰিক পৰিশ্ৰম কৰিলে, অত্যধিক মানসিক চিন্তা হ’লে, প্ৰতি মিনিটত হৃদস্পন্দনৰ হাৰ ১০০ তকৈ বেছি হয় আৰু আমি যেতিয়া টোপনি যাওঁ তেতিয়া ইয়াৰ হাৰ ৬০ তকৈও কম হ’ব পাৰে| এগৰাকী সজাগ ব্যক্তিৰ ৬০ বাৰতকৈ কমকৈ হৃদস্পন্দন কৰিলে পেচমেকাৰ বহুৱাৰ প্ৰয়োজন হয়|

প্ৰশ্ন:-পেচমেকাৰ জড়িত বেমাৰৰ লক্ষণ সমুহ কি কি?

উত্তৰ:-মানুহৰ হৃদস্পন্দনৰ হাৰ কমি গ’লে মূৰ ঘূৰাব পাৰে বা বেছি কমি গ’লে মানুহজন ক্ষন্তেক সময়ৰ বাবে অচেতন হৈ পৰি যাবও পাৰে| কিছুমান মানুহৰ আকৌ অত্যন্ত ভাগৰ লাগে বা শ্বাস-প্ৰশ্বাসৰ অসুবিধা হয়| যিহেতু স্নায়ুজনিত বেমাৰৰ ফলতো এনেকুৱা লক্ষণ হ’ব পাৰে বাবে পেচমেকাৰ লগোৱাৰ আগতে ৰোগীজনক তন্ন তন্নকৈ পৰীক্ষা কৰোৱাটো প্ৰয়োজনীয়|

প্ৰশ্ন:-পেচমেকাৰ মানে কি?

উত্তৰ:-আমাৰ হৃদযন্ত্ৰটো মৃত্যুৰ আগলৈকে জিৰণি নোলোৱাকৈ সদায় নিজৰ কাম কৰি থাকে| হৃদযন্ত্ৰটোৱে কাম কৰোতে তাৰ ভিতৰত বিদ্যুৎ অৰ্থাৎ কাৰেণ্ট প্ৰবাহিত হয়| আমাৰ হৃদয়ত চাৰিটা কোঠা থাকে, তাৰে ভিতৰত সোফালৰ অলিন্দৰ এটা সৰু অংশক ‘চাইনু এট্ৰিএল গেড’ বুলি কোৱা হয় আৰু তাৰেই পৰাই বিদ্যুৎৰ উৎপত্তি হৈ গোটেই হৃদযন্ত্ৰত পৰিবাহিত হয় আৰু এই অংশটোকে পেচমেকাৰৰ বিসংগতি হ’লে যি যন্ত্ৰ মানুহৰ শৰীৰত উপস্থাপন কৰা হয় তাকে কৃত্ৰিম পেচমেকাৰ বুলি কোৱা হয়|

প্ৰশ্ন:-মানুহৰ হৃদস্পন্দনৰ হাৰ কমি যোৱাৰ কাৰণ কি?

উত্তৰ:-মানুহৰ হৃদস্পন্দনৰ হাৰ বিভিন্ন কাৰণত কমিব পাৰে| যেনে-ঔষধৰ পাৰ্শ্বক্ৰিয়া, হাৰ্ট এটেক, শৰীৰত পটাছিয়ামৰ পৰিমাণ কমি যোৱা বা বাৰ্ধক্য জনিত কাৰণত মানুহৰ হৃদযন্ত্ৰত বিদ্যুৎ পৰিবহণৰ পথত Blockage বা বাধাৰ সৃষ্টি হোৱা ইত্যাদি|

প্ৰশ্ন:-মানুহ এজনক পেচমেকাৰৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰিবলৈ কি কি পৰীক্ষা কৰা হয়?

উত্তৰ:-প্ৰথমে সকলো ৰোগীক ই চি জি কৰিবলৈ দিয়া হয়| যদি ই চি জিত বেমাৰটো ধৰা নপৰে তেতিয়া ২৪ ঘণ্টা হল্টাৰ মেচিন লগাই হৃদস্পন্দনৰ হাৰ নিৰ্ণয় কৰিব লাগে| আৰু কিছুমান ৰোগীৰ ক্ষেত্ৰত ইলেক্ট ফিজিঅ’লজী ষ্টাডিও কৰিবলগীয়া হয়| এই পৰীক্ষাত ভৰিৰ সিৰাৰে হৃদযন্ত্ৰৰ ভিতৰত বিদ্যুতৰ তাঁৰ পঠিয়াই বিশেষ ধৰণৰ ই চি জি লোৱা হয়|

প্ৰশ্ন:-পেচমেকাৰ কেইবাপ্ৰকাৰৰো আছে নেকি?

উত্তৰ:-আজিকালি বহু ধৰণৰ পেচমেকাৰ পোৱা যায়| পেচমেকাৰৰ দুটা অংশ থাকে| এটা অংশ হ’ল-বেটাৰীৰ সৈতে যন্ত্ৰটো যিটো বুকুৰ বাঁওফালে বা সোঁফালে ছালৰ তলত থাকে আৰু আনটো অংশ হৈছে Lead বা তাঁৰ যিটো সিৰাৰ মাজেৰে হৃদযন্ত্ৰ আৰু ব্লেচিনটোৰ মাজত যোগাযোগ স্থাপন কৰে| তাঁৰৰ সংখ্যা এটা বা দুটা হ’ব পাৰে যাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক ছিংগল চেম্বাৰ আৰু ডাবল চেম্বাৰ পেচমেকাৰ বুলি কোৱা হয়| দুডাল তাঁৰ থকা পেচমেকাৰতকৈ উন্নত| কিছুমান পেচমেকাৰৰ আকৌ এনেকুৱা সুবিধাও আছে যে কাম-কাজ কৰিলে, যেতিয়া আমাৰ হৃদস্পন্দনৰ হাৰ বাঢ়িব লাগে ই বঢ়াই দিয়ে|

প্ৰশ্ন:-পেচমেকাৰ লগোৱাৰ পিছত কি কি সাৱধাণতা অৱলম্বন কৰিব লাগে?

উত্তৰ:-সোঁহতীয়া মানুহক পেচমেকাৰটো বাঁওফালে লগোৱা হয় তেতিয়া বাও হাত খন বেছি খৰকৈ লৰচৰ কৰাব নালাগে বা বেছি গধুৰ বস্তু দাঙিব নালাগে| অথচ সোঁহাতেৰে সকলো কাম বন কৰি থাকিব পাৰে|আৰু পেচমেকাৰ লগোৱা ঠাইডোখৰৰ চিলাই নুশুকুৱালৈকে এণ্টিবায়’টিক খাই থাকিব লাগে|

প্ৰশ্ন:-পেচমেকাৰ লগোৱা মানুহে মোবাইল ব্যৱহাৰ কৰাত কিবা অসুবিধা আছে নেকি?

উত্তৰ:-এই বিলাক কিছুমান অপ্ৰয়োজনীয় কথা আমাৰ সমাজত চলি আহিছে| পেচমেকাৰ লগোৱা মানুহে আন এজন সাধাৰণ মানুহৰ দৰেই মোবাইল ব্যৱহাৰ কৰিব পাৰে, বিদ্যুতৰ ছুইচত হাত দিব পাৰে, টিভি, লেপটপ ইত্যাদি সকলো ব্যৱহাৰ কৰিব পাৰে| কেৱল যদি খুব বেছি ডাঙৰ ডিটেক্টৰ থাকে তেন্তে তাৰ মাজেদি পাৰ হৈ যাওঁতে বেছি সময় ৰৈ থাকিব নালাগে|

প্ৰশ্ন:-এম আৰ আই পেচমেকাৰ কি?

উত্তৰ:-সাধাৰণতে পেচমেকাৰ লগোৱাৰ পাছত মানুহ এজনক যদি অদূৰ ভৱিষ্যতে অইন বেমাৰৰ বাবে এম আৰ আই কৰিবলগীয়া হ’লে, সেই পৰীক্ষাটো কৰাব নোৱাৰি| কিন্তু আজিকালি উন্নত প্ৰযুক্তিবিদ্যাৰ সহযোগত এম আৰ আই কম্পটেব্‌ল পেচমেকাৰ পোৱা যায়| এইটো সংযোগ কৰিলে এম আৰ আই কৰাব পৰা যায়|

প্ৰশ্ন:-পেচমেকাৰৰ বেটাৰী সলনি কৰাব লাগে নে?

উত্তৰ:-পেচমেকাৰ যিহেতু এটা যন্ত্ৰ গতিকে তাৰ ভিতৰত থকা বেটাৰীটো এটা নিৰ্দিষ্ট সময়ৰ পাছত সলনি কৰিবলগীয়া হয়| সাধাৰণতে পেচমেকাৰ বেটাৰীটো ১০-১২ বছৰ মান ভালদৰে চলি থাকে| গতিকে বেটাৰীটো সম্পুৰ্ণ ভাৱে নি:শেষ হৈ যোৱাৰ দুই-তিনিমাহ মান আগতে বেটাৰীৰ সৈতে নতুন যন্ত্ৰ স্থাপন কৰা হয়| এইক্ষেত্ৰত তাঁত বা লিড সলনি কৰিব নালাগে| বেটাৰীৰ জীৱনকাল চোৱাৰ বাবে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰ্গ্ৰেমৰ সহায়ত পেচমেকাৰটো সলনি কৰি থাকিব লাগে|

ডা: বিপ্লৱ পাল

সাক্ষাৎগ্ৰহণ: মামণি গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate