অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগৰ চিকিৎসাত ব্যৱহৃত কেইটিমান পৰীক্ষা আৰু শল্যচিকিৎসা

হৃদৰোগ বিশেষজ্ঞই হাৰ্ট এটেক, ধমনীৰ ব্লকেজৰ স্থান আৰু নিষ্ক্ৰিয় কলাৰ বিষয়ে জানিবলৈ বিভিন্ন পৰীক্ষাৰ সহায় লয়। ই চি জি এনে এটা পৰীক্ষা যি হৃদযন্ত্ৰৰ ভিতৰৰ বৈদ্যুতিন কাৰ্যপ্ৰণালীৰ লিপিবদ্ধ ৰূপ দাঙি ধৰে। তেজৰ বিভিন্ন পৰীক্ষা আৰু ই চি জিয়ে হৃদৰোগীৰ প্ৰাথমিক অৱস্থাৰ বিষয়ে তথ্য আগবঢ়ায়। তেনেদৰে এঞ্জিওগ্ৰাফী আৰু ৰেডিঅইষ্টপ স্কেনে ক্ষতি হোৱা আৰু ব্লকেজৰ তথ্য জনায়। আলট্ৰাচাউণ্ড ষ্টাডি বা ইক’কাৰ্ডিওগ্ৰাফে হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালীৰ বিষয়ে জনায়।

ফন’কাৰ্ডিওগ্ৰাফী

হৃদযন্ত্ৰৰ শব্দ আৰু বাহিৰা শব্দ ৰেকৰ্ড কৰে। ই ষ্টেথোস্কোপতকৈ বেছি কাৰ্যকৰী। কিয়নো হৃদযন্ত্ৰৰ শব্দৰ তাৰতম্য এই ব্যৱস্থাই স্পষ্টভাৱে ৰেকৰ্ড কৰে আৰু বিভিন্ন শব্দৰ মাজৰ সময়ৰ ব্যৱধান জানিব পাৰি।

ইক’কাৰ্ডিওগ্ৰাফী

হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ বিশেষকৈ ভালভ্‌ৰ বিসংগতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ৰোগীৰ বাবে এটা আৰামদায়ক প্ৰযুক্তি। ইয়াৰ শ্ৰেণীসমুহৰ ভিতৰত আছে এম-মোড, ডপলাৰ আৰু ট্ৰেন্সেচ’ফাগিল ইক’কাৰ্ডিওগ্ৰাফী আদি।

ৰেডিঅ’ইষ্টপ পৰীক্ষা

হৃদৰোগ চিনক্ত কৰিবলৈ এই পৰীক্ষা কৰা হয়। ৰোগীৰ দেহত ৰেডিঅ’ইষ্টপ ইমেজিং এজেণ্ট ইঞ্জেকচনৰ সহায়ত সুমুৱাই দিয়া হয় আৰু এটা কেমেৰা ব্যৱহাৰ কৰি ৰেডিঅ’ এক্টিভিটি বিস্তাৰৰ ছবি ধৰি ৰখা হয়।

এঞ্জিঅ’কাৰ্ডিওগ্ৰাফী

ৰেডিওপেক কনট্ৰাষ্ট মিডিয়াম ইনজেক্ট কৰি এডাল কেথাটাৰৰ মাধ্যমেৰে হাৰ্টৰ বিভিন্ন ঠাইৰ এক্স-ৰে পৰীক্ষা কৰা হয়। ইয়াৰ ফিল্মবোৰে হাৰ্ট চেম্বাৰৰ আকৃতি আৰু গতিৰ বিষয়ে জনোৱাৰ উপৰিও এওৰ্টিক আৰু মাইট্ৰাল ভাল্‌ভ ৰিগাৰ্জিটেচনৰ বিষয়েও জনায়।

আৰ্টাৰিওগ্ৰাফী

কৰোনাৰি আৰ্টাৰিওগ্ৰাফীত এডাল কেথাটাৰৰ মাধ্যমেৰে কণ্ট্ৰাষ্ট মিডিয়াম ইনজেক্ট কৰি প্ৰত্যেক কৰোনাৰি ধমনীৰ ছবি লোৱা হয়। ইয়াৰ পৰা এই ধমনীৰ বেৰ ডাঠ হৈ পৰা এথেৰোস্কেলৰ’চিচ অৱস্থাৰ বিষয়ে জানি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হয়।

হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালন সম্পৰ্কীয় তথ্য

  • এজন সুস্থ প্ৰাপ্তবয়স্ক লোকৰ হৃদস্পন্দনৰ গতি প্ৰতিমিনিটত ৬০ৰ পৰা ৯০ বাৰ। অৰ্থাৎ এদিনত হৃদযন্ত্ৰই ৮৫,০০০ বাৰ ধপ্‌ধপায়।
  • শিশুৰ হৃদস্পন্দনৰ গতি প্ৰতিমিনিটত ১০০ৰ পৰা ১২০ বাৰ আৰু এদিনত ১ লাখ ৪০ হেজাৰ বাৰ।
  • এবাৰত হৃদযন্ত্ৰটোৱে প্ৰায় ৭০ মি:লি: তেজ পাম্প কৰি ঠেলে।
  • এজন সুস্থ প্ৰাপ্তবয়স্ক লোকৰ শৰীৰত প্ৰায় ৬-৭ লিটাৰ তেজ থাকে।
  • হৃদপিণ্ডৰ পৰা ওলাই যোৱা তেজখিনি পুনৰ ঘূৰি আহি হৃদপিণ্ড পাওঁতে সময় লাগে ৬০ৰ পৰা ৯০ ছেকেণ্ড।
  • বেলুন এঞ্জিওপ্লাষ্টি নামৰ পদ্ধতিটো পোনপ্ৰথমে ১৯৬৪ চনতে এজন ৰোগীৰ ওপৰত ব্যৱহাৰ কৰা হৈছিল। কিন্তু এই প্ৰচেষ্টা বিফল হৈছিল।
  • ১৯৭৭ চনত চুইজাৰলেণ্ডত এই ব্যৱস্থা উন্নীতকৰণ কৰি ব্যৱহাৰ কৰি সফল হোৱাত জনপ্ৰিয় হৈ পৰিল।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate