অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৃক্কৰ কথা

বৃক্কৰ বিষয়ে ইয়াত দিয়া হৈছে।

প্ৰতিজন ব্যক্তিৰ শৰীৰত থকা কামিহাড়ৰ তলত সোঁ আৰু বাঁওফালে দুটা বৃক্ক থাকে। গোটেই শৰীৰৰ ওজনৰ মাত্ৰ ০.৪ শতাংশ ইহঁতে অধিকাৰ কৰিছে। প্ৰতি মিনিটত ১২০০ মিলিলিটাৰ তেজ সংশোধিত হ’বলৈ বৃক্ক দুটালৈ পৰিবাহিত হয়। আমি খোৱা প্ৰ’টিনৰ ৰাসায়নিক বিভাজনত সৃষ্টি হোৱা বিষাক্ত নাইট্ৰ’জেনযুক্ত পদাৰ্থ ইহঁতৰ সহায়ত শৰীৰৰ পৰা বাহিৰ হয়। তেজৰ পৰা খুব কম পৰিমাণৰ অক্সিজেন ইহঁতে নিজ কাৰ্য্য সম্পাদনৰ বাবে গ্ৰহণ কৰে। বৃক্কত থকা নেফৰেণ তেজ সংশোধন কাৰ্য্য কৰে। এই কাৰ্য্য এটা বৃক্কই কৰিব পাৰে। দুয়োটা বৃক্কই নিজ কাৰ্য্য সুচাৰুৰূপে সম্পন্ন নকৰিলে সমস্যাৰ সৃষ্টি হয়। এনে সমস্যাকে মূত্ৰস্থলীৰ ব্যৰ্থতা কোৱা হয়।

মূত্ৰস্থলীৰ ব্যৰ্থতাৰ বাবে দৈনিক তেজৰ সংশোধন ৪০০ মিলিলিটাৰতকৈও কম হয়। ইয়াৰ কাৰণবোৰ-

  • বমি, অতিসাৰ আদিৰ পৰা শৰীৰত পানীৰ পৰিমাণ কমে। তেজৰ ক্ষৰণ হ’লে ইয়াৰ আয়তন কমে। এনে অৱস্থাত কিডনীত কমকৈ সংশোধন হয়।
  • নেফৰণৰ অসুখ, ককৰ্ট ৰোগ, বিষাক্ত পদাৰ্থ (যেনে-পাৰা, সীহ, আৰ্ছেনিক, ছালফ’নেমাইড আদি) শৰীৰত সোমালে ৰক্তগ্ৰহণ নকৰাকৈ দীৰ্ঘ সময় অস্ত্ৰোপচাৰ আদিত বৃক্কৰ গাঁথনিৰ পৰিৱৰ্তন হ’লে।
  • পুঁজ, তেজৰ চেকুঁৰা, কিডনীত পাথৰ জমা হ’লেও ইয়াৰ কাৰ্য্য বাধাগ্ৰস্ত হয়।

বৃক্কৰ কাৰ্য্যক্ষমতা বহুদিন ধৰি কমি থাকিলে নেফৰণৰ সংখ্যা কমি যায় আৰু তেজৰ ছেকনত বাধাগ্ৰস্ত হয়। পৰিণতিত তেজত ইউৰিয়াৰ পৰিমাণ বাঢ়ে, প্ৰস্ৰাৱত সৰহকৈ পানী বাহিৰ হৈ শৰীৰ জলশূণ্য হয়, সৰহ পৰিমাণৰ ছডিয়াম বাহিৰ হয় যদিও যথেষ্ট পৰিমাণে হাইড্ৰ’জেন বাহিৰ নোহোৱাৰ বাবে তেজ আৰু শৰীৰৰ কোষ আম্লিক হৈ পৰে। শৰীৰ ৰোগগ্ৰস্ত হৈ মানুহ মৃত্যুৰ মুখলৈ গতি কৰে। যদি দীৰ্ঘদিন ধৰি বৃক্ক তেজ ছেকনত ব্যৰ্থ হয় নতুবা একেবাৰে অকামিলা হয় তেন্তে কৃত্ৰিম বৃক্কৰ ব্যৱহাৰ অৰ্থাৎ ডায়েলাইছিছ বা নতুন বৃক্ক সংস্থাপন কৰিব লগা হয়। ইয়াৰ ভিতৰত উত্তম চিকিৎসা হৈছে বৃক্ক সংস্থাপন। সংস্থাপিত ব্যক্তিজনে পুনৰ সাধাৰণভাৱে জীৱন অতিবাহিত কৰিব পাৰে আৰু ডায়েলাইছিছ যন্ত্ৰৰ কাষত বহি থাকিব লগা নহয়।

ডায়েলাইছিছ যন্ত্ৰই বৃক্কৰ সকলো অলাগতিয়াল কাৰ্য্য সম্পন্ন কৰিব পাৰে। এই যন্ত্ৰই তেজত থকা দূষিত পদাৰ্থ আঁতৰ কৰে। কৃত্ৰিম বৃক্ক ১৯৪৩ চনত পোন প্ৰথমবাৰৰ বাবে হলেণ্ডৰ এজন বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল। বৰ্তমানে ইয়াৰ বহুতো পৰিৱৰ্তন সাধন কৰা হৈছে।

ডায়েলাইছিছ যন্ত্ৰই বৃক্কৰ সকলো লাগতিয়াল কাৰ্য সম্পন্ন কৰিব পাৰে। এই যন্ত্ৰই তেজত থকা দূষিত পদাৰ্থ আঁতৰ কৰে। কৃত্ৰিম বৃক্ক ১৯৪৩ চনত পোনপ্ৰথমবাৰৰ বাবে হলেণ্ডৰ এজন বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল। বৰ্তমানে ইয়াৰ বহুতো পৰিৱৰ্তন সাধন কৰা হৈছে।

ডায়েলাইছিছৰ সঘন ব্যৱহাৰৰ বিৰক্তিৰ পৰা ৰেহাই পাবলৈ চিকিৎসকে বৃক্ক পুনৰ ৰোপণৰ পৰামৰ্শ দিয়ে। ইয়াৰ অসুবিধা এয়ে যে শৰীৰে এই নতুন বৃক্ক গ্ৰহণ নকৰিবও পাৰে। আত্মীয়-স্বজনৰ শৰীৰৰ ৰাসায়নিক গাঁথনি মিলাৰ বাবে সাধাৰণতে এনে ৰোপণৰ বাবে আত্মীয়ই কেতিয়াবা নিজৰ এটা বৃক্ক দান কৰে। এই ৰোপণৰ কেইবাটাও মাহৰ আগৰেপৰা ৰোগীক ডায়েলাইছিছত ৰখা হয়।

উৎস: অংকিতা হাজৰিকা, দৈনিক অসম।

2.98214285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top