মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / অসমীয়াৰ ঘৰুৱা চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়াৰ ঘৰুৱা চিকিৎসা

অসমীয়াৰ ঘৰুৱা চিকিৎসা

আমাৰ সকলোৰে বছেৰেকত এবাৰ হলেও কাহ হয় বা হোৱা দেখা যায়। এই কাহৰ পৰা পৰিত্ৰাণ পাবলৈ আজিকালি বিভিন্ন ধৰণৰ ঔষধ বজাৰত উপলব্ধ, চিকিৎসক  সকলেও পৰামৰ্শ দিয়ে কাহৰ বাবে এল’পেথিক কাফচিৰাপ। কিন্তু ঠিক সেই একেধৰণে অসমীয়া ঔষধো আছে কাহৰ পৰা সকাহ দিব পৰাকৈ।

(ক)গুড় বা মিঠৈ বজাৰৰ পৰা অলপ কিনি আনি সেইখিনি চাহ কৰা চ’চ এটাত সৰু সৰুকৈ কাটি লৈ অলপ পানী দি ভালকৈ উতলাব লাগে। কিছু সময় উতলোৱাৰ পিছত পানীৰ সৈতে মিহলি হৈ কুঁহিয়াৰৰ ৰস উতলালে হোৱা পকা ৰসৰ দৰে হৈ পৰিব।

এতিয়া এখন চামুচেৰে অলপমান লৈ ওপৰৰ পৰা বাকী দিব লাগে চ’চটোত, যদিহে বৈ যোৱা ৰসখিনি এঠা জাতীয় হৈছে, তেনেহ’লে লগে লগে পাতল প্লেট বা কাপত লৈ খাব পৰা উষ্ণতাত ৰাখি ৰোগীক পি খাবলৈ দিব লাগে। মন কৰিব লাগে যাতে এই ৰস খোৱাৰ কিছু সময়ৰ পিছলৈকে অলপো পানী সেৱন কৰিব নালাগে। এনেকৈ প্ৰতিদিনে সন্ধিয়া মিঠৈ বা গুড় উতলাই খালে কাহৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি।

খ) থেকেৰা টেঙা গোটে গোটে গছৰ পৰা পাৰি আনি সেইবোৰ সুৰকৈ ফালি পানী বা দাইলত দি সিজাই পিছত পানী বা দাইলৰ পৰা কাঢ়ি আনি অলপমান নিমখ দি কাহ হোৱা ৰোগীক খাবলৈ দিব লাগে, তেনে কৰিলে কাহ হোৱা ৰোগীৰ কফবোৰ বাহিৰ হৈ সোনকালে আৰোগ্য লাভ কৰিব পাৰি।

গ) সিজুগছৰ কেঁচা পাত কেইখিলামান চিঙি আনি আধাকাপমান পানী দি সামান্য নিমখৰ লগত উতলালে সিজুগছৰ পাতৰ ৰস পানীৰ সৈতে মিহলি হৈ এক মিশ্ৰণৰ সৃষ্টি হ’ব। সেই মিশ্ৰণ কাহ হোৱা ৰোগীক নিতৌ দুই তিনিবাৰমান খুৱালে কাহৰ পৰা সোনকালে আৰোগ্য পাব পাৰি।

কেতিয়াবা কিছুমান ল’ৰা-ছোৱালীৰ দিনৰ ভাগত টোপনি গ’লে নাকৰ পৰা অকস্মত্ তেজ নিৰ্গত হৈ আহে, ইয়াক অসমীয়া মানুহে এৱাঁ-ভঙা বুলি কয়। এনে ৰোগৰ এল’পেথিক চিকিৎসা কেনেধৰণৰ হয় সেয়া আমাৰ জ্ঞাত নহয়, কিন্তু এটি উৎকৃষ্ট দৰৱ হৈছে—সততে য’তে ত’তে দেখা পোৱা আকন গছৰ কল এটি চিঙি আনি তাৰ মাজ অংশ ফালি ভিতৰৰ পৰা কপাহ জাতীয় আঁহবোৰ উলিয়াই শলিতাৰ দৰে পকাই লৈ জুইত জ্বলাই তাৰ ধোঁৱাখিনি দিনে এবাৰকৈ ৰোগীক শুঙিবলৈ দিব লাগে। এনেকৈ কেইবাদিনো কৰিলে এৱাঁ-ভঙা ৰোগ নিৰাময় হয়।

কেতিয়াবা কিছুমান মানুহৰ ঘৰত গা-ধোওঁতে বা নদী, পুখুৰীত ডুব মাৰি গা-ধোওঁতে কাণত পানী সোমায়, আৰু পিছলৈ সেই পানী সোমাই কাণৰ ভিতৰত ঘাঁৰ সৃষ্টি কৰে। এই ঘাঁটোক কাণগেলা ঘাঁ বুলি কোৱা হয়।

এইধৰণৰ ৰোগৰ বাবে অসমীয়া দৰৱ হৈছে—কঁপাহ গছৰ কঁপাহ কলবোৰ ফাটি কঁপাহ বাহিৰ হোৱাৰ আগৰ অৱস্থাতেই কল এটি চিঙি আনি তাক ভালকৈ পৰিষ্কাৰ কৰি জুইত কিছু সময় লেৰেলি যোৱাকৈ সেকিব লাগে। কিছু সময় এইদৰে সেকাৰ অন্তত কলটো লেতুসেতু হৈ পৰিব আৰু তেতিয়াই কাণগেলা ৰোগীৰ কাণৰ ফুটাৰে লেৰেলা কলটো চেপি দি তাৰ ৰস কেইটোপালমান দিব লাগে। এনেকৈ দুদিনমান কৰিলেই এই কাণগেলা ৰোগৰ উপশম হয়।

আমাৰ বহুতৰে চকুৰ পটাত আচিনা নাম এটি ফোঁহা সদৃশ গুটিৰ সৃষ্টি হোৱা দেখা যায়। এই আচিনা হোৱাৰ আগতেই লাহে লাহে ঠাইডোখৰ বিষাবলৈ আৰম্ভ কৰে আৰু ক্ৰমাত ইয়াৰ আকৃতি ডাঙৰ হৈ পিছত বিষ অনুভৱ হয়, কেতিয়াবা ই ফুলি উঠি চকুৰ পটা মেলাত অসুবিধাৰ সৃষ্টি কৰে। কেতিয়াবা আচিনাৰ পৰা নিৰ্গত হোৱা আঠাজাতীয় পদাৰ্থই পটাখনৰ চাৰিও ফালে খমলাৰ ধৰে। এতিয়া এই আচিনা উঠি আহিবৰ সময়ত যেতিয়া অলপ অলপ বিষ অনুভৱ হয়, তেতিয়া তলত দিয়াৰ দৰে কৰা উচিত৷

ক) অসমীয়া লোকবিশ্বাস মতে যদি চূণৰ টেমি (চূণ থোৱা টেমা)বা নতুন চূণ গলোৱা টেমাৰ সন্মুখত চূণৰ ভাপটো বা গোন্ধটো আচিনা হোৱা ঠাইখিনিত ওচৰৰ পৰা লাগিবলৈ দিয়া হয়, তেতিয়া এই আচিনা লাহে লাহে কমি সেইফালেই সাম কাটে।

খ) কনাই শিমলু নামৰ এবিধ শাক-জাতীয় উদ্ভিদৰ এটি ঠাল ভাঙি আনি তাৰ পৰা নিৰ্গত হোৱা আঠা যদি আচিনা হোৱা ঠাইত লগাই দিয়া হয়, তেনেহ’লে সেই আচিনা নিমিষতে নোহোৱা হয়।

গ) আইতা ককাহঁতে আমাক সৰুতে আচিনা হ’লে বাৰীৰ পিছফালে গৈ ঘাঁহনিত বিচাৰি এটা চেনী জোক ধৰি আনে, সেইটো আনি (তাৰ মুখৰ লেলাউটি বা তাৰ গাত লাগি থকা আঠা) আচিনা হোৱা ঠাইত লগাই দিয়ে, কিছুসময়ৰ পিছত দেখা যায় যে জোকটো মৰি গৈছে। আৰু তেতিয়া লাহে লাহে আচিনাটো নোহোৱা হয়। এই চেনী জোক লগোৱাটো কাৰ্য্য নিজে নিজৰ ক্ষেত্ৰতে বহুবাৰ প্ৰত্যক্ষ কৰিছোঁ৷

আমি সৰু থাকোঁতে, ঠিক প্ৰাথমিক বিদ্যালয় মানত থাকোঁতেই কেতিয়াবা কিবা কামত যদি দা-কটাৰীৰে বা আন কিহবাত খোচ খাই ভৰি বা হাতত আঘাত পাও বা কাটা-চিঙা হয়। তেতিয়া সন্ধিয়ালৈ আমাৰ মায়ে এডোখৰ ফটা কাপোৰ ৰচীৰ দৰে বটি লৈ সেইডাল সৰিয়হৰ তেলত অলপ জুবুৰিয়াই লৈ আগটো চেপি লয়। ওচৰতে এটা কেৰাচিনৰ চাকি জ্বলাই লৈ তেলত জুবুৰিওৱা ফটা কাপোৰ ডোখৰ জুইত লগাই গৰম কৰে আৰু লগে লগে কটা অংশ বা আঘাত পোৱা অংশটোত লগাই দিয়ে। গৰম তেলৰ কাপোৰ লগাই দিয়াৰ লগে লগে জীৱ উৰি যাওঁ যাওঁ কৰে। এনেকৈ প্ৰায় ১৫,২০ বাৰ মান প্ৰতি দিনে দিয়ে। কেইদিনমানৰ পিছত কটা অংশটো বা আঘাত পোৱা অংশটো লাহে লাহে শুকাবলৈ ধৰে। এইদৰে কৰা কাৰ্য্যটোক শিয়াল কটাহি পোৰা বুলি কোৱা হয়। অৰ্থাত্ দিনটো তলৌ তলৌকৈ ঘুৰি ফুৰোঁতে কটা অংশত লাগিব পৰা সকলো ধৰণৰ বীজাণু সেইদৰে নিৰ্মূল কৰা হয় বুলি কোৱা হয়।

প্ৰকৃতিৰ এক অনবদ্য স্তৰ মানুহ কৈশোৰৰ পৰা যৌৱন প্ৰাপ্ত হোৱাটো। এই যৌৱনৰ বতাহে পোৱাৰ সময়তেই মানুহৰ দৈহিক পৰিবৰ্তন লাহে লাহে হবলৈ ধৰে। নাৰী দেহৰ পৰিবৰ্তনৰ দৰে পুৰুষৰো দেহত দাড়ি-মোচ লাহে লাহে গজিবলৈ ধৰে। এনে সময়ত ল’ৰাবোৰৰ পাতল মিহি দাড়ি গজে যদিও তাৰে মাজৰে কোনো কোনোৰ দাড়ি গজা অলপ হলেও কেতিয়াবা দেৰি হোৱা পৰিলক্ষিত হয়। বিশেষকৈ গাঁৱৰ সমাজত সমনীয়া ল’ৰাৰ দাড়ি গজিলে, তাৰে মাজৰ কোনোবা এজনৰ যদি দাড়ি গজা দেৰি হয়, তেতিয়া প্ৰায়ে লগৰ সমনীয়া বোৰে ফিচিঙা-ফিচিং কৰা দেখা যায়।

ঠিক তেনে সময়তেই অসমীয়া সমাজত প্ৰচলিত এক লোকবিশ্বাসৰ মতে দুই একে উপদেশ দিয়ে যে পথাৰত হালবোৱা নাঙলত লাগি অহা কেঁচা মাটি কেনেবাকৈ নাঙলৰ পৰা আনি যদি গালে-মুখে ঘঁহি দিয়া হয় তেনেহ’লে দাড়ি সোনকালে গজি উঠে। আমি সৰু থাকোঁতে লগৰ দুই এজনে এই কাৰ্য্য কৰা নিজে প্ৰত্যক্ষ কৰিছিলোঁ৷ এয়া এক লোকবিশ্বাস বুলিব পাৰি, কিন্তু কিমান দূৰ কাৰ্য্যত পৰিণত হয় সেয়া ডাঠি ক’ব নোৱাৰোঁ। এয়াও এক চিকিত্সাৰ ভিতৰতে পৰে বুলি ভাবিবৰ থল আছে।

শিশু এটি জন্মৰ পৰা ডেৰ-দুবছৰৰ ভিতৰত থুনুক-থানাককৈ মাত ফুটিবলৈ ধৰে। এয়া স্বাভাৱিক শিশুৰ স্বাভাৱিক লক্ষণ। কিন্তু কেতিয়াবা তাৰে মাজৰ কোনো শিশুৰ থুনুক-থানাক মাত ফুটে যদিও দুইৰ পৰা তিনিবছৰৰ পিছত দেখা যায় কথাৰ কওঁতে খোনা ধৰে। কোনো নিৰ্দিষ্ট কিছুমান শব্দ উচ্চাৰণ কৰিবলৈ লওঁতে জিভা পলকতে নুঘুৰে বা অলপ কষ্ট কৰিব লগা হয় বা শব্দটি স্পষ্টকৈ ফুটাই উচ্চাৰণ কৰিব নোৱাৰে।

এনে সময়ত অসমীয়া লোকবিশ্বাস যে পঠা ছাগলীৰ জিভা কচাইখানাৰ পৰা কিনি আনি সেই জিভা ভালকৈ সৰুকৈ কাটি ৰান্ধি খুৱালে শিশুৰ খোনা ধৰা নিৰ্মূল কৰিব পাৰি। ছাগলীৰ জিভাত কি এনে বিশেষ গুণ আছে সেয়া সাধাৰণ মানুহৰ বাবে সাঁথৰ হৈয়ে থাকে যদিও নিশ্চয় কিবা নহয় কিবা বৈজ্ঞানিক কাৰণ থাকিব পৰা কথা নুই কৰিব নোৱাৰি।

মানুহৰ কিছুমান ৰোগ বংশানুক্ৰমে এজনৰ পৰা আন এজনলৈ প্ৰায়ে শোচৰা পৰিলক্ষিত হোৱা দেখা যায়। তাৰেই এটি ৰোগ আমাৰ সকলোৰে চিৰ পৰিচিত বাতবিষ বুলি জনা যায়। এই বাতবিষ মানুহৰ শৰীৰৰ গাঁঠিবোৰত বেছিকৈ হয়। অত্যন্ত কষ্টকৰ অসহ্যকৰ এই বিষ বুলি কোৱা প্ৰায়ে শুনা পাওঁ। এই বিষে শৰীৰৰ গাঁঠিবোৰত সকলো সময়তে ধৰি নাথাকে, ঠাণ্ডা বেছি পৰিলে বাতবিষ বেছি হোৱা দেখা যায়।

আজিৰ পৰা প্ৰায় ১৫ বছৰমানৰ আগতেই এই বাতবিষ আমাৰ ঘৰৰ ওচৰৰে খুড়া এজনৰ আছিল। খুড়া যেতিয়া এই বিষত আক্ৰান্ত হৈ পৰি থাকে, তেতিয়া আমি খবৰ ল’বলৈ গৈ দেখা পাওঁ যে খুড়া বাতবিষত কোঙা হৈ বিচনাতে কুচি-মুচি শুই আছে। কোৱা শুনা যায় যে এই বাতবিষৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়ালৈকে চিকিত্সা শাস্ত্ৰত উপযুক্ত ঔষধ উপলব্ধ হোৱাগৈ নাই। বৰ্তমানে কিবা নতুন ঔষধ আবিষ্কাৰ হৈছে যদি আমি অৱগত নহয়। লোকবিশ্বাস আছে যে এই বাতবিষৰ বাবে শিয়ালৰ মঙহ মহৌষধ। কেনেবাকৈ কোনোবা নিশা খাপ পিটি এটা শিয়াল বধ কৰি তাৰ মঙহ বাতবিষ ৰোগত আক্ৰান্ত লোকক ৰান্ধি খুৱালে এইৰোগৰ পৰা আৰোগ্য পোৱা যায়। এই লোকবিশ্বাস অনুসৰিয়েই ওচৰৰ দুজন যুৱকে খুড়াৰ বাতবিষৰ ঔষধ বিচাৰি এদিন নিশা খাপ পিটি এটা শিয়াল নিধন কৰিলে, তাৰ মঙহ কাটি ৰান্ধি আমাৰ খুড়াক খুৱালে আৰু সেই তেতিয়াৰ পৰাই খুড়া সুস্থ হৈ পৰিল।

কিছুদিনৰ আগতে মোমাইদেউৰ ছোৱালী এজনী আমাৰ ওচৰতে বিয়া দিছিলোঁ, বিয়া দিছিলোঁ মানে ছোৱালীজনী কিছুদিন আমাৰ ঘৰতে আছিল, আলহী নহয় ঘৰৰ ছোৱালীৰ দৰেই প্ৰায় ৩ মাহ মান। এদিন ভাইটিৰ বন্ধু এজন ল’ৰাই আহি আমাৰ ঘৰতে তাইক দেখি পচন্দ কৰিলে আৰু কথাটো আমাৰ মা-দেউতাক সুধিলে যে ছোৱালীজনী বিয়া দিব নেকি…? আমাৰ মা-দেউতাই বোলে-ছোৱালীৰ গৰাকী আমি নহয়, সুধিব লাগিব দিয়েনে নিদিয়ে বিয়া।

কথা মতেই মামাহঁতক খৰখেদাকৈ সুধা হ’ল ল’ৰাৰ বিষয়ে সবিশেষ জনাই। ছোৱালী পক্ষও ৰাজী আৰু ল’ৰাঘৰৰ সন্মতিত দুয়োঘৰ আগুৱালে। আমাৰো নিজা ছোৱালী নাই বাবেই মা-দেউতাৰ একান্ত অনুৰোধত যথাসময়ত আমাৰ ঘৰৰ পৰাই ছোৱালীজনী বিয়া দিয়া হ’ল। এবছৰৰ পিছত এটি কন্যা সন্তান উপজিল। দিন যায় মানে কন্যা সন্তানটি মৰমলগা হৈ পৰিল। এদিন শিশুটিৰ পুৱাৰে পৰা কেৱল বমি হৈ আছে, একো খাৱই নোৱাৰে বমি কৰি দিয়ে। তেনেতে ওচৰৰ আইতা এজনীয়ে পৰামৰ্শ দিলে যে মোমাই সোপা দিব লাগিব। ঠিক তেনে সময়তে মইও ভাগিনৰ খবৰ এটাকে কৰি আহোঁ বুলি গৈ ওলালোগৈ। মোক ভণ্টীয়ে কথাটো কলে যে মোমাই সোপা দিব লাগিব তেহে তাইৰ বোলে বমি হোৱা বন্ধ হ’ব। মইও সিমান বুজি পোৱা নাছিলোঁ, সেয়ে আইতাগৰাকীয়ে মোক বুজাই কলে যে ঘৰৰ মাৰলি বা খুঁটাত থকা ফুটাত এটা সোপা দিব লাগে তাকো একে উশাহতে।

ময়ো খৰখেদাকৈ ঘৰলৈ আহিলো, আহিয়েই মাৰ লগত আলোচনা কৰি এটা ফটাকানিৰ সোপা তৈয়াৰ কৰিলোঁ আৰু বিচাৰি বিচাৰি এটা জুহালৰ মাৰলি বাঁহৰ ফুটা উলিয়ালোঁ৷ এক দুই তিনি বুলি একে উশাহতে মাৰলিৰ ফুটাটোত সোপাটো দি দিলোঁ৷ তাৰ পিচত ভণ্টীলৈ ফোন কৰিলোঁ যে মই সোপা দিলোঁ৷ কি কথা কি বতৰা নাজানোঁ, কিছুসময়ৰ পিছৰে পৰা শিশুটিৰ বমি হোৱা বন্ধ হ’ল লাহে লাহে। এয়া অন্ধ বিশ্বাস নে আন কিবা সেইসময়ত মই নাজানিলোঁ৷ কিন্তু কথা মতেই কাম হোৱা বাবে এক বিস্ময় হৈ ৰ’ল মোৰ বাবে।

বিঃদ্ৰঃ-ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে এই সকলোবোৰ ৰোগৰ পৰা উপশম পাবলৈ উপৰোক্ত দৰৱ সমূহ ব্যৱহাৰ কৰাৰ আগতে অভিজ্ঞ ব্যক্তি বা জ্যেষ্ঠ জনৰ পৰামৰ্শ অবিহনে প্ৰয়োগ কৰাৰ পৰা বিৰত থাকে যেন। কাৰণ এই সকলোবোৰ প্ৰতিকাৰ লেখকৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আহৰণ কৰা। ইয়াৰে কিছুমান ৰোগৰ ক্ষেত্ৰত লেখকে নিজেই ব্যক্তিগতভাবে আশানুৰূপ ফল লাভ কৰিছে৷

লিখক: নিতুল বৰা

2.86885245902
কাঞ্চন(দুদু) Jun 23, 2015 01:16 PM

ধন্যবাদ ।মই এবাৰ কানৰ গু চকুৰ আজিনাত লগাই আচৰিত ফল পাইছিলো ।

পূৰ্ণ বৰুৱা Mar 24, 2015 01:10 PM

ঘৰতে লʼব পৰা চিকিৎসা বোৰ পঢ়িলো আৰু মই কাঁহৰ পৰা খুব সোনকালে পৰিত্ৰাণ পালো।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top