মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / শৰীৰতাত্বিক / শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে নেকি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে নেকি?

শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে নেকি?

আমাৰ দেশত গ্ৰীষ্মকালৰ অন্তত শীতকালটো আহে ঈশ্বৰৰ আশীৰ্বাদৰ দৰে। গ্ৰীষ্ম, বৰ্ষাৰ উৎকট গৰম, বৰষুণ বোকা-পানীৰ মাজত দুৰ্বিষহ হৈ উঠে। শৰৎকালৰ বিভিন্ন পূজা-পাৰ্বনত মানুহৰ মন মুকলি হৈ পৰাৰ পিছত শীতকালটো যেন কেৱল উপভোগৰ সময়। এই সময়ত বজাৰলৈ আহে নানা ধৰণৰ শাক-পাচলি, টেঙা জাতীয় ফলৰ প্ৰাচুৰ্য। ফুলকবি, বন্ধাকবি, পালেং, গাজৰ, মটৰ, বীন, বিলাহী, বেঙেনা, মূলা, পিয়াজৰ নল, নতুন আলু, মিঠা আলু, আমলখি, কমলা, জলফাই ইত্যাদি। অৱশ্যে উন্নত কৃষি প্ৰযুক্তিৰ বাবে এনে ধৰণৰ শাক-পাচলি বছৰৰ প্ৰায় সকলো সময়তে পোৱা যায় যদিও বতৰৰ বস্তুৰ সোৱাদেই বেলেগ। সাধাৰণ মানুহৰ বাবে শীতকাল হৈছে আনন্দ আৰু উপভোগৰ সময়। কিন্ত আমাৰ দেশত শীতকাল বেছি দিন নাথাকে। সেয়ে ক্ষণস্থায়ী শীতৰ সকলো আনন্দ লবলৈ শৰীৰো সুস্থ থকা দৰকাৰ। অথচ এই ঋতু তেই বজাৰলৈ অহা নতুন পাচলিৰ দৰে বিভিন্ন ৰোগেও পাৰ ভাঙি আহে। শীতকালত শ্বাস নলীৰ সংক্ৰমণ বা ‘ৰেচপিৰেটৰ ট্ৰেক ইনফেকচন’ বেছিকৈ হয়। চৰ্দি, কাহ, টনচিলাইটিচ, ফেৰেনজাইটিচ আৰু নিউমোনিয়া শীতকালৰ প্ৰধান ৰোগ। বশস্ক আৰু শিশুৰ ক্ষেত্ৰত নিউমোনিয়া মাৰাত্মক হ’ব পাৰে। ৰোগ বিধ নহবৰ বাবে প্ৰথমৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। তাৰোপৰি হাঁপানি ৰোগী সকলৰো শীত কালত কষ্ট বাঢ়ে। শীত কালত এনে অসুখ-বিসুখৰ উপৰিও আন কিছুমান সমস্যাই উক দিয়ে। এনে ধৰণৰ সমস্যাৰ ভিতৰত হাই ব্লাডপ্ৰেচাৰ, হাৰ্টৰ ৰোগ আদি প্ৰধান।

ব্লাডপ্ৰেচাৰ

বয়স্ক বেছি সংখ্যক লোকে কম বেছি পৰিমাণে উচ্চ ৰক্ত চাপতো ভোগে। শীত কালত সাধাৰণ ভাৱেই ৰক্তচাপ বাঢ়ি যায়। নিয়মিত ঔষধ ব্যৱহাৰ কৰিও ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা নাযায়। কাৰণ এই সময়ত মানুহৰ ধমনী আৰু ৰক্ত জালিকাবোৰ ঠাণ্ডাত সংকুচিত হৈ পৰে। বয়স্ক লোকৰ ধমনীত কলেষ্ট্ৰেৰল জমা হৈ এনেয়ে সৰু হৈ থাকে। ইয়াক বোলা হয় আৰ্টেৰিও স্কে্‌লৰোচিচ। ৰক্তসঞ্চালন প্ৰণালীৰ সৰু ধমনী বা ৰক্ত জালিকা ঠাণ্ডাত আৰু সংকুচিত হৈ সমস্যাই দেখা দিয়ে। কাৰণ তেজ চলাচল স্বাভাৱিক ৰাখিবলৈ এই সৰু পথেৰে তেজ প্ৰবাহিত কৰিব লগীয়া হয়। স্বাভাৱিক ভাৱে শৰীৰৰ বিভিন্ন অংগলৈ ৰক্ত সৰবৰাহ প্ৰক্ৰিয়া চলাই ৰাখিবলৈ হৃদযন্ত্ৰই বেছি পৰিশ্ৰম অৰ্থাৎ পাম্প কৰিব লগীয়া হয়। যাৰ ফলত ৰক্ত চাপ বাঢ়ি যায়।

ৰেনাল ফেইলৰ

কিডনিৰ কাম হ’লে শৰীৰৰ সমস্ত বৰ্জ্য পদাৰ্থ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া। শীত কালত আমি সাধাৰণতে পানী কমকৈ খাওঁ। আকৌ উচ্চ ৰক্ত চাপৰ বাবে কিডনিত তেজৰ চলাচল কমি যায়। আনহাতে পানী কমকৈ সেৱন কৰাৰ বাবেও কিডনিৰ কাৰ্যক্ষমতা কমি যায়। ফলত ৰেনল ফেইলৰ দেখা যায়।

ডায়েবেটিছ

ডায়েবেটিছ ৰোগী সকলে শীত কালত খোজ কঢ়াটো কমাই দিয়ে আৰু পানী কমকৈ খায়। ইয়াৰ ফলত তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। তাৰ লগতে ৰক্তচাপ বৃদ্ধি আৰু ধমনী সংকুচিত হৈ নানা সমস্যাই দেখা দিয়ে।

হাইপোথাৰ্মিয়া

সাধাৰণতে পৰিৱেশত তাপমাত্ৰা খুব কম হোপি পৰিলেও সুস্থ মানুহৰ দেহৰ তাপ স্বাভাৱিক হৈ থাকে। কিন্ত বয়স্ক মানুহৰ বাহিৰৰ তাপমাত্ৰা কমাৰ লগে লগে দেহৰ তাপমাত্ৰাও কমিবলৈ লয়। ইয়াৰ ফলত শৰীৰৰ মাংস পেশীবোৰ টান হৈ পৰে। হৃদস্পন্দন গতি অনিয়মীয়া হয়। ইয়াৰ বাবে বহু সময়ত ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।

হাৰ্ট এটেক

শীতকালত হাৰ্ত এটেকৰ সম্ভাৱনাও বাঢ়ে। ইস্কিমিক হাৰ্ট ডিজিজৰ চূড়ান্ত পৰ্যায়ৰ নাম হ’ল হাৰ্ট এটেক। ধমনীৰ কোনো অংশত চৰ্বি জমা হৈ সুৰুঙা ঠেক হৈ পৰাৰ ফলত তেজৰ চালচল ব্যাহত হয় আৰু হৃদযন্ত্ৰত যন্ত্ৰণা অনুভূত হয়। এই অৱস্থা বাঢ়ি গৈ চূড়ান্ত পৰ্যায়লৈ গ’লে অৰ্থাৎ ধমনী প্ৰায় বন্ধ হৈ যোৱা অৱস্থালৈ আহিলে মানুহৰ হাৰ্ট এটেকৰ সম্ভাৱনাই দেখা দিয়ে।

শীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ নিৰ্দিষ্ট কিছুমান কাৰণ আছে। যি সকলৰ শৰীৰত ইতিমধ্যে কিছুমান ‘ৰিক্স ফেক্টৰ’ তৈয়াৰ হৈছে, তেনে লোকৰহে হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। ‘ৰিক্স ফেক্টৰ’ বুলিলে ডায়েবেটিচ, হাই ব্লাডপ্ৰেচাৰ, মেদবহুলতা, ধুমপান আৰু মানসিক চাপ আদিক বুজায়। প্ৰথমতে এই সময়ত ৰক্তচাপ সকলোৰে কিছু বাঢ়ে। যি সকল উচ্চ ৰক্তচাপৰ ৰোগী, তেওঁলোকৰ বাবে ই চিন্তাৰ কাৰণ হব পাৰে। তাৰ পিছত শ্বাস নলীৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধিৰ ফলতো হৃদৰোগী সকলৰ উশাহ-নিশাহৰ কষ্ট বাঢ়ে আৰু এইটোৱে হৃদযন্ত্ৰৰ বাবে ভয়ংকৰ হৈ উঠিব পাৰে। তাৰোপৰি শীতকালত তেজৰ অনুচক্ৰিকাৰ গোট মৰাৰ প্ৰবণতা বাঢ়ে আৰু শীতৰ বাবে তেজৰ ঘনত্বও কিছু বাঢ়ে। এই সকলোবোৰেই হৃদৰোগীৰ বাবে বিপদ সংকেত হৈ উঠিব পাৰে।

শীতকালত নাড়ীৰ গতি অৰ্থাৎ হাৰ্ট বিট বহু বাঢ়ি যায় ফলত শৰীৰত অক্সিজেনৰ প্ৰয়োজনো বাঢ়ে। এই অক্সিজেন তেজৰ মাধ্যমেৰে হৃদযন্ত্ৰলৈ যায়। যি সকলৰ ইস্কিমিক হাৰ্ট ডিজিজ আছে তেনে লোকৰ ব্লকেজৰ বাবে যিমান খিনি তেজ স্বাভাৱিক ভাৱে হৃদযন্ত্ৰলৈ যাব লাগে তাতকৈ কমকৈ যায়। হৃদস্পন্দন বাঢ়ি গলেতেজৰ প্ৰয়োজনো বাঢ়ে। ফলত হৃদযন্ত্ৰৰ ওপৰত প্ৰচণ্ড চাপ পৰে। হৃদযন্ত্ৰৰ মাংসপেশীবোৰে কষ্ট পায়। ই যেন বহু খিনি এটা ক্ষুধাৰ্ত শিশুৰ দৰে। অতিৰিক্ত ক্ষুধাত ভুগি আছে কিন্ত খাদ্যৰ সৰবৰাহ কম। শিশুৱে যেনেদৰে কান্দে- হৃদযন্ত্ৰয়ো যন্ত্ৰণা প্ৰকাশ কৰে। এই কান্দোন বুকুত বিষৰ অনুভূতিৰে প্ৰকাশ পায়। আকৌ যেতিয়া হৃদপিণ্ডৰ মাংপেশীৰ ৰক্ত সৰবৰাহৰ চাহিদা বাঢ়ি যায় আৰু প্ৰয়োজনীয় অনুপাতে ৰক্তৰ যোগান নেপায় তেতিয়া হৃদপিণ্ডৰ গতি স্তব্ধ হৈ পৰিব পাৰ৪এ। এয়াই হাৰ্ট এটেক। কেতিয়াবা কম পৰিমাণে হৈ আকৌ হৃদযন্ত্ৰৰ সুস্থতাৰ ফাললৈ আহে আৰু কেতিয়াবা ই সম্পূৰ্ণ অচল হৈ পৰে আৰু তেতিয়াই ৰোগীৰ মৃত্যু হব পাৰে।

প্ৰশ্ন হব পাৰে পৰিশ্ৰম নহলেও অৰ্থাৎ হৃদযন্ত্ৰক সম্পূৰ্ণ বিশ্ৰামত ৰাখিলেও শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনাৰ ভয় থাকে নেকি? খুব ঠাণ্ডা পৰিলে, বেছিকৈ খোজকঢ়া বা পৰিশ্ৰম কৰিলে বা মানসিক উৎকণ্ঠাত ভুগিলে শীতকালত বিশেষকৈ ইস্কিমিক হাৰ্ট ডিজিজৰ প্ৰকোপ বাঢ়ি যায়। আনকি যি সকলৰ ষ্টেবল ইস্কিমিক আছে তেনে লোকেও হৃদৰোগত আক্ৰান্ত হব পাৰে। আনহাতে পৰিশ্ৰম নকৰিলেও বা হৃদযন্ত্ৰক বিশ্ৰামত ৰাখিলেও আনষ্টেবল এনেজাইনা থকা ৰোগীৰ বুকুত বিষ অনুভৱ কৰিব পাৰে। যি সকলৰ আংশিক ব্লকেজ আছে তেওঁলোকৰ তুলনাত যি সকলৰ এটা ধমনী সম্পূৰ্ণ ব্লকেজ হৈ তেজ চলাচল বন্ধ হৈ পৰে তেওঁলোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহুত বেছি।

শীত কালৰ ৰাতিপুৱাৰ সময় খিনি অথবা সপ্তাহৰ প্ৰথম দিনটোত হৃদ ৰোগী সকল সাৱধানে থকা উচিত। কথাটো কিবা জ্যোতিষিইৰ ভৱিষ্যৎবাণী যেন শুনালেও ই এক বাস্তৱ সত্য। শীতকালৰ এই সময়ছোৱাই চাকৰি জীৱী মানুহলৈ এক ভয়ৰ সংকেত বহন কৰে। দিনত দুবাৰ হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। ৰাতিপুৱা ৬বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত। ইয়াৰ ভিতৰত সৰ্বোচ্চ সময় হ’ল ৯ বজা। এই সময়ত হৃদযন্ত্ৰ আক্ৰান্ত হোৱাৰ ঘটনা বেছিকৈ ঘটে। ইয়াৰ কাৰণ কি? ঠাণ্ডাকালি দিন ছুটি। ঠাণ্ডাৰ বাবে বিছনা এৰোতে সকলোৰে পলম হয়। কিন্ত কাম কাৰো বাবে মকি নাযায় অথবা কামৰ সময়ো নাবাঢ়ে। সাত বজাত টোপনিৰ পৰা সময়ো নাবাঢ়ে। সাত বজাত টোপনিৰ পৰা সাৰ পায়েই বেছিভাগ লোকৰ টেনচন আৰম্ভ হয়। ইমান কাম, ইমান কম সময়ৰ ভিতৰত কেনেকৈ হ’ব? এই টেনচনৰ বাবে এড্ৰিনালিন আৰু কৰ্টিজল হৰমোনৰ ক্ষৰণ বাঢ়ি যায়। লগে লগে বাঢ়ে প্লেটলেট এগ্ৰিগেচন, তেজৰ চাপ। ফলত হাৰ্ট এটেকৰ ঘটনা ঘটে। ঠিক তেনেকৈ চাকৰিজীৱী সকলৰ বাবে সোমবাৰটো টেনচনৰ দিন। আগদিনা ছুটি কটাই সোমবাৰৰ পৰা সপ্তাহৰ নানা কাজকৰ্মৰ টেনচন মনৰ মাজত সঞ্চিত হয়। ফলত ব্লাড প্ৰেচাৰ বাঢ়ে, বাঢ়ে হৃদ জনিত সমস্যা।

শীত কালত এই ৰোগ বঢ়াৰ আন কিছুমান কাৰণো আছে। এই সময়ত শৰীৰৰ পৰা ঘাম কমকৈ ওলায়। ফলত শৰীৰৰ অতিৰিক্ত লৱণ ওলাই যাব নোৱাৰে আৰু প্ৰেচাৰ বাঢ়ে। বেছি ভাগ মানুহে ঠাণ্ডাৰ বাবে কাপোৰ কানি লৈ ঘৰতে বহি থাকিব বিচাৰে। খোজকাঢ়িব বা পৰিশ্ৰম কৰিব বনিবিচাৰে। যাৰ ফলত চুগাৰ, প্ৰেচাৰ আদি বাঢ়ি যায়। আনহাতে ঠাণ্ডা কালি বায়ুত প্ৰদূষণো বেছি হয়। ফলত শ্বাসতন্ত্ৰৰ সংক্ৰমণ হৈ শ্বাসকষ্ট হয় আৰু হৃদযন্ত্ৰৰ ওপৰত বহুতৰ্বেছি চাপ পৰে। আৰু এটা বিপদ হব পাৰে দুৱাৰ-খিৰিকী সম্পূৰ্ণ বন্ধ কৰি থোৱাৰ বাবে। ঠাণ্ডা কালি বহুতে ঘৰৰ দুৱাৰ-খিৰিকী প্ৰায়ে বন্ধ কৰি থয়। হৃদৰোগ থকা ৰোগী বন্ধ ঘৰত শোৱাটো অযুগুত। ইয়াৰ ফলত অক্সিজেন হ্ৰাস হৈ হৃদযন্ত্ৰত চাপ পৰে। ধুমপানে হৃদযন্ত্ৰৰ চাপ বৃদ্ধি কৰাত অধিক অৰিহণা যোগায়।

কম বয়সীয়া লোকৰ হাৰ্ট এটেক হ’ব পাৰে নেকি?

ভাৰত, পাকিস্তান আৰু বাংলাদেশ – এই তিনিও খন দেশ গোটেই পৃথিৱীৰ ভিতৰত হাৰ্ট এটেকৰ ক্ষেত্ৰত অগ্ৰগণ্য। এই তিনিও খন দেশতে অল্প বয়সীয়া সকলৰো হাৰ্ট এটেক বেছিকৈ হয় আৰু দুৰ্ভাগ্য জনক ভাৱে মৃত্যুৰ হাৰো বেছি। হাই কলেষ্ট্ৰৰেল থকা এশ জন ৰোগীৰ ভিতৰত অন্ততঃ পোন্ধৰ জনৰ বয়স ২০-৩০ বছৰৰ ভিতৰত। ইয়াৰ বহুতৰে তেজত ট্ৰাইগ্লিচাৰইডৰ পৰিমাণো আশংকা জনক ভাৱে অধিক। ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ হব পাৰে। বংশগত কাৰণৰ উপৰিও ক্ৰুটিপূৰ্ণ জীৱন চৰ্যা অন্যতম। হাৰ্ট এটেকৰ ঘটনা গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত বেছি হোৱাৰ কাৰণো এনে লোকৰ ক্ৰুটি পূৰ্ণ জীৱন শৈলী। গ্ৰামাঞ্চলত এনে ঘটনা শতকৰা ৪ ভাগ আৰু চহৰাঞ্চলত শতকৰা ১১-১২ ভাগ। ফাষ্ট ফুট আৰু চৰ্বি জাতীয় খাদ্যৰ প্ৰতি আসক্তি, পৰিশ্ৰম বিমুখিতা, মেদ আৰু ওজন বৃদ্ধিৰ বাবে কলেষ্ট্ৰেৰল বৃদ্ধি পোৱা আদি চহৰীয়া জীৱনৰ সাধাৰণ ছবি হৈ পৰিছে। এফালে শাৰীৰিক শ্ৰম হীনতা, অন্যফালে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক মুখৰোচক খাদ্য গ্ৰহণৰ প্ৰবণতা, এই দুটা কৰণৰ বাবে দেখা দিয়ে মেটাব্লিক ছিনড্ৰম বা ছিনড্ৰম এক্স। যাৰ ফলত শৰীৰৰ মধ্য অংশত চৰ্বি বাঢ়ি যায়। তেজত শৰ্কৰাৰ পৰিমাণো বৃদ্ধি পায়। ব্যক্তি বিশেষে চৰ্বি জাতীয় খাদ্য পদাৰ্থ বেছিকৈ খোৱাৰ লগতে ধুমপান কৰাৰো অধিক প্ৰবণতা থাকে আৰু এই বিলাক অভ্যাসে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ কাৰক হৈ উঠে। তাৰোপৰি কমবয়সীয়া লোকৰ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পোৱাৰ এটা কাৰণ হ’ল ষ্ট্ৰেছ। মেধাবী ছাত্ৰ-ছাত্ৰী সকল অসম্ভৱ ষ্ট্ৰেছৰ মাজত থাকে। এন ল’ৰা-ছোৱালীয়ে পড়্ঘা-শুনা শেষ কৰাৰ পিছত ভাল চাকৰি হয়তো কৰে কিন্ত এনে চাকৰি জীৱী সকল অত্যধিকি টেনচনত থাকে। শাৰীৰিক পৰিশ্ৰম নহয়, ব্যায়াম কৰাৰ সময় নাপায়, খোৱা-বোৱাত চকু নিদিয়াৰ ফলত্ হৃদ জনিত ৰোগত ভোগে। সুস্থ হৈ থাকিবলৈ হ’লে এনে ধৰণৰ জীৱন চৰ্যাৰ পৰা মুক্ত হোৱাটো অতি দৰকাৰী।

সৰু শিশুৰ ক্ষেত্ৰত ৰিউমেটিক হাৰ্ট ডিজিজ শীত কালত ভ্যানক হৈ উঠিব পাৰে। যিহেতু ঠাণ্ডাত শিশু সকল সহজে চৰ্দি-কাহত আক্ৰান্ত হয়, সেয়ে শ্বাসনলী, হাওঁফাওঁ সংক্ৰমিত হৈ দুৰ্বল ৰিউমেটিক হাৰ্টৰ বাবে মাৰাত্মক ক্ষতিকৰ হৈ উঠিব পাৰে। তাৰোপৰি হাৰ্টৰ ভালভৰ সমস্যা থকা শিশুৰো এই সময়ত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। যি সকল শিশুৰ হাৰ্টৰ কাৰ্যক্ষমতা কম আৰু চিকিৎসাধীন অৱস্থাত থাকে এই সময়ত তেনে শিশুৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিছু বেছি হয়।

হাৰ্ট এটেক প্ৰতিৰোধ কি দৰে কৰিব

আমি সচেতন হ’লেই হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰো। এই ক্ষেত্ৰত প্ৰতিৰোধ মূলক ব্যৱস্থা হিচাপে নিম্ন লিখিত প্ৰসঙ্গবোৰ মনত ৰখা দৰকাৰ।

খোৱা-বোৱা

খাদ্য দ্ৰব্যৰ ভিতৰত প্ৰথমেই উল্লেখ কৰিব পাৰি চিগাৰেটৰ কথা। চিগাৰেট খোৱাটো সকলো সময়তে ক্ষতিকাৰক। কিছুমানে ইয়াৰ সপক্ষে যুক্তি দি কয় যে দিনে মাত্ৰ দুটা বা তিনিটা চিগাৰেটহে খায়; তাতকৈ বেছি নহয়।  কিন্ত দুটা খোৱা বা দহটা খোৱাৰ পৰিণতিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। মাত্ৰ ক্ষতিৰ মাত্ৰাৰ বা সময়ৰহে কিছু তাৰতম্য হয়। সেয়ে দিনে দুটা খালেও হাৰ্ট এটেকৰ সম্ভাৱনা থাকি যায়।

সমীক্ষাৰ পৰা জনা গৈছে যে, সামান্য পৰিমাণে এলেকহল খালে হৃদযন্ত্ৰ ভালে থাকে। কিন্ত এই কথাটো মূৰত সোমাই নোলোৱাটোৱে ভাল। কাৰণ দেখা যায়, যি সকলে এলকহল খায়, তেওঁলোকে প্ৰায়ে পৰিমাণৰ মাত্ৰা পাৰ হৈ যায় আৰু অপৰিমিত মদ্যপানৰ পৰিমাণ মাৰাত্মক। অৰ্থাৎ এনে লোকে নীৰৱে হাৰ্ট এটেকক আমন্ত্ৰণ জনায়।

খাদ্যৰ ভিতৰত তেল, চৰ্বি জাতীয় খাদ্য, মাখন, চিজ, ঘিউ – যিমান দূৰ সম্ভৱ কমকৈ খোৱা ভাল। পঠাৰ মাংস খোৱা অনুচিত। প্ৰয়োজনত মুৰ্গীৰ মাংস খাব পাৰি। কিন্ত সেয়াও নিয়মিত হোৱা অনুচিত। কণী সপ্তাহত দুদিনতকৈ বেছি নহয়। মাছ খোৱাটো ভাল। প্ৰতিদিনৰ খাদ্য তালিকাত সৰু আৰু টাটকা মাছ ৰখা দৰকাৰ। কিন্ত ডাঙৰ মাছ উপকাৰী নহয়। শাক-পাচলি, ফল-মূল বেছিকৈ খোৱা ভাল। পৰিমিত প্ৰ’টিন, বিভিন্ন ধৰণৰ ভিটামিন, কাৰ্বোহাইড্ৰেট আৰু চৰ্বি জাতীয় খাদ্য-সকলো লগ লগাই খাদ্য তালিকাত সুষম আৰু ভাৰসাম্য যুক্ত হোৱা দৰকাৰ।

তেল বা চৰ্বি জাতীয় খাদ্যৰ ভিতৰত বিশেষকৈ যি খাদ্য দ্ৰব্যত চেচুৰেটেড ফেট বেছি, সেইবোৰ কমকৈ খোৱা উচিত। তাৰ তুলনাত আনচেচুৰেটেড ফেটি এচিড আকৌ দুই ধৰণৰ হয়। মন’ আনচেচুৰেটেড আৰু পলি আনচেচুৰেটেড। এই দুই ধৰণৰ ফেটি এচিডেই উপকাৰী।

নিমখ বেছি নোখোৱা ভাল। তাৰোপৰি ফাষ্টফুট খোৱাও ভাল নহয়। কাৰণ এই ধৰণৰ খাদ্যত নিমখ আৰু তেল দুয়োটাই বেছি থাকে। বহুবিধ এনে খাদ্যত সাধাৰণ নিমখৰ সলনি মন’চডিয়াম গ্লটামেট অ’জিনামট’ ব্যৱহাৰ কৰা হয়, যাৰ বাবে খাদ্যবিধ অতি সোৱাদ লগা হয়। কিন্ত এনে খাদ্য স্বাস্থ্যৰ বাবে অতি মাৰত্মক। বেছি ভাগ ফাষ্টফুড মুখৰোচক কৰাৰ বাবে লগত চচ খোৱা হয়, য’ত উচ্চমাত্ৰাত চৰ্বি থাকে।

খোৱা-বোৱাৰ প্ৰসঙ্গৰ শেষত কব পাৰি ভাত, ৰুটি, শাক-পাচলি, ফল-মূল এইবোৰ খাদ্য বেছিকৈ খাওক। সদহজ ভাষাত সকলো খাদ্যই খাব পাৰি, কেৱল যিবোৰ খোৱা উচিত, সেইবোৰ কমকৈ খাওক। ভাৰসাম্য যুক্ত সুষম খাদ্যই শৰীৰ ৰোগমুক্ত, সুস্থ আৰু সতেজ কৰি ৰাখে।

