সমগ্ৰ বিশ্বতে হৃদৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে।অলস জীৱনশৈলী খাদ্যভাস শাৰীৰিক শ্ৰমহীনতা। মেদবহুলতা, অধিক ধঁপাত সেৱন অত্যাধিক সুৰাপন আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আদি হৃদৰোগ অধিক হোৱাৰ প্ৰধান কাৰন। বৰ্তমান সময়ত কম বয়সৰ ব্যক্তিৰ মাজতো হৃদৰোগ হোৱা দেখা যায়। মানুহৰ অকাল মৃত্যু এটা প্ৰধান কাৰন হল হৃদৰোগ।আমি দৈনন্দিন জীৱনত কিছু কথা মানি চলি এক স্বাস্থ্যসন্মত জিৱনশৈলী গ্ৰহন কৰি বহুখিনি হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ।
ধুমপানত সেৱন কৰা ধঁপাতত থকা ৰাসায়নিক পদাৰ্থবোৰে আমাৰ হৃদযন্ত্ৰ আৰু ৰক্ত পৰিবাহী নলীবোৰৰ ক্ষতি কৰি হৃদৰোগ সৃষ্টি কৰে।ই ৰক্ত পৰিবাহী নলীবোৰত এথেৰোস্কেলৰোছিছ সৃষ্টি কৰি ৰক্ত পৰিবাহী নলীৰ পথ ঠেক কৰি হৃদপিণ্ডৰ স্পন্দনৰ গতি খৰ আৰু ৰক্তচাপ বৃদ্ধি কৰি হৃদযন্ত্ৰক কাম কৰাত বাধা প্ৰদান কৰে।শেষত গৈ হাৰ্ট এটেক হোৱা দেখা যায়।ধঁপাতৰ ধোৱাতঁ থকা কাৰ্বন মন অক্সাইডে তেজত থকা অক্সিজেন কিছু অংশ ধ্বংশ কৰে।ফলত হৃদযন্ত্ৰই অধিক অক্সিজেন যোগান ধৰিবলৈ অতিৰিক্তভাৱে কাম কৰিব লগা হোৱাত ৰক্তচাপ বৃদ্ধি পায়।হৃদৰোগ প্ৰ্তিৰোধৰ বাবে কোনো পৰিমানৰ ধূমপান বা ধঁপাতেই নিৰাপদজনক নহয়।পৰোক্ষ ধূমপান ধোৱাঁবিহীন ধূমপান নিম্নমাত্ৰাৰ টাৰ আৰু নিকটিন থকা সকলোবিধ ধঁপাতেই বিপদজনক।ধুমপান আৰু গৰ্ভনিৰোধক টেবলেট দুয়োবিধ গ্ৰহন কৰা মহিলাৰ হৃদৰোগ হোৱাৰ আশ্ংকা এই দুয়োবিধ গ্ৰহন নকৰা মহিলাতকৈ অধিক।এই আশ্ংকা ৩৫ বছৰতকৈ অধিক বয়সৰ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পায়।যেতিয়া আমি ধুমপান কৰাৰপৰা একেবাৰে বিৰত হওঁ আমাৰ হৃদৰোগ এটা বছৰৰ ভিতৰতেই নাটকীয়ভাবে কমি আহে।আমি আগেয়ে কিমান পৰিমানৰ বা কিমান দিন ধৰি ধূমপান কৰিছিলোঁ।সেইটোৰ লগত কথা নাই।যেতিয়াই আমি ধূমপান এৰো তেতিয়াই হৃদৰোগৰপৰা আমি আৰোগ্যৰ ফালে গতি কৰোঁ।
মানসীক চাপ ত্যাগ কৰিব।ই উচ্চ ৰক্তচাপ সৃষ্টি কৰাৰ আশ্ংকা থাকে।নিয়মিত ধ্যান কৰিব আৰু বন্ধুৰ সৈতে আড্ডা দিব।প্ৰান ভৰি হাহিবঁ।টোপনি ভালদৰে মাৰিব।সঘনাই টোপনি ক্ষতি হলে মানসিক চাপ বাঢ়ি উচ্চ ৰক্তচাপ সৃষ্টি কৰাৰ আশ্ংকা থাকে।হৃদযন্ত্ৰৰ ভালে ৰখিবলৈ মাদক দ্ৰব্য সেৱনো নিয়ন্ত্ৰন কৰিব লাগে।অত্যাধিক সুৰাপান নকৰিব।সুৰাই অগ্ন্যাশয়ৰ অন্যায় কৰি ইনচুলিনৰ ওপৰত প্ৰভাৱ পেলাই ডায়েবেটিছ হোৱাত সহায় কৰে।ডায়েবেটিছ হলে হৃদৰোগ হোৱাৰ আশ্ংকা অধিক হয়।
আমি প্ৰতিদিনে নিয়মীয়াকৈ ব্যায়ম কৰি কিছুমান মাৰাত্মক হৃদৰোগৰ আশ্ংকা কমাই ৰাখিব পাৰোঁ।ব্যায়মৰ ভূমীকা হৃদৰোগ প্ৰ্তিৰোধৰ ক্ষেত্ৰত অপৰিহাৰ্য।সপ্তাহত মুঠ ১৫০ মিনিট প্ৰ্তিদিনে অন্তত ত্ৰিশ মিনিটকৈ সপ্তাহত পাচঁদিন নিয়মীয়াকৈ ব্যায়ম(খোজকঢ়া,লাহে লাহে দৌৰা,সাতোঁৰা,চাইকেল চলোবা ইত্যাদি)কৰি হৃদৰোগৰ আশ্ংকা কমাই ৰাখিব পাৰি।আনকি কম সময়ৰ ব্যায়ামো হৃদযন্ত্ৰৰ বাবে লাভদায়ক হয়।পৰিশ্ৰ্মী জীৱন এটা কটালে হৃদৰোগ হোৱাৰ আশ্ংকা ৬০ শতাংশ কমি আহে।শৰীৰৰ ওজন নিয়ন্ত্ৰনত ৰখাত সহায় কৰে।ফলত আন কোনো এনে অৱস্থাৰ যেনে উচ্চ ৰক্তচাপ,উচ্চ কলেৰেষ্ট্ৰল মাত্ৰা আৰু মধুমেহ সৃষ্টি নহয়।যাৰফলত হৃদযন্ত্ৰৰ অধিক হেচাঁ পৰিব পাৰে।শাৰীৰীক ব্যায়মৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন যেনে—গাড়ী ধোৱা,পুৱা-গধুলি খোজকাঢ়া বাগিচাত কাম কৰা ঘৰ চাফা কৰা,কুকুৰ ফুৰাবলৈ নিয়া,বেডমিন্টন খেলা,লিফট ব্যবহাৰ নকৰা,খোজকাঢ়ি বজাৰ-সমাৰ কৰিও স্বাস্থ্যসন্মত ওজন অটুট ৰাখিব পাৰিলে উৎকৃষ্ট ফল পাব পৰা যায়।হৃদৰোগৰ কাৰক হব পৰা মানসিক আৰু শাৰীৰিক হেচাঁও ব্যায়মে কমাই ৰাখে।
হৃদৰোগ প্ৰতিৰোধক মুখ্য কথা হলে শৰীৰৰ মেদবহুলতা কমাই স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখিবলৈ খাদ্যভ্যাসৰ পৰিৱৰ্তন কৰা।স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখিবলৈ ব্যক্তি এজনে প্ৰ্তিদিনে গ্ৰহন কৰিব লগা কেলৰি নিৰ্দ্ধাৰন বাবে ব্যক্তিজনৰ ওজন আৰু শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰা চাই লব লাগে।ওজন হিচাপে মানুহক কম ওজনৰ(বি এম আই ১৮,৫তকৈ কম)নিয়মীয়া ওজনৰ(বি এম আই ১৮-২৮,৯০)গধুৰ মেদবহুল ব্যক্তি(বি এম আই যদি ২৫তমৈ অধিক)আৰু শাৰীৰিক পৰিশ্ৰমক একেবাৰে কম পৰিশ্ৰম কৰা লোক যেনে লেখক,চিকিৎসক,বিষয়া,শিক্ষক,নাপিত ইত্যাদি,)মধ্যমীয়া পৰিশ্ৰম কৰা লোক যেনে-মাছ্মৰীয়া ড্ৰাইভাৰ সোনাৰী ইত্যাদি আৰু গধূৰ পৰিশ্ৰম কৰা লোক যেনে খৰিকটীয়া শিল ভঙা ব্যক্তি ইত্যাদি হিচাপে ভাগ কৰা হয়।