অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদয়

ইয়াত হৃদযন্ত্ৰৰ বিভিন্ন বিসংগতি, ৰোগ আৰু নিৰাময়ৰ বিষয়ে আলোচনা কৰা হৈছে।

জন্মতে হৃদয়ৰ বিসংগতি

  • জন্মৰপৰাই হৃদযন্ত্ৰ গঠনত সমস্যা। জন্মগত হৃদযন্ত্ৰ বিসংগতিৰ ফলত হৃদযন্ত্ৰ স্বাভাৱিক তেজৰ সোঁত যোৱাত বাধা প্ৰদান কৰা ।
  • হৃদযন্ত্ৰৰ বহু ধৰণৰ বিসংগতি হ'ব পাৰে। কিছুমান সাধাৰণ আৰু কিছুমান জটিল।

লক্ষণ

  • প্ৰায়বোৰ জন্মগত হৃদযন্ত্ৰ বিসংগতিত কোনো ধৰণৰ লক্ষণে দেখা নিদিয়ে।
  • অতি বেছি বিসংগতি হ’লে শিশুৰ মাজত কিছুমান লক্ষণে দেখা দিয়ে। এইবোৰৰ ভিতৰত ঘনাই উশাহ লোৱা, ছাল উঠা, নখত নীলা বৰণ, ভাগৰুৱা, ৰক্ত সঞ্চালন কমি যোৱা।
  • অলপ ডাঙৰ শিশুবোৰে খেলা-ধুলা বা ব্যায়াম কৰোতে অলপতে ভাগৰ লগা।
  • ব্যায়াম কৰিলেই অলপতে ভাগৰ লগা, উশাহ ঘন আৰু চুটি হোৱা, হাওঁফাওঁত তেজ আৰু পানীৰ পৰিমাণ বাঢ়ি যোৱা, ভৰিৰ পঁতা, গেৰুৱা আৰু ভৰিত পানী জমাহৈ উখহি উঠা আদি ধৰণৰ হৃদযন্ত্ৰ স্তব্ধৰ লক্ষণবোৰে দেখা দিয়ে।

অতি বেছি জটিলতা থাকিলে গৰ্ভস্থ অৱস্থাত বা জন্মৰ লগে লগেই ধৰা পৰে। কিছুমান লক্ষণ শৈশৱৰ আগতে ধৰা নপৰে। কিছুমান প্ৰাপ্তবয়স্ক অৱস্থাতো ধৰা নপৰে।

ৰিউমেটিক হৃদযন্ত্ৰৰ ৰোগ

ষ্ট্ৰেপট’ককেল বেক্টেৰীয়াই প্ৰথমতে ডিঙিত সংক্ৰমণ কৰে। ইয়াৰ পাছত ৰোগৰ সংক্ৰমনহৈ হৃদযন্ত্ৰৰ ভালভবোৰ অকামিলা কৰি পেলায়। ইয়াৰ ফলতে ৰিউমেটিক হৃদযন্ত্ৰৰ ৰোগ হয়। যদি এই সংক্ৰমণ ডিঙিত আৰম্ভ হোৱাৰ সময়তে চিকিৎসা কৰা নাযায় তেন্তে ই ৰিউমেটিক জ্বৰ লৈ পৰিৱৰ্তিত হয় আৰু এনেকৈ থাকিলে ইয়াৰ পৰাই ৰিউমেটিক হৃদযন্ত্ৰৰ ৰোগ হয়গৈ।

ৰিউমেটিক জ্বৰ এবিধ প্ৰদাহকাৰী ৰোগ। যিয়ে সংযোগী টিছুবোৰৰ ওপৰত প্ৰভাৱ পেলায়। বিশেষকৈ হৃদযন্ত্ৰ, হাড়ৰ যোৰা, মগজু আৰু ছালৰ টিছুত। যেতিয়া ৰিউমেটিক জ্বৰে হৃদযন্ত্ৰৰ স্থায়ী ক্ষতি কৰে, সেই অৱস্থাটোকে ৰিউমেটিক হৃদযন্ত্ৰ ৰোগ বোলা হয়।

সকলো বয়সৰ লোকৰে ৰিউমেটিক জ্বৰ হ’ব পাৰে। কিন্তু ৫ৰ পৰা ১৬ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ মাজত সাধাৰণতে এই ৰোগ হোৱা দেখা যায়।

ৰিউমেটিক জ্বৰৰ লক্ষণ

  • জ্বৰ।
  • মনিবন্ধনি, আঠু, কিলাকুটি, গেৰুৱা আদি উখহি উঠা, দূৰ্বল হোৱা, ৰঙা পৰা আৰু গাঠিবোৰত বিষ হোৱা।
  • উখহি উঠা হাড়ৰ গাঠিবোৰত সৰু সৰু টেমুনাৰ সৃষ্টি হোৱা।
  • হাত, ভৰি আৰু মুখৰ মাংশপেশীবোৰ নিজে নিজে কঁপি থকা।

দূৰ্বল আৰু উশাহ চুটি হৈ অহা।

হৃদযন্ত্ৰৰ ভালভ নষ্ট হ’লে কি হয়?

ক্ষতিগ্ৰস্থ ভালভ সম্পূৰ্ণকৈ বন্ধও নহয় আৰু সম্পূৰ্ণকৈ খোলো নাখায়।

হৃদযন্ত্ৰৰ ভালভ ঠিকমতে বন্ধ নহ’লে তাৰ পৰা কিছু তেজ য’ৰ পৰা পাম্প কৰি পঠিয়াইছিল তালৈ ঘূৰি যায়। এইটোক ৰিগাৰ’গিটেচন বা লিকেজ বোলা হয়। পিছৰবাৰ স্পন্দনৰ লগত এই তেজ ভালভৰ মাজেৰে গৈ স্বাভাৱিক তেজ প্ৰবাহৰ লগত মিলি যায়। এই অতিৰিক্ত পৰিমাণৰ তেজ হৃদযন্ত্ৰৰ মাজেৰে প্ৰবাহিত হোৱাৰ ফলত হৃদযন্ত্ৰৰ পেশীবোৰৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হয়। যেতিয়া এই ভালভ সম্পূৰ্ণকৈ নোখোলে, তেতিয়া সৰু ফুটাৰে বেছিকৈ তেজ পঠাবলৈ হৃদযন্ত্ৰই বেছিকৈ পাম্প কৰিব লগা হয়। এই ফুটাটো একেবাৰে সৰু নহ’লে সাধাৰণতে কোনো উপসৰ্গই দেখা নিদিয়ে।

এই ৰোগ কেনেদৰে নিৰ্ণয় কৰিব পাৰি?

হৃদযন্ত্ৰৰ ক্ষতি হৈছে নেকি জানিবলৈ সাধাৰণতে বুকুৰ এক্সৰে আৰু ইলেক্টকাৰ্ডিঅগ্ৰাম (ইচিজি)কৰা হয়।

ইয়াৰ চিকিৎসা কি?

ব্যক্তিৰ সাধাৰণ স্বাস্থ্য, ৰোগৰ ইতিহাস, ৰোগৰ বৰ্তমানৰ স্থিতি, আদি সকলো দিশ চোৱাৰ পাছত বিশেষ চিকিৎসা কৰা হয়।
যিহেতু ৰিউমেটিক জ্বৰৰ ফলতে হৃদযন্ত্ৰৰ ৰোগ হয়, সেইবাবেই ৰিউমেটিক জ্বৰ প্ৰতিৰোধ কৰাটোৱেই প্ৰকৃত চিকিৎসা।

এই জ্বৰ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায়?

ৰিউমেটিক জ্বৰ প্ৰতিৰোধ কৰিব পাৰিলেই হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। এই জ্বৰ প্ৰতিৰোধ কৰিবলৈ ডিঙিত সংক্ৰমণ হোৱাৰ লগে লগেই উপযুক্ত আৰু সম্পূৰ্ণ চিকিৎসা কৰিলে আগলৈ আৰু এইৰোগ হোৱাৰ সম্ভাৱনা কম হয়।

হৃদযন্ত্ৰ বিকল


হৃদযন্ত্ৰ মানুহৰ বুকুৰ মাজডোখৰৰ পৰা অকণমান বাওঁফালে থাকে। প্ৰতিদিনে ই প্ৰায় ১ লাখ বাৰ স্পন্দন হয়। প্ৰতিবাৰ স্পন্দনত ই শৰীৰৰ সকলো অংগলৈ তেজ থেলি পঠিয়ায় বা পাম্প কৰে। এক মিনিটত ৬০-৯০ বাৰ এনেদৰে তেজ পাম্প কৰে। হৃদযন্ত্ৰৰ কাম সুচাৰূৰূপে চলি থাকিবলৈ মায়্কাৰ্ডিয়াম স্বাস্থ্যবান অৱস্থাত থকা দৰকাৰ।

হৃদপিণ্ডই কৰ’নেৰী ধমনীৰ যোগেৰে প্ৰয়োজনীয় পুষ্টি আৰু অক্সিজেন পায়। হৃদযন্ত্ৰ দুটা ভাগত বিভক্ত, সোঁ আৰু বাওঁ। সোঁফালটোত দুটা কোঠালী থাকে সোঁ নিলয় আৰু সোঁ অলিন্দ। একেদৰে বাওঁভাগতো দুটা কোঠালী থাকে বাওঁ নিলয় আৰু বাওঁ অলিন্দ। মুঠতে হৃদযন্ত্ৰত চাৰিটা কোঠালী থাকে। সোঁফালটোৱে দেহৰ অপৰিশোধিত তেজ গ্ৰহণ কৰে আৰু হাওঁফাওঁলৈ ঠেলি পঠিয়ায়। হাওঁফাওঁত তেজ পৰিশোধিত হয় আৰু হৃদযন্ত্ৰৰ বাওঁফালত সোমায়। ইয়াৰ পৰা হৃদযন্ত্ৰই তেজবোৰ দেহৰ বিভিন্ন অংগলৈ ঠেলি পঠিয়ায়। হৃদযন্ত্ৰৰ দুটা বাওঁফালে আৰু দুটা সোঁফালে থকা ভালভ এটা ফালেহে খোল খোৱা দৰ্জাৰ দৰে কাম কৰি তেজৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰে।

হৃদযন্ত্ৰ বিকল কি?

হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে শৰীৰৰ বিভিন্ন অংগলৈ তেজ পাম্প কৰি পঠিয়ায়। কৰ’নেৰী ধমনীৰে হৃদযন্ত্ৰই অক্সিজেন সমৃদ্ধ তেজৰ যোগান পায়। যদি কিবা কাৰণত এই ধমনীৰ পথ বন্ধ হৈ যায় তেতিয়া হৃদযন্ত্ৰৰ পেশীবোৰে তেজ আৰু পুষ্টি নোপোৱা হয়। এই অৱস্থাটোকে হৃদযন্ত্ৰ বিকল বোলা হয়। হৃদযন্ত্ৰৰ পেশীবোৰৰ ক্ষতিৰ ওপৰত নিৰ্ভৰ কৰি হৃদযন্ত্ৰ বিকলৰ জটিলতা নিৰূপিত হয়। মৃতপেশীবোৰে হৃদযন্ত্ৰৰ পাম্প কৰা ক্ষমতা দূৰ্বল কৰি পেলাব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰ স্তব্ধও হব পাৰে। উশাহ লওঁতে কষ্ট হোৱা আৰু ভৰি ঘাঁমি যোৱাটো ইয়াৰ লক্ষণ।

এইটো কিয় হয়?

বয়স বৃদ্ধিৰ লগে লগে কৰ’নেৰী ধমনীবোৰৰ লগতে সকলোবোৰ তেজবাহী নলীৰ ভিতৰৰ বেৰত কলেষ্ট্ৰৰেল জমা হ'বলৈ ধৰে। ইয়াৰ ফলত তেজৰ সঞ্চালনত লাহে লাহে বাধাৰ সৃষ্টি হৈ আহে। এই পথ লাহে লাহে সৰু হৈ অহাকে অথেৰ’স্কৰোচিছ বোলে।

মহিলাসকলতকৈ পুৰুষৰ হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনা বেছি। মহিলাবোৰ হয়তো যৌন হৰমন এষ্ট্ৰোজেন আৰু প্ৰজেষ্ট্ৰৰণৰ প্ৰভাৱত সুৰক্ষিত হৈ থাকে। ভাৰতকে ধৰি এছিয়াৰ সকলো লোকৰে হৃদযন্ত্ৰৰ ৰোগৰ প্ৰৱণতা অধিক বুলি অনুমান কৰা হয়।

আশংকাজনক কাৰণবোৰ:

  • ধূমপান।
  • মধুমেহ।
  • মেদবহুলতা আৰু অধিক ওজন।
  • বেছি পৰিমাণৰ কলেষ্ট্ৰৰেল আৰু অনুন্নত কলেষ্ট্ৰৰেলৰ পৰিমাণ বেছি থকা খাদ্য গ্ৰহণ।
  • কায়িক শ্ৰম নকৰা।
  • পৰিয়ালত হৃদযন্ত্ৰ বিকলত ইতিহাস।
  • মানসিক হেঁচা, অতিপাত খং আৰু উদ্বেগ।

বংশগত কাৰণ।

ইয়াৰ লক্ষণবোৰ কি?

লক্ষণবোৰ বুজিবলৈ কঠিন হয়। এইবোৰ আন অৱস্থাৰ লক্ষণৰ লগত মিলিব পাৰে। বুকু হেঁচা মাৰি ধৰা, বিষোৱা আৰু উশাহ লওঁতে কষ্ট হব পাৰে। ঘাঁমি যোৱা, বমিভাব, দূৰ্বল হোৱা আদি লক্ষণেও দেখা দিব পাৰে। বুকুৰ আগফালে বা কামিহাড়ৰ ভিতৰত বিষ হ'ব পাৰে। এই বিষ ডিঙি আৰু বাওঁ হাতলৈ বিয়পিব পাৰে। বমি হোৱা, উদ্বেগতা, কাঁহ, বুকু ধৰফৰ কৰা, বুকুৰ বিষ আদি লক্ষণেও দেখা দিব পাৰে। এনে লক্ষণবোৰ সাধাৰণতে ২০ মিনিটতকৈ বেছি সময় থাকে। অতি সাংঘাটিক অৱস্থাত ৰোগীৰ গাৰ বৰণ শেঁতা পৰি আহে। ৰক্তচাপ কমি গৈ ৰোগীৰ মৃত্যুও হ'ব পাৰে।

এই ৰোগ কেনেদৰে নিৰ্ণয় কৰিব পাৰি?

চিকিৎসকে ৰোগীৰ ৰোগৰ বুৰঞ্জী ল’ব। হৃদস্পন্দন আৰু ৰক্তচাপ জুখিব। ইলেক্ট্ৰকাৰ্ডিয়গ্ৰাম বা ইচিজি কৰিব। ইয়াত হৃদযন্ত্ৰৰ বৈদ্যুতিক কাৰ্য্যকলাপৰ তথ্যবোৰ পোৱা যায়। ইচিজিৰ ফলত হৃদস্পন্দনৰ হাৰ, অস্বাভাৱিক স্পন্দন আৰু আগতে হোৱা হৃদযন্ত্ৰ বিকলৰ বাবে হৃদযন্ত্ৰৰ কোনোবা পেশীৰ ক্ষতি হৈছে নেকি জানিব পৰা যায়। ইচিজিত সকলো স্বাভাৱিক থাকিলেও আগলৈ যে হৃদযন্ত্ৰ বিকল নহ'ব-তাৰ কোনো মানে নাই। হৃদযন্ত্ৰৰ পেশীৰ ক্ষতি হৈছে নেকি জানিবলৈ তেজ পৰীক্ষা কৰা প্ৰয়োজন। বুকুৰ এখন এক্সৰেও কৰিব লাগে। ইচিজিও একধৰণৰ স্কেন-যিয়ে হৃদযন্ত্ৰৰ কাম-কাজবোৰৰ বিষয়ে অতি প্ৰয়োজনীয় তথ্য প্ৰদান কৰে। কৰ’নেৰী নলী বন্ধ হোৱাটো কৰ’নেৰী এনজিঅগ্ৰাম কৰি সঠিকভাৱে বুজিব পৰা যায়।

হৃদযন্ত্ৰ বিকল হ’লে কেনে ধৰণৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰি?

হৃদযন্ত্ৰ বিকলত তৎকালীন চিকিৎসাৰে জীৱন ৰক্ষা কৰিব পৰা যায়। চিকিৎসক বা আন সহায় পোৱালৈকে প্ৰথমেই আক্ৰান্ত ব্যক্তিক শুৱাই দি দেহৰ সকলো টানকৈ থকা কাপোৰ ধিলা কৰি দিব লাগে। যদি ওচৰতে অক্সিজেনৰ চিলিণ্ডাৰ পোৱা যায়, তেন্তে আক্ৰান্ত ব্যক্তিক অক্সিজেন দিব লাগে। নাইট্ৰ’গ্লিছাৰিন বা চৰ্বিট্ৰেট বড়ি যদি থাকে- তেন্তে এটা বা দুটা বড়ি আক্ৰান্ত ব্যক্তিৰ জিভাৰ তলত ভৰাই দিব লাগে। পানীত গুলি এছপিৰিনৰ বড়িও দিব পৰা যায়।

কেনেদৰে চিকিৎসা কৰা হয়?

হৃদযন্ত্ৰ বিকলত অনতি পলমে চিকিৎসাগত সাহাৰ্য্যৰ প্ৰয়োজন হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাব লাগে। প্ৰথম কেইমিনিট আৰু কেইঘণ্টামান বৰ জটিল। প্ৰাথমিক অৱস্থাত কৰ’নেৰী নলীকাত গোট মৰা কলেষ্ট্ৰৰেলবোৰ গলাই দিবলৈ ঔষধ দিব পৰা যায়।হৃদস্পন্দন ভালদৰে পৰ্য্যবেক্ষণ কৰি থাকিব লাগে আৰু অস্বাভাৱিক হ’লে লগে লগে চিকিৎসা কৰিব লাগে। বেদনানাশক ঔষধ দিব লাগে আৰু ৰোগীক জিৰণি ল’বলৈ আৰু শুবলৈ দিব লাগে। যদি উচ্চ ৰক্তচাপ থাকে, তেন্তে ৰক্তচাপ কমোৱা ঔষধ দিব লাগে।

প্ৰকৃত চিকিৎসা ব্যক্তিসাপেক্ষ হয়। ৰোগীৰ বয়স, বিকলৰ তীব্ৰতা, হৃদযন্ত্ৰৰ ক্ষতিৰ পৰিমাণ, কৰ’নেৰী নলীকা বাধাপ্ৰাপ্ত কিমান হৈছে আদিৰ ওপৰত ভিত্তি কৰি চিকিৎসা কৰা হয়। বেছিভাগ ক্ষেত্ৰতে কৰ’নেৰীৰ বাধা আঁতৰাবলৈ অধিক সুনিশ্চিত পদ্ধতি ব্যৱহাৰ কৰিব লগাও হ’ব পাৰে। এই পদ্ধতিবোৰৰ ভিতৰত কৰ’নেৰী এঞ্জিঅপ্লাষ্টি, বেলুন ব্যৱহাৰ কৰি কৰ’নেৰী নলী প্ৰসাৰিত কৰা আৰু কৰ’নেৰীৰ বাইপাছ চাৰ্জাৰী।

হৃদযন্ত্ৰ বিকল কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি?

জীৱন শৈলীৰ পৰিৱৰ্তন

  1. খাদ্য স্বাস্থ্যসন্মত, কম চৰ্বিযুক্ত, কম নিমখ থকা, আঁহযুক্ত আৰু জটিল কাৰ্বহাইড্ৰেট থকা হ’ব লাগে।
  2. অতি বেছি ওজন থকা লোকসকলে ওজন কমোৱাৰ ব্যৱস্থাবোৰ ল’ব লাগে।
  3. নিয়মীয়াকৈ শাৰিৰীক ব্যায়াম কৰিবই লাগে।
  4. ধূমপান একেবাৰে বন্ধ কৰিব লাগে।

 

যিসকলৰ মধুমেহ, উচ্চ ৰক্তচাপ বা বেছি কলেষ্ট্ৰৰেল আছে তেওঁলোকে এইবোৰ স্বাভাৱিক অৱস্থাত ৰাখিবলৈ নিয়মীয়াকৈ ঔষধ খাই থাকিব লাগে।

উত্স: DoctorNDTV

হৃদযন্ত্ৰ স্তব্ধ

হৃদযন্ত্ৰই যেতিয়া স্বাভাৱিকভাৱে শৰীৰৰ আন অংগলৈ তেজ পাম্প কৰি পঠাব নোৱাৰে তেতিয়াই হৃদযন্ত্ৰ স্তব্ধ হয়। হৃদযন্ত্ৰ স্তব্ধ মানে হৃদযন্ত্ৰই কাম কৰিবলৈ একেবাৰে বন্ধ কৰি দিয়াটো নহয় বা হৃদযন্ত্ৰ বিকলো নহয় (যিসকলৰ আগতে হৃদযন্ত্ৰ বিকল হৈছিল, তেনে লোকৰ হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ সম্ভাৱনা বেছি)। ইয়াক কনজেছটিভ হৃদযন্ত্ৰ স্তব্ধও বোলা হয়। কনজেছটিভৰ অৰ্থ হ’ল শৰীৰৰ জুলীয়া দ্ৰব্যৰ পৰিমাণ বাঢ়ি যোৱা, কাৰণ হৃদযন্ত্ৰই স্বাভাৱিকভাৱে পাম্প কৰিব পৰা নাই।

হৃদযন্ত্ৰ স্তব্ধৰ কাৰণ

হৃদযন্ত্ৰ স্তব্ধৰ বহুতো কাৰণ থাকে। কেতিয়াবা প্ৰকৃত কাৰণ পোৱা নাযায়। হৃদযন্ত্ৰ স্তব্ধ হোৱা অতি সাধাৰণ কাৰণবোৰ হ’ল:

  • কৰ’নেৰী নলীৰ ৰোগ (যেতিয়া হৃদযন্ত্ৰলৈ তেজ যোগানৰ প্ৰক্ৰিয়া আংশিক বা সম্পূৰ্ণৰূপে বাধাগ্ৰস্থ হয়)।
  • হৃদযন্ত্ৰৰ পেশীবোৰত নিজে নিজে সমস্যাৰ সৃষ্টি হোৱা।
  • উচ্চ ৰক্তচাপ।
  • হৃদযন্ত্ৰৰ কোনো এটা ভালভৰ সমস্যা হোৱা।
  • অস্বাভাৱিক হৃদস্পন্দন।
  • বিষাক্ত পদাৰ্থ সেৱন (মাদক দ্ৰব্য বা নিচাযুক্ত ড্ৰাগছ)।
  • জন্মগত হৃদযন্ত্ৰৰ ৰোগ (হৃদযন্ত্ৰৰ সমস্যা বা বিসংগতিসহ জন্ম লোৱা।)
  • মধুমেহ।

থাইৰয়ডৰ সমস্যা।

হৃদযন্ত্ৰ স্তব্ধৰ লক্ষণ?

কোনো ব্যক্তিৰ হৃদযন্ত্ৰ স্তব্ধ হ’লে,

  • উশাহ চুটি হোৱা (সাধাৰণতে খোজ কাঢ়িলে, ওখ ঠাই বা চিৰি বগালে বা আন কাম-কাজ কৰিলে)।
  • শুই থকা সময়ত উশাহ চুটি হোৱা।
  • আভোক।
  • নিশা হঠাতে সাৰ পোৱা, উশাহ বন্ধ হোৱা অৱস্থা।
  • সাধাৰণ দূৰ্বলতা আৰু ভাগৰুৱা ভাব, ব্যায়াম কৰিবলৈ অপৰাগতা।
  • হাঁত, ভৰি আৰু গেৰুৱা উখহি উঠা।
  • পেট উখহি উঠা।
  • অস্বাভাৱিক আৰু ঘন হৃদস্পন্দন।
  • ঘনাই ওজন বৃদ্ধি (দিনত ১-২ পাউণ্ডকৈ একেৰাহে তিনিদিন)।
  • বহুদিন ধৰি কাঁহ হোৱা আৰু উশাহ-নিশাহ লওঁতে শব্দ হোৱা।

বমি ভাৱ।

হৃদযন্ত্ৰ স্তব্ধৰ সম্ভাৱনা কমাবলৈ পৰামৰ্শ

খাদ্য:কম নিমখ, চৰ্বী আৰু কলেষ্ট্ৰৰেল থকা খাদ্য গ্ৰহণ।

  • মাদক দ্ৰব্য আৰু ধূমপাণ পৰিহাৰ।
  • ব্যায়াম:বহু হৃদযন্ত্ৰ স্তব্ধ হোৱা ৰোগীয়েও ব্যায়াম কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শমতে কেনেকৈ কিমান সময়ৰ বাবে কেনে ধৰণৰ ব্যায়াম কৰিব লাগে সেই কথা জানি লব লাগে।
  • ওজন:ওজন কমাব লাগে।
  • পৰিয়ালৰ সহযোগ: পৰিয়ালৰ পৰা যথেষ্ট সহায় সহযোগ পাব পৰা যায়। প্ৰয়োজন সাপেক্ষে পৰিয়ালৰ সদস্যকো জড়িত কৰিব লাগে।

