অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰেইন টিউমাৰ

ব্ৰেইন টিউমাৰ

‘ব্ৰেইন টিউমাৰ’ শব্দ দুটাই যথাৰ্থতে ভয়ৰ সঞ্চাৰ কৰে আৰু এই ভীতি মুঠেও অমূলক নহয়। বিছ বছৰ আগলৈকে অনুন্নত দেশৰ কথা বাদেই, উন্নত দেশতো ইয়াৰ প্ৰত্যাহবান গভীৰ আছিল। কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এই ৰোগৰ চিকিৎসাৰো প্ৰগতি সাধন হৈছে। অত্যাধুনিক চি টি স্কেন, এম আৰ আই স্কেন, এঞ্জিওগ্ৰাফি, মাইক্ৰ’নিউৰ’ চাৰ্জাৰী, নিউৰ’ এনাস্থেচিয়া আদিৰ সমন্বয়ত ব্ৰেইন টিউমাৰ চিকিৎসাৰ প্ৰভূত উন্নতি সাধন সম্ভৱ হৈছে।

ব্ৰেইন টিউমাৰ সম্বন্ধে জনাৰ আগতে ব্ৰেইন বা মস্তিস্কৰ বিষয়ে কিছু কথা জনা দৰকাৰ। মানুহৰ মূৰৰ খোলাৰ ভিতৰত মস্তিস্কটো থাকে। কিন্তু ইয়াৰ গঠন খুবেই জটিল। মূৰৰ খোলাৰ হাড়ৰ তলত কঠিন পৰ্দাৰ দৰে এক আৱৰণ আছে। ইয়াৰ নাম ডুৰামেটাৰ। ইয়াৰ তলত এৰাক্‌নয়েড মেটাৰ অৰু তাৰ তলত থকা পায়ামেটাৰৰ সৈতে মস্তিস্ক সাঙোৰ খাই থাকে। এৰাক্‌নয়েড আৰু তাৰ পায়ামেটাৰৰ মাজৰ অংশটোৰ নাম চাব এৰাক্‌নয়েড স্পেচ। ইয়াত আছে চেৰিব্ৰোস্পাইনেল ফ্লুইড বা চি এচ এফ আৰু মস্তিস্কৰ ধমনী। মস্তিস্কৰ পৰা বিভিন্ন নাৰ্ভ বা স্নায়ু ওলাইছে, যিবোৰে চাব এৰাক্‌নয়েড স্পেচৰ মাজেৰে আহি মূৰৰ বিভিন্ন অংশত বিভিন্ন কাম কৰে। যেনে- ঘ্ৰাণশক্তি, দৃষ্টিশক্তি সৰবৰাহ কৰা, চকুৰ মণিৰ সঞ্চালন,মুখৰ সঞ্চালন, খাদ্য গিলা ইত্যাদি। এই নাৰ্ভবোৰে ইলেক্ট্ৰিক তাঁৰৰ দৰে বিদ্যুৎ সঞ্চালন কৰে। ইয়াত কোনো সমস্যাৰ উদ্ভৱ হ’লে তড়িৎ সঞ্চালন বন্ধ হৈ বিভ্ৰাটৰ সৃষ্টি হয়। মস্তিস্কৰ মাজত কেইটামান গহ্বৰ আছে, যাক কোৱা হয় ভেন্ট্ৰিকল। ইয়াৰ ভিতৰত চি চি এফ তৈয়াৰ হয়। ইয়াৰ পিছত চি এচ এফ আহে চাব এৰ্‌কয়েড স্পেচলৈ, তাৰ পিছত গুচি যায় সিৰাৰ তেজলৈ। এই চি এচ এফৰ গতি অৱৰুদ্ধ হ’লে ই গোট মাৰে আৰু মূৰৰ ভিতৰত চাপ সৃষ্টি কৰে।

লিখক: ডা: নীল মাধৱ বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন,

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate