অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্ট্ৰকৰ বিষয়ে

ষ্ট্ৰকৰ বিষয়ে

ষ্ট্ৰক কাক কয়?

'ষ্ট্ৰক' মানে এক মগজুৰ ৰোগ যেতিয়া তেজ কঢ়িয়াই নিয়া ধমনী সমূহে তেজৰ সঞ্চালন কৰাত ব্যৰ্থ হয় তেতিয়া মগজুৰ কুশ সমূহ অক্সিজেনৰ অভাৱত মৰি যায় আৰু হঠাতে এই ৰোগ হয়| এই ৰোগ হলে শৰীৰৰ এভাগৰ দুৰ্বলতা, কথা কোৱাত অসুবিধা, খোজ কৰাত অসুবিধা, দৃষ্টি শক্তি, স্পৰ্শ, অনুভৱ শক্তি কমি যায়|

'ষ্ট্ৰক' কেই প্ৰকাৰৰ?

ষ্ট্ৰক সাধাৰণতে তিনি প্ৰকাৰৰ|

  • EMBOLIC STROKE অন্তঃশল্যতা (Embolic) এই বিধ ষ্ট্ৰক হৃদৰোগ থকা ব্যক্তিৰ, শৰীৰত তেজৰ ধমনীত জমা হোৱা তেজৰ টুকুৰা মগজুৰ ধমনীত গৈ তেজ চলাচল কৰাত ব্যাঘাট জন্মায়|
  • THROMBOEMBOLIC STROKE ঘনষ্ট্ৰতা(THROMBOEMBOLIC)শৰীৰত তেজৰ কলেষ্টৰেলৰ পৰিমান বেছি হ'লে ধমনী সমূহৰ ভিতৰত  চৰ্বী জমা হৈ ঠেক হৈ যায় আৰু বয়সৰ লগে লগে তেজ চলাচল কৰাত ব্যাঘাত জন্মায়|
  • HEMORRHQGIC ৰক্তস্ৰাৱ(HEMORRHQGIC STROKE)

যেতিয়া কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ থাকে তেতিয়া ধমনীসমূহৰ দুৰ্বল অংশ (Aneurysms) কাটি যায় আৰু ৰক্ত ‍ক্ষ‍ৰন হয় আৰু মগজুৰ ৰক্ত সঞ্চালনত ব্যাঘাট জন্মায় আৰু এজন ব্যক্তিৰ ষ্ট্ৰক হয়|

ষ্ট্ৰক ৰোগ হোৱাৰ কিছুমান বিপদজনক কাৰক

ষ্ট্ৰক হোৱাৰ কাৰন সমূহ বয়স বা লিংগ ভেদে বা শাৰিৰীক ‍ক্ষমতাৰ অধিকাৰী সকলোৰে হব পাৰে| কিন্তু কিছুমান উপসৰ্গ শৰীৰত থাকিলে ষ্ট্ৰক হোৱাৰ সম্ভাৱনা বেছি হয়| যেনে এজন ব্যক্তিৰ উচ্চৰক্তচাপ, তেজত শৰ্কৰাৰ পৰিমান বেছি থাকিলে, মধুমেহ ৰোগী, ছিগাৰেট শেৱন কৰা ব্যক্তি আৰু পৰিয়ালৰ কোনো ব্যক্তিৰ এই ৰোগ হলে, সেই পৰিয়ালৰ ষ্ট্ৰক হোৱাৰ সম্ভাৱনা অধিক| গতিকে ষ্ট্ৰক হোৱাৰ পৰা নিজকে প্ৰতিৰোধ কৰিবৰ বাবে এই উপসৰ্গ সমূহৰ পৰী‍ক্ষা কৰোৱাই উপযুক্ত চিকিৎসা কৰাব লাগে|

উপসৰ্গৰ কাৰক সমূহ দুই ভাগত ভাগ কৰিব পাৰি| প্ৰতিৰোধ কৰিব পাৰা আৰু অন্যবিধ অপ্ৰতিৰোধী| প্ৰতিৰোধ কৰিব পাৰা উপসৰ্গ সমূহ দৈনন্দিন জীৱনৰ কাৰ্য প্ৰনালী সলনি কৰি প্ৰতিৰোধ কৰিব পাৰি|

প্ৰতিৰোধ কৰিব পৰা উপসৰ্গসমূহ

  • উচ্চৰক্তচাপ
  • হাৰ্টৰ অসুখ
  • মধুমেহ
  • তেজত শৰ্কৰাৰ পৰিমান
  • ৰক্তনলীকাৰ অবক্ষয়
  • শাৰিৰীক পৰিশ্ৰম নকৰা

অপ্ৰতিৰোধ উপসৰ্গসমূহ

  • বয়স
  • লিংগ
  • জাতিগত
  • বংশগত কাৰন
  • আগতে ষ্ট্ৰক হোৱা ব্যক্তি
  • ট্ৰেনজিয়েণ্ট ইচ্‌কেমিক ষ্ট্ৰ'ক

এই ৰোগ এক অস্থায়ী ষ্ট্ৰক| যেতিয়া কম সময়ৰ বাবে মগজুত তেজৰ চলাচল বন্ধ হৈ যায়| এই ৰোগৰ অস্থায়ী লক্ষ‍ন সমূহ হ'ল, কথা কব নোৱাৰা, শৰীৰৰ দুৰ্বলতা, ভাৰসাম্য হেৰুওৱা, দৃষ্টি শক্তি, স্পৰ্শৰ ব্যাঘাট হয়| এই লক্ষ‍ন সমূহ 10ৰ পৰা 15 মিনিটৰ পাছত নাইকীয়া হয়| এই ৰোগ এবাৰ হ'লে 40%ৰ পৰা 50% দুবাৰ হোৱাৰ সম্ভাৱনা থাকে|

ষ্ট্ৰকৰ চিকিৎসা

বৰ্ত্তমান সময়ত এই ৰোগৰ বহুত চিকিৎসা পদ্ধতি আবিস্কাৰ হৈছে| এই ৰোগৰ বাবে অতি প্ৰয়োজনীয় কথাটো হ'ল যিমান পাৰি সোনকালে চিকিৎসালয়ত ভৰ্তি কৰিব কৰাব লাগে| মেডিচিন আৰু চাৰ্জাৰী দুয়োটা পদ্ধতিয়েই ৰোগ অনুযায়ী প্ৰয়োগ কৰা হয়| যেনে-

TISSUE PLANMINOGEN ACTIVATION (MEDICATION): এই চিকিতসা ষ্ট্ৰক হোৱাৰ 6 ঘণ্টাৰ ভিতৰত দিব পাৰিলে তেজৰ চলাচল ব্যাহত থকাত সহায় কৰে|

THE MERCI RETRIVAL SYSTEM (ADEVIAL): এই চিকিৎসা পদ্ধতিত ষ্ট্ৰক ৰোগীক এক সজুলিৰ দ্বাৰা গোটমাৰি থকা তেজখিনি ভাঙি দিব পাৰে আৰু তেজ চলাচল প্ৰক্ৰিয়াত সহায় কৰে|

THE PENUMBRA SYSTEM (ADEVIAL): এই পদ্ধতিত গোটমৰা তেজ সমূহ (Suction) কৰি বাহিৰলৈ ওলিয়াই আনিব পাৰি|

তাৎক্ষনিক চিকিৎসাৰ প্ৰয়োজনীয়তা

ষ্ট্ৰক হোৱাৰ পাছত মগজুৰ সকলো কোষ মৰি নাযায়| অক্সিজেনৰ অভাৱত প্ৰথমে Core কোষ সমূহৰ ক্ষতি হয়, কিন্তু Core কোষ সমূহৰ ওপৰৰ অংশত Ischemic Pneumbraৰ কিছুমান Idle neurons (অকামিলা কোষ) থাকে| এই কোষ সমূহ সজাগ নহলেও মৰি নাযায় আৰু কিছু পৰিমানে কাৰ্যক্ষমতা থাকে| এই অকামিলা কোষ, সমূহ 20 মিনিট সময়লৈকে জীয়াই থাকে, যদিহে ৰক্ত পৰিবহন কৰা নলীকা সমূহৰ চিকিৎসা কৰা হয় তেন্তে 6 ৰ পৰা 8 ঘণ্টালৈকে জীয়াই থাকিব পাৰে| ষ্ট্ৰক হোৱাৰ পিছত তাৎক্ষনিক ৰক্ত পৰিবহন কৰা চিকিৎসা প্ৰয়োগ কৰি শাৰিৰীক অক্ষমতা কম কৰিব পাৰি|

গতিকে, ষ্ট্ৰক হোৱাৰ লগে লগে এজন ৰোগীক অতি সোনকালে চিকিৎসালয়ত ভৰ্তি কৰাব লাগে, যাতে প্ৰয়োজনীয় চিকিৎসা কৰাব পাৰা যায় আৰু এই চিকিৎসাৰ এই বাবেই প্ৰয়োজন যাতে ষ্ট্ৰকৰ পিছত হব লগীয়া শাৰিৰীক আৰু মানসিক ক্ষতিৰ পৰিমান কম কৰিব পৰা যায় আৰু শাৰিৰীক তথা মানসিক উন্নতি কৰিব পাৰি|

ষ্ট্ৰক ৰোগীৰ প্ৰতি পৰিয়ালৰ দায়িত্ব

  • এই ৰোগৰ কাৰণসমূহ জানিব লাগে আৰু লক্ষ‍ণ সমূহৰ অৱগত হ'ব লাগে|
  • এই ৰোগৰ হোৱা ব্যক্তিজনৰ সক্ষ‍সতা অনুযায়ী চিকিৎসা দিব লাগে|
  • ৰোগীৰ অভিভাৱক সদায় এজন স্নায়ুবিশেষজ্ঞ, মেডিচিনৰ চিকিত্সকৰ লগত পৰামৰ্শ লৈ Rehabilitationৰ সুবিধা থকা চিকিৎসালয়ত বিভিন্ন বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা কৰাব লাগে|
  • বিভিন্ন বিশেষজ্ঞ যেনে Medicine Specialist, Neurologist, Psychologist, Speth Therapist, Occupational Therapisৰ সহায় ল'ব লাগে|
  • ৰোগীক অত্মনিৰ্ভৰশীল হ'বৰ বাবে শাৰিৰীক তথা মানসিক উন্নতিৰ বাবে বা কথা কবলৈ বা অন্য ব্যক্তিৰ লগত যোগাযোগ কৰিবলৈ উৎসাহিত কৰিব লাগে, ইয়াৰ বাবে ৰোগী 1 ৰ পৰা 10লৈ (Counting) হিচাপ, পদ্য পাঠ কৰা, নমস্তে বা জয়হিন্দ কবলৈ অভ্যাস কৰা বা বহক বুলি কবলৈ অভ্যাস কৰাব লাগে|
  • ৰোগীয়ে চিকিৎকৰ পৰামৰ্শ অনুযায়ী মানসিক ব্যায়াম তথা বিভিন্ন ব্যক্তিৰ লগত যোগাযোগ ৰাখিবলৈ সুবিধা দিব লাগে|
  • ইয়াৰ ওপৰি ৰোগীক সময়মতে সকলো কাম কৰিবলৈ এক ৰুটিন বনাই দিব লাগে|
  • ৰোগীজনক পৰিয়ালৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে অনুভৱ কৰিবলৈ দিব লাগে, তেওঁক অৱহেলা কৰিব নালাগে|
  • তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে যি কোনো কৰিব নালাগে|
  • ৰোগী জনৰ অস্বভাৱিক ব্যৱহাৰ যেনে- হঠাত কন্দাকটা, হাঁহি দিয়া ইত্যাদি কথাত ইতিকিং কৰিব নালাগে|

ৰোগীৰ পৰিয়ালৰ লোকে কি কৰা অনুচিত

  • ৰোগীজনৰ ৰোগটোলৈ দুখ প্ৰকাশ কৰিব নালাগে, তেনে কৰিলে ৰোগীজনৰ মনৰ বিশ্বাস হেৰাই যাব পাৰে|
  • ৰোগীয়ে ইচ্ছা নকৰিলে কথা পাতিব নালাগে|
  • কঠিন শব্দ ৰোগীক প্ৰয়োগ কৰিবলৈ দিব নালাগে|
  • ৰোগীক কঠিন কাম কৰিবলৈ দিব নালাগে|
  • ৰোগীয়ে কঠিন শব্দ বা বাক্য উচ্চাৰণ কৰিব নোৱাৰিলে, বেছিকৈ বল প্ৰয়োগ কৰিব নালাগে, অন্যথা ৰোগীৰ আত্মবিশ্বাস বা মনোবল কমি যাব পাৰে|
  • ৰোগীয়ে যি ধৰনে নিজৰ ভাব ধাৰা প্ৰকাশ কৰিব বিচাৰে, তেনে ধৰণেই কৰিবলৈ উৎসাহিত কৰিব লাগে|
  • ৰোগীজন সম্পূৰ্ণ ভাল হৈ যাব বুলি মিছা আশ্বাস দিব নালাগে|
  • ৰোগীক অকলশৰীয়াকৈ ৰাখিব নালাগে|
  • কেতিয়াবা ৰোগীয়ে কান্দিব বিচাৰিলে বাধি দিব নালাগে, ই এক প্ৰাকৃতিক প্ৰকাশ ভঙ্গী|
    ৰোগীক কেতিয়াও অৱহেলা কৰিব নালাগে|

ৰোগীক ঘৰত থকা সময়ত কি কি সাৱধানতা লোৱা উচিত

তলত উল্লেখ কৰা পদক্ষ‍পসমূহ এজন ৰোগীৰ বাবে অতি আৱশ্যক যেনেঃ

ৰোগীৰ সুবিধাৰ বাবে

  • এটা শব্দ কৰা ঘণ্টা ৰোগীৰ কাষত থব লাগে যাতে কাৰোবাক মাতিবলৈ সুবিধা হয়|
  • প্ৰয়োজন অনুসৰি দৰকাৰী টেলিকলৰ নম্বৰ সমূহ সহজতে পোৱাকৈ থব লাগে|
  • যদি ৰোগীজন অকলসৰে থাকে তেন্তে ৰোগীজনক পৰিয়ালৰ লোকে লগ কৰিব লাগে আৰু মাজে সময়ে (Phone) কৰিব লাগে|

ৰান্ধনী শালৰ পৰিবেশ

  • ৰান্ধনিশালৰ আহিলা পাতি সহজতে পোৱাকৈ আৰু ঠাইতে ৰান্ধিব পৰাকৈ ব্যৱস্থা কৰিব লাগে|
  • ৰন্ধা বঢ়া কৰা আহিলা পাৰিত সমূহৰ হাতেৰে ধৰা (HANDLE) সমূহ দীঘল হব লাগে আৰু খাদ্য সামগ্ৰী খিনি পৰি নাযায় তাৰ ব্যৱস্থা ল'ব লাগে|
  • ৰোগীজনে যদি খাদ্য প্ৰস্তুত কৰে তেন্তে (Nylon)কাপোৰ বা দীঘল হাতৰ চোলা পিন্ধিব নালাগে কাৰণ জুই লগাৰ সম্ভাৱনা থাকিব পাৰে|
  • ৰান্ধনিশালৰ পানীৰ ব্যৱস্থাটো হাতেৰে সহজতে পোৱাকৈ ৰাখিব লাগে|

ঘৰুৱা পৰিবেশ

  • ৰোগীজনৰ ঘৰৰ ভিতৰত চলা-ফুৰা কৰিব পৰাকৈ (SUPPORT SYSTEM) ৰ সুবিধা কৰি দিব লাগে|
  • ৰোগীজন যাতে মাটিত পৰি নাযায় তাৰ বাবে দুৱাৰদলীত থকা কাঠদাল, চকী, বেঞ্চ
    ইত্যাদিসমূহ আতৰাই ৰাখিব লাগে, যাতে ৰোগীজনে সহজতে ঘৰৰ ভিতৰত চলা ফুৰা কৰিব পাৰে|
  • ৰোগীক ৰবৰৰ জোতা, চেন্দেল পিন্ধিবলৈ দিলে, মাটিত পৰি যোৱাৰ সম্ভাৱনা কম থাকে|

গা ধোৱা ঘৰৰ পৰিবেশ

  • গা ধোৱা ঘৰৰ ভিতৰৰ পৰা ৰোগীক চিটকনি দি বন্ধ কৰিব নালাগে|
  • গাধোৱা ঘৰৰ মজিয়াত বৰবব (mat) পাটি পাৰি দিব লাগে আৰু বৰৰৰ জোতা পিন্ধিবলৈ দিব লাগে যাতে পিছল খাই পৰি নাযায়|
  • বহিলৈ গা ধুবৰ বাবে সৰু চকী বা মূঢ়া বা টোলৰ সুবিধা কৰি দিব লাগে|
  • শৌচ কৰিবৰ বাবে প্ৰাশ্চাত্য শৈলীৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে|

উৎস: ভাৰতীয় বাকৰুধ আৰু ষ্ট্ৰোক সন্মিলন

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate