অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগৰ বিভিন্ন কাৰণ

মানুহৰ বয়স, লিংগ, কাম নকৰাকৈ থকাৰ সময়ত হোৱা শক্তিৰ খৰচ আৰু দৈহিক শ্ৰম আদিৰ ওপৰতে তেওঁৰ প্ৰয়োজন হোৱা এনাৰ্জি বা কেলৰি শক্তিৰ পৰিমাণ নিৰ্ভৰ কৰে। দৈনিক গ্ৰহণ কৰা খাদ্যত কেলৰিৰ প্ৰয়োজন আৰু যোগাসনৰ ভাৰসাম্য ৰক্ষা কৰাটোৱেই সুস্থ হৈ থকাৰ চাবিকাঠী। ইয়াৰ লগে লগে ধূমপান, মদ্যপান, অতিৰিক্ত চৰ্বি গ্ৰহণৰ দৰে বদ অভ্যাসবোৰ এৰাই চলিলে হৃদৰোগ হোৱাৰ ভয় নাথাকে। হৃদৰোগৰ কাৰণসমূহ মূলত এনেধৰণৰ–

কলেষ্টেৰল আৰু হৃদযন্ত্ৰ

কলেষ্টেৰল আৰু হৃদৰোগৰ সম্বন্ধ অতি গভীৰ। কিন্তু কলেষ্টেৰল স্বয়ং একো বেয়া বস্তু নহয়। ই আমাক বহু প্ৰকাৰে সহায় কৰে। আমাৰ শৰীৰ নিৰ্মাণ কৰা কোশিকাৰ আৱৰণী, পুৰুষত্ব আৰু নাৰীত্ব সম্বন্ধীয় হৰমোন আৰু তন্ত্ৰিকাৰ আৱৰণী কলেষ্টেৰল নহ’লে তৈয়াৰ নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় কলেষ্টেৰলৰ প্ৰায় ৮০ শতাংশ শৰীৰে নিজেই উৎপাদন কৰে। নিজা ৰাসায়নিক সংৰচনাৰ বাবে কলেষ্টেৰল তেজত অদ্ৰৱীভূত আৰু সেইবাবে ই লাইপো প্ৰোটিনলৈ পৰিৱৰ্তিত হয়। লাইপো প্ৰোটিন ৰাসায়নিক সংৰচনা আৰু গুণৰ ফালৰপৰা ভিন্নধৰণৰ হয়। ইয়াক কায়লো-মাইক্ৰোন্স, বি এল ডি এল, এল ডি এল আৰু এইচ দি এল আদি ভাগত ভাগ কৰা হয়। ইয়াৰ ভিতৰত মুখ্য হ’ল এল ডি এল আৰু আমাৰ তেজৰ ৬০ৰ পৰা ৭০ শতাগশ কলেষ্টেৰল ইয়াৰ অন্তৰ্গত। ২০ৰ পৰা ৩০ শতাংশ কলেষ্টেৰল এইচ ডি এলৰ অন্তৰ্গত। দুয়োটাৰে হৃদৰোগৰ সৈতে বেলেগ বেলেগ সম্বন্ধ আছে। এল ডি এল হানিকাৰক, কিন্তু এইচ ডি এল উপকাৰী। সেয়ে তেজত কলেষ্টেৰলৰ মাত্ৰা জনাৰ উপৰি এইবোৰৰ পৰিমাণ জনা দৰকাৰ আৰু ইয়াৰ বাবে ‘লিপিড প্ৰোফাইল টেষ্ট’ কৰোৱাৰ দৰকাৰ। ইয়াৰ জৰিয়তে লাইপো প্ৰোটিনৰ প্ৰত্যেকৰ অংশৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয়। তেজত কলেষ্টেৰলৰ মাত্ৰা অতি কম থকাটোৱে হৃদযন্ত্ৰৰ বাবে সুৰক্ষাজনক। আগতে কলেষ্টেৰল প্ৰতি শতাংশত ২৫০ মি:গ্ৰা:লৈ থকাটোক উদ্বেগজনক নহয় বুলি কোৱা হৈছিল। বৰ্তমান নতুন অধ্যয়ন অনুসৰি ইয়াৰ মাত্ৰা ২০০ মি:গ্ৰা:তকৈ কম হ’লে ভাল বুলি কোৱা হৈছে। কলেষ্টেৰলৰ মুখ্য ঘটক ট্ৰাইগ্লিচাৰাইডকে ধৰি অন্য ঘটকসমূহৰ বাঞ্ছনীয় স্তৰ, স্বাভাৱিক আৰু অস্বাভাৱিক স্তৰৰ মাজৰ সীমাস্পৰ্শী স্তৰ আৰু অবাঞ্ছনীয় স্তৰৰ এখন তলত দিয়া হ’ল। হৃদৰোগ নোহোৱা স্বাস্থ্যৱান ব্যক্তিৰ ক্ষেত্ৰত এই তালিকা প্ৰযোজ্য।

