অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদৰোগ

হৃদৰোগৰ বিষয়ে

সাধাৰণতে বিশ্বাস কৰা হয় যে বৃদ্ধ বয়সতহে হৃদৰোগ হয়। কিন্তু সম্প্ৰতি ডেকা আৰু মধ্য বয়সতো হৃদৰোগৰ প্ৰৱল প্ৰাৰ্দুভাৱ দেখা গৈছে-বিশেষকৈ ভাৰতীয়সকলৰ মাজত। হৃদৰোগৰ প্ৰধান কাৰক হ’লে কৰ’নেৰী ধমনীৰ ৰোগ। কৰ’নেৰী ধমনীৰ ৰোগ। কৰ’নেৰী ধমনীয়ে হৃৎপিণ্ডলৈ তেজ আৰু অক্সিজেম কঢ়িয়াই নিয়ে; গতিকে কৰ’নেৰী ধমনীৰ ৰোগ হ’লে হৃৎপিণ্ডলৈ তেজ আৰু অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায় বা সম্পূৰ্ণ বন্ধ হৈ যায়। সম্পূৰ্ণ বন্ধ হ’লে মায়’কাৰ্ডিয়েল ইনফাৰ্কচন বা হাৰ্ট এটেক হয়। বৃদ্ধ বয়সত শৰীৰৰ অন্যান্য ধমনীৰ লগতে কৰ’নেৰী ধমনীৰ লগতে কৰ’নেৰী ধমনীৰ বিজুতি ঘটে, কিন্তু সম্প্ৰতি ডেকা আৰু মধ্যবয়সীয়াসকলৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায়। যাৰ ফলত হাৰ্ট এটেক হয়। হাৰ্ট এটেক গভীৰ হ’লে মৃত্যুও হ’ব পাৰে। ভাৰতত ৩০ ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকলৰ প্ৰতি মিনিটত চাৰিজন হাৰ্ট এটেকত মৃত্যু হয়। হাৰ্ট এটেক হোৱা লোকসকলৰ ২৫ শতাংশৰে বয়স ৪০ বছৰতকৈ কম। সমীক্ষাৰ পৰা দেখা গৈছে প্ৰতিদিনে ৯০০ জন ৩০ বছৰৰ তলৰ বছৰৰ তলৰ লোকৰ হাৰ্ট এটেকত মৃত্যু হয়। এই সম্পৰ্কীয় মুখ্য কাৰকসমূহৰ কথা তলত আলোচনা কৰা হৈছে।

ধূমপান

কলেজীয়া জীৱনত চখৰ বাবেই চিগাৰেট হোপা আৰম্ভ হয় যদিও পিছলৈ অভ্যাস নিচালৈ পৰিৱৰ্তিত হয়। কম বয়সত হাৰ্ট এটেক হোৱাৰ এক প্ৰধান কাৰক হ’ল ধূমপান। ধূমপান নকৰা লোকতকৈ ধূমপান নকৰা লোকতকৈ ধূমপান কৰা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা দুগুণ, মৃত্যু হোৱাৰ সম্ভাৱনা চাৰিগুণ বেছি। ধূমপানে ধমনী কঠিন কৰে, নমনীয়তাত হ্ৰাস কৰে, ৰক্তনলীত তেজ মখা বন্ধা হোৱাৰ চাৰিগুণ বৃদ্ধি আৰু কৰ’নেৰী ধমনীৰ তেজৰ সোঁত বন্ধ হোৱাত অৰিহণা যোগায়। বহুতে ভাৱে, মাজে-সময়ে দুঁই এটা চিগাৰেট হুপিলে একো হানি নহয়। দেখা গৈছে, ধূম্প্ৰপায়ীয়ে ধূমপান এৰিলেও হৃৎপিণ্ড স্বাভাৱিক হ’বলৈ অন্তত: তিনি বছৰ সময় লাগে। চিন্তা কৰক, নিৰৱিচ্ছিন্নভাৱে ধূমপান কৰোতাসকলৰ অৱস্থা কি হ’ব।

তেজত অধিক পৰিমাণৰ কলেষ্টেৰ’ল

সু-স্বাস্থ্যৰ বাবে কিছু পৰিমাণৰ কলেষ্টেৰ’ল প্ৰয়োজনীয়, কিন্তু অধিক পৰিমাণৰ কলেষ্টেৰ’ল হৃদৰোগৰ কাৰক হ’ব পাৰে। কলেষ্টেৰ’ল ধমনীৰ বেৰৰ অন্তৰ্ভাগত জমা হয় আৰু তেজৰ সোঁত লেহেম কৰে অথবা সম্পূৰ্ণৰূপে তেজ চলাচল বন্ধ কৰে। গতিকে হৃৎপিণ্ডৰ ৰক্ত সঞ্চালন বন্ধ হয় আৰু হাৰ্ট এটেক হয়।

