অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সম্ভৱ হ’ব মস্তিস্কৰ প্ৰত্যাৰোপণ

সম্ভৱ হ’ব মস্তিস্কৰ প্ৰত্যাৰোপণ

আপুনি নিশ্চয়কৈ বৃক্ক, যকৃত, হাৰ্ট আদিৰ পৰা মুখমণ্ডলৰ প্ৰত্যাৰোপণৰ কথা শুনিছে। কিন্তু মস্তিস্ক প্ৰত্যাৰোপণৰ কথা? অৱশ্যেই শুনা নাই। কিন্তু সকলো ঠিকে-ঠাকে থাকিলে অনাগত দুটা বছৰৰ ভিতৰত এনে সংবাদো পাবলৈ সক্ষম হ’ব। এই দাবী কৰিছে ইটালীৰ গৱেষক ডা: ছাৰ্গিঅ’ কেনাভেৰোৱে। এই সংক্ৰান্তত এটি গৱেষণামূলক লেখা তেওঁ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে ছাৰ্জিকেল নিউৰ’লজী ইন্টাৰনেচনেল শীৰ্ষক পত্ৰিকাত। উল্লেখ্য যে ১৯৫০ চনত ৰুছ বিজ্ঞানী ভ্লাডিমিৰ ডমিকোত পোন প্ৰথমবাৰৰ বাবে কুকুৰৰ মস্তিস্ক প্ৰত্যাৰোপণৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল। তাৰ পিছত ১৯৭০ চনত আমেৰিকান বিজ্ঞানী ডা: ৰবাৰ্ট হোৱাইটে বান্দৰৰ শৰীৰত এই চেষ্টা চলাইছিল যদিও মেৰুদণ্ড সঠিকভাৱে যোৰা দিব নোৱাৰা গুণে ৮ দিন পিছত বান্দৰে প্ৰাণ হেৰুৱায়। এতিয়া সেই একেই পদ্ধতিৰে ডা: কেনাভেৰোৱে মানুহৰ মস্তিস্ক প্ৰত্যাৰোপণ কৰিবলৈ আগবাঢ়িছে। হেড এনাষ্ট’মেছিছ ভেন্টৰ শীৰ্ষক প্ৰক্ৰিয়াত দুটা মস্তিস্ক একে সময়তে কটা হ’ব। তাৰ পিছত দুয়োটা মস্তিষ্ক ১২-১৫ ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ ভিতৰত শীতলীকৰণ কৰা হ’ব। আৰু লগে লগে পলিমাৰ গ্লু পদ্ধতিৰে প্ৰত্যাৰোপিত কৰিব বিচৰা মস্তিষ্কটো যথাস্থানত লগাই দিয়া হ’ব। ‘দ্য ইণ্ডিপেণ্ডেট’ কাকতত প্ৰকাশ পোৱা গৱেষণামূলক নিবন্ধটোৰ মতে, ডা: কেনাভেৰাৰ সন্মুখতো মেৰুদণ্ড সঠিকভাৱে যোৰা দিয়াৰ সমস্যাটোৱে উক্‌ দিছে। গৱেষক ডা: কেনাভেৰোৰ মতে, মস্তিষ্ক যিজনৰ শৰীৰত প্ৰত্যাৰোপণ কৰা হ’ব তেওঁৰ মেৰুদণ্ড যদি ঠিকমতে যোৰা দিয়াটো সম্ভৱ হয়, তেন্তে হৃদয়ে পুনৰায় পাম্প কৰা প্ৰক্ৰিয়া আৰম্ভ কৰি দিব আৰু ৰক্তই গৈ নিমিষতে মস্তিষ্কত প্ৰৱেশ কৰিব। ইয়াৰ খন্তেক সময় পিছতে ব্যক্তিজনৰ শৰীৰৰ তাপমান সাধাৰণ অৱস্থালৈ আহি যাব। ডা: ছাৰ্গিঅ’ কেনাভেৰোৰ মতে, মস্তিষ্কৰ জটিল ৰোগত আক্ৰান্তসকলে এই উপায়ে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হ’ব।

লিখক: চন্দন কুমাৰ কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate