মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / অনিদ্ৰাৰ প্ৰাকৃতিক চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনিদ্ৰাৰ প্ৰাকৃতিক চিকিৎসা :

অনিদ্ৰাৰ প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

আজিকালি বহু লোকে অনিদ্ৰাত ভোগে । সেয়ে দিনৰ বেলিকা কৰিবলগীয়া কামবোৰ তেওঁলোকে সুচাৰুৰপে কৰিব নোৱাৰি মনত অশান্তি পায় । ৰাতি বহু সময়লৈকে টোপনি নাহে । বিছনাতে ইকাতি- সিকাতি কৰি থাকিবলগীয়া হয় । বহুতে শোৱাৰ আগতে শ্লীপিং টেবলেট খায় । ফলত এদিন নাখালেও ৰাতি টোপনিত ব্যাঘাত জন্মে । অনিদ্ৰাৰ ফলত মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে । বহুতে পাহৰিবলৈ আৰম্ভ কৰে । আন লক্ষণবোৰ হ’ল আৱেগিক অস্থিৰতা, কৰ্মত অকলশৰীয়া বুলি ভবা আদি ।

চিকিৎসকৰ মতে অনিদ্ৰাৰ কাৰণ হ’ল- মানসিক অশান্তি, দুশ্চিন্তা, টেনছন, অত্যধিক কামৰ বোজা আৰু উত্তেজনা আৰু বহুতৰ আকৌ মনতে পুহি ৰখা কথাবোৰ আনৰ আগত প্ৰকাশ কৰিব নোৱাৰা, মনৰ বেদনা, বিৰাগ, অসন্তুষ্টি আদি । তদুপৰি কোষ্ঠকাঠিন্যত ভোগা, অতি ভোজন, অজীৰ্ণতা, দিনে-ৰাতি অধিক চাহ-কফি গ্ৰহন, অত্যধিক ধূমপান আদি ।

গৱেষকৰ মতে অনিদ্ৰা নাইকিয়া কৰিবলৈ নিতৌ এটা নিৰ্দিষ্ট সময়ত শুবলৈ আৰম্ভ কৰা দৰকাৰ । বহুতেই জানে Early to bed and early to rise, makes a man healthy and wise কিন্তু কিমানে পালন কৰে ? চিকিৎসকৰ মতে নিশা দোভাগৰ প্ৰথম দুঘণ্টা টোপনি স্বাস্থ্যৰ বাবে অতি উপকাৰী ।

সুষম আহাৰ আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰিলেও অনিদ্ৰাৰ পৰ আঁতৰি থাকিব পাৰি । নিশা বগা আটাৰে তৈয়াৰী খাদ্য, চেনিযুক্ত চাহ,কফি, চকলেট, মিঠা পানীয়, এলক’হল জাতীয় দ্ৰব্য, চৰ্বিজাতীয় খাদ্য, ভজা খাদ্য, অতিপাত নিমখযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব । লগতে ভোজনত থাকিব নালাগিব অধিক মচলাযুক্ত খাদ্য ।

পুৱাৰ ভোজনতো অনিদ্ৰাত ভোগা লোকে ৰুটী, ব্ৰেড আদিৰ লগত গাখীৰ বা দৈ খাব পাৰিলে উত্তম । দুটা প্ৰধান আহাৰৰ ভিতৰত বিভিন্ন সতেজ পাচলিৰ চালাড থাকিব লাগে । অনিদ্ৰা আঁতৰাবলৈ ৰাতি শুবৰ সময়ত একাপ গাখীৰৰ লগত মৌজোল মিহলাই খাব লাগে । কিছুদিন অভ্যাস কৰিলে টোপনি আহিব আৰু অনিদ্ৰাক বিদায় দিব পাৰিব ।

অনিদ্ৰাত ভোগা লোকে নিশা বিছনাত কাতি হৈ তিনিটা দীঘল দীঘল উশাহ ল’ব লাগে, যাতে পেট ওফন্দি উঠে । কিছু সময় ধৰি ৰাখি লাহে লাহে উশাহ এৰি দিব লাগে । এইদৰে তিনি- চাৰিবাৰ কৰিব লাগে । প্ৰতিবাৰতে কিছু সময় উশাহ ধৰি থাকিলে দেহত কাৰ্বন ডাই- অক্সাইড গোট খাব আৰু লাহে লাহে এৰি দিয়াৰ পিছতেই টোপনি ধৰিব । এনে কৰাৰ পিছতো যদি টোপনি নাহে তেনেহ’লে ১ সংখ্যাৰ পৰা ১০০ লৈ সংখ্যাকেইটা ওলোটাকৈ মনে মনে মাতি থাকিলে কেতিয়া টোপনি আহে গমকে নাপাব ।

নিয়মিত ব্যায়ামেও অনিদ্ৰা নাইকিয়া কৰে । খোজ কঢ়া, জগিং কৰা, স্কিপিং কৰা আৰু সাঁতোৰাৰ অভ্যাসেও টোপনি অহাত যথেষ্ট সহায় কৰে । অৱশ্যে ষাঠিৰ ঊৰ্ধ্বৰ লোকে জংগি অথবা স্কিপিং কৰিব নালাগে । যিসকলৰ ডায়েবেটিছ ৰোগ আছে তেওঁলোকৰ বাবে সাঁতোৰাটো নিষেধ । যোগাসন কৰিব পাৰিলে খুবেই ভাল । নিশা ভাল টোপনি আহে ।

অনিদ্ৰা দূৰীকৰণৰ আন উপায় হৈছে- হাইড্ৰ’থেৰাপী । নিশা মেৰুদণ্ডত পানীৰ গৰম সেক, ভিজা কাপোৰৰ সেক, ভৰি দুখন কুহুমীয়া পানীত জুবুৰিয়াই ৰখা আদিয়েই হ’ল হাইড্ৰ’থেৰাপী । ৰোগীয়ে অভ্যাস কৰিলে সহজে অনিদ্ৰাৰ পৰা হাত সাৰিব পাৰিব ।

লেখক :- ডা: পবিত্ৰ কুমাৰ পাটোৱাৰী

উৎস ;- জি এনআৰচি স্বাস্থ্য

 

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top