আন সহযোগৰ উৎস: সহযোগ আগবঢ়োৱা গোটবোৰৰ তথ্য চিকিৎসকৰ পৰা পাব পৰা যায়। একে ধৰণৰ সমস্যা থকা ব্যক্তিৰ লগত আলোচনা কৰিলেও বহুত সহায় পোৱা যাব পাৰে।

পেৰিকাৰ্ডিয়েল এফিউছন

হৃদযন্ত্ৰৰ আৱৰণ (pericardium)ৰ অংশত অস্বাভাৱিক পৰিমাণৰ পানীৰ উপস্থিতিকে পেৰিকাৰ্ডিয়েল এফিউছন বোলা হয়। এইটো স্থানীয় আৰু শৰীৰ তত্বৰ বিসংগতিৰ বাবে হ'ব পাৰে। কেতিয়াবা নিজে নিজেও হ'ব পাৰে। পেৰিকাৰ্ডিয়েল এফিউছন নতুনকৈ বা পুৰণিও হ'ব পাৰে। ইয়াৰ বিকাশৰ সময়ছোৱাত দেখা দিয়া লক্ষণে ৰোগীৰ ওপৰত যথেষ্ট প্ৰভাব পেলায়। পেৰিকাৰ্ডিয়েল অংশত সাধাৰণতে ১৫-৫০ মিলিলিটাৰ তৰল থাকে। ই ভিচাৰেল আৰু পাৰাইটেল স্তৰৰ পিছল অৱস্থা অটুট ৰাখে। পেৰিকাৰ্ডিয়াম আৰু পেৰিকাৰ্ডিয়েল তৰলে হৃদযন্ত্ৰৰ কাম-কাজ সুকলমে কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। স্বাভাৱিক অৱ্স্থাত পেৰিকাৰ্ডিয়ামে এনে তৰলক স্থান দিবলৈ অলমান প্ৰসাৰিত হয়। ইয়াৰ ফলত ভিতৰৰ পেৰিকাৰ্ডিয়েল হেঁচাৰ কোনো তাৰতম্য নঘটে। মাইক্ৰকণ্ডিয়ামৰ সংকোচনৰ সমতা স্থাপনত পেৰিকাৰ্ডিয়েলৰ গঠন প্ৰনালীয়ে সহায় কৰে। পেৰিকাৰ্ডিয়েল এফিউছন হোৱাটো পেৰিকাৰ্ডিয়েলৰ অংশত তৰল জমা হোৱাৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে। কমেও ৮০ মিলিলিটাৰ তৰল যদি এই ঠাইত জমা হয় তেন্তে ভিতৰৰ পেৰিকাৰ্ডিয়েলৰ ওপৰত হেঁচা বৃদ্ধি পায়। লাহে লাহে এই তৰলৰ পৰিমাণ বাঢ়িলে, কোনো ধৰণৰ লক্ষণ প্ৰকাশ নোহোৱাকৈ ২১লৈকে যাব পাৰে।

পেৰিকাৰ্ডিয়েল এফিউছন কাৰণ

তলত উল্লেখ কৰা কাৰকবোৰৰ বাবে অস্বাভাৱিক পৰিমাণৰ তৰল জমা হ'ব পাৰে।

  • সাধাৰণতে আঘাটৰ বাবে বা (অৰ্থাত্‍ পেৰিকাৰ্ডিটিছ বা হৃদযন্ত্ৰ আৱৰণৰ প্ৰদাহ)।
    1) লিম্ফটিক চেনেলৰে ছেদনজনিত তৰল নিঃসৰিত হৈ বাহিৰ ওলাবলৈ পথ নাথাকিলে।
    2) পেৰিকাৰ্ডিয়ামৰ ভিতৰত প্ৰদাহ, সংক্ৰমণ, মেলিগেণ্ট আৰু অট’ইমিউনৰ ফলত ক্ষৰণ হোৱা তৰল।

নিজে উৎপন্ন হোৱা: বেছিভাগ ক্ষেত্ৰতে অন্তৰ্নিহিত কাৰণটো জানিব পৰা নাযায়।

  • সংক্ৰমণজনি
  • আনুসংগিক বেক্টেৰিয়াৰ সংক্ৰমণ।
  • সুযোগ গ্ৰহণকাৰী সংক্ৰমণ।
  • মেলিগেঞ্চি (কাপৰ্চি চাৰ্কমা, লিম্ফমা)।
  • এইছআইভি সংক্ৰমণৰ ফলত তলত উল্লেখ কৰা প্ৰক্ৰিয়াৰদ্বাৰা পেৰিকাৰ্ডিয়েল এফিউছন হ’ব পাৰে।
  • ভাইৰেল: সংক্ৰমণজনিত পেৰিকাৰ্ডিয়ামৰ প্ৰদাহ আৰু মাইক্ৰকাৰ্ডিয়ামৰ প্ৰদাহৰ কাৰণ হ’ল ভাইৰাছ। সাধাৰণ বিজাণু সংক্ৰমণৰ ভিতৰত
  • বেক্টেৰিয়াজনিত (নিউম’ককাই, ষ্ট্ৰেফিন’ককাই, নাইচেৰিয়া, টিউবাৰ’কিউনাছ)।
  • ভেকুৰজনিত: (হিষ্টোপ্লাজম’ছিছ, কছিডিঅ’আইডমাইক’ছিছ, কেনডিজ)।
  • আন সংক্ৰমণ (চিফিলছ, প্ৰটোজলা, পৰজীৱি)।
  • অস্ত্ৰোপচাৰৰ পাছত/ চিকিৎসা প্ৰকৰণৰ পাছত: হৃদযন্ত্ৰ প্ৰতিস্থাপন কৰা ৰোগীসকলৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাখানৰ বাবে বৰ্দ্ধিত হাৰত পেৰিকাৰ্ডিয়েল হোৱা দেখা যায়।
  • আন কিছুমান কাৰণৰ ভিতৰত
  • ইউৰেমিয়া (কিডনী বিকল)।
  • মাইক্সিডেমা (হাইপ’থাইৰডিজিম)।
  • হাওঁফাওঁৰ ওপৰত তীব্ৰ চাপ।
  • ৰেডিয়েছন থেৰাপী।
  • মায়োকাৰ্ডিয়েলত অতি বেছি সংক্ৰমণৰ লগতে মুক্ত আৱৰণ ফাটি যোৱা।
  • এৱাটিক ফাটি যোৱাৰ ফলত ৰক্তপাত হৈ পেৰিকাৰ্ডিয়েলত জমা হোৱা।
  • আঘাট।
  • অতি সংবেদনশীলতা বা অট’ইমিউন সম্পৰ্কীয়।
  • চিষ্টেমিক লুপাচ এৰিথেমাট’ছ’ছ।
  • ৰিউমেটইড আৰ্থাইটিছ।
  • এংকাইল’জিঙ স্পন্দেলাইটিছ।
  • ৰিউমেটিক জ্বৰ।

ঔষধ সম্পৰ্কীয় (যেনে: প্ৰকেইনামাইড, হাইড্ৰালাইজিন, আইচ’নায়াজাইড, মিনক্সিডিল, ফেনাইট’ইন, এণ্টিকৱাগুলেন্ট, মিঠাইচাৰ্জাইড)

লক্ষণ

  • হৃদযন্ত্ৰ আৰু ধমনীত
  • বুকুৰ বিষ, চাপ, অসুবিধা: পেৰিকাৰ্ডিয়েলৰ বেদনা লক্ষণীয়ভাৱে উঠি বহিলে বা আগফালে হাউলী বহিলে কমি থাকে আৰু শুই দিলে বাঢ়ে।
  • অলপ অলপ মূৰ ঘূৰোৱা, মূৰ্চাযোৱা।
  • বুকু ধপধপোৱা।
  • শ্বাসতন্ত্ৰ।
  • কাঁহ।
  • উশাহত কষ্ট।
  • মাত ভঙা।
  • পৰিপাকতন্ত্ৰ
  • হিকটি।
  • স্নায়ুতন্ত্ৰ
  • উদ্বেগ।

খেলিমেলি চিন্তা-বিভ্ৰান্তি।

পেৰিকাৰ্ডিয়েল এফিউছনৰ লক্ষণ

  • পেৰিকাৰ্ডিয়েল ঘৰ্ষণ: প্ৰতিটো কাৰ্ডিয়েল চক্ৰত ৩টা অংশ ক্ৰমে তীক্ষ্ণ জ্বৰ, খৰ খৰ শব্দ আৰু কৰ্কশ শব্দ তীব্ৰ পেৰিকাৰ্ডিইটিছৰ লক্ষণ হব পাৰে। ষ্টেথিস্কপ’ৰ পৰ্দাখন বুকুৰ বাওঁফালে তলৰ ষ্টাৰ্নাম সীমাত হেঁচা মাৰি ধৰিলে এনে শব্দ শুনা যায়।
  • টাকিকাৰ্ডিয়া বা হৃদস্পন্দনত ব্যাঘাত।
  • টাকিপেনা বা উশাহ লোৱাত ব্যাঘাত।
  • নিশ্বাসৰ শব্দ কমি যোৱা।।
  • হেপাট’স্পেনমেগালীয়া (যকৃত আৰু প্লিহা ডাঙৰ হোৱা)।
  • প্ৰান্তীয় স্পন্দন দূৰ্বল হৈ পৰা।
  • এডেমা বা উখহি উঠা।
  • চাইন’ছিছ বা নীলা পৰা।
  • ভাল কলেষ্ট্ৰৰেলযুক্ত খাদ্য

  • কলেষ্ট্ৰৰেল এবিধ মম জাতীয় পদাৰ্থ। কিছুমান খাদ্যত ইয়াক পোৱাৰ উপৰিও যকৃতেও তৈয়াৰ কৰে। ভিটামিন ডি আৰু কিছুমান হৰমন প্ৰস্তুত কৰা, কোষৰ বেৰ তৈয়াৰ কৰা, আৰু চৰ্বী জাতীয় খাদ্য হজম কৰিবলৈ প্ৰয়োজন হোৱা বিশেষ লৱণ তৈয়াৰ কৰাৰ বাবে ইয়াৰ দৰকাৰ হয়। প্ৰকৃতাৰ্থত শৰীৰক প্ৰয়োজন হোৱা পৰিমাণৰ কলেষ্ট্ৰৰেল শৰীৰে নিজে প্ৰস্তুত কৰি লয়। গতিকে আন খাদ্য যোগে এই পদাৰ্থ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা নাই। কিন্তু নালাগে বুলিয়েই কলেষ্ট্ৰৰেলযুক্ত খাদ্য নোখোৱাকৈ থাকিব নোৱাৰি। কাৰণ সকলো খাদ্যতে কম বেছি পৰিমাণে কলেষ্ট্ৰৰেল থাকেই। দেহত অধিক মাত্ৰাত এই পদাৰ্থ জমা হ’লে হৃদযন্ত্ৰৰ ৰোগৰ দৰে জটিল অৱস্থাৰ সৃষ্টি হ'ব পাৰে।
  • কলেষ্ট্ৰৰেলৰ পৰিমাণ বৃদ্ধি পোৱাত বহুবোৰ কাৰক জড়িত হৈ থাকে, কিন্তু ভাল খবৰ এইটোৱেই যে, প্ৰতিজন ব্যক্তিয়ে নিজে কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰিব পাৰে।

এজন ব্যক্তিৰ কলেষ্ট্ৰেৰলৰ পৰিমাণ নিৰ্ভৰ কৰে এইছডিএল (HDL) কলেষ্ট্ৰৰেলৰ মাত্ৰা (ভাল কলেষ্ট্ৰৰেল) আৰু এলডিএল(LDL) কলেষ্ট্ৰৰেলৰ মাত্ৰা (বেয়া কলেষ্ট্ৰৰেল)ৰ ওপৰত। দেহত স্বাস্থ্যকৰ কলেষ্ট্ৰেৰলৰ মাত্ৰা অটুট ৰাখিবলৈ এইছডিএল ৰ মাত্ৰা এলডিএল তকৈ বেছি হ'ব লাগে।

  • প্ৰতিজন ব্যক্তিয়ে খাদ্যত কি ধৰণৰ চৰ্বী গ্ৰহণ কৰিছে সেইটো লক্ষ্য ৰখা উচিত। বিশেষকৈ অসংপৃক্ত চৰ্বী গ্ৰহণ কৰিব নালাগে। ইয়াৰ ফলত দেহত ভাল কলেষ্ট্ৰৰেলৰ মাত্ৰাৰ বৃদ্ধি পাব।
  • নিয়মীয়াকৈ হৃদযন্ত্ৰ আৰু ধমনী সম্পৰ্কীয় ব্যায়াম কৰিব লাগে, কম পৰিমাণৰ কলেষ্ট্ৰৰেল থকা খাদ্য গ্ৰহণ বা একেবাৰেই বাদ দিয়া, কেতিয়াও ধূমপান নকৰাৰ ফলত বেয়া কলেষ্ট্ৰৰেলৰ পৰিমাণ দেহত কমাই তুলিব পৰা যায়।