ব্যায়াম

পৰিমিত আৰু ভাৰসাম্যযুক্ত খাদ্যই যেনেদৰে হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰে তেনেকৈ ব্যায়ামেও এনে প্ৰতিৰোধ গঢ়ি তুলিব পাৰে। প্ৰতি জন পূৰ্ণ বয়স্ক মানুহে প্ৰতিদিনে অন্ততঃ আধা ঘণ্টাকৈ ব্যায়াম কৰা উচিত। সুস্থ হৃদযন্ত্ৰৰ বাবে খোজকঢ়া, জগিং কৰা, সাতোঁৰা, চাইকেল চলোৱা উপকাৰী। অৱশ্যে যি সকলে ইতিমধ্যে কোনো হৃদৰোগত আক্ৰান্ত হৈছে, তেনেলোকে ওজন দঙা জাতীয় ব্যায়াম কৰা অনুচিত। আনকি উচ্চ ৰক্তচাপ থাকিলেও এনে ব্যায়াম কৰা উচিত নহয়।

ব্যায়ামৰ প্ৰসঙ্গত আৰু এটি কথা মনত ৰখা দৰকাৰ যে, সাতাইছ বছৰ বয়সৰ যুৱকৰ সৈতে সত্তৰ বছৰ বয়সীয়া বৃদ্ধৰ পাৰ্থক্য আছে। কেতিয়াবা ব্যায়াম নকৰা ব্যক্তি এজনে প্ৰথম আৰম্ভণিৰ কেইদিনমান সোনকালে ফোঁপাই উঠিব, কষ্ট পাব। সেয়ে প্ৰথম কেইদিন মান পাঁচ মিনিটকৈ কৰি লাহে লাহে সময় বঢ়াই যাব লাগে। আদ্গা ঘণ্টা ব্যায়াম কৰাৰ অৰ্থ এইটো নহয় যে একেৰাহে ইমান খিনি সময় ব্যায়াম কৰিব লাগিব। এজন বৃদ্ধ লোকৰ বাবে ই সম্ভৱ নহবও পাৰে। দিনটোৰ বেলেগ বেলেগ সময়ত ব্যায়াম কৰি মুঠতে আধা ঘণ্টা ব্যায়াম কৰিলেও যথেষ্ট।

নিয়মিত কিছু বাট খোজকাঢ়ক। অৱশ্যে গতিৰ ফাললৈ লক্ষ্য ৰাখক। খুব ধীৰ গতিত খোজকাঢ়িলে ভাল নহব। বেগাই খোজকাঢ়ক। কিন্ত খোজকাঢ়ি থকা অৱস্থাত কথা কব পাৰিছেনে নাই সেইটো লক্ষ্য কৰক আৰু তেনে ধৰণৰ গতিৰে খোজকাঢ়ক। যি সকলৰ বয়স হৈছে তেওঁলোকে সাঁতোৰী অথবা চাইকেল চলোৱাৰ দৰে ব্যায়াম কৰা অনুচিত।

এতিয়া জনা দৰকাৰ ‘ৰিস্ক ফেক্টৰ’ থাকিলে কি দৰে হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰি।

ডায়েবেটিছ

ডায়েবেটিচ থকা বুলি জানিলেই বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। নিয়মিত তেজ পৰীক্ষা কৰাওক। কাৰণ তেজত শৰ্কৰাৰ পৰিমাণ কিমান সেইটো সকলো সময়তে জনা দৰকাৰ। খাদ্যত কেলৰি নিয়ন্ত্ৰণ, ব্যায়াম অথবা খোজকঢ়া বজাই ৰাখক। ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিলেই নহয়, লগতে কলেষ্ট্ৰেলৰ পৰিমাণ আৰু উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণত থকা দৰকাৰ।

উচ্চৰক্তচাপ

হাৰ্ট এটেকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপো এটি ‘ৰিস্ক ফেক্টৰ’। এই ৰোগত আজি বহু মানুহেই আক্ৰান্ত। সেয়ে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খাওক আৰু নিয়মিত তেজৰ চাপ পৰীক্ষা কৰাওক। খাদ্যত যিমান পৰা যায় নিমখ পৰিহাৰ কৰক। কেঁচা নিমখ একেবাৰে নাখাব। তাৰোপৰি ব্লাডচুগাৰ, কলেষ্ট্ৰেৰল সম্পৰ্কে সচেতন থাকক।

কলেষ্ট্ৰেৰল

তেজত কলেষ্ট্ৰেৰেলৰ পৰিমাণ বেছি থকা সকলে খোৱা-বোৱা সম্পৰ্কে সচেতন হওক। ফেট জাতীয় খাদ্য কমকৈ খাব। পাৰিলে পৰিহাৰ কৰক। কণীৰ কুহুম, পঠাৰ মাংস আদি একেবাৰে নাখাব। প্ৰয়োজনত ডায়েবেটিচিয়ানৰ সাহায্যত খাদ্য তালিকা এখন তৈয়াৰ কৰি সেই তালিকা অনুসৰণ কৰক। চিকিৎসকৰ পৰামৰ্শ লওক।

এই প্ৰসঙ্গত জানি থোৱা ভাল যে, ডায়েবেটিছ, ব্লাডচুপ্ৰেচাৰ কলেষ্ট্ৰেৰলৰ পৰিমাণ বেছি থকা সকলে নিয়মিত ব্যায়াম কৰা উচিত। সঠিক ব্যায়াম আৰু নিয়মিত ভাৱে খোজ কাঢ়িলে চুগাৰ, ৰক্তচাপ আৰু কেলেষ্ট্ৰেৰলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।

ওজন বৃদ্ধি

হাৰ্ট এটেক হোৱাৰ ই আন এটি কাৰণ। সেয়ে দেহৰ ওজন কমোৱা প্ৰয়োজন। চৰ্বি জাতীয় খাদ্য বন্ধ কৰক। সমীক্ষাৰ পৰা জনা গৈছে যেনে মেদ থকা লোকৰ হাৰ্টৰ সমস্যাই দেখা দিয়ে। সেয়ে মেদ যাতে বৃদ্ধি নাপায় সেইটো লক্ষ্য কৰক।

মানসিক চাপ

আধুনিক জটিল জীৱনত শাৰীৰিক আৰু মানসিক দুয়োটা চাপেই থাকে। অনশ্যে এইটো ঠিক যে, মানসিক চাপৰ প্ৰভাৱ মানুহ ভেদে ভিন ভিন হয়। কোনো কোনো মানুহে কোনো কোনো সমস্যা বা জটিল পৰিস্থিতি ঠাণ্ডা মগজুৰে সহজে মুখামুখি হব পাৰে আৰু বহুতে এইটো নোৱাৰে। অলপতে উত্তেজিত হয়, মানসিক ভাৱে ভাঙি পৰে, হতাশাত ভোগে। এইবোৰেই হাৰ্ট এটেকৰ সম্ভাৱনা বঢ়াই দিয়ে। মানসিক চাপৰ কাৰণ সমূহ এৰাই চলিব নোৱাৰিলেও ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ কথা মনত ৰাখি সচেতন ভাৱে ইয়াক বেছি গুৰুত্ব নিদিয়াৰ চেষ্টা কৰিব পাৰি। আচল কথা শৰীৰ আৰু মনৰ সুস্থতা ক্ষেত্ৰ বিশেষে কঠিন হ’লেও কামটো নিজেই সহজ কৰি তুলিব পাৰে।

হঠাৎ হাৰ্ট এটেক হ’লে কি কৰিব

হাৰ্ট এটেকৰ বিষ গেচ জনিত বিষৰ দৰে প্ৰায় একে হোৱাৰ বাবে প্ৰাৰম্ভিক অৱস্থাত কিছু দোমোজাত পৰা যায়। যি সকলৰ কেতিয়াও গেচ বা বদহজম আদি নহয় আৰু ব্লাডচুগাৰ, কলেষ্ট্ৰেৰেল, হাই ব্লাড প্ৰেচাৰ আৰু মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধিৰ দৰে ‘ৰিস্ক ফেক্টৰ’ থাকে, তেনে লোকে এনে ধৰণৰ বিষ হ’লে সতৰ্ক হোৱা প্ৰয়োজন। ঘৰৰ মানুহে আপদকালীন ব্যৱস্থা হিচাপে ৩২৫ এম জি এচপিৰিণ টেবলেট খুৱাই ততালিকে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। অৱশ্যে এচপিৰিণ দিতাৰ আগতে ব্লাড প্ৰেচাৰ জুখি লোৱাৰ দৰকাৰ। ৰক্তচাপ স্বাভাৱিক থাকিলেহে এচপিৰিণ দিব লাগে। বুকুত প্ৰচণ্ড বিষ হ’লে জিভাৰ তলত চৰবিট্ৰেট টেবলেট দি চিকিৎসালয়লৈ লৈ যাব লাগে। অকলশৰীয়া অৱস্থাত ৰাস্তাই ঘাটে যদি বুকুত প্ৰচণ্ড বিষ হত, তেন্তে লগে লগে বহি পৰক আৰু অইন লোকক সাহাৰ্য্যৰ বাবে মাতক। অইনৰ সহায়ত চিকিৎসালয়ত ভৰ্তি হওক। নিজে খোজকাঢ়ি যাবলৈ চেষ্টা নকৰিব।

লেখক: ডাঃ ৰঞ্জন বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top