অধ্যয়ন মতে প্ৰ্তি কেজি শৰীৰৰ ওজন হিচাপত কম ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰ্ম কৰা ৩৫ কিলো কেলৰি মধ্যমীয়া পৰিশ্ৰম কৰা ৪০ কিলো কেলৰি গধুৰ পৰিশ্ৰ্ম কৰা ৪৫ কিলো কেলৰি)নিয়মীয়া ওজনৰ ব্যক্তিয়ে কম পৰিশ্ৰম কৰা ৩০ কিলো কেলৰি মধ্যমীয়া পৰিশ্ৰম কৰা ৩৫ কিলো কেলৰি গধুৰ পৰিশ্ৰ্ম কৰা ৪০ কিলো কেলৰি আৰু গধুৰ মেদবহুল ওজনৰ ব্যক্তিয়ে(কম পৰিশ্ৰম কৰা ২০ কিলো কেলৰি মধ্যমীয়া পৰিশ্ৰম কৰা ৩০ কিলো কেলৰি গধুৰ পৰিশ্ৰম কৰা ৩৫ কিলো কেলৰি প্ৰতিদিনে গ্ৰহন কৰা উচিত।শৰীৰক দৰকাৰী মুঠ কেলৰিৰ ৬৫-৭০ শতাংশ,আহঁযুক্ত কাৰ্বহাইড্ৰেট যেনে—ভাত ৰুটী ফল মূল পৰা,১৫-২০ শতাংশ কম চৰ্বিযুক্ত প্ৰটিন যেনে—কুকুৰাৰ মাংস,মাছ,দাইল মগু ৰ পৰা আৰু ১০ শতাংশ তেল, ঘিউ,মাখন আদি চৰ্বিযুক্ত খাদ্যৰপৰা আহিব লাগে।উচ্চ ৰক্তচাপ কমাই ৰাখিবলৈ কম চৰ্বি থকা কম কলৰ্ষ্টেৰল থকা আৰু কম নিমখ থকা আহাৰ গ্ৰ্হন কৰিও আমি আমাৰ হৃদযন্ত্ৰৰ সুৰক্ষা প্ৰদান কৰিব পাৰোঁ।চৰ্বিয়ে তেজত কলেষ্টৰেল পৰিমান বৃদ্ধি কৰি হৃদযন্ত্ৰৰ ধমনীৰ ৰোগ হোৱাৰ আশ্ংকা বৃদ্ধি কৰে।তেজত অধিক পৰিমানৰ কলেষ্টেৰেল থাকিলে ই ৰক্তবাহী ধমনীৰ বেৰত জমা হৈ এথেৰোস্কেলৰোছিছ সৃষ্টি কৰিব পাৰে।ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ টান হয় আৰু স্থিতিস্থাপকতা কমি আহে।এথেৰোস্কেলৰোছিছ বাবে ৰক্তবাহী নলীবোৰৰ তেজ চলাচল কৰা পথটো সৰু হৈ যায়।ফলত হাৰ্টলে তেজৰ প্ৰৱাহ লাহে লাহে কমি আহে আৰু কেতিয়াবা একেৰাহে বন্ধ হৈ যায়।এনে হলে এনজিনা বা বুকুৰ বিষ অনুভূত হয়।অতি কম তেজ প্ৰৱাহিত হোৱা বা একেবাৰেই বন্ধ হৈ গলে হাৰ্ট এটেক হয়।কম চৰ্বি থকা মাংসসাৰৰ উৎসই যেনে বিভিন্ন ধৰনৰ বিন আৰু সৰু মাছ হৃদৰোগ হোৱাৰ আশ্ংকা কমাই ৰাখে।চৰ্বি থকা খাদ্য খাব লগা হলেও আমি অস্ংপৃক্ত চৰ্বি(Unsaturated fat)থকা খাদ্য যেনে—ফল মূল পাচলি সম্পূৰ্ন শস্যবীজৰ খাদ্য আৰু কম চৰ্বিযুক্ত গাখীৰৰপৰা প্ৰস্তত খাদ্য সামগ্ৰী খাব লাগে।এইসমূহে হৃদযন্ত্ৰৰ সুৰক্ষা প্ৰদান কৰাত সহায় কৰে।অমেগা-৩ ফেটি এচিড এবিধ বহু অস্ংপৃক্ত চৰ্বি।ই হাৰ্ট এটেক হোৱাৰ আশাংকা কমাই ৰাখিব পাৰে।কিছুমান খাদ্য যেনে চালমন আৰু মেকেৰীল আদি এনে চৰ্বিৰ ভাল প্ৰাকৃতিক উৎস।এই চৰ্বি ফ্লেক্স বীজৰ তেল,আখৰোটৰ তেল,ছয়াবিনৰ তেল কেনলা তেলত কম পৰিমানত পোৱা যায়।খাদ্যত স্ংপৃক্ত চৰ্বি যেনে –ৰঙা মাংস,গাখীৰৰ পৰা তৈয়াৰী সমগ্ৰী,নাৰিকল আৰু প্লামৰ তেল আদি আৰু ট্ৰান্স চৰ্বিৰ যেনে—গাঢ়কৈ ভজা ফাষ্টফুড ভাতিত তৈয়াৰী খাদ্য তৈয়াৰী নিমখীয়া লঘু আহাৰ,মাৰ্গাৰাইন ক্ৰেকাৰছ আদি)পৰিমান নিয়ন্ত্ৰন কৰাটো অতি গুৰুত্বপূৰ্ন।খাদ্য সামগ্ৰীৰ পেকেটৰ ওপৰত থকা লেবেলত পাৰ্চিয়েলি হাইড্ৰজেনেটেড বুলি লিখা থকা সামগ্ৰী গ্ৰহনৰপৰা বিৰত থাকি ট্ৰান্স চৰ্বিৰ গ্ৰহনৰপৰা আতঁৰি থাকিব পাৰি।দিনত ৫ৰ পৰা ১০টাকৈ ফল মূল শাক-পাচলি আমাৰ আহাৰত গ্ৰহন কৰিব লাগে।এনে পৰিমানৰ ফল মূল আৰু পাচলি গ্ৰহনৰ ফলত কেৱল হৃদৰোগ প্ৰ্তিৰোধ কৰাই নহয় বহুবোৰ কৰ্কট ৰোগ প্ৰ্তিৰোধ সম্ভৱ হব পাৰে।
দেহৰ ওজন কমাই সঠিক ওজন কৰি মেদবহুলতা আতঁৰাব লাগে।উচিত খাদ্য গ্ৰহন শাৰীৰিক কাম-কাজ আৰু ব্যায়াম আদিয়ে শৰীৰৰ সঠিক ওজন নিয়ন্ত্ৰনৰ সহায় কৰে।কেইবাটাও সমীকৰনেৰে দেহৰ সঠিক ওজন নিৰ্দ্ধাৰন কৰিব পাৰি।একেবাৰে সৰল উপায়টো হল সাধাৰন ব্যক্তি এজনৰ দেহৰ উচ্চতাৰ(ছে:মি)পৰা ১০০ বিয়োগ কৰা—যি স্ংখ্যা ওলাব সেয়াই হল কিলোগ্ৰাম হিচাপত সেই ব্যক্তিজনৰ বাবে উপযুক্ত শাৰীৰিক ওজন।সাধাৰনতে দেহৰ ওজন প্ৰ্তি বৰ্গমিটাৰ দেহ আয়তন হিচাপত ১৯ৰ পৰা ২৩ কিলোগ্ৰাম ভিতৰত হব লাগে।ককাঁলৰ ঘেৰ পুৰুষৰ ৯০ ছেন্টিমিটাৰতকৈ কম আৰু মহিলাৰ ৮০ ছেণ্টিমিটাৰতকৈ কম হব লাগে।এনে ধৰ্ন থাকিলে হৃদৰোগ কমকৈ হয়।১০ শতাংশ ওজন কমাব পাৰিলে ৰক্তচাপো কমি যায়,তেজত কলেষ্ট্ৰৰোল মাত্ৰাও কমে।প্ৰপ্তবয়স্ক অৱস্থাত ওজন বৃদ্ধি বিশেষকৈ পেশীৰ বাবে নহয় ই হয় চৰ্বিৰ বাবে।এনে অধিক ওজন বৃদ্ধিৰ ফলত হোৱা উচ্চ ৰক্তচাপ,উচ্চ মাত্ৰাৰ কলেষ্টেৰল আৰু মধুমেহ আদিয়ে হৃদৰোগৰ সৃষ্টি কৰে।স্বাস্থ্যসন্মত ওজন আছেনে নাই তাক চাবলৈ “বডি মাছ ইণ্ডেক্স”ব্যৱহাৰ কৰা হয়।এই প্ৰ্ক্ৰিয়াত কোনো ওজন বৃদ্ধি হৈছে নে কমিছে তাক নিৰ্নয় কৰা হয়।বি এম আই ২৫তকৈ অধিক হলে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ আশ্ংকা বৃদ্ধি কৰে।
উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্ট্ৰৰলে হৃদযন্ত্ৰৰ ক্ষতি কৰে।যিহেতু পৰীক্ষা নকৰাকৈ তেনে কিবা অৱস্থা হৈছে নেকি ধৰা পেলোৱাটো অসম্ভৱ সেয়েহে নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰি আমি আমাৰ হৃদযন্ত্ৰৰ অৱস্থা কি আৰু কিবা ৱ্যৱস্থা লব পাৰো নেকি জানিব পাৰো।শিশু কালৰেপৰাই নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰা উচিত।প্ৰাপ্তবয়স্কসকলে প্ৰ্তি দুবছৰতে কমেও এবাৰ ৰক্তচাপ পৰীক্ষা কৰিব লাগে।যদি এই সংখ্যা আদৰ্শ নহয় বা অন্য কিবা হৃদৰোগৰ সম্ভাৱনা থাকে তেন্তে অধিক সঘনাই ৰক্তচাপ পৰীক্ষা কৰোৱাৱ লাগে।সাধাৰনতে ৰক্তচাপ ১৩০/৮০ মিলিমিটাৰ পাৰাস্তম্ভৰ ভিতৰত থকা ভাল।প্ৰাপ্ত বয়স্কসকলে প্ৰ্তি পাচঁ বছৰত কমেও এবাৰ লিপিড প্ৰফাইল পৰীক্ষা কৰিব লাগে।কলেষ্ট্ৰেৰল LDLৰ পৰিমান প্ৰ্তি ডেচিলিটাৰ তেজত ১০০ মিলিগ্ৰামতকৈ কম HDL পৰিমান প্ৰ্তি ডেচিলিটাৰ তেজত ৪০ মিলিগ্ৰামতকৈ অধিক আৰু ট্ৰাইগ্লিচাৰিয়িডৰ পৰিমান প্ৰতি ডেচিলিটাৰ তেজত ১৮০ মিলিগ্ৰামতকৈ কম থকা জৰুৰী।সাধাৰনতে HDL ক হৃদৰোগ প্ৰ্তিৰোধক কলেষ্ট্ৰৰেল বুলি কোৱা হয়।সেয়েহে ই অধিক থকা ভাল।বিশ বছৰ বয়সৰ পৰাই এই পৰীক্ষা আৰম্ভ কৰিব লাগে।যদি ইয়াৰ মাত্ৰা বেছি থকা দেখা যায় তেন্তে অধিক সঘনাই পৰীক্ষা কৰি থাকিব লাগে।আন হৃদৰোগৰ আশ্ংকা থাকিলেও এনে কৰা উচিত।যিবোৰ পৰিয়ালত হৃদৰোগ থাকে তেনে পৰিয়ালৰ শিশুসকলৰ সৰুতেই লিপিডপ্ৰফাইলৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত।যিহেতু হৃদৰোগ বৃদ্ধি হোৱাৰ ক্ষেত্ৰত ডায়েবেটিছ এটা প্ৰধান কাৰন,সেয়েহে নিয়মীয়াকৈ ডায়েবেটিছ হৈছে নেকি(আহাৰ নোখোৱাকৈ আৰু খাই তেজৰ ছুগাৰ)পৰীক্ষা কৰি থাকিব লাগে।অতি বেছি ওজন বৃদ্ধি পৰিয়ালত কাৰোবাৰ ডায়েবেটিছ ইতিহাস আদি থাকিলে ৩০-৩৫ বছৰ বয়সৰ ভিতৰতে প্ৰথমবাৰ ডায়েবেটিছ বাবে পৰীক্ষা কৰিব লাগে।ইয়াৰ পিছৰ প্ৰ্তি ৩-৫ বছৰত কমেও এবাৰকৈ পৰীক্ষা কৰোৱা উচিত।
ডা: ধৰ্মকান্ত কুম্ভকাৰ
শেহতীয়া উন্নীতকৰণ: : 6/3/2020
থেল্ছৰ পৰীক্ষা
কেকোঁৰা, মিছামাছৰ মাজত ম’বাইল ফ’ন পৰীক্ষা
চহা-মইনাহঁতৰ আঁৰে আঁৰে ২
জ্যোতিৰ্বিদ্যা সম্পৰ্কীয় এলানি পৰীক্ষা