উচ্চ মাত্ৰাৰ এইছডিএল

বেছিকৈ চৰ্বীজাতীয় পদাৰ্থ গ্ৰহণ কৰিব নিবিচাৰিলেও শৰীৰক কিছু পৰিমাণৰ স্নেহ পদাৰ্থৰ প্ৰয়োজন হয়। কিন্তু আমি অপ্ৰয়োজনত বহু বেছি পৰিমাণৰ খাই দিও। এদিনত প্ৰয়োজন হোৱা মুঠ কেলৰিৰ চাৰিভাগৰ এক অংশ স্নেহ পদাৰ্থৰপৰা আহিব লাগে। ইয়াৰ ভিতৰত অতি নগন্য পৰিমাণৰ কেলৰি সংপৃক্ত চৰ্বীৰ পৰা অহা উচিত। ফাষ্টফুড আৰু বেছিকৈ ভজা খাদ্যত বেয়া স্নেহ পদাৰ্থ বেছিকৈ থাকে। এনে সংপৃক্ত স্নেহ পদাৰ্থই শৰীৰৰ এলডিএলৰ মাত্ৰা বৃদ্ধি কৰে।

শৰীৰে কিছুমান অসংপৃক্ত চৰ্বী নিজে আঁতৰাব বিচাৰে। হাইড্ৰজেনেটেড ভেজিটেবল অইলত এনে ধৰণৰ অসংপৃক্ত চৰ্বী থাকে। এনে চৰ্বীয়ে শৰীৰে বিচৰাতকৈ বিপৰীত হয়।

এইবোৰৰ সলনি দুবিধ চৰ্বী জাতীয় খাদ্য গ্ৰহণ কৰিব পাৰি: মনআনচেচুৰেটেড আৰু পলিআনচেচুৰেটেড। এইবোৰ জলফাই, কেন’লাৰ তেল, কিছু বিশেষ মাছ আৰু বাদামতো পোৱা যায়। এভকেডছত মনচেচুৰেটেড চৰ্বী ভালদৰে পোৱা যায়।

অমেগা-৩ ফেটি এচিড থকা খাদ্য গ্ৰহণৰ ফলতো এইছডিএলৰ পৰিমাণ এলডিএলতকৈ বৃদ্ধি কৰিব পৰা যায়। সাধাৰণতে জনপ্ৰিয় মাছ, (টুনা আৰু চালমন)ত এই পদাৰ্থ পোৱা যায়। সপ্তাহত কেইবা বাৰো এনে মাছ খালে শৰীৰৰ কলেষ্ট্ৰৰেলৰ পৰিমাণ উন্নত হয়। আন ভাল কলেষ্ট্ৰৰেলযুক্ত খাদ্যৰ ভিতৰত আছে, মাছৰ তেল, চয়াবিনৰ সামগ্ৰী সেউজীয়া শাক-পাচলি।

সকলোতকৈ ভাল উপায় হ’ল নিয়মীয়া ব্যায়াম কৰা। এজন ব্যক্তিয়ে সপ্তাহত ৫ দিন আধা ঘন্টাকৈ ব্যায়াম কৰিলে (খোজকঢ়া, দৌৰা, বগোৱা আদি) দুমাহত এইছডিএলৰ মাত্ৰা ৫ শতাংশ বৃদ্ধি কৰিব পাৰে। কোনো ধৰণৰ ভাল কলেষ্ট্ৰৰেলযুক্ত খাদ্য নোখোৱাকৈয়ে এইটো সম্ভৱ। যদি দুয়োটা একেলগে কৰিব পৰা যায়, তেন্তেতো আৰু ভাল। ধূমপায়ীসকলে ধূমপান বাদ দি এই মাত্ৰা বঢ়াব পাৰে। ধূমপানৰ ফলত সেৱন কৰা ৰাসায়নিক দ্ৰব্যই দেহৰ এইছডিএলৰ মাত্ৰা কমাই দিয়ে। ধূমপান বন্ধ কৰিলে এই মাত্ৰা ১০ শতাংশ বৃদ্ধি পাব। শৰীৰৰ ওজন কমালেও ভাল কলেষ্ট্ৰৰেলৰ মাত্ৰা বৃদ্ধি পায়। প্ৰতি ৬ পাউণ্ড শৰীৰৰ ওজন কমালে ১ মিলিগ্ৰাম/dl ভাল কলেষ্ট্ৰৰেল শৰীৰত জমা হয় বুলি প্ৰমান পোৱা গৈছে। ভাল কলেষ্ট্ৰৰেলযুক্ত আহাৰ গ্ৰ্হণ কৰিও শৰীৰৰ ওজন কমাব পৰা যায়।

এলডিএল আৰু এইছডিএল কলেষ্ট্ৰৰেলৰ: কি ভাল আৰু কি বেয়া?

লিপ'প্ৰটিনৰ সহায়ত কোষলৈ অহা যোৱা কৰে। কম ঘনত্বৰ লিপ'প্ৰটিন বা এলডিএলক বেয়া কলেষ্ট্ৰৰেল বোলা হয়। বেছি ঘনত্বৰ লিপ'প্ৰটিন বা এইছডিএলক ভাল কলেষ্ট্ৰৰেল বোলা হয়।

এই দুই ধৰণৰ লিপিডৰ লগতে ট্ৰাইগ্লিচাৰাইড আৰু Lp(a) কলেষ্ট্ৰৰেলে শৰীৰৰ মুঠ কলেষ্ট্ৰৰেলৰ পৰিমাণ নিৰূপিত কৰে। তেজ পৰীক্ষাৰ দ্বাৰা ইয়াৰ মাত্ৰা গম পোৱা যায়।

এলডিএল (বেয়া) কলেষ্ট্ৰৰেল

তেজত বেছি পৰিমাণৰ এলডিএল (বেয়া) কলেষ্ট্ৰৰেল পৰি‌ৱাহিত হৈ থাকিলে, ই হৃদযন্ত্ৰ আৰু মগজুলৈ যোৱা ৰক্তবাহী ধমনীবোৰৰ ভিতৰৰ বেৰত জমা হৈ থাকিব পাৰে। এইবোৰে যদি লডা বান্ধি ধমনীৰ সৰু নলী বন্ধ কৰি পেলায়, হৃদযন্ত্ৰ বিকল বা ষ্ট্ৰ’ক হ'ব পাৰে।