কলেষ্টেৰলৰ বিভিন্ন স্তৰ

চৰ্বিৰ ৰূপ

বাঞ্চনীয় স্তৰ(mg/de)

সীমাস্পৰ্শী স্তৰ(mg/de)

অবাঞ্চনীয় স্তৰ(mg/de)

মুঠ কলেষ্টেৰল

২০০ ৰ কম

২০০-২৩৯

২৪০ ৰ ওপৰ

এল ডি এল কলেষ্টেৰল

১৫০ ৰ কম

১৩০-১৫৯

২৪০ ৰ ওপৰ

এইচ ডি এল কলেষ্টেৰল

৪৫ ৰ ওপৰ

৪০-৪৫

৪০ ৰ কম

ট্ৰাইগ্লিচাৰইডচ

১৫০ ৰ কম

১৫০-১৯৯

২০০ ৰ ওপৰ

 

ধূমপান আৰু হৃদযন্ত্ৰ

হৃদৰোগৰ সৈতে ধূমপানৰ সম্বন্ধ সম্পৰ্কে সকলোৱে জানে। এতিয়ালৈকে এই ধোঁৱাত থকা চাৰি হেজাৰতকৈ বেছি হানিকাৰক পদাৰ্থ সম্পৰ্কে জনা গৈছে আৰু ইয়াৰ প্ৰত্যেকৰে নিজস্ব হানিকাৰক ক্ষমতা আছে। ধূমপানে হৃদয়গতি আৰু ৰক্তচাপ বৃদ্ধি কৰাৰ লগতে ৰক্ত সঞ্চালন প্ৰণালীত প্ৰতিৰোধক বৃদ্ধি কৰে। তেজৰ অক্সিজেন বহন কৰা ক্ষমতাও কমি যায় আৰু কৰোনাৰি ধমনীত তেজৰ সৰবৰাহ কম হয়। ইয়াৰ উপৰিও ধূমপানৰ ক্ষতিকাৰক প্ৰভাবে ৰক্তকণাৰ ‘ক্লট’ সৃষ্টি কৰাৰ আশংকা বৃদ্ধি কৰে। তেজৰ হানিকাৰক কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে আৰু উপকাৰী এইচ ডি এলৰ মাত্ৰা হ্ৰাস কৰে। এক অধ্যয়ন অনুসৰি ধূমপান নকৰা ব্যক্তিৰ তুলনাত ধূমপান কৰা ব্যক্তিৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা তিনিৰ পৰা পাঁচগুণ বেছি। কোনে কিমান পৰিমাণে ধূমপান দৈনিক সেৱন কৰে তাৰ ওপৰতো হৃদৰোগৰ আশংকা নিৰ্ভৰ কৰে। ধূমপানৰ সৈতে গৰ্ভনিৰোধক বড়ি সেৱন কৰি থাকিলে মহিলাৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ৰক্তচাপ আৰু হৃদযন্ত্ৰ

ৰক্তচাপ বৃদ্ধি পাই থাকিলে হৃদৰোগৰ সম্ভাৱনা বাঢ়ে। হৃৎপিণ্ডৰ সংকোচনৰ সময়ত দেখুওৱা ৰক্তচাপ চিষ্টোলিক ব্লাড প্ৰেছাৰ আৰু প্ৰসাৰণৰ সময়ত দেখুওৱা চাপক ডায়াষ্টোলিক ব্লাড প্ৰেছাৰ বোলা হয়। ইয়াৰে কোনো এটা চাপ বৃদ্ধি পাই থাকিলে ধমনীত চৰ্বি জমাৰ প্ৰক্ৰিয়া খৰতকীয়া হয়। ৰক্তচাপ বৃদ্ধিৰ বাবে হৃদযন্ত্ৰৰ পেশীৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াৰ বাবে হৃদযন্ত্ৰত অক্সিজেনৰ প্ৰয়োজন বৃদ্ধি পায়।ৰক্তচাপ যিমান বৃদ্ধি হয়, সংকট সিমানে গভীৰ হয়। এই সংকট দূৰ কৰিবলৈ চিষ্টোলিক ব্লাডপ্ৰেছাৰ ১৩০ৰ কম আৰু ডায়াষ্টোলিক ব্লাড প্ৰেছাৰ ৮৫ৰ কম থকা দৰকাৰ।

ডায়েবেটিছ আৰু হৃদযন্ত্ৰ

মধুমেহ ৰোগৰ বাবে চৰ্বিৰ ৰসায়নৰ বিসংগতি হ’বলৈ ধৰে আৰু ধমনীত চৰ্বি জমা হোৱাটো খৰতকীয়া হয়। সেয়ে মধুমেহ ৰোগত কৰোনাৰি ধমনীৰ ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে। এই ৰোগত আক্ৰান্ত মহিলাৰ হৃদৰোগৰ সম্ভাৱনা দুগুণ আৰু পুৰুষৰ ডেৰ গুণ। মধুমেহত আক্ৰান্ত যিসকল ৰোগীৰ ৰক্তচাপ উচ্চ হয় অথবা ধূমপান আদিত অভ্যস্ত হয় তেনে ৰোগীৰ হৃদৰোগৰ সম্ভাৱনা বহুগুণে বাঢ়ি যায়। এই সংকট দূৰ কৰিবলৈ ৰক্তশৰ্কৰা আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ লগতে হৃদৰোগ সৃষ্টিকাৰী সম্ভাৱ্য কাৰকসমূহ এৰাই চলিব লাগে।

আনুবংশিক কাৰণ

ৰোগ উৎপত্তিৰ মূলতে বংশগত প্ৰৱণতাও এটা গুৰুত্বপূৰ্ণ কাৰক। ককাক-আইতাক, পিতৃ-মাতৃৰ হৃদৰোগ থাকিলে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে পৰিয়ালত ৰোগৰ ইতিহাস নাথাকিলে ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে অথবা পৰিয়ালত থাকিলে পিছৰ প্ৰজন্মৰ এই ৰোগ হোৱাটো নিশ্চিত। ই এটা সতৰ্ক বাণীৰ আধাৰ। পৰিয়ালত এই ৰোগ হোৱাৰ প্ৰৱণতা থাকিলে আৰম্ভণিৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগে।

মেদবহুলতা আৰু হৃদযন্ত্ৰ

মেদবহুলতা শৰীৰৰ শত্ৰু। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱাৰ ভয় থাকে, ডায়েবেটিছ হ’ব পাৰে, তেজত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰইডৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হোৱাৰ সম্ভাৱনা থাকে। এই সকলোবোৰ স্থিতি হৃদযন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ। ইয়াৰ লগে লগে হৃদযন্ত্ৰৰ বোজা বৃদ্ধি পায় আৰু বাওঁ নিলয়ৰ পেশী বৃদ্ধি হৈ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতাত দুষ্প্ৰভাৱ পেলাব পাৰে। বয়সৰ লগে লগে আৰম্ভ হোৱা মেদ বৃদ্ধি, বিশেষকৈ চৌপাশে হোৱা মেদ বৃদ্ধি আহাৰ নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ জৰিয়তে ৰোধ কৰিব লাগে।

শাৰীৰিক নিষ্ক্ৰিয়তা

বৈজ্ঞানিক উপকৰণসমূহে আধুনিক সা-সুবিধা ইমান বঢ়াই দিছে যে ঘৰৰ ভিতৰত কৰিব পৰা সাধাৰণ পৰিশ্ৰমখিনিৰ পৰাও মানুহে অব্যাহতি লৈছে। সন্দেহ নাই এনে সা-সুবিধাই সময় বচোৱাৰ লগতে কষ্ট লাঘৱ কৰিছে। কিন্তু এনে প্ৰযুক্তিগত সুবিধাৰ বাবে মানুহ শাৰীৰিকভাৱে নিষ্ক্ৰিয় হৈ পৰিছে আৰু এই গতিহীনতাই উচ্চ ৰক্তচাপ, মেদবহুলতা। ডায়েবেটিছ আদিৰ দৰে ৰোগৰ লগতে কৰোনাৰি ধমনীৰ ৰোগ হোৱাৰ সম্ভাৱনা বঢ়াই তুলিছে। আৰামদায়ক জীৱনপ্ৰিয় হ’লেও ৰোগৰ আক্ৰমণ নহ’বলৈ যিমান পৰা যায় শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো নিৰাপদ ব্যৱস্থা।

ট্ৰাইগ্লিচাৰইডচ আৰু হৃদযন্ত্ৰ

শৰীৰত কলেষ্টেৰলৰ লগতে ট্ৰাইগ্লিচাৰইডৰ ৰূপতো চৰ্বি সঞ্চিত হয়। প্ৰয়োজনতকৈ অধিক আহাৰ খালে আৰু এই আহাৰত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ অধিক হ’লে তেজত ট্ৰাইগ্লিচাৰইডৰ মাত্ৰা বাঢ়ি যায়। ডায়েবেটিছ ৰোগ হ’লেও এই জৈৱ ৰসায়নিক ভাৰসাম্যহীনতা উৎপন্ন হয়। ট্ৰাইগ্লিচাৰইডৰ এই বৃদ্ধিয়ে কৰোনাৰি ধমনীত সংকট উৎপন্ন কৰে। অধ্যয়নৰ পৰা জনা গৈছে যে ভাৰতীয় উপ-মহাদেশত কম বয়সত হোৱা কৰোনাৰি ধমনীৰ ৰোগ হোৱাৰ অন্তৰালত হাইপাৰ ট্ৰাইগ্লিচাৰইডিমিয়াই প্ৰধানকৈ দায়ী।

মনোসামাজিক কাৰণ

ভাৰতীয় দৰ্শনত মনৰ উৎকৰ্ষক সদায় আগস্থান দিয়া হৈ আহিছে। ক্ৰোধ, ঈৰ্ষা, দ্বেষ, দুশ্চিন্তা, উচ্চাকাংক্ষা আদিয়েজীৱনক পতনৰ মুখলৈ লৈ যাব পাৰে। একাকিত্ব আৰু অৱসাদেও স্বাস্থ্যৰ ওপৰত হানিকাৰক প্ৰভাৱ পেলায়। বৰ্তমান এইবোৰ মনোসামাজিক চাপৰ ফলত শৰীৰত হোৱা ক্ষতিৰ বিষয়ে আধুনিক বিজ্ঞানেও বুজিব পাৰিছে। অধ্যয়ন অনুসৰি মন প্ৰফুল্লিত কৰি ৰাখিব পাৰিলে হৃদয় স্বাস্থ্যবান হৈ থাকিব পাৰে। ইয়াৰ বিপৰীতে চাপযুক্ত মন হৃদযন্ত্ৰৰ বাবে প্ৰতিকূল হৈ হৃদৰোগৰ আশংকা বঢ়াই তোলে।

লিখক: ডা° কংকন ভট্টাচাৰ্য, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate