অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লিভাৰৰ কফিপ্ৰীতিঃ

নিঃসন্দেহে আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ আৰু সেয়েহে চিকিৎসা বিজ্ঞানীসকলৰ চিন্তা-চৰ্চাৰ আওতাত এই অংগটিয়ে আগস্থান দখল কৰি আছে। ইংৰাজীত এষাৰ আপ্তবাক্য আছে যে Life Depends on Liver (মনুষ্য জীৱন লিভাৰৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল)। অনুৰূপ ধৰণৰ আন এষাৰ আপ্তবাক্য হৈছে Liver is Life (লিভাৰেই হৈছে জীৱনৰ ভেটি)।

 

নিঃসন্দেহে আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ আৰু সেয়েহে চিকিৎসা বিজ্ঞানীসকলৰ চিন্তা-চৰ্চাৰ আওতাত এই অংগটিয়ে আগস্থান দখল কৰি আছে। ইংৰাজীত এষাৰ আপ্তবাক্য আছে যে Life Depends on Liver (মনুষ্য জীৱন লিভাৰৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল)। অনুৰূপ ধৰণৰ আন এষাৰ আপ্তবাক্য হৈছে Liver is Life (লিভাৰেই হৈছে জীৱনৰ ভেটি)। লিভাৰত সৃষ্টি হোৱা পিত্তৰসে খাদ্যৰ হজম প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যকৃতত দেখা দিয়া বেমেজালিৰ হেতুকে ইয়াৰ কাৰ্যকুশলতা টুটি যায়। ফলত দৈহিক অসুস্থতা হেতুকে স্বাস্থ্য ভাগি যায়। গতিকে লিভাৰে যাতে সূচাৰুৰূপে স্বকীয় কাম-কাজ অব্যাহত ৰাখিব পাৰে তাৰ বাবে আমি সকলোৱেই সচেতন হ’ব লাগিব। আজিকালি স্বাস্থ্য সচেতন লোকসকলৰ ভিতৰত বহুতেই ‘মাষ্টাৰ হেল্থ চেক্আপ’ নিয়মীয়াভাৱে কৰোৱায়। পেটৰ আলট্ৰা ছাউণ্ড পৰীক্ষা ৰুটিনমাফিক এনে চেক্আপৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি পেটৰ বিষৰ মূল্যাংকন কৰিবলৈ বা পেটৰ অম্লতা বা এচিডিটিৰ সৃষ্টি হ’লে বা পেটত গোটা বস্তুৰ (Mass বা Lump) তাৰ কাৰণ নিৰ্ণয়ৰ বাবেও আলট্ৰা ছাউণ্ড স্কেনিং পৰীক্ষা কৰা হয়। সমীক্ষাৰ জৰিয়তে দেখা গৈছে যে বিভিন্ন কাৰণবশতঃ যিসকল ব্যক্তিক চিকিৎসকে পেটৰ আলট্ৰা ছাউণ্ড কৰিবলৈ দিয়ে বা সংশ্লিষ্ট ব্যক্তিগৰাকীয়ে যদিহে নিজা উদ্যোগত আলট্ৰা ছাউণ্ড পৰীক্ষা কৰোৱায় তেনেহ’লে সেইসকলৰ ভিতৰত ৩০ শতাংশৰ লিভাৰত চৰ্বি জমা হয়। ফেটী লিভাৰ- এইটো হৈছে এনে এক অৱস্থা য’ত নেকি লিভাৰত থকা কোষবোৰৰ ভিতৰত ১০-৩০ শতাংশ চৰ্বি জমা হয়।

সাধাৰণতে দীৰ্ঘদিনৰ বাবে সুৰাপান কৰি থকা ব্যক্তিসকলৰ লিভাৰত এনেদৰে চৰ্বি জমা হয়। এইটো এইবাবেই আশ্চৰ্যকৰ বিষয় নহয় যে সুৰা বা মদ হৈছে এক বিষাক্ত দ্ৰব্য যিয়ে নেকি লিভাৰৰ কোষবোৰত প্ৰদাহৰ সৃষ্টি কৰি পৰৱৰ্তী পৰ্যায়ত ধ্বংস কৰে। ইয়াৰ পাছত আকৌ আঁহীভৱনৰ সৃষ্টি হয় আৰু ফলত লিভাৰৰ কলাৰ আভ্যন্তৰীণ গাঁথনি বিকৃত হৈ যায়। শেহান্তৰত চিকিৎসা অবিহনে লিভাৰৰ কাম-কাজ অচল হৈ পৰে।

সৰ্বসাধাৰণ মানুহখিনিৰ ভিতৰৰ প্ৰায় ৩০ শতাংশই নন এলকহলিক ফেটী লিভাৰ নামৰ এটা অৱস্থাত আক্ৰান্ত হয় আৰু কাকতালীয়ভাৱেহে এই ৰোগ ধৰা পৰে। যদিও পূৰ্বতে আদহীয়া বয়সৰ মানুহবোৰ এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা গৈছিল আজিকালি ডেকা বয়সতে আৰু আনকি কৈশোৰ অৱস্থাতো এই ৰোগত মানুহক ভোগা দেখা যায়। চিকিৎসকে হাতেদি পেটত স্পৰ্শ কৰি পৰীক্ষা কৰিলে লিভাৰৰ আকৃতি ডাঙৰ হোৱা পৰিঘটনা ধৰা পৰে আৰু এনে পৰিস্থিতিত আলট্ৰা ছাউণ্ডৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। লিভাৰত সৃষ্ট উৎসেচকবোৰৰ মাত্ৰাও এনে ক্ষেত্ৰত বাঢ়ে। এইবিধ ৰোগাক্ৰান্ত (NAFL) ব্যক্তিসকলৰ ভিতৰত ১০ শতাংশৰ লিভাৰৰ ব্যাপক ক্ষতি হয় যিটো নেকি সুৰাপায়ীসকলৰ লিভাৰত হোৱা ক্ষতিৰ সমপৰ্যায়ৰ।

সাধাৰণতে স্থূলকায় যিসকল ব্যক্তি বহুমূত্ৰ ৰোগত আক্ৰান্ত হয়, সেইসকল মানুহৰ এই ৰোগ হোৱাৰ শংকা বেছি। এইসকল ব্যক্তিৰ শৰীৰত মেটাবলিক ছিনড্ৰম (পৰিপাকঘটিত উপসৰ্গসমষ্টি) X- ৰ কেতবোৰ বহিঃপ্ৰকাশ পৰিস্ফূট হয়। এইবোৰ হৈছে- তেজত HDL ৰ মাত্ৰা হ্ৰাস, হাইপাৰট্ৰাইগ্লিছাৰিডিমিয়া, মেদবহুলতা (শৰীৰৰ বি এম আইৰ মাত্ৰা ২৫তকৈ বেছি) আৰু উচ্চ ৰক্তচাপ। এইবিধ ৰোগ এনে কেতবোৰ দৰবৰ পাৰ্শ্বক্ৰিয়াৰূপেও দেখা দিব পাৰে- কৰ্টিকোষ্টেৰ’ইড, টেম’ক্সিফেন আৰু মেথ’ট্ৰেক্সেট। ভাইৰেল হেপাটাইটিছৰ সংক্ৰমণৰ পৰৱৰ্তী সময়তো এই ৰোগ সৃষ্টিৰ শংকা বিৰাজমান- বিশেষভাৱে ‘বি’ আৰু ‘চি’ হেপাটাইটিছ ভাইৰাছৰ আক্ৰমণৰ পাছত এই ৰোগৰ উৎপত্তিৰ সম্ভাৱনীয়তা অতি বেছি। আনকি হঠাতে দৈহিক ওজন টুটি গ’লে বা অপুষ্টিত ভুগিলেও এই ৰোগৰ সৃষ্টি হ’ব পাৰে। অগ্ন্যাশয়ত চৰ্বি জমা হ’লে আৰু হাইপোথাৰ’ইডিজিম ৰোগৰ উপৰি যিসকল ব্যক্তিৰ তেজত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ে তেওঁলোক এই ৰোগত আক্ৰান্ত হোৱাৰ শংকা বেছি। শৰীৰত ‘ঘ’ খাদ্যপ্ৰাণৰ অভাৱজনিত অৱস্থাৰ হেতুকে আৰু পলিচিষ্টিক অভাৰিয়ান ছিনড্ৰম নামৰ ৰোগত ব্যক্তিসকলো NAFL নামৰ অসুখবিধত সতকাই আক্ৰান্ত হ’ব পাৰে। আনহাতে অন্ত্ৰত পলিপ নামৰ এবিধ টিউমাৰ সদৃশ ৰোগৰ উপস্থিতিৰ হেতুকেও NAFL ৰ সৃষ্টিৰ প্ৰৱণতা বাঢ়ে। NAFL ৰ তেনে কোনো সুনিৰ্দিষ্ট ধৰণৰ চিকিৎসা নাই যদিও জীৱন ধাৰণৰ শৈলীৰ পৰিৱৰ্তনৰ লগতে দৰব ব্যৱহাৰ কৰিলে ইয়াৰ অগ্ৰগতি ৰোধ কৰিব পাৰি। এনেধৰণৰ শৈলীৰ পৰিৱৰ্তনৰ ভিতৰত উল্লেখনীয় হৈছে-

- সুৰাপায়ীসকলৰ ভিতৰত পুৰুষৰ বাবে নিতৌ দুটা পেগ আৰু নাৰীৰ বাবে এটা পেগহে সুৰা গ্ৰহণ কৰা বাঞ্ছনীয়। আমাৰ পঢ়ুৱৈসকলৰ ভিতৰত এক বুজন সংখ্যকৰে পেগৰ সঠিক পৰিমাপ সম্বন্ধীয় ধাৰণা নাথাকিবও পাৰে হেতুকে এইখিনিতে উল্লেখ কৰা প্ৰাসংগিক হ’ব যে এক এলকহল ইউনিট হৈছে ১০ মিঃ লিঃ বা ৮ গ্ৰাম বিশুদ্ধ এলকহল সমতুল্য। ইয়াৰ অৰ্থ হৈছে একক হিচাপত ২৫ মিঃ লিঃ হুইস্কী, ১২৫ মিঃ লিঃ বিয়েৰ বা ১৭৫ মিঃ লিঃ ৰেড ৱাইন।

- NAFL ৰ সামগ্ৰিক অস্বাভাৱিক প্ৰক্ৰিয়া বিপৰীতমুখী কৰাৰ উদ্দেশ্যে আৱশ্যকীয় উপাদানকেইটা হৈছে স্বাস্থ্যৰ বাবে উপযোগী আহাৰ গ্ৰহণ, নিয়মীয়া ব্যায়াম আৰু দৈহিক ওজন হ্ৰাস। ইয়াৰ ভিতৰত দৈহিক ওজন ১০ শতাংশ কমিলেও লিভাৰৰ কাৰ্যদক্ষতা ভালেখিনি বাঢ়ে। শীতল পানীয়কে ধৰি কেতবোৰ পানীয় দ্ৰব্যৰ স্বাদ মিঠা কৰিবলৈ ফ্ৰুক্টজ ব্যৱহাৰ কৰা হয় আৰু এনেবোৰ দ্ৰব্যই লিভাৰৰ অপকাৰ সাধে। বিভিন্ন ধৰণৰ চানা বা মুখৰোচক ভুজীয়াত থকা ট্ৰেণ্সফেটো হৈছে লিভাৰৰ বাবে অপকাৰী।

- মেটফৰ্মিন আৰু পায়োগ্লিটাজনৰ দৰে বহুমূত্ৰাধিক দৰববোৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায় এইবাবেই যে ইয়াৰ ফলত ভোক টুটে, তেজত থকা শৰ্কৰা নিয়ন্ত্ৰিত হয় আৰু ইনচুলিনৰ প্ৰতিৰোধী ক্ষমতা কমায়।

- ‘ঘ’ খাদ্যপ্ৰাণৰ অভাৱজনিত অৱস্থা শৰীৰত কমাব বা দূৰীভূত কৰিলে সামগ্ৰিক দৈহিক স্বাস্থ্যৰ উন্নতি ঘটে। ইয়াৰ ফলত মাংসপেশী আৰু হাড়বোৰ অধিক মজবুত হৈ পৰে।

- তেজত চৰ্বি বা লিপিডৰ মাত্ৰাৰ তাৰতম্য ঘটিলে সেয়া সংশোধনৰ উদ্দেশ্যে এজেটিমাইব আৰু ষ্টেটিন শ্ৰেণীভুক্ত দৰব ব্যৱহাৰ কৰিব লাগে।

- ভিটামিন ‘ই’ অতিৰিক্ত মাত্ৰাত (৪০০ এককতকৈ কম) আৰু আনুষংগিকভাৱে অ’মেগা-৩ ফেটী এচিড কেপছুলৰ লগত গ-খাদ্যপ্ৰাণ (৫০০ মিঃ গ্ৰামতকৈ কম) নিতৌ ৰোগীক খাবলৈ দিলে জাৰকৰোধক (এণ্টি অক্সিডেণ্ট), প্ৰদাহৰোধক আৰু তেজত চৰ্বিৰ মাত্ৰা হ্ৰাসকাৰী দৰবৰূপে কাম কৰে।

- একেবাৰে শেহত উল্লিখিব খুজিছো শিৰোনামাত উল্লিখিত বিষয়টো সন্দৰ্ভত। নিয়মীয়াভাৱে দুকাপ কফি খালে (পুৱা-গধূলি) NAFL নামৰ ৰোগবিধৰ অগ্ৰগতি শৰীৰত ৰুধিব পাৰি।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

3.02272727273
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top