অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মস্তিষ্ক

মস্তিষ্ক

আমাৰ মস্তিষ্ক এটি বেঙৰ ছাতিৰ দৰে আৱৰণেৰে আবৃত। ওপৰ ফালৰ আৱৰণতকৈ তলৰ ফালে সামান্য বেছি মোটা আৱৰণেৰে গঠিত। জলীয় পদাৰ্থৰে গা ধুই থকা অৱস্থাত মস্তিষ্ক থকা বাবে বাহিৰৰ পৰা সৰু-সুৰা খুন্দা লাগিলেও এই জলীয় পদাৰ্থই মস্তিষ্কক সুন্দৰভাৱে ৰক্ষা কৰে। তেজ আৰু মস্তিষ্কৰ মধ্যস্থ হিচাপে ব্লাডব্ৰেন প্ৰতিবন্ধক হিচাপে কাম কৰে। এই ব্লাডব্ৰেন প্ৰতিবন্ধকে সুন্দৰভাৱে বাছি লৈহে মস্তিষ্কৰ বাবে উপযোগী পদাৰ্থকে যাবলৈ দিয়ে। যিবোৰ মস্তিষ্কৰ বাবে অদৰকাৰী তাক সুন্দৰভাৱে বাধা দিব পাৰে। উদাহৰণস্বৰূপে গ্লুক’জ নহ’লে মস্তিষ্কই এক দণ্ড সময়ো চলিব নোৱাৰে। গতিকে গ্লুক’জক বহুতো খাতিৰ-বাতিৰ কৰি দৰাক আদৰাৰ দৰে আদৰি মস্তিষ্কলৈ যাবলৈ দিয়ে। কিন্তু বিভিন্ন বেক্টেৰিয়া তথা অশোধিত অদৰকাৰী কোনো বস্তুকে মস্তিষ্কলৈ যাবলৈ নিদিয়ে। মানৱ দেহৰ যন্ত্ৰণা নিবাৰণ কৰিবলৈ যি যন্ত্ৰণা নিবাৰক দ্ৰব্য ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰণা নিবাৰক দ্ৰব্য এনাছথেচিয়া জাতীয় দ্ৰব্যবোৰ এই দ্বাৰকে পথ এৰি দিয়ে মস্তিষ্কলৈ যাবলৈ।

অতি দুখৰ বিষয় বৰ্তমান আমাৰ সমাজত মদ, ড্ৰাগছ্, ভাং বা বহু নিচাজাতীয় ঔষধৰ ব্যৱহাৰ অতি ব্যাপকভাৱে বাঢ়ি আহিছে। মস্তিষ্কৰ দ্বাৰ ৰক্ষকে এনে ধৰণৰ দ্ৰব্যক বাধা দিব নোৱাৰে বাবে মস্তিষ্কলৈ এইবোৰ অবাধ গতিত সোমাই পৰে। যাৰ ফলত মস্তিষ্কৰ স্বাভাৱিক কাৰ্যক্ষমতা লণ্ড-ভণ্ড হৈ মস্তিষ্কই তাণ্ডৱ নৃত্য আৰম্ভ কৰি দিবলৈ বাধ্য হয় যেতিয়ালৈকে নিচাজাতীয় দ্ৰব্যৰ নিচা মাৰ নাযায়। অৰ্থাৎ মদ, ড্ৰাগছ্, নিচাজাতীয় ঔষধ ব্যৱহাৰ কৰি মানুহে নিজে নিজৰ কবৰ খান্দি মৃত্যুলৈ দ্ৰুতগতিত আগুৱাই যায়। দূবৰি বন গজি থকা ফুলনি বা পথাৰৰ পৰা কোদালেৰে এচপৰা মাটি উঠাই আনিলে দেখা যায় যে সেই মাটিডোখৰত বনৰ শিপা এনেদৰে লাগি থাকে যে আমি সহজে তাক আঁতৰ কৰিব নোৱাৰো। ঠিক তেনেদৰে মস্তিষ্কৰ ভিতৰত ৩ (তিনি) হেজাৰ কোটি স্নায়ুকোষ (নিউৰোণ) আৰু অন্যান্যৰ লগত লগ হৈ ৬০,০০০ গুণ হৈ এনেদৰে থাকে যে তাক পৃথক কৰা সহজ নহয়। স্নায়ুকোষ (নিউৰোণ) দেখিবলৈ মকৰাৰ সূতাৰ দৰে যি তন্ত্ৰৰ গাত লাগি থাকে।

ডেনড্ৰাইটৰ মাধ্যমেৰে স্নায়ুকোষলৈ মস্তিষ্কই খবৰ পঠায় আৰু এক্সনৰ মাধ্যমেৰে স্নায়ুকোষত খবৰ বাহিৰলৈ যায়। নিউৰোণৰ ছিগনেল উঠাই দিয়ে পঠাই দিয়ে কোষদেহলৈ, ছিগনেল নামি আহে তন্ত্ৰলৈ ঘণ্টাত ২২৫ মাইল বেগেৰে।

এটি ছিগনেল যোৱাৰ লগে লগে ১ ছেকেণ্ডৰ ২০০০ ভাগৰ এক ভাগ সময়ৰ ভিতৰত ৰাসায়নিক পদাৰ্থৰে নিজকে শক্তিমান (ৰিছাৰ্জ) কৰি ল’বলৈ সক্ষম হয় তন্ত্ৰই। এই প্ৰক্ৰিয়া চলি থকা সময়ত এটা নিউৰোণৰ লগত আন এটা নিউৰোণৰ লগত কেতিয়াও স্পৰ্শ নহয়। ছিগনেলবোৰ গৈ থাকে ফাঁকৰ মাধ্যমেৰে স্ফুলিংগ (স্পৰ্ক গেপ) জঁপিয়াই যোৱাৰ দৰে। প্ৰতিবাৰ ফায়াৰিং হোৱাৰ লগে লগে ৰাসায়নিকভাৱে (কেমিকেল) এটা স্নায়ুকোষে যোগাযোগ স্থাপন কৰে আন এটি স্নায়ুকোষৰ সৈতে।

মস্তিষ্কৰ বহুমুখী প্ৰতিভা থকা স্বত্ত্বেও এটি বিষয়ত মস্তিষ্ক একেবাৰে পিছুৱাই আছে। কোষৰ পুনৰ উৎপাদন অথবা সম্পূৰ্ণ নতুন কোষৰ জন্মদান কৰিবলৈ মস্তিষ্ক সক্ষম নহয়। যকৃতৰ টিছ্যু, চামৰা, তেজৰ কোষ প্ৰত্যেকেই নিজৰ ক্ষয়-ক্ষতি পূৰণ, পুনৰ উৎপাদন কৰি ল’ব পাৰে নিজৰ ক্ষমতাৰ বলত অৰ্থাৎ এই অংগবোৰ আঘাতপ্ৰাপ্ত হ’লে মেনেজ কৰি ল’ব পাৰে।

বৰ্তমান মস্তিষ্ক সম্পৰ্কে গৱেষণা কৰি বহুতো নতুন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে গৱেষকসকলে। আমাৰ কথা কোৱাৰ ক্ষমতা, পঢ়া-শুনা, লেখা-লেখি কৰাৰ ক্ষমতা, বিজ্ঞান, অংক কৰাৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিছে মস্তিষ্কৰ বাঁও গোলাৰ্ধই। যদিও সোঁ গোলাৰ্ধই আমাৰ মৌলিক চিন্তা-ভাৱনা, কৃষ্টি-সংস্কৃতিৰ জগত, সৌন্দৰ্যক উপভোগ কৰা শিল্পকলা আৰু বিমূৰ্ত চিন্তা-ভাৱনা লৈ ব্যস্ত থকা কাম সুচাৰুৰূপে সম্পন্ন কৰে। অতি বিস্ময়কৰ কথা যে এটি গোলাৰ্ধই যেতিয়া কোনো বিষয়ৰ চিন্তা-ভাৱনাত তন্ময় হৈ থাকে তেতিয়া আন এটা গোলাৰ্ধই ছুইচ অফ্ কৰি নিষ্ক্ৰিয় হৈ থাকে। যদি এই ছিষ্টেম নাথাকিলহেঁতেন হয়তো আমি কোনো বিষয়ে চিন্তাই কৰিব নোৱাৰিলোহেঁতেন।

আজিকালি মানুহৰ ব্ৰেইন টিউমাৰ, ব্ৰেইন ষ্ট্ৰোক, দুৰ্ঘটনাজনিত আঘাতৰ পৰিমাণ বাঢ়ি গৈ আছে। ফলত বহু মানুহে মৃত্যুক অকালতে সাৱটি ল’ব লগা হৈছে। টিউমাৰ হোৱাৰ লগে লগে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে বহু ক্ষেত্ৰত ৰোগ আৰোগ্য হয়। শল্য চিকিৎসাৰে ব্ৰেইন টিউমাৰ আঁতৰাই দিয়া হয়। ষ্ট্ৰোক হ’লে মস্তিষ্কৰ ৰক্তবাহী নলীবোৰ বন্ধ হোৱাৰ লগে লগে ফাটিও যায়। উপযুক্ত চিকিৎসা নাপালে বা পলমকৈ চিকিৎসালয়লৈ নিলে ৰোগীয়ে চিৰজীৱনলৈ পক্ষাঘাত (পেৰেলাইচিছ)-ত আক্ৰান্ত হৈ পৰে বা মৃত্যুও হ’ব পাৰে। দুৰ্ঘটনাজনিত আঘাত গুৰুতৰ হ’লে ৰোগীৰ মৃত্যুও হ’ব পাৰে। মানৱ দেহৰ এই মস্তিষ্কৰ অতুলনীয় সম্পদৰে সামান্য অংশ কামত খটুৱাই আজি মানুহে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে বিশ্বজয় কৰিবলৈ সক্ষম হৈছে। যদি পৃথিৱী ধ্বংস নহয় তেনেহ’লে এই মস্তিষ্কৰ মহিমাতে মানুহে এদিন এনে এটি সুউচ্চ স্তৰলৈ উঠি যাব যে সেই স্তৰত উঠি সেই মানুহে আজিৰ মানুহক ‘নিয়ানডাৰথেল’ বা আদিম মানৱৰ মস্তিষ্কৰ লগত তুলনা কৰিব। জ্ঞান-বিজ্ঞান প্ৰযুক্তি বিজ্ঞানৰ যি হাৰত গৱেষণা হৈ আছে এতিয়াও বহু অসম্ভৱো এদিন সম্ভৱ হৈ পৰিব।

লেখক: সনাতন ডেকা, খবৰ।

3.07142857143
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top