কলেষ্টেৰ’লৰ তিনিটা ভাগ আছে- মুঠ কলেষ্টেৰ’ল, উচ্চ ঘনত্বৰ কলেষ্টেৰ’ল আৰু নিম্ন ঘনত্বৰ কলেষ্টেৰ’ল। মুঠ কলেষ্টেৰ’লৰ মাত্ৰা স্বাভাৱিক হ’লে, যদি উচ্চ ঘনত্বৰ কলেষ্টেৰ’লৰ মাত্ৰ হ্ৰাস হয় আৰু নিম্ন ঘনত্বৰ কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি হয়, তেতিয়াও হাৰ্ট এটেক হ’ব পাৰে। উচ্চ ঘনত্বৰ কলেষ্টেৰ’ল হৃৎপিণ্ডৰ স্বাস্থ্য ৰক্ষক। নিম্ন ঘনত্বৰ কলেষ্টেৰ’লে তেজৰ মখা বন্ধা প্ৰৱণতা বৃদ্ধি কৰে। ফলত হাৰ্ট এটেক হ’ব পাৰে।

ডায়েবেটিছ

ভাৰতত ডায়েবেটিছৰ প্ৰাবল্য দ্ৰুত গতিত বৃদ্ধি হৈছে। ডেকা আৰু মধ্য বয়সীয়া লোকৰ মাজতো এই ৰোগৰ প্ৰাবল্য দেখা যায়। ডায়েবেটিছ হাৰ্ট এটেকৰ কাৰক হ’ব পাৰে। ডায়েবেটিছ নথকা লোকৰ তুলনাত ডায়েবেটিছত ভোগা ৰোগীৰ মায়’কাৰ্ডিয়েল ইনফাৰ্কচনৰ আকাৰ ডাঙৰ হয়, গতিকে মৃত্যুৰ সম্ভাৱনাও অধিক হয়। যদি এবাৰত বাচি থাকেও, পুনৰ ইনফাৰ্কচন হোৱাৰ সম্ভাৱনা থাকে। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত হৃৎপিণ্ডৰ উপৰি বৃক্ক, মগজুৰ ধমনীৰ তেজৰ সোঁত বাধাপ্ৰাপ্ত হয় অথবা সম্পূৰ্ণ বন্ধ হৈ যায়।

উচ্চ ৰক্তচাপ

সম্প্ৰতি অধিক লৱণযুক্ত সংসাধিত খাদ্য খোৱাৰ প্ৰৱণতা বৃদ্ধি হৈছে। তদুপৰি ষ্ট্ৰেছ, শাৰিৰীক শ্ৰমহীন জীৱন-যাপন আদিও বৃদ্ধিও হৈছে। ফলত কম বয়সতে ৰক্তচাপ বৃদ্ধি হয়। চটপট খানা, হিবিজিবি খাদ্য লৱণ আৰু ট্ৰেন্সফেট অধিক পৰিমাণে থাকে। এনে খাদ্যই ৰক্তচাপ বৃদ্ধি কৰে। উচ্চ ৰক্তচাপে কৰ’নেৰী ধমনীৰ বেৰত অত্যাধিক চাপৰ সৃষ্টি কৰে, ফলত ধমনীৰ বেৰ ধ্বংসপ্ৰাপ্ত হয় আৰু তাত চৰ্বি, কলেষ্টেৰ’ল আদি জমা হয়, ধমনী কঠিন হয়, ৰক্তনলী ঠেক হয়। ফলত হৃৎপিণ্ডৰ তেজৰ প্ৰৱাহ বাধাপ্ৰাপ্ত হয়।

মেদবহুলতা

সম্প্ৰতি ভাৰতত মেদবহুল লোকৰ সংখ্যা বৃদ্ধি হৈছে। যিবিলাক মানুহে কায়িক শ্ৰম বা ব্যায়াম নকৰে, অত্যাধিক ষ্ট্ৰেছত ভোগে, অস্বাস্থ্যকৰ খাদ্য খায়-তেওঁলোকৰ মেদবহুলতা হ’ব পাৰে। ভাৰতীয় মানুহৰ সাধাৰণভাৱে মেদবহুলতা নহ’লেও উদৰত চৰ্বি জমা হ’ব পাৰে, পেট ওফন্দি আপেলৰ আকৃতি লয়। এনে অৱস্থা অতি বিপজ্জনক। ইয়াৰ ফলত ডায়েবেটিছ হ’ব পাৰে, হৃদৰোগো হ’ব পাৰে।

অস্বাস্থ্যকৰ খাদ্য

কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু ডেকা চাকৰিয়ালসকলে সততে হিবিজিবি খাদ্য, চট্‌পট্‌ খানা খায়। এনে খাদ্য স্বাস্থ্যসন্মত-বিশেষকৈ নিৰামিষ খাদ্য। পিছে এনে খাদ্যত যথেষ্ট পৰিমাণৰ গাখীৰ, ঘিঁ, তেল, মাখন আদি থাকে। ফল-মূল আৰু শাক-পাচলি কম থাকে। পৰিষ্কৃত শৰ্কৰা, সম্পৃক্ত চৰ্বি আৰু ট্ৰেন্সফেটৰ মাত্ৰাও অধিক। এইবোৰ খাদ্যই হৃদৰোগৰ সৃষ্টি কৰিব পাৰে।

শাৰীৰিক সক্ৰিয়তা

শাৰীৰিক সক্ৰিয়তা অবিহনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ভাৰতত যুৱ প্ৰজন্মৰ ৮০ শতাংশই বিশেষ কায়িক শ্ৰম অথবা ব্যায়াম নকৰে। ২০ শতাংশই জিমলৈ যায় যদিও মাংসপেশী সবল কৰাতহে অধিক গুৰুত্ব দিয়ে। সকলো বয়সৰ মানুহেই দিনে ৩০ মিনিটৰ পৰা ৬০ মিনিট খোজকড়া, চাইকেল চলোৱা, সাঁতোৰা, খেলা-ধূলা কৰা বা অন্যান্য ব্যায়াম কৰিব লাগে। অন্যথা হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ষ্ট্ৰেছ

সাম্প্ৰতিক সময়ত বিভিন্ন কাৰণত ষ্ট্ৰেছৰ মাত্ৰা বৃদ্ধি হৈছে। অধিক ষ্ট্ৰেছ হৃদৰোগৰ কাৰক হ’ব পাৰে। ষ্ট্ৰেছ হৃদৰোগৰ কাৰক হ’ব পাৰে। ষ্ট্ৰেছ নিয়ন্ত্ৰণ কৰিবলৈ ব্যায়াম, ধ্যান, বিশ্ৰাম, পৰ্য্যাপ্ত টোপনি আদিৰ ব্যৱস্থা কৰিব লাগে।

আনুবংশিক কাৰণ

দেখা গৈছে, ভাৰতীয়সকলৰ আনুবংশিকভাৱেই হৃদৰোগৰ প্ৰৱণতা থাকে। আনকি কেইবাপুৰুষো ধৰি বিদেশত থকা ভাৰতীয়সকলৰো এনে প্ৰৱণতা দেখা যায়। তদুপৰি তুলনামূলকভাৱে ভাৰতীয়সকলৰ কৰ’নেৰী ধমনী ঠেক, গতিকে সহজেই হৃদৰোগ হ’ব পাৰে।

সজাগতাৰ অভাৱ

ভাৰতীয় মানুহৰ মাজত হৃদৰোগ সম্পৰ্কে সজাগতাৰ অভাৱ। অনাখৰীসকলৰ কথা বাদ দিলেও তথাকথিত শিক্ষিতসকলৰ মাজতো এই ৰোগ সম্পৰ্কে, এই ৰোগৰ কাৰণসমূহ সম্পৰ্কে সজাগতাৰ অভাৱ লক্ষ্য কৰা যায়। এই দিশত চৰকাৰ, বেচৰকাৰী সন্থা আৰু চিকিৎসকসকলে যথেষ্ট অৰিহণা যোগাব পাৰে।

লিখক: ডা: জীৱন দত্ত বৰুৱা, দৈনিক অসম।

2.98412698413
প্ৰশান্ত গগৈ Mar 09, 2018 11:29 AM

কেতিয়াবা বহুত দেৰি বহি থাকিলে মোৰ ভৰিবোৰ অকৰা হৈ যায় । উপশমৰ দিহা পাম বুলি আশা কৰিলোঁ ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top