এলডিএল (ভাল) কলেষ্ট্ৰৰেল

শৰীৰৰ তেজত থকা কলেষ্ট্ৰৰেলৰ চাৰিভাগৰ এক অংশৰ পৰা তিনি ভাগৰ এক অংশ কলেষ্ট্ৰৰেল বহন কৰে এইছডিএল য়ে। এইছডিএল কলেষ্ট্ৰৰেলক ভাল কলেষ্ট্ৰৰেল বুলি এই বাবেই কোৱা হয় যে ই হৃদযন্ত্ৰ বিকল হোৱাৰ পৰা ৰক্ষা কৰে বুলি ভবা হয়। এইছডিএল ৰ পৰিমাণ কমি গ’লে (৪০ মিলিগ্ৰাম/ dlৰ কম) হৃদৰোগৰ আশংকাও বাঢ়ি যায়।

ট্ৰাইগ্লিচাৰাইড

ই এবিধ শৰীৰত উৎপন্ন হোৱা স্নেহ পদাৰ্থ। মেদ বহুলতা, অতি বেছি ওজন, কায়িক শ্ৰম নকৰা, ধূমপান, অধিক মদপান, আৰু অধিক পৰিমাণৰ কাৰ্বহাইড্ৰেট থকা খাদ্য খোৱা (মুঠ কেলৰি ৬০ শতাংশকৈ বেছি) আদি কাৰণত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যি ব্যক্তিৰ ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বেছি সেই ব্যক্তিৰ দেহত মুঠ কলেষ্ট্ৰৰেলৰ পৰিমাণো বেছি থাকে। ইয়াৰ ফলত এলডিএল ৰ মাত্ৰা বেছি আৰু এইছডিএলৰ মাত্ৰা কমি যায়। হৃদৰোগ বা ডায়েবেটিছত ভোগা ৰোগীৰ বেছি সংখ্যকৰে ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বেছি থাকে।

এলপি(a) কলেষ্ট্ৰৰেল

এলডিএল ৰ জিনগত পৰিৱৰ্তনৰ ফলত এলপি(এ) ৰূপ লয়। Lp(a) ৰ মাত্ৰা বেছি হ’লে ধমনীত অতি সোনকালে চৰ্বীৰ স্তৰ জমা হোৱাৰ ভয় থাকে।

উচ্চ ৰক্তচাপৰ বিষয়ে আৰু অধিক

প্ৰতিবাৰ হৃদযন্ত্ৰই স্পন্দন কৰাৰ লগত ৰক্তবাহী নলীৰে তেজ পাম্প কৰি পঠিয়ায়। ফলত ৰক্তবাহী নলীবোৰৰ ওপৰত চাপ পৰে। স্বাস্থ্যৱান লোকৰ এই নলীবোৰ পেশীহাল আৰু স্থিতিস্থাপকতা থাকে। হৃদযন্ত্ৰই তেজ পাম্প কৰাৰ লগে লগে এইবোৰৰ প্ৰসাৰণ হয়। স্বাভাৱিক অৱস্থাত হৃদযন্ত্ৰই প্ৰতি মিনিটত ৬ৰ পৰা ৮০ বাৰ স্পন্দন কৰে। প্ৰতিবাৰ স্পন্দনৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু দুটা স্পন্দনৰ মাজত কমি যায়। এই ৰক্তচাপ মিনিটে প্ৰতি সলনি হয়-ব্যায়াম বা শুৱা আদিত। কিন্তু স্বাভাৱিকভাৱে এজন প্ৰাপ্তবয়স্ক লোকৰ অতি বেছি ১৩০/৮০ mm Hg থাকিব লাগে। ইয়াতকৈ অলপমান বেছি হ’লেই উচ্চৰক্ত চাপ হোৱা বুলি কোৱা হয়।

উচ্চৰক্ত চাপৰ কোনো লক্ষণেই সাধাৰণতে দেখা পোৱা নাযায়। বহুক্ষেত্ৰত বহু লোকৰ বছৰৰ পাছত বছৰ ধৰি উচ্চৰক্ত চাপত ভোগে কিন্তু গমকেই নাপায়। ইয়াৰ লগত, উত্তেজিত হোৱা, নাৰ্ভাচ হোৱা বা উচ্চ প্ৰতিক্ৰিয়াশীল হোৱাৰ কোনো সম্পৰ্ক নাই। ধীৰ, স্থিৰ, শান্ত ব্যক্তিৰো উচ্চৰক্তচাপ থাকিব পাৰে। উচ্চৰক্তচাপ নিয়ন্ত্ৰণ নকৰিলে ষ্ট্ৰ’ক, হৃদযন্ত্ৰ বিকল, হৃদযন্ত্ৰ স্তব্ধ, কিডনী স্তব্ধ আদি হব পাৰে। এই সকলোবোৰেই মাৰাত্মক। সেইবাবেই উচ্চ ৰক্তচাপক নিৰৱ ঘাটক বোলা হয়।

কলেষ্ট্ৰৰেলৰ বিষয়ে আৰু অধিক

শৰীৰত কলেষ্ট্ৰৰেলৰ মাত্ৰা বেছি থাকিলে হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। তেজত অধিক পৰিমাণৰ কলেষ্ট্ৰৰেল থাকিলে ই ৰক্তবাহী ধমনীৰ ভিতৰৰ বেৰত জমা হৈ ডাঠ-টান আৱৰণৰ সৃষ্টি কৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ, টান হয় আৰু স্থিতিস্থাপকতা কমি আহে। ইয়াৰ বাবে হৃদযন্ত্ৰলৈ তেজৰ প্ৰৱাহ লাহে লাহে কমি আহে আৰু কেতিয়াবা একেবাৰে বন্ধ হৈ যায়। এনে হ’লে এনজিনা বা বুকুৰ বিষ অনুভূত হয়। অতি কমকৈ তেজ প্ৰৱাহিত হোৱা বা একেবাৰেই বন্ধ হৈ গ’লে হৃদযন্ত্ৰ বিকল হয়। ডায়েবেটিছ থকা ৰোগীৰ উচ্চৰক্ত চাপ আৰু উচ্চ কলেষ্ট্ৰৰেল থাকিলে ষ্ট্ৰ’ক আৰু হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনা ১৬ গুণ বাঢ়ি যায়।

উৎস: আইএনডিজি দল।

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top